অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চৰাইৰ প্ৰব্ৰজন

চৰাইৰ প্ৰব্ৰজন (Bird migration) বুলিলে চৰায়ে প্ৰজনন স্থলী আৰু শীতকালীন স্থানৰ মাজত কৰা নিয়মীয়া তথা বাৰ্ষিক ঋতুভিত্তিক যাত্ৰাক বুজায়। প্ৰব্ৰজনন বাবে এনে চৰাইবোৰে সাধাৰণতে উত্তৰ আৰু দক্ষিণ উৰণীয়া পথেৰে যাত্ৰা কৰে আৰু প্ৰায়ে বহু দূৰৈৰ স্থানলৈ উৰি যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ
চৰাইৰ দীৰ্ঘ-দূৰত্বৰ প্ৰব্ৰজন পথৰ উদাহৰণ
চৰাইৰ দীৰ্ঘ-দূৰত্বৰ প্ৰব্ৰজন পথৰ উদাহৰণছবি: L. Shyamal · Public domain

চৰাইৰ প্ৰব্ৰজন (Bird migration) বুলিলে চৰায়ে প্ৰজনন স্থলী আৰু শীতকালীন স্থানৰ মাজত কৰা নিয়মীয়া তথা বাৰ্ষিক ঋতুভিত্তিক যাত্ৰাক বুজায়।১ প্ৰব্ৰজনন বাবে এনে চৰাইবোৰে সাধাৰণতে উত্তৰ আৰু দক্ষিণ উৰণীয়া পথেৰে যাত্ৰা কৰে আৰু প্ৰায়ে বহু দূৰৈৰ স্থানলৈ উৰি যায়। জীৱ-জন্তুৰ এনে প্ৰব্ৰজন সাধাৰণতে বহু বিপদসঙ্কুল।১

আৰ্কটিক টাৰ্ন (Sterna paradisaea) নামৰ চৰাইবিধে দীৰ্ঘ দূৰত্ব ভ্ৰমণৰ অভিলেখ গঢ়ি সিহঁতৰ প্ৰজনন স্থান সুমেৰুৰ পৰা প্ৰতিবছৰে কুমেৰু অঞ্চললৈ যাত্ৰা কৰে।১ এলবাট্ৰছৰ (albatrosses) দৰে টিউবেন’জৰ (tubenoses) কিছুমান প্ৰজাতিৰ চৰায়ে দক্ষিণ মহাসাগৰৰ ওপৰেৰে উৰি পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে, আনহাতে মানক্স শ্বিয়াৰৱাটাৰৰ (Manx shearwaters) দৰে আন কিছুমান চৰায়ে সিঁহতৰ উত্তৰৰ প্ৰজনন ক্ষেত্ৰ আৰু দক্ষিণ মহাসাগৰৰ মাজত ১৪,০০০ কিলোমিটাৰ (৮,৭০০ মাইল) দূৰত্ব প্ৰব্ৰজন কৰে। দীৰ্ঘ দূৰত্বৰ প্ৰব্ৰজনতকৈ চমু দূৰত্বৰ প্ৰব্ৰজন সাধাৰণতে সংঘটিত হয়। চমু দূৰত্বৰ প্ৰব্ৰজনৰ ভিতৰত এণ্ডিজ আৰু হিমালয়ৰ দৰে পৰ্বতৰ দৰে উচ্চতম প্ৰব্ৰজন অন্তৰ্ভুক্ত।

প্ৰব্ৰজনৰ সময় মূলতঃ দিনৰ দৈৰ্ঘ্যৰ পৰিৱৰ্তনৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা যেন লাগে। পৰিভ্ৰমী চৰাইবোৰে সূৰ্য্য আৰু তৰাসমূহৰ পৰা আকাশী ইংগিত, পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ আৰু মানসিক মানচিত্ৰ ব্যৱহাৰ কৰি যাত্ৰা কৰে।১

সাধাৰণ আৰ্হি

প্ৰব্ৰজন হৈছে প্ৰায়ে উত্তৰ আৰু দক্ষিণলৈ বিভিন্ন প্ৰজাতিৰ চৰাইয়ে কৰা এক প্ৰকাৰৰ নিয়মীয়া ঋতুভিত্তিক গমন।২ প্ৰব্ৰজন বাৰ্ষিক ঋতুভিত্তিকতা আৰু প্ৰজনন আৰু অপ্ৰজনন অঞ্চলৰ মাজত হোৱা চলাচলৰ দ্বাৰা চিহ্নিত কৰা হয়। খাদ্যৰ উপলভ্যতা, বাসস্থান নাইবা বতৰকে ধৰি পৰিৱেশৰ বিভিন্ন পৰিৱৰ্তনৰ বাবে কেতিয়াবা অপ্ৰব্ৰজনকাৰী চৰাইয়েও বিভিন্ন স্থানলৈ গমন কৰে। এনে যাত্ৰাক সাধাৰণতে "প্ৰকৃত প্ৰব্ৰজন" বুলি কোৱা নহয় কাৰণ এই যাত্ৰা অনিয়মিত (যাযাবৰী, আক্ৰমণ, অনুপ্ৰৱেশ) বা মাত্ৰ এটা দিশত (বিচ্ছিন্নতা, পোৱালিবোৰ জন্মস্থানৰ পৰা আঁতৰি যোৱা) সংঘটিত হয়। অপ্ৰব্ৰজনকাৰী চৰাইবোৰক আৱাসী চৰাই বুলি কোৱা হয়। বিশ্বৰ ১০,০০০ প্ৰজাতিৰ চৰাইৰ ভিতৰত প্ৰায় ১৮০০ প্ৰজাতিৰ চৰাই দীৰ্ঘ দূৰত্বৰ প্ৰব্ৰজনকাৰী।৩৪

তথ্যসূত্ৰ

  1. ↑ What Is Bird Migration? Fascinating Facts Uncovered (2024). Birds at First Sight. Tudor Studios LLC which owns and operates Birds at First Sight
  2. ↑ Berthold, Peter; Bauer, Hans-Günther; Westhead, Valerie. (2001). Bird Migration: A General Survey. Oxford University Press. ISBN 978-0-19-850787-1
  3. ↑ Sekercioglu, C. H. (2007). Conservation ecology: area trumps mobility in fragment bird extinctions. Current Biology. পৃ. 283–286
  4. ↑ Rolland, J. (2014). Settling down of seasonal migrants promotes bird diversification. Proceedings of the Royal Society B. পৃ. 20140473

সম্পৰ্কিত শ্ৰেণী

প্ৰব্ৰজন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰাইৰ প্ৰব্ৰজন” প্ৰবন্ধৰ সংশোধন ৬৩০৮৭১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।