প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মেকুৰী
পোহনীয়া মেকুৰী (Felis catus বা Felis silvestris catus) ইহঁতৰ চিকাৰ ধৰাৰ ক্ষমতা আৰু সংগলাভৰ সুবিধাৰ বাবে ইহঁতক মানুহে বৰ গুৰুত্ব দিয়ে। মেকুৰীৰ শক্তিশালী গা, আৰু সৰু চিকাৰ মাৰিব পৰা চোকা দাঁত থাকে। ইহঁতে প্ৰতিক্ৰিয়া বৰ খৰ।
-
পাকৈঢোৰা
পাকৈঢোৰা বা কাও ধনেশ বা ঢেকঢেকী বা টেকটেকী(Oriental Pied Hornbill, বৈজ্ঞানিক নাম:Anthracoceros albirostris) 'Bucerotidae' পৰিয়ালৰ অন্তৰ্গত ধনেশৰ এটা প্ৰজাতি৷
-
মকৰা
মকৰা হৈছে অষ্ট পদ যুক্ত এক প্ৰকাৰৰ সন্ধিপদী প্ৰাণী। ইহতৰ কিছুমান প্ৰজাতি অতি বিষাক্ত। ইহঁত Arachnidaৰ অতি বৃহৎ বৰ্গ আৰু জীৱৰ অন্য সকলো বৰ্গৰ প্ৰজাতিৰ বিচিত্ৰতাৰ ভিতৰত ইহঁতৰ স্থান সপ্তম।
-
লাওখোৱা অভয়াৰণ্য
লাওখোৱা অভয়াৰণ্য (Laokhowa Wildlife Sanctuary) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাঁও জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে। ই লাওখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত।
-
বুট
বুট (বৈজ্ঞানিক নাম:Cicer arietinum) হৈছে এবিধ মাহজাতীয় খাদ্যশস্য। ই হৈছে ফেবেচিয়া (Fabaceae) পৰিয়ালৰ অন্তৰ্গত ফেবইডিয়া (Faboideae) উপ−পৰিয়ালৰ এবিধ একবাৰ্ষিক উদ্ভিদ।
-
বেলি ফুল
বেলি ফুল হৈছে সপুষ্পক উদ্ভিদৰ এটা গণ। ইয়াৰ প্ৰায় ৭০ টা প্ৰজাতি আছে। দক্ষিণ আমেৰিকাৰ তিনিটা প্ৰজাতিৰ বাদে Helianthusৰ সকলো প্ৰজাতি উত্তৰ আমেৰিকাৰ থলুৱা উদ্ভিদ।
-
ভোমোৰা (বৃক্ষ)
ভোমোৰা (বৈজ্ঞানিক নাম:Terminalia bellirica; অন্য নাম: বহেৰা; বড়ো: ভোওৰা; ৰাভা: ভাওৰাই) এবিধ ডাঙৰ আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। প্ৰধানকৈ দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ বনাঞ্চলত এই গছবিধ পোৱা যায়। উজনি আৰু নামনি অসমৰ বনাঞ্চলত এই গছবিধ দেখা পোৱা যায়।
-
কলমৌ
কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।
-
গ্লুক'জ
গ্লুক'জ (Glucose) হ'ল জীৱৰ এবিধ গুৰুত্বপূৰ্ণ দ্ৰব্য। ই এবিধ ক্ষুদ্ৰ অণু (micro molecule)। এই ক্ষুদ্ৰ অণুসমূহ ঘনীভূত হৈ এটাৰ লগত আনটো লগ লাগি বৃহৎ অণু অৰ্থাৎ জটিল শৰ্কৰা (complex carbohydrate) ৰ সৃষ্টি কৰে।
-
পলাশ
পলাশ মধ্যমীয়া আকাৰৰ পৰ্ণপাতি বৃক্ষ। সংস্কৃতত ইয়াক কিংচুক আৰু মণিপুৰী ভাষাত পাঙ গোঙ নামে পৰিচিত (Parrot tree, Bastard Teak)। পলাশ Fabaceae পৰিয়ালৰ সদস্য। পলাশ গছ ইয়াৰ ফুলৰ বাবেই সবাতোকৈ বেছি পৰিচিত।
-
পৰুৱা
পৰুৱা ফৰ্মিচিডে পৰিয়ালৰ এটি পতংগ যিয়ে গোট বনাই থাকে। মতা পৰুৱাৰ পাখি থাকে।
-
হোলোং
হোলোং ( বৈজ্ঞানিক নাম:Dipterocarpus retusus) এক সাধাৰণ মধ্যম বৰ্গৰ কঠিন কাঠৰ বৃক্ষ। এই ডাঙৰ আকাৰৰ গছজোপা ডিপ্টেৰ'কাৰ্পাছ প্ৰজাতিৰ আটাইতকৈ পৰিচিত প্ৰজাতি। ই চীন, ভিয়েটনাম, ফিলিপাইনছ, লাওছ, কম্বোডিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ম্যানমাৰ আৰু ভাৰতৰ মূল বাসিন্দা।
-
মদাৰ
মদাৰ (Erythrina variegata; বৈজ্ঞানিক নাম: Erythrina variegata) হৈছে ইৰিথ্ৰিনা গণৰ অন্তৰ্গত পুষ্পবৃক্ষবিশেষ। বাংলাদেশত বহু কেইটা প্ৰজাতিৰ মদাৰ গছ দেখিবলৈ পোৱা যায়।
-
সোণাই-ৰূপাই অভয়াৰণ্য
সোণাই-ৰূপাই অভয়াৰণ্য ( Sonai Rupai Wildlife Sanctuary ) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ ই এক উল্লেখযোগ্য বাসস্থান। জৈৱবৈচিত্ৰ্যৰ লগতে এই অভয়াৰণ্যৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম।
-
চৰাইৰ প্ৰব্ৰজন
চৰাইৰ প্ৰব্ৰজন (Bird migration) বুলিলে চৰায়ে প্ৰজনন স্থলী আৰু শীতকালীন স্থানৰ মাজত কৰা নিয়মীয়া তথা বাৰ্ষিক ঋতুভিত্তিক যাত্ৰাক বুজায়। প্ৰব্ৰজনন বাবে এনে চৰাইবোৰে সাধাৰণতে উত্তৰ আৰু দক্ষিণ উৰণীয়া পথেৰে যাত্ৰা কৰে আৰু প্ৰায়ে বহু দূৰৈৰ স্থানলৈ উৰি যায়।
-
জাতি লাউ
জাতি লাউ বা পানী লাউ এবিধ লতা জাতীয় উদ্ভিদ। ইয়াৰ ফল পাচলি হিচাপে খোৱা হয়।
-
জেঠুৱা কপৌ
জেঠুৱা কপৌ হৈছে এক পৰাশ্ৰয়ী অৰ্কিড প্ৰজাতি। অসমৰ লগতে চীনৰ গুৱেনজি, গুইঝও আৰু য়ুনান, ভূটান, কম্বোডিয়া, লাওচ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত এই অৰ্কিডবিধ থলুৱাভাৱে পোৱা যায়। ইংৰাজীত অৰ্কিডবিধক ফক্স ব্ৰাছ অৰ্কিড (Fox Brush Orchid) বুলি জনা যায়।
-
তিল কপৌ
তিল কপৌ (Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই। দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত।
-
বৰফৰ বাঘ
বৰফৰ বাঘ হৈছে এবিধ ডাঙৰ মেকুৰীৰ প্ৰজাতি যাক মধ্য আৰু দক্ষিণ এছিয়াৰ কিছু এলেকাত পোৱা যায়।
-
সিজু
সিজু হ'ল এবিধ ইউফোৰবীয়াছী (Euphorbiaceae) পৰিয়ালৰ অন্তৰ্গত, ইউফোৰবীয়া (Euphorbia) জাতিৰ অন্তৰ্গত ৰসাল বনৌষধী। কেকটাছৰ সৈতে দেখিবলৈ একেধৰণৰ হোৱা সত্ত্বেও, সিজু গছ কিন্তু কেকটাছ জাতিৰ অন্তৰ্গত নহয়। সিজু গছ ওখই প্ৰায় ৫,৬ মিটাৰ মানলৈকে হোৱা দেখা যায়। গা-গছত অসংখ্য কাঁইট থাকে।
-
অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা
অসমৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে (Archeological Survey of India) আনুষ্ঠানিকভাৱে দাখিল কৰা আৰু ৱেবছাইটত সন্নিবিষ্ট তথ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে। এই স্মৃতিচিহ্নসমূহৰ চিনাক্তকৰণৰ বাবে ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে ৰাজ্যিক স্তৰত কিছুমান চক্ৰ গঠন কৰিছে।
-
কাঠ আলু
কাঠ আলু (বৈজ্ঞানিক নাম Dioscorea bulbifera) হল ডাইয়োস্কোৰিয়াছী (Dioscoreaceae) পৰিয়ালৰ এবিধ লতাজাতীয় বহুবৰ্ষী উদ্ভিদ। ইয়াক সংস্কৃত ভাষাত ৱৰাহী, মালায়ালামত কাচিল আৰু মাৰাঠীত দুক্কৰ কান্দ বুলিও জনা জায়।
-
গুৱামৰি
গুৱামৰি বা চফ হৈছে গাজৰ পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই হালধীয়া ফুল আৰু পাতল পাতৰ সৈতে এক কঠিন, বহুবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ই ভূমধ্যসাগৰীয় অঞ্চলৰ স্থানীয় উদ্ভিদ কিন্তু বৰ্তমান বিশ্বৰ বহু দেশত, বিশেষকৈ সাগৰ-উপকূলৰ ওচৰৰ শুকান মাটি আৰু নদীৰ পাৰত প্ৰাকৃতিকভাৱে পোৱা যায়।
-
ঘঁৰিয়াল
ঘঁৰিয়াল (Gharial; বৈজ্ঞানিক নামঃ Gavialis gangeticus) হ'ল মিঠা পানীৰ এবিধ বিৰল প্ৰজাতিৰ ক্ৰোকোডাইলিয়া বৰ্গৰ সৰীসৃপ। ই দীঘল তুণ্ডযুক্ত জলচৰ। ভাৰত, বাংলাদেশ, নেপাল, পাকিস্তান, ম্যানমাৰ, ভূটানত ইহঁতক পোৱা যায়।
-
জবা
জবা হৈছে সপুষ্পক উদ্ভিদৰ মালভেছী পৰিয়ালৰ অন্তৰ্গত এটা গণৰ নাম। এই গণৰ কেইবাটাও প্ৰজাতিৰ গছ আছে। ইয়াৰ কেইবাটাও প্ৰজাটিৰ বাংলা নাম হৈছে ৰক্তজবা, জবা, ঝুমকা জবা, জবা কুসুম ইত্যাদি উল্লেখযোগ্য। হিন্দী ভাষাত ইয়াক গুড়হল বুলি কোৱা হয়। বৰ্তমান অনেক ধৰণৰ সংকৰ প্ৰজাতিৰ (হাইব্ৰীড) জবা ফুল পোৱা যায়।
-
টেঙামৰা
টেঙামৰা বা মেচকা টেঙা (Roselle) (বৈজ্ঞানিক নাম: Hibiscus sabdariffa) হৈছে পশ্চিম আফ্ৰিকান মূলৰ এবিধ গুল্মজাতীয় উদ্ভিদ। টেঙামৰাৰ গছ প্ৰায় ২-২.৫ চেমি পৰ্যন্ত ওখ হয়। ইয়াৰ পাতসমূহ তিনিটা মূৰযুক্ত আৰু ই ৮-১৫ চেমি দীঘল হয়।
-
তিতা চঁপা
তিতা চঁপা হৈছে মেগ্নোলিয়াচিয়া পৰিয়ালৰ অন্তৰ্গত এক বৃহৎ চিৰসেউজীয়া উদ্ভিদৰ প্ৰজাতি। পূৰ্ৱতে ইয়াকt Michelia champaca নামেৰে শ্ৰেণীবিভাজন কৰা হৈছিল। ইয়াক ইয়াৰ সুগন্ধি ফুলৰ বাবে জনা যায়। ইয়াৰ কাঠ অতি উৎকৃষ্ট মানৰ।
-
পৰিৱেশবাদ
পৰিৱেশবাদ বা পৰিৱেশ অধিকাৰ (Environmentalism) হৈছে পৰিৱেশ সুৰক্ষা আৰু পৰিৱেশৰ স্বাস্থ্যৰ উন্নতিৰ বাবে উদ্বেগ সম্পৰ্কে এক বহল দৰ্শন, মতাদৰ্শ, আৰু সামাজিক আন্দোলন, বিশেষকৈ যিহেতু এই স্বাস্থ্যৰ বাবে ব্যৱস্থাটোৱে পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰভাৱ মানুহ, জীৱ-জন্তুৰ ওপৰত অন্তৰ্ভুক্ত কৰিব বিচাৰে, উদ্ভিদ আৰু অজীৱিত…
-
ফাৰ্ণ
ঢেঁকীয়া বৰ্গৰ উদ্ভিদ বা ফাৰ্ণ হৈছে সংবহন উদ্ভিদৰ এটা গোট (জাইলেম আৰু ফ্ল'ইম থকা উদ্ভিদ) যিয়ে ৰেণুৰ জৰিয়তে বংশবৃদ্ধি কৰে আৰু ইয়াৰ বীজ বা ফুল নাথাকে। ইহঁতৰ সংবহন কলা অৰ্থাৎ পানী আৰু পুষ্টিকৰ পদাৰ্থ পৰিবাহী কৰা বিশেষ কলা থকাৰ বাবে আৰু শাখাযুক্ত স্প’ৰ’ফাইট প্ৰধান পৰ্যায় হোৱা জীৱনচক্ৰ থকাৰ বাবে…
-
ভাৰতৰ অভয়াৰণ্যসমূহ
ভাৰতত ৫০০ তকৈ অধিক প্ৰাণী অভয়াৰণ্য আছে যাক বন্য জীৱন অভয়াৰণ্য (IUCN শ্ৰেণী IV সংৰক্ষিত ক্ষেত্ৰ) বুলি কোৱা হয়। ইয়াৰ ভিতৰত ২৮ বাঘ অভয়াৰণ্য ব্যঘ্ৰ প্ৰকল্পৰ দ্বাৰা সঞ্চালিত, যি বাঘ সংৰক্ষণৰ বাবে মহত্ত্বপূৰ্ণ।