পাকৈঢোৰা১ বা কাও ধনেশ১ বা ঢেকঢেকী১ বা টেকটেকী(Oriental Pied Hornbill, বৈজ্ঞানিক নাম:Anthracoceros albirostris) 'Bucerotidae' পৰিয়ালৰ অন্তৰ্গত ধনেশৰ এটা প্ৰজাতি৷
বিৱৰণ
মতা পাকৈঢোৰা আকাৰ ৫৫-৬০ ছে: মি: আৰু মাইকী পাকৈঢোৰাৰ আকাৰ মতাতকৈ অলপ সৰু৷ ইয়াৰ ডেউকাৰ দৈৰ্ঘ্য সাধাৰণতে ২৩-৩৬ ছে: মি: হয়৷ মতা আৰু মাইকীৰ ঠোঁটৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে ১৯ আৰু ১৬ ছে: মি: হোৱা দেখা যায়৷ পাকৈঢোৰা মতা আৰু মাইকী চৰাই দেখাত প্ৰায় একে হয়৷ ইয়াৰ ডিঙি, বুকু আৰু ডেউকা সেউজীয়া জিলিকণি থকা ক’লা বৰণৰ (black with greenish gloss) হয়। তলৰ বুকু, পেট আদি বগা, নেজ ডাল ক’লা আৰু নেজৰ আগটো বগা হয়৷৷২
বিতৰণ
ই ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়া ৰ বাংলাদেশ, ভূটান, কম্বোডিয়া, ভাৰত, ইণ্ডোনেছিয়া, লাউচ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ছিংগাপুৰ, থাইলেণ্ড, তীব্বত, আৰু ভিয়েটনাম ত বিস্তৃত হৈ আছে৷
বাসস্থান
ক্ৰান্তীয় সেমেকা বনাঞ্চল ইয়াৰ স্বাভাৱিক বাসস্থান৷ ৩
আচৰণ
খাদ্য
পাকৈঢোৰাই সাধাৰণতে বিভিন্ন ফলমূল, সৰীসৃপ যেনে জেঠী, ভেকুলী আৰু পোক-পতংগ আদি খাই জীয়াই থাকে৷ ৩
স্থিতি
পাকৈঢোৰাক আই.ইউ. চি. এনৰ ৰেড লিষ্টত ‘Least Concern (LC)’ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছে৷ ৪
বাহ্যিক সংযোগ
- Oiseaux Photos
তথ্যসূত্ৰ
- ↑ চৌধুৰী, আনোৱাৰুদ্দিন. (২০০০). The Birds of Assam. Gibbon Books. পৃ. ১৯৮. ISBN ৮১-৯০০৮৬৬-2-6}
- ↑ Oriental Pied Hornbill - Anthracoceros albirostris: WAZA: World Association of Zoos and Aquariums. WAZA
- ↑ Oriental Pied Hornbill (Anthracoceros albirostris) - BirdLife species factsheet. Birdlife.org
- ↑ IUCN Red List (March, 2011), www.iucnredlist.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাকৈঢোৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৬০৯ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।