গুৱামৰি বা চফ হৈছে গাজৰ পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি।১ ই হালধীয়া ফুল আৰু পাতল পাতৰ সৈতে এক কঠিন, বহুবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ই ভূমধ্যসাগৰীয় অঞ্চলৰ স্থানীয় উদ্ভিদ কিন্তু বৰ্তমান বিশ্বৰ বহু দেশত, বিশেষকৈ সাগৰ-উপকূলৰ ওচৰৰ শুকান মাটি আৰু নদীৰ পাৰত প্ৰাকৃতিকভাৱে পোৱা যায়।
ই হৈছে ৰন্ধনত ব্যৱহৃত এক অত্যাধিক সুগন্ধি আৰু স্বাদযুক্ত উদ্ভিদ আৰু একে ধৰণৰ সোৱাদযুক্ত এনিছৰ (Anise) সৈতে, এবছিন্থে (Absinthe) নামৰ এবিধ পানীয়ৰ এটা প্ৰাথমিক উপাদান। ইয়াক মছলা আৰু মুখশুদ্ধি হিচাপেও ব্যৱহাৰ কৰা হয়। ই পাঁচ ফোৰণ নামৰ ভাৰতত প্ৰচলিত এবিধ গোটা মছলা মিশ্ৰণৰ এবিধ মুখ্য উপাদান।২
তথ্যসূত্ৰ
- ↑ (2015). Classification for Kingdom Plantae Down to Genus Foeniculum Mill.. US Department of Agriculture, Natural Resources Conservation Service
- ↑ Panch Phoron Seeds Glossary | Recipes with Panch Phoron Seeds. Tarladalal.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱামৰি” প্ৰবন্ধৰ সংশোধন ৬০২১৮৩ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।