তিল কপৌ (Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই। দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত।
বিৱৰণ
তিল কপৌৰ দেহৰ মূৰ আৰু পেট অংশ মুগা-গুলপীয়া (rosy grey) হয়। ডেউকা দুখন মটিয়া। ডিঙিৰ ওপৰঅংশত ক’লা-বগাকৈ সৰু সৰু কিন্তু গাঢ় দাগ কিছুমান আছে।১২
বিতৰণ তথা বসতিস্থল
এছিয়াৰ প্ৰায় সকলো অংশতে তিল কপৌ বহুলভাৱে বিস্তৃত। ই সাধাৰণতে কাঠনি (woodland), কাইঁটীয়া হাবি (scrub), খেতি-পথাৰ (farmland) আদিত বসবাস কৰা দেখা পোৱা যায়। তিল কপৌৱে বেছিভাগ সময় মাটিত চৰি ফুৰে।৩
আচৰণ
তিল কপৌৱে জোৰ পাতি বা সৰু জাকত গুটি, সৰা ফল বা অন্যান্য উদ্ভিদৰ সন্ধানত মাটিত চৰে৪৫ মাজেসময়ে অৱশ্যে ইহঁতে পোক-পতংগ আদিও খোৱাৰ তথ্য পোৱা গৈছে।৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Baker, EC Stuart. (1913). 203-213 Indian pigeons and doves. Witherby & Co
- ↑ Blanford, WT. (1898). The Fauna of British India. Birds. Volume 4. Taylor and Francis. পৃ. 43–44
- ↑ (1981). Handbook of the birds of India and Pakistan. Volume 3. Oxford University Press. পৃ. 151–155
- ↑ Sadedin SR; Elgar MA. (1998). The influence of flock size and geometry on the scanning behaviour of spotted turtle doves, Streptopelia chinensis. Australian Journal of Ecology. পৃ. 177–180
- ↑ Satheesan SM; Rao, Prakash; Datye, Hemant. (1990). Biometrics and food of some doves of the genus Streptopelia'. J. Bombay Nat. Hist. Soc.''. পৃ. 452–453
- ↑ Sivakumaran N; Rahmani AR. (2005). Spotted Dove Streptopelia chinensis feeding on winged termites. Journal of the Bombay Natural History Society. পৃ. 115
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিল কপৌ” প্ৰবন্ধৰ সংশোধন ৫৪০৬৫২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।