অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বকাসুৰ (কংসৰ অনুচৰ)

বকাসুৰ হিন্দু দেৱতা কৃষ্ণই হত্যা কৰা বগলীৰূপী অসুৰ। তেওঁ কংস ৰজাৰ সংগী আৰু পুতনা আৰু অঘাসুৰৰ ভাতৃ। তেওঁক কংসই কৃষ্ণক বধ কৰিবলৈ এটা বিশাল বগলীৰ ৰূপত পঠিয়াইছিল যাতে ৰজা নিষ্কণ্টক হ’ব পাৰে, যি ভয় এটা অজ্ঞাত কণ্ঠ আৰু দেৱী যোগমায়াই ভৱিষ্যদ্বাণী কৰিছিল।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৬ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

বকাসুৰ হিন্দু দেৱতা কৃষ্ণই হত্যা কৰা বগলীৰূপী অসুৰ। তেওঁ কংস ৰজাৰ সংগী আৰু পুতনা আৰু অঘাসুৰৰ ভাতৃ।১ তেওঁক কংসই কৃষ্ণক বধ কৰিবলৈ এটা বিশাল বগলীৰ ৰূপত পঠিয়াইছিল যাতে ৰজা নিষ্কণ্টক হ’ব পাৰে, যি ভয় এটা অজ্ঞাত কণ্ঠ আৰু দেৱী যোগমায়াই ভৱিষ্যদ্বাণী কৰিছিল।২৩ তাৰ পিছত কৃষ্ণই বকাসুৰৰ ঠোঁটটো ফাটি যোৱালৈকে টানি হত্যা কৰে।৪

কিংবদন্তি

বাল কৃষ্ণই তেওঁৰ ভাতৃ বলোৰাম আৰু গোপালক ল'ৰা (গোপ)ৰ সৈতে যমুনা নদীৰ পাৰৰ ওচৰত গৰুৰ সৈতে খেল উপভোগ কৰি আছিল, আনহাতে আন কিছুমান বিৱৰণীত তেওঁলোক গোকুলৰ অৰণ্যত আছিল।৫৬ তীক্ষ্ণ ঠোঁট থকা বগলীৰ ৰূপত বকাসুৰে আকাশৰ পৰা তললৈ নামি আহি সাউতকৈ কৃষ্ণক গিলি পেলালে যদিও ডিঙিত তীব্ৰ তাপ অনুভৱ কৰিলে আৰু শিশুটিক বমি কৰি উলিয়াই দিলে।৭ তাৰ পিছত কৃষ্ণই বকাসুৰক ঠোঁটত ধৰি আচাৰি আচাৰি বধ কৰে, যাৰ ফলত অসুৰৰ পৃথিৱীত ম্যাদ উকলি যায় আৰু মোক্ষ (মুক্তি) লাভ কৰে, কিয়নো বিশ্বাস কৰা হয় যে কৃষ্ণৰ হাতত মৃত্যু হোৱা যিকোনো ব্যক্তিৰ আত্মাই মোক্ষ লাভ কৰিব পাৰে।৮

তথ্যসূত্ৰ

  1. ↑ The Hare Krsnas - Krsna's Vrindaban Pastimes - Aghasura Demon. www.harekrsna.com
  2. ↑ Team, Thepranams. (2020-09-02). The Killing of Bakasura. thepranams.com
  3. ↑ According to the prophecy, the eighth child of Devaki would kill Kamsa - Vaniquotes. vaniquotes.org
  4. ↑ Bakasura. The Hare Krishna Movement
  5. ↑ Krishna and Bakasura · Storyrack. storyrack.in
  6. ↑ Mythological Story: Krishna and Bakasura. www.kidsgen.com
  7. ↑ (28 November 2015). Story of Sri Krishna and Giant Crane
  8. ↑ Bakasura. The Hare Krishna Movement

সম্পৰ্কিত শ্ৰেণী

অসুৰকৃষ্ণৰ সৈতে সম্পৰ্কিত ব্যক্তিভাগৱত পুৰাণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বকাসুৰ (কংসৰ অনুচৰ)” প্ৰবন্ধৰ সংশোধন ৫৭৯২৭৬ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।