বুট (বৈজ্ঞানিক নাম:Cicer arietinum) হৈছে এবিধ মাহজাতীয় খাদ্যশস্য। ই হৈছে ফেবেচিয়া (Fabaceae) পৰিয়ালৰ অন্তৰ্গত ফেবইডিয়া (Faboideae) উপ−পৰিয়ালৰ এবিধ একবাৰ্ষিক উদ্ভিদ।১২ বুটৰ বিভিন্ন প্ৰকাৰবোৰক ইংৰাজীত চিক পী (chickpea বা chick pea), গ্ৰাম (gram)৩ বা বেংগল গ্ৰাম (Bengal gram), গাৰবেনজ' (garbanzo) বা গাৰবেনজ' বীন (garbanzo bean), বা ইজিপ্তিয়ান পী (Egyptian pea)৩ আদি নামেৰে জনা যায়। ই প্ৰ'টিনেৰে সমৃদ্ধ। মধ্য প্ৰাচ্য, পশ্চিম এছিয়া আৰু ভাৰতীয় উপমহাদেশত ইয়াৰ খেতি কৰা হয়।৪৫
বুটৰ গছ ২০ − ৫০ চেমিৰ পৰা ১ মিটাৰ পৰ্যন্ত ওখ হ'ব পাৰে। বুটৰ কাণ্ডৰ দুয়োফালে পাখিযুক্ত পাত আছে। এটা বীজপত্ৰ দুইৰ পৰা তিনিটা মাহজাতীয় শস্য থাকে। ইহঁতৰ ফুলবোৰ বগা, বা কেতিয়াবা ৰঙা নীলা। গ্ৰীষ্মমণ্ডলীয় বা উপ-ক্ৰান্তীয় জলবায়ু আৰু বছৰি ৪০০ মিমি বা অধিক বৰষুণ বুট গছৰ স্বাভাৱিক উৎপাদনৰ বাবে অত্যাৱশ্যকীয়।
বুটমাহৰ দুটা মুখ্য প্ৰকাৰ: ডাঙৰ পাতল তাম বৰণৰ কাবুলী আৰু বিভিন্ন ৰঙৰ দেশী বুট। বুটবোৰ পৰিপক্ব নহওতেই আহৰণ কৰিলে সেউজীয়া হয় আৰু পিছত তাম বৰণৰ, দাগযুক্ত, গাঢ় মুগাৰ পৰা ক'লা বৰণৰ হয়। বিশ্বৰ মুঠ বুট উৎপাদনৰ ৭৫% হৈছে সৰু দেশী প্ৰকাৰৰ আৰু বিশ্বৰ মুঠ উৎপাদনৰ ৭০% বুটৰ উৎপাদন হয় ভাৰতত।৬
তথ্যসূত্ৰ
- ↑ Feedipedia. Chickpea (Cicer arietinum). www.feedipedia.org
- ↑ Kew Science. Cicer arietinum L. – Plants of the World Online. Plants of the World Online
- ↑ "পৃ. 36–37
- ↑ S, Bell. (March 31, 2014). The small but mighty chickpea. Phys.org
- ↑ (2001). Advances in Agronomy. Elsevier. ISBN 978-0080543994
- ↑ (2020). Chickpea production in 2019, Crops/Regions/World list/Production Quantity (pick lists). UN Food and Agriculture Organization, Corporate Statistical Database (FAOSTAT)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুট” প্ৰবন্ধৰ সংশোধন ৩৯০৬৬১ (৭ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।