অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

তিতা চঁপা

তিতা চঁপা হৈছে মেগ্নোলিয়াচিয়া পৰিয়ালৰ অন্তৰ্গত এক বৃহৎ চিৰসেউজীয়া উদ্ভিদৰ প্ৰজাতি। পূৰ্ৱতে ইয়াকt Michelia champaca নামেৰে শ্ৰেণীবিভাজন কৰা হৈছিল। ইয়াক ইয়াৰ সুগন্ধি ফুলৰ বাবে জনা যায়। ইয়াৰ কাঠ অতি উৎকৃষ্ট মানৰ।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

তিতা চঁপা হৈছে মেগ্নোলিয়াচিয়া পৰিয়ালৰ অন্তৰ্গত এক বৃহৎ চিৰসেউজীয়া উদ্ভিদৰ প্ৰজাতি।১ পূৰ্ৱতে ইয়াকt Michelia champaca নামেৰে শ্ৰেণীবিভাজন কৰা হৈছিল।১ ইয়াক ইয়াৰ সুগন্ধি ফুলৰ বাবে জনা যায়। ইয়াৰ কাঠ অতি উৎকৃষ্ট মানৰ।

নামকৰণ

তিতা চঁপাৰ বৈজ্ঞানিক নামৰ champaca পদাংশ সংস্কৃত শব্দ ৰ (উচ্চাৰণ )২ পৰা আহৰণ কৰা হৈছে। ইয়াক ইংৰাজীত চম্পক(champak) বুলি কোৱা হয়।

উৎপত্তি আৰু বিতৰণ

এই গছ, দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া−ইণ্ডোচাইনা আৰু দক্ষিণ চীনেৰে গঠিত ভাৰতমালয় অঞ্চলৰ স্থানীয় গছ।

ইয়াক গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ পৰিৱেশত বহল পাতৰ অৰণ্যৰ অঞ্চলত, ২০০–১,৬০০ মিটাৰ (৬৬০–৫,২৫০ ফুট) উচ্চতালৈ পোৱা যায়।১ ইয়াৰ মূল বাসস্থান মালদ্বীপ, বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, থাইলেণ্ড আৰু ভিয়েটনাম।১ চীনত ই দক্ষিণ তিব্বত আৰু দক্ষিণ/দক্ষিণ-পশ্চিম ইউনান প্ৰদেশৰ স্থানীয় গছ।১৩ ২০২১ চনত য়েমেনত এম.চাম্পাকাৰ নামে এটা পৃথক, অনুমাণিক স্থানীয় এক প্ৰজাতি চিনাক্ত কৰা হয়, ফলত এম. চেম্পাকা প্ৰজাতি মেগনোলিয়াচিয়াৰ একমাত্ৰ প্ৰজাতি যিটো আৰব উপদ্বীপত পোৱা যায় বুলি জনা গৈছে।৪

তথ্যসূত্ৰ

  1. ↑ efloras.org: Flora of China treatment of Michelia (Magnolia) champaca . accessed 7.12.2015
  2. ↑ Sanskrit Dictionary for Spoken Sanskrit. spokensanskrit.org
  3. ↑ efloras.org: Annotated Checklist of the Flowering Plants of Nepal − Michelia (Magnolia) champaca
  4. ↑ Al-Sagheer, Nageeb A. (2021-05-01). 'Magnolia champaca (L.) Baill. ex Pierre (Magnoliaceae): A first report and a new record in the Arabian Peninsula (Yemen). Journal of the Saudi Society of Agricultural Sciences''. পৃ. 243–247

সম্পৰ্কিত শ্ৰেণী

বৃক্ষঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিতা চঁপা” প্ৰবন্ধৰ সংশোধন ৫৪০৯০১ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।