হিজল এবিধ সৰু আকাৰৰ গছ৷ এই গছ সাধাৰণতে বিলৰ কাষত বা পানীত ডুবি থকা ঠাইত উৎপন্ন হোৱা দেখা যায়৷১ এই গছৰ অংশ খাদ্য আৰু ঔষধ হিচাপে আৰু কাঠ নাও আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
বিস্তৃতি
হিজল গছ দক্ষিণ এছিয়া আৰু উত্তৰ অষ্ট্ৰেলিয়াৰ থলুৱা উদ্ভিদ৷ আফগানিস্তানৰ পৰা ফিলিপিনিছ, কুইনছলেণ্ডলৈকে দেশসমূহত এই উদ্ভিদ বিস্তৃত হৈ আছে৷
বিৱৰণ
হিজল গছৰ উচ্চতা ৮-১৫ মিটাৰ পৰ্য্যন্ত হ'ব পাৰে৷ ইয়াৰ পাতবোৰ ডাঠ, মিহি আৰু ঘুৰণীয়া আকাৰৰ৷ পাতৰ দৈৰ্ঘ্য ৮-১২ ছে:মি: আৰু প্ৰস্থ ৪-৫ ছে:মি: হয়৷ ফলৰ আকাৰ সৰু আৰু অলপ দীঘলীয়া ধৰণৰ হয়৷২ ফুল থোপাথোপে ফুলে, ৰঙা বৰণীয়া আৰু সুগন্ধিযুক্ত হয়৷১
এই গছৰ বাকলিৰ বৰণ প্ৰায় ক'লা আৰু এই বাকলিত দীঘলীয়া খলা-বমাৰ চিন থাকে৷ বাকলিৰ ভিতৰখন গুলপীয়া৷১
ব্যৱহাৰ
খাদ্য
হিজলৰ কুমলীয়া পাতবোৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে৷ উদাহৰণস্বৰূপে ভিয়েটনামত এই পাত মাংসৰ সৈতে খোৱা হয়৷ ২
ঔষধ
গৱেষণাই দেখুৱাইছে যে এই উদ্ভিদৰ বহুতো ঔষধি গুণ আছে৷ উদাহৰণস্বৰূপে এই উদ্ভিদ antitumor,৩ এন্টিবায়'টিক হিচাপে৪ Helicobacter pylori নামৰ বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰিবলৈ,৫ ৬ আৰু ভেঁকুৰৰ বৃদ্ধি ৰোধ কৰিবলৈ৭৮ ব্যৱহাৰ কৰা হয়৷
ভাৰতৰ বিভিন্ন ঠাইত এই উদ্ভিদৰ ৰস ছালৰ ৰোগৰ বাবে আৰু গ্ৰহণী ৰোগত পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷৯
তাৰোপৰি হিজল গছৰ কাঠ নাও আদি নিৰ্মাণ কৰাটো ব্যৱহাৰ কৰা হয়৷১
বাহ্যিক সংযোগ
- Barringtonia acutangula (L.) Gaertn.. Atlas of Living Australia
তথ্যসূত্ৰ
- ↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
- ↑ Tanaka, Yoshitaka; Van Ke, Nguyen. (2007). Edible Wild Plants of Vietnam: The Bountiful Garden. Thailand: Orchid Press. পৃ. 88. ISBN 9745240893
- ↑ Samanta SK; Bhattacharya K. Mandal; C. Pal BC. (2010). Identification and quantification of the active component quercetin 3-O-rutinoside from Barringtonia racemosa, targets mitochondrial apoptotic pathway in acute lymphoblastic leukemia. Journal of Asian Natural Products Research.. পৃ. 639–48
- ↑ Rahman MM; Polfreman D.; MacGeachan J. (2005). Antimicrobial activities of Barringtonia acutangula. Phytotherapy Research. পৃ. 543–5
- ↑ Bhamarapravati S; Pendland SL; Mahady GB. (2003). Extracts of spice and food plants from Thai traditional medicine inhibit the growth of the human carcinogen Helicobacter pylori. In Vivo.. পৃ. 541–4
- ↑ Deraniyagala SA; Ratnasooriya WD; Goonasekara CL. (2003). Antinociceptive effect and toxicological study of the aqueous bark extract of Barringtonia racemosa on rats. Journal of Ethnopharmacology. পৃ. 21–6
- ↑ Vijaya Bharathi R.; Jerad Suresh A.; Thirumal M. (2010). Antibacterial and antifungal screening on various leaf extracts of Barringtonia acutangula. International Journal of Research in Pharmaceutical Sciences. পৃ. 407–410
- ↑ Sahoo S.; Panda P.K.; Behera P.S. (2008). Antifungal activity of Barringtonia acutangula against selected human pathogenic fungi. Indian Drugs. পৃ. 26–30
- ↑ J. H. Maiden. (1889). The useful native plants of Australia: Including Tasmania. Turner and Henderson, Sydney
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিজল” প্ৰবন্ধৰ সংশোধন ৬৩০৮৭৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।