অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

টেঙামৰা

টেঙামৰা বা মেচকা টেঙা (Roselle) (বৈজ্ঞানিক নাম: Hibiscus sabdariffa) হৈছে পশ্চিম আফ্ৰিকান মূলৰ এবিধ গুল্মজাতীয় উদ্ভিদ। টেঙামৰাৰ গছ প্ৰায় ২-২.৫ চেমি পৰ্যন্ত ওখ হয়। ইয়াৰ পাতসমূহ তিনিটা মূৰযুক্ত আৰু ই ৮-১৫ চেমি দীঘল হয়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

টেঙামৰা বা মেচকা টেঙা (Roselle) (বৈজ্ঞানিক নাম: Hibiscus sabdariffa) হৈছে পশ্চিম আফ্ৰিকান মূলৰ১ এবিধ গুল্মজাতীয় উদ্ভিদ। টেঙামৰাৰ গছ প্ৰায় ২-২.৫ চেমি পৰ্যন্ত ওখ হয়। ইয়াৰ পাতসমূহ তিনিটা মূৰযুক্ত আৰু ই ৮-১৫ চেমি দীঘল হয়।

টেঙামৰাৰ ফুলবোৰৰ ৰঙ বগা নাইবা পাতল হালধীয়া আৰু প্ৰতিটো পাহিৰ গুৰি অংশত গাঢ় ৰঙা ৰঙৰ ফুট থাকে। ইয়াৰ ব্যাসাৰ্ধ ৮-১০ চেমি। ফুলপাহৰ গুৰিত থকা উজ্জ্বল ৰঙা ৰঙৰ ফলবোৰ বহলে ১-২ চেমি আৰু ই পূৰঠ হ’লে মঙহাল হৈ ৩-৩.৫ চেমি হয়গৈ।

টেঙামৰা ফল, পশ্চিমবঙ্গ, ভাৰত
টেঙামৰা ফল, পশ্চিমবঙ্গ, ভাৰতছবি: Salil Kumar Mukherjee · CC BY-SA 4.0
টেঙামৰা গছৰ পাত
টেঙামৰা গছৰ পাতছবি: Bhaskarjyoti Bhuyan · CC BY-SA 4.0

ইয়াৰ ফল আৰু পাতবোৰ সামান্য টেঙা সোৱাদযুক্ত হয়।

ব্যৱহাৰ

অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্য আৰু অন্যান্য দেশসমূহত টেঙামৰাৰ পাত আৰু পূৰঠ ফল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। বাৰ্মাৰ ৰন্ধন প্ৰকৰণত টেঙামৰাৰ বহুল ব্যৱহাৰ হয়।২ টেঙামৰাৰ শুকুৱাই ৰখা ফলৰ পৰা ঔষধি পানীয় প্ৰস্তুত কৰা হয়। ই হিবিচকাছ চাহ ৰূপে জনাজাত।৩ এই পানীয়ই উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে বুলি প্ৰমাণ পোৱা গৈছে।৪ টেঙামৰা ফলৰ পৰা জাম, জেলী আৰু খাদ্যত ব্যৱহাৰ কৰা ৰঙ প্ৰস্তুত কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ "Roselle" Encyclopædia Britannica
  2. ↑ Hansen, Barbara. (1993-10-07). Uncommon Herbs: In a Burmese Garden. Los Angeles Times
  3. ↑ Swanson, Heidi. (6 June 2005). The Jamaica Flower Iced Tea Recipe. 101 Cookbooks
  4. ↑ Hibiscus Tea Lowers Blood Pressure

সম্পৰ্কিত শ্ৰেণী

গুল্মশাকঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেঙামৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৯৪৬ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।