কিংবদন্তি
৬৭ প্ৰবন্ধ
-
অডিন
অডিন (ইংৰাজী: Odin; উচ্চাৰণ: ) জাৰ্মান পৌত্তলিক ধৰ্মত (মূৰ্তি পূজা কৰা প্ৰথা) বৰ্ণনা কৰা এজন বহু পূজনীয় দেৱতা। নৰ্ছ পৌৰাণিক কাহিনীত বৰ্ণনা কৰা মতে তেওঁক প্ৰজ্ঞা, নিৰাময়, মৃত্যু, ৰাজকীয়, শাস্তি, জ্ঞান, যুদ্ধ, সংঘৰ্ষ, বিজয়, যাদু, কবিতা, উন্মাদনা আৰু ৰুনিক বৰ্ণমালাৰ সৈতে জড়িত কৰে।
-
কিংবদন্তি
কিংবদন্তি হৈছে লোককথাৰ এনে এক ধাৰা যিটো মানৱ ইতিহাসত সংঘটিত হোৱা বুলি কথক বা শ্ৰোতা উভয়ে বিশ্বাস কৰা বা অনুভৱ কৰা মানুহৰ কাৰ্য্যক চিত্ৰিত কৰা আখ্যানৰে গঠিত। এই ধাৰাটোৰ আখ্যানে মানৱীয় মূল্যবোধ প্ৰদৰ্শন কৰিব পাৰে, আৰু কিছুমান গুণৰ অধিকাৰী হ'ব পাৰে যিয়ে কাহিনীটোক সত্যতা প্ৰদান কৰে।
-
পাতাল
পাতাল (সংস্কৃত: पाताल; আক্ষৰিক অৰ্থ: ভৰিৰ তলত থকা) ভাৰতীয় ধৰ্ম অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ ভূগৰ্ভস্থ ৰাজ্যসমূহক বুজায়৷ পাতাল পাৰ্থিৱ মাত্ৰাৰ তলত অৱস্থিত। পাতালক প্ৰায়ে ইংৰাজীত আন্দাৰৱৰ্ল্ড (underworld) বা নেডাৰৱৰ্ল্ড (netherworld) বুলি অনুবাদ কৰা হয়।
-
ল’কি
ল’কি বা লোকি (ইংৰাজী: Loki) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তৰ্গত এজন দেৱতা। ল’কি ফাৰ্বাউটি (Fárbauti) আৰু লাওফেই (Laufey)ৰ পুত্ৰ আৰু হেলব্লিণ্ডি (Helblindi) আৰু বাইলেইষ্ট্ৰ (Býleistr)ৰ ভাতৃ।
-
নাগ পঞ্চমী
নাগপঞ্চমী হৈছে হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ। এই দিনটোত হিন্দু লোক সকলে সাপৰ পূজা কৰে। ভাৰত, নেপাল তথা অন্যান্য অঞ্চলৰ হিন্দু লোক সকলে এই উৎসৱ পালন কৰি আহিছে। হিন্দু পঞ্জিকা অনুসৰি চন্দ্ৰ মাহৰ উজ্জ্বল অৰ্ধেক দিন (জুলাই/আগষ্ট)ত এই পূজা কৰা হয়।
-
ভগীৰথ
ভগীৰথ (সংস্কৃত: भगीरथ) হিন্দু সাহিত্যৰ ইক্ষ্বাকু বংশৰ এজন কিংবদন্তিমূলক ৰজা। হিন্দু দেৱী গংগাক পবিত্ৰ গঙ্গা নদীৰ ৰূপত স্বৰ্গৰ পৰা তপস্যা কৰি পৃথিৱীলৈ নমাই অনাৰ কিংবদন্তিৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
নূৰী জাম তামাচী
নূৰী জাম তামাচি ( Noori Jam Tamachi) ১৫ শতিকাৰ সিন্ধী লোককথাৰ এক লোককথা। শ্বাহ জো ৰিছালোত প্ৰকাশ পোৱা এই কাহিনীটো পাকিস্তানৰ সিন্ধৰ সাতটা জনপ্ৰিয় ট্ৰেজিক ৰোমাঞ্চৰ অংশ। আন ছয়খন কাহিনী হ’ল উমৰ মাৰভি, ছাছুই পুন্নহুন, চোনী মহিৱাল, লিলান চানেছাৰ, সোৰথ ৰায় দিয়াচ আৰু মোমল ৰাণো।
-
সাবিত্ৰী – এক প্ৰেম কাহানী
সাবিত্ৰী হৈছে ভাৰতীয় কাল্পনিক নাটকৰ দূৰদৰ্শন ধাৰাবাহিক৷ এই ধাৰাবাহিকখন ২০১৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ চনৰ ৪ অক্টোবৰলৈকে লাইফ অ'কেত প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ প্ৰাৰম্ভিক সহ-প্ৰযোজক আছিল ফিল্ম ফাৰ্ম ইণ্ডিয়া, কিন্তু ধাৰাবাহিকখন সম্প্ৰচাৰিত হোৱাৰ আগতেই প্ৰযোজনা ফ্লাইং টাৰ্টেলছলৈ সলনি কৰা হয়৷ এই…
-
কলি (অসুৰ)
কলি (দেৱনাগৰী: कलि) হৈছে হিন্দু ধৰ্মীয় পৌৰাণিক কাহিনীত বৰ্ণিত এজন অসুৰ। তেওঁ কলিযুগত ৰাজত্ব কৰে আৰু হিন্দু পালনকাৰী দেৱতা বিষ্ণুৰ দশম তথা অন্তিম অৱতাৰ কল্কিৰ প্ৰতিনিধি হিচাপে কাম কৰে।
-
ঠাকুৰমাৰ ঝুলী
ঠাকুৰমাৰ ঝুলী (ইংৰাজী: Thakurmar Jhuli; অৰ্থ: আইতাৰ টোপোলা [সাধুকথাৰ]) বাংলা লোককথা আৰু সাধুকথাৰ সংকলন। লেখক দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰে বাংলা ভাষাৰ কিছুমান লোককথা সংগ্ৰহ কৰি "ঠাকুৰমাৰ ঝুলী" নামেৰে ১৯০৭ চনত কিতাপ হিচাপে প্ৰকাশ কৰে। নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে এই সংকলনখনৰ প্ৰস্তাৱনা লিখিছিল।
-
প্ৰভাতৰ দেৱতা
প্ৰভাতৰ দেৱতা (ইংৰাজী: dawn god) বা দেৱী (goddess) হৈছে বহুদেৱতাবাদী ধৰ্মীয় পৰম্পৰাত কোনোবা নহয় কোনোবা অৰ্থত দোকমোকালি বা পুৱা লগত জড়িত দেৱ/দেৱী। এই দেৱতাসকলে ৰাতিপুৱাৰ বা দিনটোৰ আৰম্ভণিৰ সৈতে কিছু সম্পৰ্ক দেখুৱায় আৰু কিছুমান ক্ষেত্ৰত একেধৰণৰ সৌৰ দেৱতাৰ সৈতে সংযুক্ত হৈ পৰে।
-
হাউছছ
হাউছছ (ইংৰাজী: *H₂éwsōs বা *Haéusōs; আক্ষৰিক অৰ্থ: 'দোকমোকালি') প্ৰাক-ইণ্ডো-ইউৰোপীয় পৌৰাণিক কাহিনীত দোকমোকালিক প্ৰতিনিধিত্ব কৰা দেৱীৰ পুনৰ্গঠিত প্ৰাক-ইণ্ডো-ইউৰোপীয় নাম।
-
গুংনিৰ
গুংনিৰ (ইংৰাজী: Gungnir; উচ্চাৰণ: ) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ দেৱতা অডিনে ধাৰণ কৰা এবিধ শূল সদৃশ অস্ত্ৰ। আক্ৰমণকাৰীৰ দক্ষতা নিৰ্বিশেষে আক্ৰমণকাৰীৰ নৰ্ধাৰিত লক্ষ্যত সদায় আঘাত কৰাৰ বাবে জনাজাত।
-
প্ৰেতনী
প্ৰেতনী বা চুড়ে'ল (হিন্দী: चुडे़ल, উৰ্দু: چڑیل) হৈছে নাৰীৰ সৈতে মিল থকা এক প্ৰকাৰৰ পৌৰাণিক বা কিংবদন্তিমূলক জীৱ। ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তানকে আদি কৰি দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত প্ৰেতনীৰ কাহিনী বেছ জনপ্ৰিয়। প্ৰেতনীক সাধাৰণতে "অপবিত্ৰ জীৱৰ ভূত" বুলি গণ্য কৰা হয়।
-
বেন (হিন্দু ৰজা)
বেন (সংস্কৃত: वेन; আক্ষৰিক অৰ্থ. 'যন্ত্ৰণাদায়ক') হৈছে দুষ্টতা আৰু অপশাসনৰ বাবে কুখ্যাত এজন হিন্দু ধৰ্মৰ পৌৰাণিক ৰজা। তেওঁ আছিল প্ৰথম মনুৰ বংশধৰ। তেওঁ ৰাজপাটত বহাৰ লগে লগে তেওঁৰ ৰাজ্যত সকলো পূজা, অৰ্চনা আৰু বলিদান নিষিদ্ধ কৰি দিছিল।
-
মেনকা
মেনকা ( Menaka) হিন্দু পৌৰাণিক কাহিনীৰ এটা অপ্সৰা (স্বৰ্গীয় অপেশ্বৰী)।
-
শৰ্মিষ্ঠা
শৰ্মিষ্ঠা (সংস্কৃত: शर्मिष्ठा, ৰোমানীকৃত: Śarmiṣṭhā) হৈছে হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত এগৰাকী ৰাজকুমাৰী। শৰ্মিষ্ঠাক দৈত্য ৰজা বৃষপৰ্বৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে। তেওঁ যযাতিৰ দ্বিতীয় পত্নী হোৱা বাবে তেওঁ পাণ্ডৱ আৰু কৌৰৱসকলৰ পূৰ্বপুৰুষ হয়।
-
সুকন্যা
সুকন্যা (সংস্কৃত: सुकन्या, ৰোমানীকৃত: Sukanyā, আক্ষৰিক অৰ্থ: 'সুন্দৰ ছোৱালী শিশু') হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত এগৰাকী ৰাজকুমাৰী। সুকন্যা বৈৱস্বত মনুৰ পুত্ৰ শৰ্যাতীৰ কন্যা আৰু চ্যৱন ঋষিৰ পত্নী।
-
অশ্ৰিন
অশ্ৰিন (ইংৰাজী: Aušrinė) লিথুৱেনিয়াৰ পৌৰাণিক কাহিনীত পুৱতি তৰাক (শুক্ৰ) প্ৰতিনিধিত্ব কৰা দেৱী। তেওঁ সন্ধ্যা তৰা "ভাকাৰিনে"ৰ (Vakarinė) প্ৰতিদেৱী। তেওঁৰ পূজা সম্ভৱতঃ ভাৰত-ইউৰোপীয় প্ৰভাতৰ দেৱী হাউছছৰ পৰাই উদ্ভৱ হৈছে আৰু লাটভিয়াৰ অছেকলিছ, গ্ৰীক ইঅ'ছ, ৰোমান অৰোৰা আৰু বৈদিক ঊষাৰ সৈতে সম্পৰ্কিত।
-
খুন চেং খুন ফায়েন
খুন চেং খুন ফায়েন (থাই: ขุนช้างขุนแผน) থাই লোককথাৰ এটা কিংবদন্তিৰ আধাৰত ৰচিত এখন মহাকাব্য৷ এয়া থাই সাহিত্যৰ এক অন্যতম উল্লেখযোগ্য ৰচনা। সামগ্ৰিক ৰচনাখনত প্ৰায় ২০ হাজাৰৰো অধিক স্তৱক আছে।
-
চন্দ্ৰ দেৱতা
চন্দ্ৰ দেৱতা (ইংৰাজী: lunar deity বা moon deity) চন্দ্ৰ বা ইয়াৰ এটা দিশক প্ৰতিনিধিত্ব কৰা দেৱতা অথবা দেৱী। সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি এই দেৱতাসকলৰ কৰ্ম আৰু পৰম্পৰা ভিন্ন হ’ব পাৰে যদিও এওঁলোক প্ৰায়ে সম্পৰ্কীয়। লিপিবদ্ধ ইতিহাসৰ বেছিভাগতে বিভিন্ন ৰূপত চন্দ্ৰ দেৱতা আৰু চন্দ্ৰ পূজা দেখা পোৱা যায়।
-
নাগমতী
কিংবদন্তি অনুসৰি নাগমতী আছিল মেদাপাটাৰ (বৰ্তমানৰ মেৱাৰ) ৰাজপুত শাসক ৰজা ৰতন সেনৰ (ৰত্নসিংহৰ সৈতে চিনাক্ত) প্ৰথম পত্নী আৰু মুখ্য ৰাণী৷ মালিক মহম্মদ জায়চীৰ মহাকাব্য পদ্মাৱতত নাগমতীৰ চৰিত্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
-
ফিচুইয়া সমুত
ফিচুইয়া সমুত, নাং ফিচুইয়া সমুদ্ৰা (থাই: นางผีเสื้อสมุทร) বুলিও কোৱা হয়, ফ্ৰা আফাই মণি (Phra Aphai Mani) নামৰ ছানথৰ্ন ফুৰ (Sunthorn Phu) মহাকাব্যত বৰ্ণিত এগৰাকী সাগৰীয় অগ্ৰেছ (ৰাক্ষসী) আৰু কাব্যখনৰ মূল নাৰী চৰিত্ৰ। এই গ্ৰন্থখনক থাইলেণ্ডৰ অন্যতম জাতীয় মহাকাব্য বুলি গণ্য কৰা হয়।
-
ফ্ৰা আফাই মণি
ফ্ৰা আফাই মণি (ইংৰাজী: Phra Aphai Mani) থাই কবি ছানথৰ্ন ফুৰ (থাই: สุนทรภู่) দ্বাৰা ৰচিত ৪৮,৭০০ শাৰীৰ এটা মহাকাব্যিক কবিতা৷ ছানথৰ্ন ফুক "ৰত্তানাকোচিন কবি" (থাই: กวีเอกแห่งกรุงรัตนโกสินทร์) বুলি জনা যায়। এই কবিতাক থাইলেণ্ডৰ অন্যতম জাতীয় মহাকাব্য বুলি গণ্য কৰা হয়।
-
বৰ্ষিনী
বৰ্ষিনী (সংস্কৃত: वर्षिनी, ইংৰাজী: Vershini) হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত ৰজা ৰোমপদৰ পত্নী আৰু শান্তাৰ দত্তক মাতৃ তথা অংগ প্ৰদেশৰ ৰাণী আছিল। ৰজা ৰামপদে দশৰথৰ কন্যা শান্তাক নিজৰ কন্যা হিচাপে তুলি লৈছিল৷
-
ভাংগড় দুৰ্গ
ভাংগড় দুৰ্গ (Bhangarh Fort ) ভাৰতৰ ৰাজস্থান ৰাজ্যত নিৰ্মিত ষোড়শ শতিকাৰ এটা দুৰ্গ। ভাগৱত দাসৰ শাসনকালত এই চহৰখন তেওঁৰ দ্বিতীয় পুত্ৰ মাধো সিংহৰ বাসস্থান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। দুৰ্গ আৰু ইয়াৰ চৌহদসমূহ ভালদৰে সংৰক্ষিত।
-
ভেকি
ভেকি (সংস্কৃত: भेकि) সংস্কৃত কিংবদন্তিত দিগন্তত উপৱিষ্ট হোৱা সূৰ্য্যৰ প্ৰতীক হিচাপে বেঙক দিয়া নাম। জাৰ্মাণিক আৰু কেলটিক সংস্কৃতিত আনুষংগিক মিথ পোৱা যায়। কিংবদন্তিটোত ভেকি আছিল প্ৰথমে এগৰাকী সুন্দৰী নাৰী।
-
মাচিলোট ভগৱতী
মাচিলোট ভগৱতী ( Muchilot Bhagavathi) উত্তৰ মালাবাৰৰ ভানিয়াৰ সম্প্ৰদায়ৰ টিউটেলাৰী দেৱতা। শিৱালয় ষ্টোথ্ৰামত উল্লেখ কৰা ১০৮টা শিৱ মন্দিৰৰ সৈতে মিল থকা উত্তৰ কেৰালা ত বিস্তৃত ১০৮টা মাচিলোট মন্দিৰ আছে।
-
মামি ৱাটা
মামি ৱাটা ( Mami Wata), মেমি ৱাটাৰ বা অনুৰূপ হৈছে পশ্চিম আফ্ৰিকা, পূব আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ কিছু অংশৰ লোককথাত জলপৰী, জল আত্মা আৰু/বা দেৱী। ঐতিহাসিকভাৱে পণ্ডিতসকলে তেওঁৰ উৎপত্তি ১৫ শতিকাত ইউৰোপীয় আৰু পশ্চিম আফ্ৰিকানসকলৰ মাজত হোৱা প্ৰাৰম্ভিক মুখামুখিৰ পৰাই অনুসন্ধান কৰে, য'ত ইউৰোপীয় জলপৰীৰ…
-
ম্যলনিৰ
ম্যলনিৰ (ইংৰাজী: Mjölnir) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ বিজুলীৰ দেৱতা থৰৰ হাতুৰী। এই হাতুৰীটোক বিধ্বংসী অস্ত্ৰ হিচাপে আৰু আশীৰ্বাদ প্ৰদানৰ ঐশ্বৰিক আহিলা হিচাপে ব্যৱহাৰ কৰা হয়।