ঘৰ বতাহী (House Swift, বৈজ্ঞানিক নাম-Apus nipalensis) 'Apodidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।
বিতৰণ
এই চৰাইবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে।
বাসস্থান
ঘৰ বতাহী চৰায়ে সাধাৰণতে মুকলি অঞ্চলত চৰিবলৈ পছন্দ কৰে।
আচৰণ
এই চৰাইবিধে জাকপাতি খাদ্যৰ সন্ধান কৰে আৰু হুলস্থূলীয়াও হোৱা দেখা যায়। ঘৰ বতাহী চৰায়ে সৰহভাগ সময় আকাশত উৰিয়ে কটায়। কেৱল নিশাৰ ভাগতহে জিৰণী ল'বলৈ তললৈ নামি আহে। আনকি উৰন্ত অৱস্থাতে ইহঁতে চিকাৰো কৰে আৰু পানীও খাব পাৰে।
খাদ্য
ঘৰ বতাহী চৰায়ে উৰি ফুৰা পোক-পতংগ চিকাৰ কৰে। বিশেষকৈ উৰিব পৰা পোক যেনে উঁই পোক, মাখি আদি খাই ইহঁত জীয়াই থাকে। ১
প্ৰজনন
এই চৰাইবিধে জাকপাতি বাস কৰে আৰু ওচৰা-ওচৰিকৈ বাহ সাজে। সাধৰণতে থিয় গঁড়াত এই চৱাইবিধে বাহ সাঁজে। এবাৰত প্ৰায় ২-৩ টাকৈ কণী পাৰি পোৱালি জগায়। ২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Dr. Harold G Cogger (et. al), "Encyclopedia of Animals"; Swifts and Hummingbirds by Charles T. Collins, Weldon Owen, 1993 (p. 354-356)
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘৰ বতাহী” প্ৰবন্ধৰ সংশোধন ৫৪০৬০৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।