হিন্দু কিংবদন্তি
১০৬ প্ৰবন্ধ
-
অসুৰ
অসুৰ (Asura) হৈছে ভাৰতীয় মূলৰ কিংবদন্তিসমূহত বৰ্ণিত একপ্ৰকাৰৰ জীৱ। হিন্দুধৰ্মৰ ৰচনাৱলীত তেওঁলোকক দেৱতাসকলৰ সৈতে সম্পৰ্কিত কিন্তু এক ক্ষমতালোভী জাতি হিচাপে বৰ্ণনা কৰা হৈছে। বৌদ্ধধৰ্মৰ সাহিত্যত অসুৰ শব্দটো টাইটানসকলক বা অৰ্ধদেৱতাসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
-
ৰাক্ষস
ৰাক্ষস হিন্দু বিশ্বাসৰ মতে এক দানৱীয় প্ৰাণী। ৰাক্ষসসকলে পিছলৈ বৌদ্ধ বিশ্বাসতো স্থান পালে। ৰাক্ষসসকলে মানুহ ভক্ষণ কৰাৰ কথাও কোৱা হয়। স্ত্ৰী ৰাক্ষসক ৰাক্ষসী বোলা হয় আৰু মানৱ ৰূপ ধৰা ৰাক্ষসীক মনুষ্য-ৰাক্ষসী। কেতিয়াবা অসুৰ আৰু ৰাক্ষস একে বুলি কোৱা হয়।
-
দেৱতা (হিন্দু ধৰ্ম)
হিন্দু ধৰ্মত দেৱতা বা দেৱ (Deva; देव) হৈছে দিব্য শৰীৰধাৰী একপ্ৰকাৰৰ উন্নতলোকৰ জীৱ। দেৱতা পুংলিংগবাচক শব্দ। ইয়াৰ স্ত্ৰীলিংগ ৰূপ হৈছে দেৱী। প্ৰাচীনতম বৈদিক সাহিত্যত সকলো আতিভৌতিক জীৱকে দেৱতা আৰু অসুৰ আখ্যা দিয়া হৈছিল।
-
গৰুড়
গৰুড় (गरुड ) হৈছে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মবিশ্বাসৰ এক কিংবদন্তিমূলক জীৱ। গৰুড়ক মান ভাষাত গেলন বা নান বেলু আৰু জাপানী ভাষাত কাৰুৰা বোলা হয়। তেওঁ হৈছে হিন্দুসকলৰ দেৱতা বিষ্ণুৰ বাহন, বৌদ্ধসকলৰ এজন ধৰ্মৰক্ষক তথা অষ্টসেন আৰু জৈনসকলৰ তীৰ্থংকৰ শান্তিনাথৰ যক্ষ।
-
পৰশুৰাম
পৰশুৰাম (परशुराम) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁক ৰাম জমদগ্ন্য, ৰাম ভাৰ্গৱ বা বীৰৰাম নামেৰেও জনা যায়। তেওঁক কলি যুগৰ অন্তত বিষ্ণুৰ দশম অৱতাৰ অৰ্থাৎ কল্কিৰ গুৰুৰূপে আৱিৰ্ভাৱ ঘটিব লগা চিৰঞ্জীৱিসকলৰ এজন বুলি ধৰা হয়।
-
অপ্সৰা
অপ্সৰা (अप्सरा) হৈছে হিন্দু আৰু বৌদ্ধধৰ্মৰ আখ্যানসমূহত উল্লিখিত ডাৱৰ আৰু জলধাৰাৰ একপ্ৰকাৰৰ অৰ্ধদৈৱিক নাৰী। দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ বিভিন্ন স্থাপত্য, নৃত্য আৰু চিত্ৰশিল্পত অপ্সৰাৰ উপস্থিতি দেখা যায়। অপ্সৰা দুই প্ৰকাৰৰ: লৌকিকা (পাৰ্থিৱ) আৰু দৈৱিকা (দৈৱিক)।
-
বাণাসুৰ
বাণ (বা বাণাসুৰ) হিন্দু কিংবদন্তি মতে এজন সহস্ৰ বাহু থকা অসুৰ ৰজা আৰু বলিৰ পুত্ৰ। শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ)ক ৰাজধানী কৰি বাণাসুৰে মধ্য অসমত ৰাজত্ব কৰিছিল বুলি বিশ্বাস কৰা হয়। পুৰাণিক কাহিনী অনুসৰি বাণাসুৰ এজন কিৰাট ৰজা আছিল।
-
সমুদ্ৰ মন্থন
সমুদ্ৰ মন্থন বা সাগৰ মন্থন বা ক্ষীৰসাগৰ মন্থন (समुद्रमन्थन, Samudra Manthana) হিন্দু ধৰ্মৰ বহুলভাৱে জনাজাত কিংবদন্তিসমূহৰ অন্যতম। সমুদ্ৰ মন্থনৰ বিষয়ে ভাগৱত পুৰাণ, মহাভাৰত আৰু বিষ্ণু পুৰাণত বিস্তৃত বৰ্ণনা পোৱা যায়। দেৱতা আৰু অসুৰসকলে মিলি বিষ্ণুৰ সহযোগত ক্ষীৰ সাগৰ মন্থন কৰে।
-
শেষনাগ
শেষনাগ বা অনন্ত শেষ বা আদিশেষ হৈছে সকলো নাগৰে ৰজা আৰু সৃষ্টিৰ আদি জীৱসমূহৰ অন্যতম। পুৰণসমূহৰ বৰ্ণনা অনুসৰি শেষনাগে তেওঁৰ ফণাসমূহত ব্ৰহ্মাণ্ডৰ গ্ৰহসমূহ ধাৰণ কৰে আৰু অবিৰাম বিষ্ণুৰ মাহাত্ম্যৰ গীত গায়। কোৱা হয় যে শেষনাগে কুণ্ডলী পকালে সময়ে গতি লাভ কৰে, ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু আৰু ধ্বংস হয়।
-
প্ৰহ্লাদ
প্ৰহ্লাদ (प्रह्लाद) আছিল এজন ৰজা। তেওঁ হিৰণ্যকশিপু আৰু তেওঁৰ পত্নী কয়াধুৰ পুত্ৰ, আৰু বিৰোচনৰ পিতৃ আছিল। তেওঁ ঋষি কাশ্যপৰ উত্তৰসুৰী আছিল আৰু সেয়েই কাশ্যপ গোত্ৰৰ লোক। ভগৱান বিষ্ণুৰ প্ৰতি থকা আনুগত্য আৰু অচলা ভক্তিৰ কাৰণে পুৰাণসমূহত তেওঁ এগৰাকী সাধুসুলভ শুদ্ধচৰিত্ৰৰ বিষ্ণুভক্তৰূপে বৰ্ণিত হৈছে।
-
ঊষা
ঊষা (Usha) হৈছে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী, চিত্ৰলেখাৰ সখী ঊষা আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ)-ৰ ৰজা বাণাসুৰৰ জীয়েক।
-
মাতৃকা
মাতৃকা (मातृका) অৰ্থাৎ দৈৱিক মাতৃসকল হৈছে কেইবাগৰাকী মাতৃৰূপী দেৱী আৰু হিন্দু ধৰ্মত তেওঁলোকক সদায়েই একেলগে উপস্থাপন কৰা হয়। তেওঁলোক আদি পৰাশক্তিৰে বিভিন্ন স্বৰূপ। তেওঁলোক হৈছে দেৱতাসকলৰ শক্তিৰ বিমূৰ্ত ৰূপ। ব্ৰহ্মাণীৰ উৎপত্তি ব্ৰহ্মাৰ পৰা। একেদৰে বৈষ্ণৱী বিষ্ণুৰ পৰা।
-
অনিৰুদ্ধ
অনিৰুদ্ধ (Aniruddha বা Aniruddh) হ’ল শ্ৰীকৃষ্ণৰ নাতি আৰু প্ৰদ্যুম্নৰ পুত্ৰ; বাণ ৰজাৰ জীয়াৰী ঊষাৰ স্বামী। অনিৰুদ্ধৰ অৰ্থ হ’ল বাধাহীন, ৰোধহীন, অবাধ।
-
কুৰুক্ষেত্ৰ যুদ্ধ
কুৰুক্ষেত্ৰ যুদ্ধ (সংস্কৃত: कुरुक्षेत्र युद्ध), মহাভাৰত যুদ্ধ বুলিও কোৱা হয়। হিন্দু মহাকাব্য মহাভাৰতৰ বৰ্ণনা কৰা অনুসৰি হস্তিনাপুৰৰ সিংহাসনৰ বাবে কৌৰৱ আৰু পাণ্ডৱ ভাতৃসকলৰ বংশগত সংগ্ৰামৰ পৰা উদ্ভৱ হোৱা এখন যুদ্ধ। ভগৱৎ গীতাৰ বাণীসমূহৰ প্ৰসংগ হিচাপে এই যুদ্ধখন ব্যৱহাৰ কৰা হয়।
-
শীতলা
শীতলা বা আই (Shitala) এগৰাকী হিন্দু দেৱী। তেওঁ ঘাঁ, ফুচুৰী, বসন্ত ৰোগ, পিশাচ আৰু ৰোগৰ অধিষ্ঠাত্ৰী দেৱী। ভাৰতীয় উপমহাদেশত শীতলাক বহুলভাৱে উপাসনা কৰা হয়। তেওঁ দেৱী দুৰ্গাৰ অৱতাৰ আৰু আই ৰোগ আৰোগ্য কৰে বুলি বিশ্বাস কৰা হয়। হোলীৰ অষ্টম দিনা শীতলা অষ্টমীৰ দিনা তেওঁৰ পূজা কৰা হয়।
-
পুলস্ত্য
পৌৰাণিক হিন্দু কাহিনী অনুসৰি পুলস্ত্য (पुलस्त्य; Pulastya) আছিল ব্ৰহ্মাৰ দশ মানস পুত্ৰ তথা দশ প্ৰজাপতিৰ এজন আৰু তেওঁ আছিল এজন সপ্তৰ্ষিৰ (সাতজন মহা ঋষি) প্ৰথম মানৱতাৰ। মহাভাৰতৰ অনুসৰি, ৰাক্ষসকুল আৰু কিন্নৰকুল উভয়ে আছিল মুনি পুলস্ত্যৰ সন্তান।
-
মহিষাসুৰ
মহিষাসুৰ ( महिषासुर, ) হিন্দু ধৰ্মৰ এটা ম'হ অসুৰ। হিন্দু সাহিত্যত তেওঁক আকৃতি সলনি কৰি নিজৰ অশুভ পথ অনুসৰণ কৰা প্ৰতাৰক অসুৰ হিচাপে চিত্ৰিত কৰা হৈছে। মহিষাসুৰ আছিল অসুৰ ৰম্ভ আৰু মহিষী নামৰ এগৰাকী মাইকী ম'হৰ পুত্ৰ।
-
কদ্ৰু
হিন্দু শাস্ত্ৰমতে, কদ্ৰু (সংস্কৃত: कद्रु) আছিল প্ৰজাপতি দক্ষৰ বাৰজনী কন্যাৰ অন্যতম। ঋষি কাশ্যপে দক্ষৰ অন্য এঘাৰজনী কন্যাসহ কদ্ৰুক বিয়া কৰাইছিল। ঋষি কাশ্যপ আছিল ব্ৰহ্মাৰ মানসপুত্ৰ মাৰিচীৰ পুত্ৰ। কদ্ৰু এহেজাৰ নাগৰ মাতৃ আছিল।
-
কামধেনু
কামধেনু (कामधेनु) বা সুৰভি (सुरभि) হৈছে এক দৈৱিক গো-দেৱী আৰু হিন্দু ধৰ্মত তেওঁক গো-মাতা বা সকলো গৰুৰ মাতৃ হিচাপে বৰ্ণনা কৰা হয়। কামধেনু "প্ৰাচুৰ্যৰ গাই" হিচাপে পৰিচিত যি নিজৰ গৰাকীয়ে কামনা কৰা সকলো সামগ্ৰী প্ৰদান কৰে। কামধেনুক প্ৰায়ে বাকী পোহনীয়া জীৱ-জন্তুৰো মাতৃ হিচাপে চিত্ৰায়িত কৰা হয়।
-
মোহিনী
মোহিনী (मोहिनी) এগৰাকী হিন্দু দেৱী। তেওঁ হিন্দু দেৱতা, ত্ৰিমূৰ্তিৰ অন্যতম বিষ্ণুৰ একমাত্ৰ নাৰী অৱতাৰ। তেওঁক ফেম ফেটাল (ছলনাময়ী নাৰী) হিচাপে চিত্ৰিত কৰা হৈছে যি নিজৰ কমনীয়তাৰে প্ৰেমিকসকলক উন্মত্ত কৰে আৰু কেতিয়াবা তেওঁলোকক তেওঁলোকৰ ধ্বংসৰ গৰাহলৈ লৈ যায়।
-
কংস
কংস হিন্দু পুৰাণৰ এটা উল্লেখযোগ্য চৰিত্ৰ। তেওঁ মথুৰাৰ ৰজা আছিল আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাতুল (মামা) আছিল। কংসক হিন্দু শাস্ত্ৰত এজন অত্যাচাৰী শাসক হিচাপে চিত্ৰিত কৰা হৈছে যিয়ে দৈৱকী আৰু বাসুদেৱৰ সন্তানসকলক হত্যা কৰিবলৈ চেষ্টা কৰিছিল কাৰণ এটা ভৱিষ্যদ্বাণী অনুসৰি তেওঁলোকৰ অষ্টম সন্তানে তেওঁক বধ কৰিব…
-
ক্ষীৰ সাগৰ
হিন্দু ধৰ্মৰ ব্ৰহ্মাণ্ডৰ তত্ত্ব অনুযায়ী ক্ষীৰ সাগৰ (क्षीर सागर) হৈছে পৃথিৱীত থকা সাতখন সাগৰৰ পঞ্চমখন সাগৰ। ই ক্ৰৌঞ্চ নামৰ মহাদ্বীপটোক আগুৰি আছে। হিন্দু ধৰ্মৰ সাহিত্যসমূহত এই কথা উল্লেখ আছে যে দেৱতা আৰু অসুৰসকলে অমৃত আহৰণ কৰিবলৈ সহস্ৰ বছৰ ধৰি ক্ষীৰ সাগৰ মন্থন কৰিছিল।
-
দনু
হিন্দু কিংবদন্তি মতে দনু (সংস্কৃত: दनु) হৈছে দানৱসকলৰ মাতৃ। ঋকবেদতো দনু নামৰ এগৰাকী হিন্দু প্ৰাথমিক দেৱীৰ কথা উল্লেখ কৰা হৈছে। ঋকবেদত দনুক ইন্দ্ৰ বধ কৰা বৃত্ৰ নামৰ এটা পৈশাচিক সৰ্পৰ মাতৃ বুলি কোৱা হৈছে।
-
দিতি
দিতি (সংস্কৃত: दिति) আছিল ঋষি কাশ্যপৰ পত্নী, প্ৰজাপতি দক্ষৰ জীয়াৰী আৰু দৈত্যগণৰ মাতৃ। ইন্দ্ৰৰ নেতৃত্বত অদিতিৰ পুত্ৰ দেৱতাসকলে দৈত্যবোৰ ধ্বংস কৰিছিল। তেতিয়া দিতিয়ে ইন্দ্ৰক বধ কৰিবলৈ পুত্ৰৰ কামনা কৰিছিল। কিন্তু ইন্দ্ৰই চতুৰতাৰে শিশুটোক গৰ্ভতে কাটি টুকুৰা কৰি পেলাইছিল।
-
নৱগ্ৰহ
নৱগ্ৰহ হৈছে আকাশ মাৰ্গৰ নটা অৱয়ব (অথৱা স্বৰ্গীয় দেৱতা)। হিন্দু ধৰ্মৰ হিন্দু জ্যোতিৰ্বিদ্যা অনুসৰি এই নটা অৱয়বে পৃথিৱীত মানৱ জীৱনৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ বিস্তাৰ কৰে। এই অভিধাটো "নৱ" অৰ্থাৎ "ন"(৯,नव) আৰু "গ্ৰহ" (ग्रह অৰ্থাৎ সৌৰজগতৰ নিজা তাপ আৰু পোহৰ নথকা পদাৰ্থপিণ্ড বা গ্ৰহ।
-
বাহন
বাহন (वाहन) হৈছে একপ্ৰকাৰৰ জান্তৱ আৰোহণ যাৰ আক্ষৰিক অৰ্থ হৈছে যি কঢ়িয়াই নিয়ে। ই এনে কিছু দৈৱিক জীৱ বা জন্তুক সূচায় যাৰ ওপৰত হিন্দু দেৱ-দেৱীসকলে আৰোহণ কৰে। দেৱ-দেৱীসকলক প্ৰায়েই তেওঁলোকৰ নিজা বাহনসমূহত আৰোহিত অৱস্থাত চিত্ৰিত কৰা হয়। কেতিয়াবা বাহনসমূহ দেৱ-দেৱীসকলৰ কাষত থিয় দি থাকে।
-
বেউলা
বেউলা বা বেহুলা (Beula or Behula) প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগলৰ প্ৰধান চৰিত্ৰ, শিৱ পুৰাণ আদিৰ চান্দ সদাগৰৰ অন্যতম পুত্ৰ লখিন্দৰৰ পত্নী।
-
শচী
শচী (शची) বা ইন্দ্ৰাণী হৈছে হিন্দুসকলৰ সৌন্দৰ্যৰ দেৱী। তেওঁ ঐন্দ্ৰিলা, মাহেন্দ্ৰী, পুলমাজা আৰু পৌলমী নামেৰেও জনাজাত। তেওঁক সকলোৱে অন্তৰংগভাৱে পাবলৈ বিচৰাৰ বাবে ইৰ্ষাভাৱৰ উৎস হিচাপেও শচীৰ নাম লোৱা হয়। তেওঁ দেৱতাৰ ৰাণী আৰু দেৱৰাজ ইন্দ্ৰৰ সহধৰ্মিণী।
-
ত্ৰিশূল
ত্ৰিশূল মানে তিনি শূল, এক ঐশ্বৰিক প্ৰতীক, সাধাৰণতে হিন্দু ধৰ্মৰ অন্যতম প্ৰধান প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। ই শিৱ দেৱতাৰ সৈতে বেছিকৈ জড়িত আৰু তেওঁৰ চিত্ৰত ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়।
-
অমৃত
অমৃত (সংস্কৃত: अमृत, ইংৰাজী: Amrita) এটা সংস্কৃতমূলৰ শব্দ যাৰ অৰ্থ হৈছে "অমৰত্ব"। ভাৰতীয় ধৰ্মৰ ভিতৰত ই এক কেন্দ্ৰীয় ধাৰণা আৰু প্ৰাচীন ভাৰতীয় গ্ৰন্থত ইয়াক প্ৰায়ে সুধা বুলি কোৱা হয়।