অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হোলোং

হোলোং ( বৈজ্ঞানিক নাম:Dipterocarpus retusus) এক সাধাৰণ মধ্যম বৰ্গৰ কঠিন কাঠৰ বৃক্ষ। এই ডাঙৰ আকাৰৰ গছজোপা ডিপ্টেৰ'কাৰ্পাছ প্ৰজাতিৰ আটাইতকৈ পৰিচিত প্ৰজাতি। ই চীন, ভিয়েটনাম, ফিলিপাইনছ, লাওছ, কম্বোডিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ম্যানমাৰ আৰু ভাৰতৰ মূল বাসিন্দা।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

হোলোং ( বৈজ্ঞানিক নাম:Dipterocarpus retusus) এক সাধাৰণ মধ্যম বৰ্গৰ কঠিন কাঠৰ বৃক্ষ। এই ডাঙৰ আকাৰৰ গছজোপা ডিপ্টেৰ'কাৰ্পাছ প্ৰজাতিৰ আটাইতকৈ পৰিচিত প্ৰজাতি। ই চীন, ভিয়েটনাম, ফিলিপাইন, লাউচ, কম্বোডিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ম্যানমাৰ আৰু ভাৰতৰ মূল বাসিন্দা।১২ প্ৰায় ২০–৩০ মিটাৰ (৭০–১০০ ফুট) ওখ২ এই গছজোপা কম্বোডিয়াত সমভূমিৰ ঘন অৰণ্যত পোৱা যায়, পাহাৰৰ ঢালত আৰু নদীৰ কাষত আৰু ৮০০ মিটাৰ (২,৬০০ ফুট)ৰ পৰা ১৫০০ মিটাৰ (৫,০০০ ফুট) ভিতৰৰ অৰণ্যত সাধাৰণতে পোৱা যায়। হোলোং অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জাতীয় গছ।৩ ইংৰাজীত হোলোঙক "Hollong Tree" বোলা হয়।

ব্যৱহাৰ

ভাৰতত এই কাঠ প্লাইউড আৰু বিভিন্ন আচবাব বনোৱাত ব্যৱহাৰ কৰা হয়। চীনত এই কাঠ নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰা হয়। হোলোং গছক অসমৰ মৰাণ জনগোষ্ঠীৰ লোক সকলে পবিত্ৰ গছ বুলি বিশ্বাস কৰে। কাঠ আৰু ৰেজিনৰ বাবে প্ৰধানকৈ এই গছৰ খেতি কৰা হয়। টৰ্চ আৰু মমবাতি তৈয়াৰ কৰাৰ উদ্দেশ্যে কম্বোডিয়াত পাহাৰীয়া অঞ্চলৰ মানুহে এই গছ সংগ্ৰহ কৰে। খুটা আৰু তক্তাৰ বাবে এই কাঠ উপযুক্ত।২

তথ্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ Ly, V.; Nanthavong, K.; Pooma, R. (2017). Dipterocarpus retusus. পৃ. e.T32400A2817693
  2. ↑ DY PHON, Pauline, 2000, Plants Used In Cambodia, printed by Imprimerie Olympic, Phnom Penh
  3. ↑ State Trees and Flowers of India. flowersofindia.net

সম্পৰ্কিত শ্ৰেণী

বৃক্ষঅসমৰ ৰাজ্যিক প্ৰতীকঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোলোং” প্ৰবন্ধৰ সংশোধন ৫৪০৯২৫ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।