ঘঁৰিয়াল (Gharial; বৈজ্ঞানিক নামঃ Gavialis gangeticus) হ'ল মিঠা পানীৰ এবিধ বিৰল প্ৰজাতিৰ ক্ৰোকোডাইলিয়া বৰ্গৰ সৰীসৃপ। ই দীঘল তুণ্ডযুক্ত জলচৰ। ভাৰত, বাংলাদেশ, নেপাল, পাকিস্তান, ম্যানমাৰ, ভূটানত ইহঁতক পোৱা যায়। ভাৰতৰ ঘঁৰিয়ালৰ সৰ্বাধিক ৰাষ্ট্ৰীয় চম্বল অভয়াৰণ্যত আছে, য’ত বিশ্বৰ প্ৰায় ৭৭ শতাংশ প্ৰাপ্তবয়স্ক ঘঁৰিয়াল আছে।১ ভাৰতৰ বাকী থকা ঘঁৰিয়ালৰ সংখ্যা উত্তৰ প্ৰদেশৰ কাটাৰ্ণিয়াঘাট বন্যপ্ৰাণী অভয়াৰণ্য, ভাৰত-নেপাল সীমান্তৰ গণ্ডক নদী, কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান, ছন নদী, মহানদী, হস্তিনাপুৰ অভয়াৰণ্যকে ধৰি বিভিন্ন স্থানত পোৱা যায়।১ কিন্তু বৰ্তমান ঘঁৰিয়াল বিলুপ্তপ্ৰায় প্ৰজাতিৰ তালিকাত ঠাই পাইছে। আই ইউ চি এনৰ ৰেড ডাটা বুকত বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপে নথিভুক্ত হৈছে। বৰ্তমান (ফেব্ৰুৱাৰী ২০১১) বিশ্বজুৰি প্ৰাকৃতিক পৰিৱেশত প্ৰায় ২০০টা বন্য ঘঁৰিয়াল আছে। ইয়াক বন্যপ্ৰাণী সুৰক্ষা আইন (১৯৭২)ৰ প্ৰথম তফছিলৰ অধীনত তালিকাভুক্ত কৰা হৈছে।১ সুদীৰ্ঘ ৭৫ বছৰৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নদীত ঘঁৰিয়াল প্ৰত্যক্ষ কৰা হৈছে।১
পৰিচিতি
ঘঁৰিয়ালক ইংৰাজীত গাভিয়াল (ঘঁৰিয়ালৰ অপভ্ৰংশ) বুলি কোৱা হয়। ঘঁৰিয়ালৰ নাক বা তুণ্ডৰ আগত কলহ সদৃশ আকৃতি থাকে, যিটো মতা ঘঁৰিয়ালত যথেষ্ট ডাঙৰ হয়। ইহঁত পানীৰ পৰা অলপ ওলাই থাকে।
দৈহিক বিৱৰণ
মতা আৰু মাইকী ঘঁৰিয়াল দেখাত বেলেগ বেলেগ। মতা ঘঁৰিয়ালৰ দৈৰ্ঘ্য ৬.৫ মিটাৰ আৰু মাইকী ঘঁৰিয়ালৰ দৈৰ্ঘ্য ৪.৫ মিটাৰ।
প্ৰজনন
নৱেম্বৰ-জানুৱাৰি ইহঁতৰ প্ৰজনন মাহ। মাইকী ঘঁৰিয়ালে বালিত গাঁত কৰি ৩০-৫০টা কণী পাৰে। কণী বৰ ডাঙৰ। ৩ মাহ উমনি দিয়াৰ পাছত কণী ফুটি পোৱালি জগে।
খাদ্যাভ্যাস
প্ৰাপ্তবয়স্ক ঘঁৰিয়ালে প্ৰধানকৈ মাছ খায়, কিন্তু ইহঁতে ভেকুলী আৰু পোক-পৰুৱাও খায়।২
বাহ্যিক সংযোগ
- Joshi, A. R. (2018). Nepali scientists deploy drones to count endangered crocodiles. Mongabay
- Gavialidae. reptilis.net
- Gharial. Arkive
- ggan1.htm Gavialis gangeticus. Adam Britton
- (5 May 2016). Gharial. National Geographic Society
- (2008). Mystery of crocs' mass die-off. BBC News
- Lenin, J. The song of the Ganges gharial. www.india-seminar.com
তথ্যসূত্ৰ
- ↑ state/rare-species-of-creature-found-in-kaziranga-national-park-ass24022204434 কাজিৰঙাৰ নদীত ঘঁৰিয়ালৰ অৱস্থিতি, পৰ্যটকৰ কেমেৰাত বন্দী ঢেঁকীয়াপতীয়া
- ↑ উদ্ভিদ ও প্ৰাণী জ্ঞানকোষ; খণ্ড ২৫; বাংলাদেশ এশিয়াটিক সোসাইটি; পৃষ্ঠা ১৯৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘঁৰিয়াল” প্ৰবন্ধৰ সংশোধন ৬৩৭০১৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।