মকৰা হৈছে অষ্ট পদ যুক্ত এক প্ৰকাৰৰ সন্ধিপদী প্ৰাণী। ইহতৰ কিছুমান প্ৰজাতি অতি বিষাক্ত। ইহঁত Arachnidaৰ অতি বৃহৎ বৰ্গ আৰু জীৱৰ অন্য সকলো বৰ্গৰ প্ৰজাতিৰ বিচিত্ৰতাৰ ভিতৰত ইহঁতৰ স্থান সপ্তম।১ এণ্টাৰ্কটিকাক বাদদি পৃথিৱীৰ সকলো মহাদেশতে মকৰা পোৱা যায়, আৰু কিছু বায়বীয় আৰু সাগৰীয় উপনিৱেশক বাদদি প্ৰায় সকলো বাসস্থানতে উপলব্ধ। বিজ্ঞানীসকলে ২০০৮ চনত, মকৰাৰ প্ৰায় ৪৩,৬৭৮ টা প্ৰজাতি,২ আৰু ১০৯ টা পৰিয়াল চিনাক্ত কৰিছে।৩

তথ্যসূত্ৰ
- ↑ Sebastin PA & Peter KV (eds.). (2009) Spiders of India. Universities Press/Orient Blackswan. ISBN 978-81-7371-641-6
- ↑ Sociable spiders: Come into my parlour. Economist, January 26, 2013
- ↑ Platnick, Norman I. (2009). The World Spider Catalog, version 9.5. American Museum of Natural History
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মকৰা” প্ৰবন্ধৰ সংশোধন ৩২৭৭০২ (১৪ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।