অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বেলি ফুল

বেলি ফুল হৈছে সপুষ্পক উদ্ভিদৰ এটা গণ। ইয়াৰ প্ৰায় ৭০ টা প্ৰজাতি আছে। দক্ষিণ আমেৰিকাৰ তিনিটা প্ৰজাতিৰ বাদে Helianthusৰ সকলো প্ৰজাতি উত্তৰ আমেৰিকাৰ থলুৱা উদ্ভিদ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
বেলিফুল
বেলিফুলছবি: Nayan j Nath · CC BY-SA 4.0

বেলি ফুল হৈছে সপুষ্পক উদ্ভিদৰ এটা গণ। ইয়াৰ প্ৰায় ৭০ টা প্ৰজাতি আছে।১ দক্ষিণ আমেৰিকাৰ তিনিটা প্ৰজাতিৰ বাদে Helianthusৰ সকলো প্ৰজাতি উত্তৰ আমেৰিকাৰ থলুৱা উদ্ভিদ। সাধাৰণতে, "বেলিফুল" বুলিলে Helianthus annuus বা সাধাৰণ বেলি ফুল নামৰ বিখ্যাত প্ৰজাতিটোক বুজায়, যাৰ পাহিৰে সৈতে গোলাকাৰ পুষ্পমুণ্ডটো সূৰ্যৰ দৰে দেখা যায়।২ মানুহ, পশু আৰু পক্ষীৰ খাদ্য তথা আলংকাৰিক উদ্ভিদ হিচাপে বেলি ফুলৰ খেতি কৰা হয়।৩ H. annuus নামৰ প্ৰজাতিটো গ্ৰীষ্ম কালৰ পৰা প্ৰাক-বৰ্ষা কালত গজে, মধ্য গ্ৰীষ্ম কালত ইয়াৰ সৰ্বাধিক বৃদ্ধি হয়।৪

বেলিফুলৰ পাহি আৰু পুং-স্ত্ৰী স্তৱক।
বেলিফুলৰ পাহি আৰু পুং-স্ত্ৰী স্তৱক।ছবি: Nayan j Nath · CC BY-SA 4.0

বেলিফুলৰ বহুবৰ্ষজীৱী উদ্ভিদবোৰ বহুলভাৱে বিস্তাৰিত হয় বাবে সাধাৰণতে বাগিচাত ৰোপন কৰা নহয়। Helianthus verticillatus, নামৰ প্ৰজাতিটো বিলুপ্তপ্ৰায় উদ্ভিদ বুলি গন্য কৰা হয়।৫ ইয়াক সূৰ্যমুখী ফুল বা সূৰ্য ফুল বুলিও কোৱা হয়।

তথ্যসূত্ৰ

  1. ↑ Sunflower Production. North Dakota State University
  2. ↑ (2007). Shorter Oxford English Dictionary, 6th ed.. Oxford University Press. পৃ. 3804. ISBN 978-0-19-920687-2
  3. ↑ (2008). RHS A-Z Encyclopedia of Garden Plants. Dorling Kindersley. পৃ. 1136. ISBN 978-1-4053-3296-5
  4. ↑ Conservation Plant Characteristics - Helianthus annuus L. common sunflower HEAN3. USDA - Natural Resources Conservation Service
  5. ↑ Remillard, Ashley (August 4, 2014) "U.S. Fish and Wildlife Service Issues Final Rule Protecting Three Flowers" Endangered Species Law and Policy Blog, Nossaman LLP

সম্পৰ্কিত শ্ৰেণী

ফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেলি ফুল” প্ৰবন্ধৰ সংশোধন ৬৩১৬৭১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।