ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মোল্লা
মোল্লা (আৰবী ملا), (ফাৰ্চী ভাষা ملا) আৰবী-ফাৰ্চী ভাষাৰ শব্দ। শব্দটো কোৰআনত উল্লেখিত আৰবী শব্দ মাওলা (مَوْلَى) ৰ সংক্ষিপ্ত ৰূপ। ভাৰতত প্ৰচলিত মৌলভী (আৰবী مولوی) আৰু মাওলানা (আৰবী مولانا) শব্দদুটাৰ উৎপত্তিও মাওলা শব্দৰ পৰা। মাওলাৰ অৰ্থ ৰক্ষক, কৰ্তা, নেতা বা অভিভাৱক।
-
য়েটি
য়েটি (ইংৰাজী: Yeti, /ˈjɛti/) এছিয়াৰ হিমালয় পৰ্বতমালাত বাস কৰে বুলি বিশ্বাস কৰা এবিধ বান্দৰ সদৃশ কিংবদন্তিমূলক প্ৰাণী। পশ্চিমীয়া জনপ্ৰিয় সংস্কৃতিত এই জীৱটোক সাধাৰণতে ঘৃণনীয় তুষাৰমানৱ বুলি কোৱা হয়।
-
আল-আন'আম
আল-আন'আম (ٱلأنعام, al-ʾanʿām; অৰ্থ: গৰু) কোৰআনৰ ষষ্ঠ অধ্যায় (ছূৰা), যাৰ ১৬৫টা শ্লোক (আয়াত) আছে। আল-বাক্বাৰা, আল-ইমৰান, আন-নিশা আৰু আল-মা'ইদাৰ পিছত কোৰআনত আহি এই ছূৰা আল্লাহৰ অধিৰাজ্য আৰু ক্ষমতাৰ স্পষ্ট চিহ্ন, বহুবিশ্বাস আৰু অবিশ্বাস, তাওহিদ (বিশুদ্ধ একধৰ্মবাদ), প্ৰকাশ, বাৰ্তাবাহকত্ব আৰু…
-
ত্ৰিশিৰা
ত্ৰিশিৰা (: त्रिशिर, যাৰ তিনিটা মূৰ আছে।) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ ৰামায়ণত উল্লেখ পোৱা যায়। তেওঁ ৰাৱণৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল মেঘনাদ অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক।
-
বকাসুৰ
বকাসুৰ (बकासुर, ),হিন্দু মহাকাব্য মহাভাৰতৰ উল্লেখ থকা এটা অসুৰ। ইয়াক বকা নামেৰেও জনা যায়। ই বৰ্তমান পশ্চিমবংগৰ গড়বেটাৰ সমীপৰ অৰণ্য অঞ্চলত বাস কৰিছিল বুলি উল্লেখ আছে। ৰাজ্য বিস্তাৰ আৰু নিজৰ পৰাক্ৰম দেখুৱাৰ বাবে বকাসুৰে প্ৰজাক অত্যাচাৰ কৰিছিল।
-
বসু
হিন্দু ধৰ্মত বসু (वसु) হৈছে ইন্দ্ৰৰ, আৰু পিছলৈ বিষ্ণুৰ আঠজন পৰিচাৰক দেৱতা। অষ্ট বসুসকলক ৰামায়ণত কাশ্যপ আৰু অদিতিৰ সন্তান আৰু মহাভাৰতত মনু বা ব্ৰহ্মা প্ৰজাপতিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে।
-
বৈকুণ্ঠ
বৈকুণ্ঠ (সংস্কৃত: वैकुण्ठ, ৰোমানীকৃত: Vaikuṇṭha) হিন্দু ধৰ্মৰ বৈষ্ণৱ পৰম্পৰাৰ পৰম দেৱতা বিষ্ণু আৰু তেওঁৰ পত্নী লক্ষ্মীৰ নিবাস৷ বৈকুণ্ঠ বিষ্ণুলোক (বিষ্ণুলোক) বুলিও কোৱা হয়, আৰু তামিল ভাষাত তিৰুণাতু (Tirunāṭu) বুলি কোৱা হয়৷ ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ তথা সমাজ সংস্কাৰক ৰামানুজৰ মতে বৈকুণ্ঠ হৈছে পৰম…
-
মায়াসুৰ
মায়াসুৰ বা ময়াসুৰ (मयासुर) হিন্দু শাস্ত্ৰত বৰ্ণিত অসুৰ, দেৱতা আৰু ৰাক্ষস জাতিৰ এজন মহান প্ৰাচীন ৰজা আছিল। মায়া তেওঁৰ উজ্জ্বল স্থাপত্যৰ বাবে জনাজাত আছিল। মহাভাৰতত বৰ্ণিত মায়াসভা বা ভ্ৰমৰ কক্ষ - তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল।
-
মৌলবাদ
মৌলবাদ (Fundamentalism) হৈছে কঠোৰ ধৰ্মীয় মতবাদসমূহক অনুসৰণ কৰাৰ চাহিদা; যি সাধাৰণতে উদাৰ ধৰ্মতত্ত্বেৰ বিৰুদ্ধে এক প্ৰতিক্ৰিয়াক বুজায়। এই শব্দটো ইংৰাজী ফাণ্ডামেণ্টালিজম শব্দেৰ অনুবাদ। মৌলবাদ শব্দটোৰ সাধাৰণ অন্য অৰ্থ হ'ল মূলজাত। ইয়াত মূল শব্দৰ দ্বাৰা ধৰ্মক বুজোৱা হৈছে।
-
সুদেষ্ণা
সুদেষ্ণা বা কৈকেয়ী (Sudeshna) হৈছে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা মৎসদেশৰ ৰজা বিৰাটৰ পত্নী তথা অভিমন্যুৰ পত্নী উত্তৰাৰ মাতৃ আছিল সুদেষ্ণা। তেওঁ উত্তৰ কুমাৰৰ মাতৃ আৰু কীচকৰ ভনীয়েক আছিল। তেওঁ কেকয় ৰজাৰ কন্যা আছিল কাৰণে তেওঁক কৈকেয়ী বুলিও জনা যায়।
-
অক্ষয়কুমাৰ
অক্ষয়কুমাৰ বা অক্ষকুমাৰ (Akṣayakumāra, अक्षयकुमार) ৰাৱণৰ কনিষ্ঠ পুত্ৰ তথা মেঘনাদৰ ভাতৃ আছিল। তেওঁক অক্ষয় বা অক্ষ নামেৰেও জনা যায়৷ ৰামায়ণত হনুমানে সীতাৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত যেতিয়া অশোক বন ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেতিয়া ৰাৱণে অশোকবন ৰক্ষাৰ্থে অক্ষয়কুমাৰক ৰাক্ষস সেনাৰ মুৰব্বী হিচাপে তালৈ…
-
অহিৰাৱণ
অহিৰাৱণ (Ahiravan বা Mahiravan, अहिरावण) কৃত্তিবাসী ৰামায়ণ বা শ্ৰীৰাম পাঁচালী অনুসৰি ঋষি বিশ্ৰবাৰ পুত্ৰ আৰু ৰাৱণৰ ভাতৃ আছিল। তেওঁ ৰাৱণ আৰু ৰাক্ষষ ৰজা মায়াৰ দ্বাৰা শাসিত পাতাল (Underworld) -ৰ ৰজা আছিল।
-
অৰ্নিয়া
অৰ্নিয়া (প্ৰাচীন গ্ৰীক: Ὀρνία, ইংৰাজী: Ornea বা Ornia) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম। তেওঁ আৰ্গোলিছৰ এখন চহৰ অৰ্নিয়াৰ সম্ভাৱ্য নিম্ফ (অপেশ্বৰী) আছিল আৰু তেওঁৰ নামেৰে চহৰখন নামকৰণ কৰা হৈছিল।
-
ইথাৰ
গ্ৰীক আখ্যান অনুসৰি ইথাৰ বা এইথাৰ হৈছে আদি দেৱতাসকলৰ এজন। তেওঁক আকাশৰ উপৰিভাগৰ মূৰ্তমান স্বৰূপ বুলি গণ্য কৰা হয়। ইথাৰ নশ্বৰ প্ৰাণীয়ে গ্ৰহণ কৰা সাধাৰণ বায়ুৰ বিপৰীতে দেৱতাসকলে শ্বাস-প্ৰশ্বাসৰ বাবে গ্ৰহণ কৰা বিশুদ্ধ বায়ু।
-
উলামা
উলামা (ইংৰাজী: Ulama) বা ডেভিল বাৰ্ড (Devil Bird, শয়তান চৰাই) শ্ৰীলংকাৰ লোককথাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক চৰাই৷ এই জীৱটোৱে ৰাতি অৰণ্যৰ পৰা অতি ভয়ানক মানুহৰ দৰে চিঞৰ-বাখৰ কৰে বুলি কোৱা হয়। এই চৰাইটোৰ চিঞৰ-বাখৰ মৃত্যুৰ আগজাননী বুলি শংকা কৰা হয়।
-
খ্যাতি
খ্যাতি (Khyati) হিন্দু পৌৰাণিক আখ্যান অনুসৰি প্ৰজাপতি কৰ্দম আৰু দেৱহুতীৰ কন্যা আছিল৷ ভাগৱত পুৰাণৰ মতে, তেওঁ প্ৰজাপতি কৰ্দম আৰু দেৱহুতীৰ ৯গৰাকী কন্যাৰ ভিতৰত এগৰাকী আছিল৷ তেওঁ ভগৱান কপিলৰ ভগ্নী আছিল।
-
গৰ্গ সংহিতা
গৰ্গ সংহিতা হিন্দু দেৱ-দেৱী ৰাধা আৰু কৃষ্ণৰ আধাৰত সংস্কৃত ভাষাত ৰচিত বৈষ্ণৱী শাস্ত্ৰ। ইয়াৰ ৰচনা কৃষ্ণৰ বংশ যাদৱৰ প্ৰধান পুৰোহিত গৰ্গ ঋষিয়ে কৰিছিল বাবে গৰ্গ সংহিতা বুলি কোৱা হয়। ই ৰাধা কৃষ্ণ আৰু গোপীসকলক হোলী উৎসৱৰ সৈতে জড়িত কৰা আদিম গ্ৰন্থ।
-
চাইমোড'চ (শ্ৰুতিকথা)
চাইমোড'চ (প্ৰাচীন গ্ৰীক: Κυμοδόκη, ইংৰাজী: Cymodoce, অৰ্থ. 'ঢৌ-সংগ্ৰাহক') নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ ৫০ গৰাকী নেৰেইডৰ ভিতৰত অন্যতম, সাগৰীয় নিম্ফ কন্যা। ষ্টেটিয়াছৰ ছিলভাইত তেওঁৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে।
-
ঢেকীয়াখোৱা বৰনামঘৰ
ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। ভাদ মাহৰ অখণ্ড নাম-কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায়।
-
তৰ্ক (তৰ্কশাস্ত্ৰ)
তৰ্কশাস্ত্ৰ আৰু দৰ্শণত তৰ্কৰ প্ৰয়োগৰ দ্বাৰা কোনো প্ৰতিপক্ষক কোনো এক নিদিষ্ট সিদ্ধান্ত সত্য-সিদ্ধ-প্ৰমাণিত বুলি যুক্তি সহকাৰে গ্ৰহণ কৰোৱাই কিহবাৰ ওপৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰিব পাৰি।
-
দেৱৱতী
দেৱৱতী (Devavati) গ্ৰামণী নামৰ এগৰাকী গন্ধৰ্বৰ জীয়ৰী আছিল৷ উল্লেখ আছে যে- তেওঁ দেখাত সাক্ষাৎ লক্ষ্মীদেৱীৰ দৰে আছিল৷ তেওঁৰ পতি সুকেশ আছিল ৰাৱণৰ মাকৰ পিতামহ৷ যাক ভগৱান শিৱ আৰু পাৰ্বতীয়ে লালন-পালন কৰিছিল৷ তেওঁৰ পুত্ৰ সুমালী আৰু কেতুমতীৰ কন্যা কৈকেষীৰ ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ…
-
নহুষ
নহুষ (Nahusha, नहुष) ৩,৬৯৮,২৫৬ তম (পদত) চন্দ্ৰ বংশী ৰজা আছিল। তেওঁ পুৰূৰৱাৰ জ্যেষ্ঠ পুত্ৰ আয়ু আৰু স্বৰভানুৰ জীয়ৰী প্ৰভাৰ পুত্ৰ আছিল। নহুষৰ বিষয়ে ঋষবেদৰ মান্দালয় ১-ৰ আৰম্ভণিত উল্লেখ কৰা হয়। তেওঁ প্ৰতিষ্ঠানা (Pratishthana) -ৰ পৰা ৰাজত্ব কৰিছিল।
-
নেছাইয়া
নেছাইয়া (প্ৰাচীন গ্ৰীক: Νησαίη, ইংৰাজী: Nesaea, Nesaia বা Nisaea; আক্ষৰিক অৰ্থ: 'দ্বীপত বাস কৰা') গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা। তেওঁক দ্বীপৰ “বগা” নেৰেইড বুলি কোৱা হয়৷
-
নৰান্তক-দেৱান্তক
নৰান্তক ( नरान्तक, অৰ্থাৎ নৰৰ অন্তকাৰী) আৰু দেৱান্তক ( देवान्तक, বা দেৱতাৰ অন্তকাৰী) হৈছে দুজন ৰাক্ষস আৰু ৰাৱণ পুত্ৰ। বিভিন্ন হিন্দু কিংবদন্তীত এই দুই দৈত্যৰ উল্লেখ পোৱা যায়। অতিকায় সহ, এওঁলোকক ৰাৱণে পুত্ৰ হিচাপে ধন্যমালিনীৰ গৰ্ভত সৃষ্টি কৰিছিল।
-
ফতোয়া
ফতোয়া বা ফাতওয়া (একবচনত "ফাতাওয়া" আৰবী: فتوى) আৰু বহুবচনত “ফাতাবী” (আৰবী:ﻓﺘﺎﻭﻯ) হ'ল বিধান আৰু সমাধান, যিটো কোনো ঘটনা বা অৱস্থাৰ প্ৰক্ষিতত ইছলামী শ্বৰীয়তৰ প্ৰমাণৰ আলোকত মুফতিয়ে বা ইছলামী আইন-বিশেষজ্ঞই প্ৰদান কৰি থাক।
-
বৈশম্পায়ন
বৈশম্পায়ন হৈছে কৃষ্ণ দ্বৈপায়ন বেদব্যাস বা ব্যাসদেৱৰ শিষ্য। ব্যাসদেৱৰ পাঁচ শিষ্যৰ ভিতৰত বৈশম্পায়ন আছিল অন্যতম। বৈশম্পায়নে ভাৰতাক্ষ্য নামে মহাভাৰতৰ প্ৰথম স্তৰৰ মূল জয়াক্ষ্য কাব্যখন অৰ্জুনৰ পৰিনাতি ৰজা জন্মেজয় পৰীক্ষিতৰ সৰ্পযজ্ঞত আবৃত্তি কৰি শুনায়।
-
ভ্ৰম
ভ্ৰম (Illusion) হৈছে এটাক আন এটা বুলি কৰা বোধ। ভ্ৰম এটি বিকৃতি, যি মানৱ মস্তিষ্কক সাধাৰণতে সংবেদনশীল উদ্দীপনা, সংগঠিত আৰু ব্যাখ্যা কৰি প্ৰকাশ কৰিব পাৰে। ভ্ৰমে আমাৰ বাস্তৱতাৰ উপলব্ধিক বিকৃত কৰে যদিও সাধাৰণতে সেইবোৰ প্ৰায়ভাগ লোকৰ দ্বাৰাই হয়।
-
শূৰসেন
শূৰসেন বা শূৰসেনী মথুৰা বা সুৰসেনা মহাজনপদৰ শাসক আছিল। তেওঁৰ বিবাহ হৈছিল মাৰিছা নামৰ এগৰাকী নাগ কুলৰ মহিলাৰ সৈতে। তেওঁ তেওঁৰ সকলো সন্তান জন্ম দিছিল আৰু ভীমৰ প্ৰতি বাসুকীৰ আশীৰ্বাদৰ কাৰণ আছিল। তেওঁক সেই ৰজা বুলি কোৱা হৈছে যাৰ নামেৰে সুৰসেন ৰাজ্যৰ নামকৰণ আৰু প্ৰতিষ্ঠা কৰা হৈছিল।
-
শ্ৰুতকীৰ্তি
শ্ৰুতকীৰ্তি হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা ৰামৰ সৰু ভায়েক শত্ৰুঘ্নৰ পত্নী আছিল। শ্ৰুতকীৰ্তি আছিল সংকস্যৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ সৰু জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। শ্ৰুতকীৰ্তিৰ মাণ্ডবী নামৰ এগৰাকী ডাঙৰ ভগ্নী আছিল।
-
সুবাহু
সুবাহু (सुबाहु, சுபாகு ) ৰামায়ণত বৰ্ণিত এটা ৰাক্ষস চৰিত্ৰ আছিল। তেওঁ আৰু তেওঁৰ মাক তাড়কাই জংঘলৰ মুনিসকলক, বিশেষকৈ বিশ্বামিত্ৰৰ যজ্ঞ স্থলীত, মাংস আৰু তেজ ছটিয়াই তেওঁলোকৰ যজ্ঞত ব্যাঘাত জন্মাই হাৰাশাস্তি কৰাত অপৰিসীম আনন্দ লাভ কৰিছিল।