জাতি লাউ বা পানী লাউ এবিধ লতা জাতীয় উদ্ভিদ।১ ইয়াৰ ফল পাচলি হিচাপে খোৱা হয়।
বিৱৰণ
জাত অনুযায়ী জাতি লাউৰ আকৃতি দীঘলীয়া বা ঘুৰণীয়া হয়। লতাজোপাৰ ঠাৰিবিলাক কোমল চানেকীয়াকৈ মঙহাল হয়। উপৰিভাগে সেউজীয়া ৰং ধাৰণ কৰে। ঠাৰিত চুটি চুটি নোম থকা দেখা যায়। লতাৰ গাঁঠিয়ে গাঁঠিয়ে পোখা মেকি ঠাল-ঠেঙুলি ধৰে। ইয়াৰ পাতবোৰ খহটা হয়, উপৰিভাগত চুটি চুটি শুৱৰ আৱিৰ্ভাৱ হয়। আহল-বহল পাতখিলাৰ গুৰিৰ পৰা তিনিডাল তিনিডালকৈ সিৰ আৰু শাখাসিৰৰ উৎপত্তি হয়।১
জাতি লাউৰ লতাত অলপ ডাঙৰ আকাৰৰ হালধীয়া ফুল ফুলে। এই ফুলবোৰ পুৰঠ হ'লে মঙহাল ফল ধৰে। ফলবোৰ তললৈ ওলমি থাকে নাইবা হেঁদালিৰ ওপৰতে পথালি-পথালিকৈ পৰি থাকে।
ব্যৱহাৰ
জাতি লাউৰ ফলবোৰ কুমলীয়া অৱস্থাত তৰকাৰি কৰি খোৱ হয়। বুঢ়া জাতি লাউৰ খোলাটো পানী ৰখা পাত্ৰ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়। অসমৰ জনজাতীয় লোকসকলে দেশী মদ খাবৰ বাবেও এই লাউৰ খোলা ব্যৱহাৰ কৰে।১
তথ্যসূত্ৰ
- ↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিচেম্বৰ ২০০৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাতি লাউ” প্ৰবন্ধৰ সংশোধন ২৫৪১২৮ (১১ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।