অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মছজিদে নববী

মছজিদে নববী (المسجد النبوي) মুহাম্মাদ (ছাঃ) কৰ্তৃক প্ৰতিষ্ঠিত মছজিদ; যিটো বৰ্তমান চৌদি আৰৱৰ মদিনাত অৱস্থিত। গুৰুত্বৰ দিশৰ পৰা মছজিদুল হাৰাম(পবিত্ৰ)ৰ পাছত মছজিদে নববীৰ স্থান। মুহাম্মাদ (ছাঃ) হিজৰত কৰি মদিনালৈ অহাৰ পাছতেই এই মছজিদ নিৰ্মিত হয়। এইটো পৃথিৱীৰ অন্যতম বৃহৎ মছজিদ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মছজিদে নববী (المسجد النبوي) মুহাম্মাদ (ছাঃ) কৰ্তৃক প্ৰতিষ্ঠিত মছজিদ; যিটো বৰ্তমান চৌদি আৰৱৰ মদিনাত অৱস্থিত। গুৰুত্বৰ দিশৰ পৰা মছজিদুল হাৰাম(পবিত্ৰ)ৰ পাছত মছজিদে নববীৰ স্থান। মুহাম্মাদ (ছাঃ) হিজৰত কৰি মদিনালৈ অহাৰ পাছতেই এই মছজিদ নিৰ্মিত হয়। এইটো পৃথিৱীৰ অন্যতম বৃহৎ মছজিদ। মছজিদটো দিন-ৰাতি সকলো সময়ত খোলা থাকে।

মুহাম্মাদ (ছাঃ)ৰ বাসগৃহৰ ওচৰতেই এই মছজিদ নিৰ্মিত হৈছিল। তেখেত নিজে ব্যক্তিগতভাৱে মছজিদৰ নিৰ্মাণকামত অংশ লৈছিল। সেই সময়ত মছজিদ সম্মিলনস্থল, আদালত আৰু মাদ্ৰাছা হিচাপে ভূমিকা পালন কৰিছিল। পৰৱৰ্তীকালত মুছলিম শাসকসকলে মছজিদ সম্প্ৰসাৰণ আৰু সৌন্দৰ্যবৰ্ধন কৰিছে। ১৯০৯ খ্ৰিষ্টাব্দত আৰৱ উপদ্বীপৰ মাজত ইয়াতেৰথমে বৈদ্যুতিক বাতি জ্বলোৱা হয়।১ মছজিদ খাদেমুল হাৰামাইন শ্বদিফাইনৰ নিয়ন্ত্ৰণত থাকে। মছজিদ ঐতিহ্যগতভাৱে মদিনাৰ কেন্দ্ৰস্থলত অৱস্থিত। মছজিদে নববী অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান। বিদায় হজ্জৰ সময়ত আগতে হাজিসকলে হজ্জৰ আগতে বা পাছত মদিনাত অৱস্থান কৰে।

তথ্যসূত্ৰ

  1. ↑ The History of Electrical lights in the Arabian Peninsula

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্মমছজিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মছজিদে নববী” প্ৰবন্ধৰ সংশোধন ৩৮২৪৪৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।