অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কলমৌ

কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।

ব্যৱহাৰ

কলমৌৰ কুমলীয়া আগ শাক হিচাপে খোৱাৰ উপযোগী। কলমৌ শাক নিয়মীয়াকৈ খালে ধাতু ৰোগ (Sexual Debility) ভাল হয় বুলি কোৱা হয়। তদুপৰি জণ্ডিছ ৰোগৰ ঔষধ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। ই ছাল আৰু হৃদযন্ত্ৰৰ কাৰণেও উপকাৰী।

গুণাগুণ

কলমৌত শতকৰা হিচাপত ২.৯ ভাগ প্ৰ'টিন, ০.৪ ভাগ চৰ্বি, ৪.৩ ভাগ শৰ্কৰা আৰু ২.১ ভাগ লৱণ থাকে।

তথ্য সংগ্ৰহ

  • প্ৰান্তিক ১৬-৩১ মে, ২০১২, পৃষ্ঠা ২৬, "ভেষজ গুণসম্পন্ন কেইবিধমান জলজ উদ্ভিদ", লিখক সুনীল গগৈ।

সম্পৰ্কিত শ্ৰেণী

তৃণশাকজলজ উদ্ভিদউদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলমৌ” প্ৰবন্ধৰ সংশোধন ৫৪০৯২৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।