সিজু হ'ল এবিধ ইউফোৰবীয়াছী (Euphorbiaceae) পৰিয়ালৰ অন্তৰ্গত, ইউফোৰবীয়া (Euphorbia) জাতিৰ অন্তৰ্গত ৰসাল বনৌষধী। কেক্টাছৰ সৈতে দেখিবলৈ একেধৰণৰ হোৱা সত্ত্বেও, সিজু গছ কিন্তু কেকটাছ জাতিৰ অন্তৰ্গত নহয়। সিজু গছ ওখই প্ৰায় ৫,৬ মিটাৰ মানলৈকে হোৱা দেখা যায়। গা-গছত অসংখ্য কাঁইট থাকে। গোটেই গা-গছ আৰু পাত বোৰত যথেষ্ট পৰিমাণৰ পানী থাকে। পাতবোৰ বৰ মঙহাল হয়।
পৰম্পৰাগত ব্যৱহাৰ
বড়োসকলৰ মাজত সিজু গছৰ ব্যৱহাৰৰ প্ৰথা অতীজৰ পৰা দেখা যায়। সিজুক বড়োসকলে বাথৌ পূজাত ব্যৱহাৰ কৰে।
ঔষধি গুণ
হাত-ভৰিৰ আঙুলিত খুব বিষ হ'লে সিজুৰ মঙহাল কাণ্ডটো ফুটা কৰি আঙুলিত সুমুৱাই থ'লে (এই ৰোগবিধক উজনি অসমত আঙুলিপবা হোৱা বোলে) বিষ বহুখিনি নিৰাময় হয়। সিজু গছৰ পাত সিজাই ইয়াৰ ৰসত অলপমান কেঁচা নিমখ দি গৰমে গৰমে খালে বহুদিনীয়া কাহ ভাল হোৱা দেখা যায়।১
তথ্যসূত্ৰ
- ↑ ড॰ গায়ত্ৰী অগ্নিবৰা (খাৰঘৰীয়া) (১ - ১৫ ডিছেম্বৰ ২০১২). "কেকটাছ - এবিধ ৰসাল আৰু কৌতূহলী উদ্ভিদ". প্ৰান্তিক খণ্ড ৩২শ বছৰ (১ম সংখ্যা): পৃষ্ঠা ৩২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিজু” প্ৰবন্ধৰ সংশোধন ৫৪০৯৩৯ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।