অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভোমোৰা (বৃক্ষ)

ভোমোৰা (বৈজ্ঞানিক নাম:Terminalia bellirica; অন্য নাম: বহেৰা; বড়ো: ভোওৰা; ৰাভা: ভাওৰাই) এবিধ ডাঙৰ আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। প্ৰধানকৈ দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ বনাঞ্চলত এই গছবিধ পোৱা যায়। উজনি আৰু নামনি অসমৰ বনাঞ্চলত এই গছবিধ দেখা পোৱা যায়।

হালনাগাদ: ১৯ ডিচেম্বৰ ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
ভোমোৰা (Terminalia bellirica) ফল
ভোমোৰা (Terminalia bellirica) ফলছবি: Salil Kumar Mukherjee · CC BY-SA 4.0

ভোমোৰা (বৈজ্ঞানিক নাম:Terminalia bellirica; অন্য নাম: বহেৰা; বড়ো: ভোওৰা; ৰাভা: ভাওৰাই) এবিধ ডাঙৰ আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। প্ৰধানকৈ দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ বনাঞ্চলত এই গছবিধ পোৱা যায়। উজনি আৰু নামনি অসমৰ বনাঞ্চলত এই গছবিধ দেখা পোৱা যায়।১

বিৱৰণ

ভোমোৰা গছৰ বাকলি ধোৱাঁবৰণীয়া অথবা মদৰুৱা। বাকলিৰ উপৰিভাগৰ পৰা সৰু সৰু নিকৰি ওলাই থাকে। বাকলিৰ ভিতৰভাগ হালধীয়া।১

এই গছৰ ঠাৰিবোৰৰ আগভাগত পাতবোৰ থুপপাতি ওলায়। পাতৰ আকাৰ দীঘলীয়া আৰু বহল চানেকীয়া। পাতখিলাৰ আগফালে ক্ৰমে জোঙা হৈ পৰে। এই গছৰ ফুলবোৰ সেউজ-বুলীয়া অথবা হালধীয়া। ফলৰ আকৃতি দীঘলীয়া।১

ব্যৱহাৰ

ভোমোৰাৰ ফলৰ ঔষধি গুণ আছে বুলি জনা যায়। আমলখি আৰু শিলিখাৰ লগত ভোমোৰাৰ ফলৰ গুৰি মিলাই ত্ৰিফলা প্ৰস্তুত কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭

সম্পৰ্কিত শ্ৰেণী

বৃক্ষঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোমোৰা (বৃক্ষ)” প্ৰবন্ধৰ সংশোধন ৫৬৫২৭৬ (১৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।