
পোহনীয়া মেকুৰী ১ (Felis catus বা Felis silvestris catus)১ হৈছে তুলানামূলকভাৱে সৰু আকাৰৰ কিছুমান মাংসভোজী পোহনীয়া স্তন্যপায়ী জন্তু। সাধাৰণতে ঘৰুৱাভাৱে পলা অৱস্থাত ইহঁতক মেকুৰী বুলিয়েই কোৱা হয় আৰু আন মেকুৰীজাতীয় প্ৰাণীৰ পৰা বেলেগকৈ চিনাক্তকৰণৰ কোনো প্ৰয়োজন নাথাকে।২ ইহঁতৰ চিকাৰ ধৰাৰ ক্ষমতা আৰু সংগলাভৰ সুবিধাৰ বাবে ইহঁতক মানুহে বৰ গুৰুত্ব দিয়ে।
মেকুৰীৰ শক্তিশালী গা, আৰু সৰু চিকাৰ মাৰিব পৰা চোকা দাঁত থাকে। ইহঁতে প্ৰতিক্ৰিয়া বৰ খৰ। ইহঁতে নিগনি বা আন সৰু প্ৰাণীৰ উচ্চ কম্পনাংকৰ শব্দ শুনা পায়, যিবোৰ মানুহে নুশুনে। ইহঁতে প্ৰায় আন্ধাৰতো দেখা পায়। বেছিভাগ আন স্তন্যপায়ীৰ দৰেই ইহঁতে ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে আৰু মানুহতকৈ শুঙা শক্তি বেছি কাঢ়া।
২০০৭ চনৰ জিনীয় অধ্যয়ন এটাৰ মতে পোহনীয়া মেকুৰীবোৰ খ্ৰীষ্টপূৰ্ৱ প্ৰায় ৮,০০০ চনতে পশ্চিম এছিয়াত আফ্ৰিকীয় বনমেকুৰীৰ (Felis silvestris lybica) পৰা ৰূপান্তৰিত হৈছিল।৩ মেকুৰী পৃথিৱীৰ বৰ জনপ্ৰিয় পোহনীয়া জন্তু, আৰু বৰ্তমান মানুহ থকা প্ৰায় সকলো ঠাইতে ইহঁতক পোৱা যায়।৪
তথ্যসূত্ৰ
- ↑ (2011). ITIS Standard Report Page: Felis catus. ITIS Online Database. Integrated Taxonomic Information System
- ↑ (2010). Housecat. American Heritage Dictionary of the English Language. Houghton Mifflin
- ↑ (8 April 2004). Oldest Known Pet Cat? 9,500-year-old Burial Found on Cyprus. National Geographic News. National Geographic Society
- ↑ Driscoll, Carlos A.; Clutton-Brock, Juliet; Kitchener, Andrew C. (10 June 2009). The Evolution of House Cats. Scientific American. Nature Pubg. Group
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেকুৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৮৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।