ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হুদুপৰা থান
হুদুপৰা থান তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কেতেকীবাৰী গাঁৱৰ প্রাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ এখন আধ্যাত্মিক স্থল। প্ৰৱচন অনুসৰি, বৰ্তমান যি স্থানত নিতৌ নাম কীৰ্ত্তন কৰা হয়, সেই স্থানত এজোপা কেন্দু গছ আছিল, গছ জোপাৰ কাষত প্ৰায়েই হুদু চৰায়ে জিৰণি লৈছিল। গছ জোপাৰ তলত যথেষ্ট কেঁচুমতা হৈছিল।
-
ৰুমা
ৰুমা হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ বানৰ ৰাজ সুগ্ৰীৱৰ পত্নী আৰু কিষ্কিন্ধাৰ ৰাণী আছিল। প্ৰথম বাৰৰ বাবে তেওঁ উপস্থিতি ৰামায়ণৰ চতুৰ্থ কাণ্ড কিষ্কিন্ধাকাণ্ডত দেখা যায়। ৰুমা আৰু সুগ্ৰীৱ ইজনে সিজনৰ প্ৰেমত পৰিছিল আৰু ইজনে সিজনক বিয়া কৰাব বিচাৰিছিল।
-
অকম্পন
অকম্পন (Akampan) লংকাৰ ৰজা ৰাৱণৰ মামা আছিল। তেওঁ সুমালী আৰু কেতুমতীৰ দহগৰাকী পুত্ৰৰ মাজৰ এগৰাকী আছিল। তেওঁৰ চাৰিগৰাকী ভগ্নীও আছিল। এদিন ৰাৱণৰ ৰাক্ষসী ভনী শূৰ্পনখাই এগৰাকী সুন্দৰী যুৱতীৰ ৰূপ ধাৰণ কৰি ৰামক বিবাহৰ প্ৰস্তাৱ দিয়ে৷ ৰামে তেওঁৰ প্ৰস্তাৱ নাকচ কৰে আৰু ধেমালি কৰি লক্ষ্মণৰ ওচৰলৈ পঠিয়াই…
-
অগ্নিৱেশ
অগ্নিৱেশ (अग्निवेश, ) হ’ল এজন ঐতিহাসিক ঋষিমুনি আৰু আয়ুৰ্বেদৰ প্ৰাৰম্ভিক লেখক সকলৰ এজন। তেওঁ আছিল পুনৰ্বসু আত্ৰেয়ৰ ছাত্ৰ। মহাভাৰতৰ দুই প্ৰধান প্ৰতিদ্বন্দ্বী দ্ৰোণ আৰু দ্ৰুপদে এওঁৰেই অধীনত শিক্ষা গ্ৰহণ কৰিছিল।
-
অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা
অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা হৈছে যৌনাংগৰ বাদে শৰীৰৰ কোনো বিশেষ অংগৰ প্ৰতি গঢ় লোৱা যৌন আগ্ৰহ। আমেৰিকান মনোবৈজ্ঞানিক সংস্থা DSM-5 য়ে মানুহৰ এনে আগ্ৰহক ফেটিচিষ্টিক বিকাৰগ্ৰস্ততাৰ এটা ভাগ বুলি কৈছে যদিহে এই আগ্ৰহ ব্যক্তি এজনৰ বাবে গুৰুত্বৰ মনোসামাজিক সংকটৰ কাৰণ হৈ পৰে বা ই ব্যক্তি জীৱনৰ…
-
আজৰাইল
মালক আল-মাউত বা আজৰাইল (Azrael) হ'ল এক দেৱদূত বা ফৰিষ্টা; যাৰ কাম হ'ল ঈশ্বৰৰ নিৰ্দেশনা অনুযায়ী জীৱৰ প্ৰাণ সংহাৰ কৰা।ইছলামৰ বিশ্বাস মতে মৃত্যুকালত আজৰাইলে, ব্যক্তিৰ পৃথিৱীৰ আমল বা কৃতকৰ্ম অনুযায়ী ভাল মানুহৰ ওচৰত পৱিত্ৰৰূপে আৰু পাপীসকলৰ ওচৰত ভয়ংকৰৰূপে আবিৰ্ভূত হয় আৰু মানুহৰ মৃত্যু ঘটায় (জান কবজ…
-
আল-ইখলাছ
ছূৰা আল ইখলাছ (আৰবী:الإخلاص) মুছলিম সকলৰ ধৰ্ম গ্ৰন্থ কোৰআনৰ ১১২ নম্বৰ ছূৰা, ইয়াৰ আয়াতৰ সংখ্যা ৪ টা আৰু ইয়াৰ ৰূকুৰ সংখ্যা এটা। আল ইখলাছ ছূৰাটো মক্কাত অৱতীৰ্ণ হৈছে। এই ছূৰাটোক ইছলামৰ শেষ পয়গম্বৰ মুহম্মদ(ছাঃ)ৰ দ্বাৰা বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ব্যাখ্যা কৰা হৈছিল।
-
ইছলামিক মৌলবাদ
ইছলামিক মৌলবাদ বিভিন্ন ধৰণে সংজ্ঞায়িত কৰা হৈছে যে মুছলমানসকলৰ এনে আন্দোলন যিয়ে অতীতক আকোৱালি লয় আৰু ধৰ্মৰ শিপালৈ ঘূৰি আহিবলৈ বিচাৰে আৰু হজৰত মহম্মদ (ছঃ) আৰু তেওঁৰ সহযোগীসকলে যিদৰে জীয়াই আছিল, সেইদৰেই জীয়াই থাকে।
-
ঈদ মোবাৰক
ঈদ মোবাৰক (عيد مبارك) – মুছলমানসকলৰ এক ঐতিহ্যবাহী শুভেচ্ছা বাক্য, যাক মুছলমানসকলে ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহাত পৰস্পৰে পৰস্পৰক কৈ শুভেচ্ছা জনায়। ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ বা উদ্যাপন আৰু মোবাৰক শব্দৰ অৰ্থ কল্যাণময়, অৰ্থাৎ ঈদ মোবাৰক শব্দৰ অৰ্থ হৈছে ঈদ বা আনন্দ উদ্যাপন কল্যাণময় হওক।
-
কুশনাভ
কুশনাভ হিন্দু ধৰ্ম গ্ৰন্থত উল্লেখ কৰা এগৰাকী ৰজা। তেওঁক অমাৱসু বংশৰ ৰজা আৰু চন্দ্ৰবংশ বংশৰ অন্তৰ্গত বুলি বৰ্ণনা কৰা হৈছে। তেওঁক কুশৰ পুত্ৰ বুলি কোৱা হৈছে। কুশনাভক মহোদয়া চহৰৰ প্ৰতিষ্ঠাপক বুলি বিশ্বাস কৰা হয় (বৰ্তমানৰ কনৌজ বুলি গণ্য কৰা হয়)।
-
কুসুম্বৰ ভূঞা
কুসুম্বৰ ভূঞা (? - আন. ১৪৫৬) শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ। সূৰ্যবৰ আৰু খেৰসূতীৰ জ্যেষ্ঠ পুত্ৰ। 'শিৰোমণি ভূঞা' বাব পাইছিল। এখেতৰ প্ৰথমা পত্নী সত্যসন্ধাৰ গৰ্ভত শংকৰদেৱৰ জন্ম হৈছিল। আনগৰাকী পত্নী অনুধৃতিৰ গৰ্ভত জন্ম হৈছিল বনগঞাগিৰী। শংকৰদেৱৰ সাত বছৰ বয়স হোৱাত কুসুম্বৰ ভূঞাৰ মৃত্যু হৈছিল।
-
কেতেকেশ্বৰ দেৱালয়
তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান কৰা হয়।
-
ক্ৰীছ'থেমিছ
ক্ৰীছ'থেমিছ (/krɪˈsɒθɪmɪs/; ইংৰাজী: Chrysothemis, "সোণালী নিয়ম") গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত কেইবাগৰাকী নাৰী চৰিত্ৰৰ নাম। ক্ৰীছ'থেমিছ: কাৰ্মেটৰৰ কন্যা আৰু পাইথিয়ান গেমছত অনুষ্ঠিত হোৱা আটাইতকৈ পুৰণি এপ’ল’ৰ গীত গোৱা প্ৰতিযোগিতাখনৰ প্ৰথম বিজয়ী। তেওঁ ষ্টেফাইলাছৰ পত্নী বা এপ'ল'ৰ এগৰাকী প্ৰেমিকা আছিল।
-
চেলাম্মা
চেলাম্মা ভাৰতৰ দক্ষিণ কৰ্ণাটক অঞ্চলৰ এগৰাকী হিন্দু দেৱী। চেলাম্মা এগৰাকী বৃশ্চিক দেৱী আৰু ইয়াক কোলাৰামত কোলাৰম্মাৰ সৈতে পূজা কৰা হয়।
-
ছান্দনী জৰী
হিন্দু আইকনগ্ৰাফীত চিত্ৰিত এক অলৌকিক অস্ত্ৰ, যাক পাশা বুলি কোৱা হয়। অসমীয়াত ই ছান্দনী জৰী। গণেশ, যম, শ্যামলা দেৱী আৰু বৰুণ আদি হিন্দু দেৱতাক হাতত এই অস্ত্ৰ লৈ চিত্ৰিত কৰা হৈছে। পাশা গণেশৰ এটা সাধাৰণ বৈশিষ্ট্য, বিঘ্নহৰ্তা প্ৰভু; পাশাই তেওঁৰ বাধাক বান্ধি ৰখা আৰু মুক্ত কৰাৰ শক্তিক প্ৰতিনিধিত্ব কৰে।
-
তেত্ৰিশ দেৱতা
তেত্ৰিশ দেৱতা বা তেত্ৰিশ কৌটি দেৱতা (त्रिदश) হৈছে হিন্দুধৰ্মৰ দেৱতাসকলৰ প্ৰকাৰভেদ অনুযায়ী সমষ্টিবদ্ধ সংখ্যা। সংস্কৃত ভাষাত ত্ৰয়োত্ৰিংশ কৌটি বুলি কওতে "তেত্ৰিশ গুণ সম্পন্ন বা তেত্ৰিশ প্ৰকাৰ"-ক বুজায়। প্ৰকৃতপক্ষে তেত্ৰিশ কৌটি দেৱতা বুলিলে তেত্ৰিশ প্ৰকাৰৰ গুণ সম্পন্ন বৈদিক দেৱতাক বুজোৱা হয়।
-
ধন্যমালিনী
হিন্দু শাস্ত্ৰত ধন্যমালিনী (Dhanyamalini) ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ আৰু যত্নশীল মহিলা আছিল। তেওঁৰ প্ৰকৃত পৰিচয় অজ্ঞাত যদিও কিছুমান কাহিনীয়ে তেওঁক মায়াসুৰৰ জীয়ৰী আৰু মন্দোদৰীৰ ভগ্নী বুলি উল্লেখ কৰে।
-
নুহা
নুহা প্ৰাক-ইছলামিক আৰবত উত্তৰ আৰবৰ জনগোষ্ঠীৰ মাজত পূজা কৰা এক দেৱী। সূৰ্যৰ লগত লগ হৈ তেওঁ ৰুদা আৰু আতৰছামাইনৰ সৈতে দেৱতাৰ ত্ৰিমূৰ্তিৰ অংশ গঠন কৰিছিল। দক্ষিণ আৰবত শ্বামছ আছিল তেওঁৰ সমতুল্য।
-
নেতাই ধুবুনী ঘাট
নেতাই ধুবুনী ঘাট ধুবুৰী জিলাৰ বৰো বাজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নগৰৰ পৰা ঘাট লৈ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ আৰু গুৰু টেগ বাহাদুৰ পথেৰে ১৫ মিনিটৰ কম সময়ত পোৱা যায়।
-
ন্যায়সূত্ৰ
ন্যায়সূত্ৰ হৈছে এক প্ৰাচীন ভাৰতীয় দৰ্শন শাস্ত্ৰ। ভাৰতীয় আস্তিক দৰ্শন পৰম্পৰাৰ অন্যতম এই ন্যায়দৰ্শনৰ প্ৰণেতা মহৰ্ষি অক্ষপাদ্ গৌতম। ন্যায়দৰ্শনৰ আধাৰগ্ৰন্থ "ন্যায়সূত্ৰ"। ন্যায়সূত্ৰসমূহ ২য় খ্ৰীষ্টাব্দত বিৰচিত কৰা হৈছিল যদিও পাচত অনেক প্ৰক্ষেপ (interpolation) যোগ কৰা হৈছে।
-
পখীতীৰ্থ
পখীতীৰ্থ (Pokhitirtho) বা চামগুৰি বিল হৈছে নগাঁও চহৰৰ পৰা প্ৰায় ষোল্ল কিলোমিটাৰ দূৰত্বত অৱস্থিত এখনি জলভূমি। বিভিন্ন সময়ত ইয়ালৈ পৰিভ্ৰমী পখীৰ আগমন ঘটে বাবে এই বিলখনক পখীতীৰ্থ বুলি কোৱা হয়।
-
পাগলবাবা আশ্ৰম, বৃন্দাবন
পাগলবাবা আশ্ৰম, বৃন্দাবন (বা শ্ৰী পাগল বাবা মন্দিৰ) হ’ল উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ মথুৰা–বৃন্দাবন পথৰ লিলাধাম অংশত অৱস্থিত এটা প্ৰসিদ্ধ হিন্দু আশ্ৰম বা মন্দিৰ। এই স্থানটো ভক্তসকলৰ মাজত পাগলবাবা মন্দিৰ নামেৰে জনাজাত। ই গীতা মন্দিৰ আৰু গ্লাছ টেম্পলৰ কাষত অৱস্থিত।
-
পিশাচ
পিশাচ (সংস্কৃত: पिशाच, piśāca) ভাৰতীয় ধৰ্মসমূহত উল্লিখিত মাংসভোজী দানৱ। হিন্দু আৰু বৌদ্ধপৌৰাণিক কাহিনীত পিশাচৰ বৰ্ণনা পোৱা যায়। পিশাচ এক কুৰূপ আৰু দুষ্ট আত্মা, বহু সময়ত ইয়াক অপায়-অমঙ্গলৰ প্ৰতীক বুলি গণ্য কৰা হয়।
-
পুলোমন
পুলোমন, যাক পুলোমা নামেৰেও জনা যায়, হিন্দু পৌৰাণিক কাহিনীৰ এক ব্যক্তিত্ব। তেওঁক দানৱ জাতিৰ অন্যতম প্ৰধান হিচাপে উল্লেখ কৰা হৈছে। তেওঁৰ পূৰ্বপুৰুষ আছিল কাশ্যপ ঋষি আৰু তেওঁৰ পত্নী দনু। পুলোমন ইন্দ্ৰ দেৱতাৰ পত্নী শচীৰ পিতৃও আছিল।
-
পেগেছাছ
গ্ৰীক কিংবদন্তি অনুসৰি পেগেছাছ এটা উৰণীয়া ঘোঁৰা। পাৰ্ছিয়াছে মেডুছাৰ শিৰচ্ছেদ কৰাৰ পাছত মেডুছাৰ তেজৰ পৰা পেগাছাছৰ জন্ম হয়। বেলেৰ'ফ'নে পেগাছাছক ধৰি কেইবাটাও অভিযানত আৰোহণ কৰিছিল। কাইমেৰাৰ লগতো বেলেৰ'ফ'নে পেগাছাছত উঠি যুঁজ কৰিছিল।
-
প্ৰজ্ঞাপাৰমিতা
মহাযান পন্থীয় বৌদ্ধধৰ্মৰ মতে প্ৰজ্ঞাপাৰমিতাৰ অৰ্থ হ'ল 'জ্ঞানৰ পৰিপূৰ্ণতা'। প্ৰজ্ঞাপাৰমিতাই নিখুঁত ভাৱে বাস্তৱক চোৱাৰ পথটোক বুজাই, লগত এটা সূত্ৰক বুজাই। প্ৰজ্ঞাপাৰমিতা শব্দটো সংস্কৃতৰ দুটা শব্দ যোগ হৈ হোৱা; প্ৰজ্ঞা যাৰ অৰ্থ হ'ল জ্ঞান আৰু পাৰমিতা যাৰ অৰ্থ হৈছে নিখুঁততা বা পৰিপূৰ্ণতা।
-
বকাসুৰ (কংসৰ অনুচৰ)
বকাসুৰ হিন্দু দেৱতা কৃষ্ণই হত্যা কৰা বগলীৰূপী অসুৰ। তেওঁ কংস ৰজাৰ সংগী আৰু পুতনা আৰু অঘাসুৰৰ ভাতৃ। তেওঁক কংসই কৃষ্ণক বধ কৰিবলৈ এটা বিশাল বগলীৰ ৰূপত পঠিয়াইছিল যাতে ৰজা নিষ্কণ্টক হ’ব পাৰে, যি ভয় এটা অজ্ঞাত কণ্ঠ আৰু দেৱী যোগমায়াই ভৱিষ্যদ্বাণী কৰিছিল।
-
ব্ৰহ্ম সংহতি
দামোদৰদেৱ, হৰিদেৱ অথবা তেওঁলোকৰ শিষ্যৰ দ্বাৰা প্ৰৱৰ্তিত সত্ৰসমূহেই ব্ৰহ্ম সংহতিৰ সত্ৰ স্বৰূপে পৰিচিত। দামোদৰদেৱ ব্ৰহ্ম সংহতিৰ প্ৰৱৰ্তক। দামোদৰী আৰু হৰিদেৱী সুকীয়া সুকীয়া মাৰ্গ নহয়। দামোদৰী মাৰ্গৰেই আন এটি উল্লেখযোগ্য শাখা হৰিদেৱী।
-
মছজিদে নববী
মছজিদে নববী (المسجد النبوي) মুহাম্মাদ (ছাঃ) কৰ্তৃক প্ৰতিষ্ঠিত মছজিদ; যিটো বৰ্তমান চৌদি আৰৱৰ মদিনাত অৱস্থিত। গুৰুত্বৰ দিশৰ পৰা মছজিদুল হাৰাম(পবিত্ৰ)ৰ পাছত মছজিদে নববীৰ স্থান। মুহাম্মাদ (ছাঃ) হিজৰত কৰি মদিনালৈ অহাৰ পাছতেই এই মছজিদ নিৰ্মিত হয়। এইটো পৃথিৱীৰ অন্যতম বৃহৎ মছজিদ।
-
যদু (কিম্বদন্তি ৰজা)
যদু হিন্দু ধৰ্মত যদু বংশৰ প্ৰতিষ্ঠাপক। তেওঁক ৰজা যযাতি আৰু তেওঁৰ ৰাণী দেৱযানীৰ জ্যেষ্ঠ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে। তেওঁ নাগ ৰজাৰ পাঁচগৰাকী কন্যাক বিয়া কৰাইছিল।