সত্ৰ
২৮ প্ৰবন্ধ
-
সত্ৰ
সত্ৰ হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে স্থাপন কৰা ধৰ্মীয়-সামাজিক প্রতিষ্ঠান। সময়ৰ সৈতে সত্ৰসমূহ মহাপুৰুষীয়া সংস্কৃতিৰ অনুশীলন, পুথি-পাজি সংৰক্ষণ আৰু সাহিত্য-সংগীত-নৃত্য-নাট আদিৰ চৰ্চাৰ কেন্দ্ৰ ৰূপে পৰিগণিত হয়।
-
বৰপেটা সত্ৰ
বৰপেটা সত্ৰ অসমৰ বৰপেটা চহৰত অৱস্থিত এক ঐতিহ্যমণ্ডিত বৈষ্ণৱ সত্ৰ, যি শ্ৰীশ্ৰী মাধৱদেৱে ১৫০৫ শক (১৫৮৩ খ্ৰীষ্টাব্দ)ত প্ৰতিষ্ঠা কৰিছিল। ই ধৰ্মীয় অনুশাসন, গণ-সমাজ-সংগঠন, উৎসৱ-সংস্কৃতি আৰু সত্ৰ-স্থাপত্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত।
-
শ্ৰী শ্ৰী বটদ্ৰৱা থান
শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমীয়া বৈষ্ণৱ পৰম্পৰাৰ এক অতি পৱিত্ৰ তীৰ্থস্থান আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-কৰ্মৰ সৈতে ঘনিষ্ঠভাৱে জড়িত ঐতিহ্যকেন্দ্ৰ। নগাঁও জিলাৰ বৰদোৱা (বটদ্ৰৱা)ত অৱস্থিত এই স্থান একশৰণ নাম ধৰ্মৰ প্ৰাৰম্ভিক প্ৰচাৰৰ স্মৃতি আৰু সত্ৰ-নামঘৰ সংস্কৃতিৰ এক উল্লেখযোগ্য নিদৰ্শন।
-
দক্ষিণপাট সত্ৰ
দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। শিষ্যৰ সংখ্যা কেওখন ৰাজসত্ৰৰ ভিতৰত আটাইতকৈ বেছি। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ।
-
আউনীআটী সত্ৰ
আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত ১৫৭৫ শকত (ইং ১৬৫৩ চন) এইখন সত্ৰ নিৰ্মাণ কৰায়। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জনদেৱ। বৰ্তমানলৈকে মুঠ ১৬জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী।
-
কমলাবাৰী সত্ৰ
কমলাবাৰী সত্ৰ মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদুলা আতাই প্ৰতিষ্ঠা কৰিছিল। এওঁৰ প্ৰকৃত নাম কমলাকান্ত আতা। মহাপুৰুষ শংকৰদেৱৰ আজ্ঞামৰ্মে মাধৱদেৱৰ গাৰ বদ্বল দি ধৰ্মপ্ৰচাৰৰ অনুমতি দিয়াত বদলা নাম পায়। সেয়ে বদলা পদ্ম আতাৰুপে পৰিচিত হয়। কালক্ৰমত এইখন সত্ৰ মূলতঃ চাৰিভাগ হয়।
-
পাটবাউসী সত্ৰ
পাটবাউসী সত্ৰ ( Paatbauxi Satra) পাটবাউসী সত্ৰ বৰপেটা সত্ৰৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ এখন বৈষ্ণৱ সত্ৰ। ইয়াতেই শংকৰদেৱে প্ৰায় উনৈশ বছৰ কাল থাকি নানা শাস্ত্ৰ ৰচনা কৰিছিল।
-
গড়মূৰ সত্ৰ
গড়মূৰ সত্ৰ অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। স্থাপন কাল হিচাপে দ্বিতীয়। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয়হৰিদেৱ। প্ৰথমে গড়মূৰ সত্ৰ দুখন আছিল। এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুয়োখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা-ওচৰিকৈ আছিল। পাছত দুয়োখন চামিল হৈ এক হয়।
-
সুন্দৰীদিয়া সত্ৰ
সুন্দৰীদিয়া সত্ৰ (Sundaridiya Satra) অসমৰ মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ চাৰি সংহতিৰ ভিতৰৰ নিকা সংহতিৰ এক সত্ৰ৷ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধবদেৱে ১৫৭০ চনত এই সত্ৰ স্থাপন কৰিছিল৷ বৰপেটা সত্ৰৰ উত্তৰ পূব কোণত প্ৰায় ৩ কিলোমিটাৰ দূৰত বৰপেটা ভবানীপুৰ পথত এই সুন্দৰীদিয়া সত্ৰ অৱস্থিত আৰু ইয়াতে মাধবদেৱে ১৪…
-
কাল সংহতি
কাল সংহতি অসমৰ বৈষ্ণৱ সত্ৰসমূহৰ এক বিভাগ। মাধৱদেৱৰ প্ৰয়াণৰ পিছত এই সংহতিৰ প্ৰতিষ্ঠা কৰিছিল তেওঁৰ শিষ্য গোপালদেৱে।
-
মায়ামৰা সত্ৰ
মায়ামৰা সত্ৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা কাল সংহতি ধাৰাৰ সত্ৰ।
-
অসমৰ সত্ৰসমূহৰ তালিকা
মহাপুৰুষ শঙ্কৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। বৰদোৱাৰ পিছতে শংকৰদেৱে আহোম ৰজাৰ ৰোষত পৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি ধুৱাহাট বেলগুৰিত সত্ৰ প্ৰতিষ্ঠা কৰে। তাৰপিছত দক্ষিণ পাৰত ক্ষেত্ৰী, কাপালত, চুণপোৰা, পালেদি, কমাৰকুছি আদি ঠাইলৈ গৈ সত্ৰ প্ৰতিষ্ঠা কৰে।
-
কুৰুৱাবাহী সত্ৰ
কুৰুৱাবাহী সত্ৰ চাৰিখন ৰাজসত্ৰৰ ভিতৰত চতুৰ্থ শাৰীৰ সত্ৰ। বৰ্তমান গোলাঘাট জিলাৰ বোকাখাতৰ নামদৈয়াং মৌজাত ব্ৰহ্মপুত্ৰৰ ধনশিৰিমুখৰ বৰচাপৰিত এই ৰাজসত্ৰখন অৱস্থিত। স্থাপনৰ সময়ত ওচৰৰে এজোপা শিমলু গছত কুৰুৱা চৰাইৰ বাঁহ থকা বাবে নাম হ’ল কুৰুৱাবাহী সত্ৰ।
-
বদলা পদ্ম আতা সত্ৰ
বদলা পদ্ম আতাৰ জন্মস্থান শক্ৰাহী সত্ৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শক্ৰাহী গাওঁত অৱস্থিত। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাৰ এই স্থানত ১৪৬৮শক, জেঠ মাহৰ শুক্লা একাদশী তিথিত জন্ম হয়।
-
চলিহা বাৰেঘৰ সত্ৰ
চলিহা বাৰেঘৰ সত্ৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰ অসমৰ এখন ঐতিহাসিক সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈষ্ণৱ পৰম্পৰাৰ অন্তৰ্গত এখনি প্ৰাচীন সত্ৰ।
-
মধুপুৰ সত্ৰ
মধুপুৰ সত্ৰ অসমীয়া জাতিৰ বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম তীৰ্থভূমি। বৰ্তমান পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মধুপুৰত অৱস্থিত এই এই স্থানত মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱে দেহ ত্যাগ কৰিছিল। ইয়াৰ উপৰিও ইয়াত আন বহুতো ভকতৰো সমাধি আছে।
-
শলগুৰি সত্ৰ
শ্ৰীশ্ৰী আইভেটি শলগুৰি সত্ৰ হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নিকটৱৰ্তী তথা দক্ষিণ পূব দিশত অৱস্থিত এখন সত্ৰ। এইখন সত্ৰ গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই স্থাপন কৰিছিল।
-
কলীয়া গোঁসাই সত্ৰ
কলীয়া গোঁসাই সত্ৰ অসমৰ শোণিতপুৰ জিলাৰ বালিপৰা অঞ্চলত অৱস্থিত এখন সত্ৰ। বালিপৰা অঞ্চলক প্ৰসিদ্ধ কৰা প্ৰধান চাৰিখন সত্ৰৰ ভিতৰত কলীয়া গোঁসাই সত্ৰ বা থান অন্যতম। দৈনিক অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আহি এই সত্ৰখন দৰ্শন কৰেহি। লোকবিশ্বাস অনুসৰি এই সত্ৰৰ মহিমা অপাৰ।
-
কাংশপাৰ সত্ৰ
কাংশপাৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা অসমৰ কালসংহতিৰ অন্তৰ্গত এখন সত্ৰ। ১৫৪৫ শকত (১৬২৩ চন) স্থাপিত এই সত্ৰখন ডিব্ৰুগড় জিলা শ'লগুৰিত প্ৰথম স্থাপন হৈছিল।
-
গোপালপুৰ সত্ৰ
গোপালপুৰ সত্ৰ (ইংৰাজী- Gopalpur Satra) চাৰি ৰাজসত্ৰৰ অন্যতম মাজুলীস্থিত দক্ষিণপাট সত্ৰৰ এখন শাখা সত্ৰ। এই সত্ৰখনি লখিমপুৰ জিলাৰ ঘিলামৰাৰ উত্তৰ-পূব প্ৰান্তত কঢ়া আৰু কুমটীয়া নদীৰ সংগমস্থলীত অৱস্থিত। সত্ৰখনি স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত প্ৰতিষ্ঠা কৰা হৈছিল।
-
ঘাৰমৰা সত্ৰ
ঘাৰমৰা সত্ৰ উত্তৰ লখিমপুৰ নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই সত্ৰখন প্ৰাগ শঙ্কৰী যুগত স্থাপিত হৈছিল। ঘাৰমৰা সত্ৰত সংৰক্ষিত হৈ থকা মধ্যযুগৰ অলেখ মূল্যৱান সম্পদে পৰ্য্যটক সকলক বিশেষভাৱে আকৃষ্ট কৰিব পাৰে।
-
চামগুৰি সত্ৰ
চামগুৰি সত্ৰ (Samaguri Satra) অসমৰ মাজুলী জিলাত অৱস্থিত এখন সত্ৰ। ১৫৮৫ শকৰ অৰ্থাৎ ১৬৬৩ চনৰ ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৃষ্ঠপোষকতাত শ্ৰীমন্ত শঙ্কৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰপাণিয়ে এই সত্ৰখন স্থাপন কৰিছিল।
-
মৈৰামৰা দৌল
মৈৰামৰা দৌল বা মৈৰামৰা থান (Moiramora Doul) ডিব্ৰুগড় জিলাৰ মানকটা মৌজাৰ খামতি ঘাটত অৱস্থিত ঐতিহাসিক দৌল। এই দৌলটো পোণপ্ৰথমতে ১০ শতিকা মানত শিলেৰে নিৰ্মাণ কৰা হৈছিল যদিও পাছলৈ ১৩-১৪ শতিকাত চুতীয়া ৰাজ্যৰ দিনত ইটাৰে পুণৰ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান সময়ত মৈৰামৰা দৌল বা থানৰ কেৱল ভগ্নাৱশেষ পোৱা গৈছে।
-
আমগুৰী মাধৱ দেৱ সত্ৰ
আমগুৰী মাধৱদেৱ সত্ৰ বঙাইগাঁও জিলাৰ বইটামাৰীৰ আমগুৰী গাঁৱত অৱস্থিত। এই সত্ৰখন স্থানীয় ৰাইজৰ মাজত গোপীনাথ প্ৰভুৰ মন্দিৰ হিচাপে পৰিচিত। ইয়াত বংশীধৰ গোপীনাথ প্ৰভূৰ বিগ্ৰহ স্থাপিত কৰা আছে। পৌৰাণিক ভাস্কৰ্য কাঠত খোদিত- মৎস্য, কুৰ্ম, হয়গ্ৰীবৰ মূৰ্ত্তি আৰু লগতে আছে এটা মহাপুৰুষজনাৰ পদশীলা।
-
কলি আই থান
শ্ৰী শ্ৰী কলি আই থান (Sri Sri Koli Aai Thaan) ডিব্ৰুগড় জিলাৰ ৰাজভেটা পঞ্চায়তৰ অন্তৰ্গত চেঙামাৰী হাবি গাঁৱত অৱস্থিত এখন ঐতিহাসিক থান। এই থান ডিবৰু সত্ৰৰ সত্ৰাধিকাৰৰ দুহিতা কলি আইৰ প্ৰতি উছৰ্গিত। দিহিং সত্ৰৰ কোনো পুৰুষ উত্তৰাধিকাৰী নথকাত কলি আইয়ে ইয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
-
জৰাবাৰী সত্ৰ
জৰাবাৰী সত্ৰ উজনি অসমৰ শিৱসাগৰ জিলাৰ পুৰণি আমগুৰি সমষ্টিৰ গধুলীবজাৰ মৌজাৰ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ পদৰঞ্জিত শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ প্ৰাচীন সত্ৰসমূহৰ ভিতৰত অন্যতম সত্ৰ।
-
ভলাগুৰি সত্ৰ (কলিয়াবৰ)
ভলাগুৰি সত্ৰ (Bholaguri Satra) কলিয়াবৰ মহকুমাৰ ছঅঁৰা সত্ৰৰ ভিতৰৰ এখন উল্লেখযোগ্য সত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে ১৬৭১ চনত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হয়। ভলাগুৰি সত্ৰৰ পূৰ্বৰ নাম আছিল ভেদেলী ভাণ্ডাৰ বা ভেদেলী ভঁৰাল।
-
ভোগপুৰ সত্ৰ
ভোগপুৰ সত্ৰ নদীদ্বীপ মাজুলীৰ মধ্য ভাগত থকা এখন ইতিহাসপ্ৰসিদ্ধ সত্ৰ। এই সত্ৰখনিৰ মুঠ মাটিকালি হৈছে ১৮৮.৫৭ হেক্টৰ। তদুপৰি এই সত্ৰৰ মুঠ জনসংখ্য়া হৈছে ১,৬৯৭ জন। প্ৰায় ৩০১ ঘৰ মানুহ ভোগপুৰ সত্ৰৰ এলেকাত বসবাস কৰি আছে। এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল ১৪৫০শকত(ইংৰাজী ১৫২৮ চনত)মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে।