পলাশ মধ্যমীয়া আকাৰৰ পৰ্ণপাতি বৃক্ষ। সংস্কৃতত ইয়াক কিংচুক আৰু মেইতেই ভাষাত পাঙ গোঙ নামে পৰিচিত (Parrot tree, Bastard Teak)। পলাশ Fabaceae পৰিয়ালৰ সদস্য। পলাশ গছ ইয়াৰ ফুলৰ বাবেই সবাতোকৈ বেছি পৰিচিত।১
বৰ্ণনা

পলাশ গছ সৰ্বোচ্চ ১৫ মিটাৰ পৰ্যন্ত ওখ হয়। শীতকালত পলাশৰ পাত সৰি যায়। বসন্তৰ আগমনত ইয়াৰ ফুল ফুলে। ফাগুন মাহৰ আৰম্ভণিৰ পৰা পলাশৰ ফুল ফুলিবলৈ ধৰে। সেয়ে পলাশ ফুল ফুলা ফাগুনৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ৰক্ত ৰঙাৰ বাহিৰেও হালধীয়া আৰু ৰঙা-কমলা ৰঙৰ পলাশ ফুলো দেখা যায়। পলাশৰ বাকলি ধূসৰ। শাখা-প্ৰশাখা আৰু কাণ্ড একা-বেকা। কুঁহি পাত ৰেশমৰ দৰে সূক্ষ্ম। গাঢ় সেউজীয়া পাত ত্ৰিপত্ৰী, দেখিবলৈ প্ৰায় মদাৰ গছৰ পাতৰ নিচিনা হলেও আকাৰত ডাঙৰ। পলাশৰ ফল দেখিবলৈ প্ৰায় উৰহীৰ নিচিনা। ভাৰত উপমহাদেশৰ প্ৰায় সকলো অঞ্চলত কম-বেছি পৰিমাণে পলাশ গছ পোৱা যায়।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পলাশ” প্ৰবন্ধৰ সংশোধন ৫৪০৮৮৩ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।