ৰঙা নুনী (red mulberry, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Morus rubra) উত্তৰ আমেৰিকাৰ পূব আৰু মধ্য অঞ্চলৰ থলুৱা এবিধ নুনীৰ প্ৰজাতি। ইয়াক অণ্টাৰিঅ', মিনেছ'টা আৰু ভাৰমণ্টৰ পৰা দক্ষিণে দক্ষিণ ফ্ল'ৰিডালৈকে আৰু পশ্চিমে দক্ষিণ-পূব দক্ষিণ ডাকোটা, নেব্ৰাস্কা, কেনছাছ আৰু মধ্য টেক্সাছলৈকে পোৱা যায়। নিউ মেক্সিকো, আইডাহো আৰু ব্ৰিটিছ কলম্বিয়াত (সম্ভাৱঃ প্ৰাকৃতিককৰণ) ইয়াক দেখা পোৱাৰ বাতৰি পোৱা গৈছে।
আমেৰিকাত ৰঙা নুনী সততে দেখা যায় যদিও কানাডাত ইয়াক বিপন্ন প্ৰজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে।১ এছিয়াৰ পৰা অহা আক্ৰমণাত্মক বগা নুনীৰ (M. alba) সৈতে ৰঙা নুনী সহজে সংকৰকৰণ হয়।২
ব্যৱহাৰ
ৰঙা নুনীৰ ফল খোৱাৰ উপযোগী আৰু মিঠা।৩ ইয়াৰ কাঠ শুকুৱাই জ্বলাই ইয়াৰ ধোঁৱাৰে মাংসক মৃদু আৰু মিঠা সোৱাদযুক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
আমেৰিকাৰ কিছুমান থলুৱা জনগোষ্ঠীয়ে বাকলি জুলাপ হিচাপে ব্যৱহাৰ কৰিছিল। দুৰ্বলতা আৰু প্ৰস্ৰাৱৰ ৰোগৰ চিকিৎসাৰ বাবে শিপাৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ৰস ছালত প্ৰয়োগ কৰি খৰৰ চিকিৎসা কৰা হৈছিল। চকটাও লোকসকলে ৰঙা নুনীৰ কুমলীয়া ডালৰ আঁহৰ পৰা কাপোৰ বৈছিল।৪
তথ্যসূত্ৰ
- ↑ Ambrose, J. D., & Kirk, D. (2004). National Recovery Strategy for Red Mulberry (Morus rubra L.). Ontario Ministry of Natural Resources, Guelph, Ontario, Canada
- ↑ Burgess, K. S.; Morgan, M.; Deverno, L. (2005). Asymmetrical introgression between two Morus species (M. alba, M. rubra) that differ in abundance. Molecular Ecology. University of Toronto, Barrett Lab. পৃ. 3471–3483
- ↑ Morus rubra Red Mulberry, Common Mulberry, White Mulberry PFAF Plant Database. Plants for a Future
- ↑ Little, Elbert L. (1994). The Audubon Society Field Guide to North American Trees: Western Region. Knopf. পৃ. 426. ISBN 0394507614
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙা নুনী” প্ৰবন্ধৰ সংশোধন ৬৩১৩৭০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।