এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। ই ভাৰত, নেপাল আৰু ভিয়েটনামৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। ভাৰতৰ ছিক্কিম আৰু অসমত অৰ্কিডবিধ থলুৱাভাৱে পোৱা যায়।১ ইয়াক ইংৰাজীত শ্বৰ্ট লিপ জুৱেল অৰ্কিড (Short-Lip Jewel Orchid) নামেৰে জনা যায়। ই এবিধ মাটিত গজা অৰ্কিড।
বিৱৰণ
ই সৰু আকাৰৰ মাটিৰ অৰ্কিড। পাতবোৰ প্ৰায় কলিজাৰ আকৃতিৰ পৰা উপবৃত্তাকাৰ বা জোঙা হ’ব পাৰে। পাতবোৰ মুগাবৰণীয়া জালৰ শিৰাযুক্ত, আৰু তলৰ ফালে ৰঙচুৱা-সেউজীয়া। গ্ৰীষ্মকালৰ পৰা শৰতৰ মাজভাগলৈকে গছবোৰত ফুল ফুলে। ফুলবোৰ ৭-১২ চে.মি. হ’ব পাৰে। পাহিবোৰ জলফাইৰঙী সেউজীয়া আৰু বগা হয়।২
তথ্যসূত্ৰ
- ↑ Kew World Checklist of Selected Plant Families
- ↑ Short-Lip Jewel Orchid. flowersofindia.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ” প্ৰবন্ধৰ সংশোধন ৫৪০৯৭২ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।