মছজিদ
২১ প্ৰবন্ধ
-
মছজিদ
মছজিদ ( مسجد উচ্চাৰণ:ˈmæsdʒɪd) মুছলিমসকলৰ দলবদ্ধভাবে নামাজ পঢ়াৰ বাবে নিৰ্মিত স্থাপনা। শব্দটোৰ উৎপত্তি আৰবী "السجود"ৰ পৰা, যাৰ আভিধানিক অৰ্থ শ্ৰদ্ধাৰে শিৰ নত কৰা অৰ্থাৎ ছিজদাহ কৰা।
-
কাবা
কাবা, কাবাঘৰ, কাবা শ্বৰীফ (الكعبة, আৰু যি নামেৰে পৰিচিত الكعبة المشرًّفة "The Primordial House"), অথবা (البيت الحرام "The Sacred House"), এটা ডাঙৰ ঘন আকৃতিৰ ইমাৰত, যিটো চৌদি আৰৱৰ মক্কা চহৰৰ মছজিদুল হাৰাম মছজিদৰ মাজত অৱস্থিত। আচঁলতে মছজিদটো কাবাৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছে।
-
বাবৰী মছজিদ
বাবৰী মছজিদ (IAST: Bābarī Masjid; অৰ্থ বাবৰৰ মছজিদ) ভাৰতৰ অযোধ্যা নগৰৰ এটি মছজিদ আছিল৷ মছজিদৰ শিলালিপি অনুসৰি, ইয়াক মোগল সম্ৰাট বাবৰৰ সেনাপতি জেনাৰেল মিৰ বাকিয়ে ১৫২৮-২৯ চনত (৯৩৫ হিঃ) নিৰ্মাণ কৰাইছিল।
-
আজান পীৰৰ দৰগাহ
আজান পীৰৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদ। এই দৰগাহ অৱস্থিত হৈ আছে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২২ কিঃমিঃ নিলগত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে শৰাগুৰি চাপৰিত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে তিনিওফালে বেঢ়ি আছে।
-
মক্কাৰ মছজিদ
মছজিদ আল-হাৰাম (المسجد الحرام) ইছলামৰ আটাইতকৈ পৱিত্ৰ স্থান যিটো কাবাক আগুৰি আছে। এই মছজিদখন চৌদি আৰৱৰ মক্কা চহৰত অৱস্থিত। ভিতৰত আৰু বাহিৰত নামাজৰ স্থান মিলি মছজিদৰ বৰ্তমান অৱস্থান প্ৰায় 356800 m2 জুৰি অৱস্তিত। মছজিদ সকলো সময়তেই খোলা ৰখা হয়।
-
পাণবাৰী মছজিদ
পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঐতিহাসিক মছজিদ। ইয়াক অসমৰ সৰ্বপ্ৰথম মছজিদ হিচাপে গণ্য কৰা হয়। এই মছজিদ ধুবুৰী চহৰৰ পৰা ২৫ কিঃমিঃ নিলগত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাণবাৰী আৰু ৰঙামাটিৰ মাজত অৱস্থিত।
-
পোৱামক্কা
পোৱামক্কা (Powa Makkah) অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান। চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াচুদ্দিন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়।
-
মছজিদে নববী
মছজিদে নববী (المسجد النبوي) মুহাম্মাদ (ছাঃ) কৰ্তৃক প্ৰতিষ্ঠিত মছজিদ; যিটো বৰ্তমান চৌদি আৰৱৰ মদিনাত অৱস্থিত। গুৰুত্বৰ দিশৰ পৰা মছজিদুল হাৰাম(পবিত্ৰ)ৰ পাছত মছজিদে নববীৰ স্থান। মুহাম্মাদ (ছাঃ) হিজৰত কৰি মদিনালৈ অহাৰ পাছতেই এই মছজিদ নিৰ্মিত হয়। এইটো পৃথিৱীৰ অন্যতম বৃহৎ মছজিদ।
-
মোতি মছজিদ
ভাৰতৰ পুৰণি দিল্লীৰ লালকিল্লা কমপ্লেক্সৰ ভিতৰত থকা মোতি মছজিদ (অৰ্থ 'মুকুতা মছজিদ') হৈছে ১৭ শতিকাৰ এক ঐতিহাসিক মছজিদ, যিটো উপাসনাৰ বাবে নহয়। ইয়াক মোগল সম্ৰাট ঔৰংজেবে নিৰ্মাণ কৰিছিল, দিল্লী ঘেৰাওৰ সময়ত ক্ষতিগ্ৰস্ত হৈছিল আৰু পৰৱৰ্তী সময়ত ইংৰাজে পুনৰ নিৰ্মাণ কৰিছিল।
-
চেৰামন জুমা মছজিদ
চেৰামন জুমা মছজিদ (ചേരമാൻ ജുമാ മസ്ജിദ്, Cheraman Juma Mosque) ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিচুৰৰ মেথালা, কোডুংগাল্লুৰত অৱস্থিত এটা মছজিদ। কিংবদন্তী অনুসৰি এই মছজিদক প্ৰথমবাৰৰ বাবে ৬২৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। ই ভাৰতীয় উপমহাদেশৰ আটাইতকৈ পুৰণি মছজিদ।
-
নাগিনা মছজিদ
নাগিনা মছজিদ, যাক ৰত্ন মছজিদ আৰু জুৱেল মছজিদ বুলিও কোৱা হয়, ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আগ্ৰাত অৱস্থিত আৰু ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত।
-
কলন মছজিদ
কলন মছজিদ বা কালান মছজিদ ভাৰতৰ পুৰণি দিল্লীৰ চতুৰ্দশ শতিকাৰ এটা মছজিদ। খান-ই-জাহান তিলাংগানীয়ে নিৰ্মাণ কৰা সাতটা মছজিদৰ ভিতৰত ই অন্যতম।
-
জামা মছজিদ, ভিলাই
জামা মছজিদ ভাৰতৰ ছত্তীশগড়ৰ ভিলাইত অৱস্থিত ছুন্নী ইছলাম মছজিদ। ১৯৬০ চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই মছজিদটোৱে এটা সময়ত ৩ হাজাৰ উপাসকে প্ৰাৰ্থনা কৰিব পাৰে আৰু ই ৰাজ্যখনৰ অন্যতম বৃহৎ মছজিদ, আৰু এছিয়াৰ অন্যতম বৃহৎ মছজিদ। আৰবী লিপিত "ইয়া আল্লাহ" শব্দৰ আকৃতিত নিৰ্মাণ কৰা এই মছজিদ বিশ্বৰ প্ৰথমটো মছজিদ।
-
জামে মছজিদ, দিল্লী
মছজিদ-ই-জেহান-নুমা দিল্লীৰ পুৰণি দিল্লীৰ মছজিদ যাক জামে মছজিদ নামেৰেও ভাৰতৰ অন্যতম বৃহৎ মছজিদ হিচাপে জনাজাত। ইয়াৰ নিৰ্মাতা আছিল ১৬৪৪ চনৰ পৰা ১৬৫৬ চনৰ ভিতৰত মোগল সম্ৰাট শ্বাহজাহান আৰু ইয়াৰ প্ৰথম ইমাম চৈয়দ আব্দুল গাফুৰ শ্বাহ বুখাৰীয়ে উদ্বোধন কৰিছিল।
-
পাঁচ পীৰ দৰগাহ
পাঁচ পীৰ দৰগাহ (Panch Peer Dargah) ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত পাঁচ গৰাকী চুফী সন্তৰ মাজাৰ শ্বৰিফ। এই দৰগাহ ধুবুৰীৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাত সংৰক্ষিত পাঁচ গৰাকী চুফী সন্ত ক্ৰমে শ্বাহ আকবৰ, শ্বাহ বাগমাৰ, শ্বাহ চুফী, শ্বাহ সৰণ আৰু শ্বাহ কমলৰ সমাধিৰ ওপৰত নিৰ্মিত দৰগাহ।
-
পাত্থৰ কী মছজিদ
পাত্থৰ কি মছজিদ পাটনা চহৰৰ গংগা নদীৰ পাৰত তখ্ট শ্ৰী হৰমন্দিৰ চাহেবৰ ওচৰত আছে। জাহাংগীৰৰ পুত্ৰ পাৰভিজ মিৰ্জাই ১৬২১ চনত পাত্থৰ কি মছজিদ প্ৰতিষ্ঠা কৰে। এই গঠনটো শিলেৰে নিৰ্মিত, আৰু সেয়েহে ইয়াৰ নাম পাত্থৰ কি মছজিদ ৰখা হ’ল। ই চুলতানগঞ্জ আৰু আলমগঞ্জৰ মাজৰ অশোক ৰাজপথত অৱস্থিত।
-
বগা বাবাৰ মাজাৰ
বগা বাবাৰ মাজাৰ ( Boga Baba Mazhar) বা বগা ফকীৰৰ মাজাৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াৰ পাঁচআলি অঞ্চলত অৱস্থিত ইছলাম ধৰ্মালম্বীৰ উপাসনাস্থলী। ইয়াত চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টিৰ মাজাৰ। চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি স্থানীয়ভাৱে বগা বাবা হিচাপে বিখ্যাত আছিল।
-
বাঘা মছজিদ
বাঘা মছজিদ(Bagha Mosque) বাংলাদেশৰ ৰাজশাহীৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণ-পূব পিনে বাঘা নামে ঠাইত অৱস্থিত। ষোড়শ শতিকাতে নিৰ্মিত এই মছজিদটো পৰৱৰ্তীকালত বিভিন্ন সংস্কাৰ কৰা হয়।
-
মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ
মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ বা অযোধ্যা মছজিদ হৈছে অযোধ্যা বিবাদ গোচৰৰ সৈতে জড়িত ৰায়দানৰ পিছতে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ধনীপুৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট স্থানত নিৰ্মাধিন এখন মছজিদ। মছজিদ আৰু সংশ্লিষ্ট কমপ্লেক্স নিৰ্মাণৰ কাম ভাৰত-ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন (আই আই চি এফ)ৰ ট্ৰাষ্টৰ অধীনত।
-
লাল মছজিদ, দিল্লী
দিল্লীৰ লাল মছজিদ, যাক ফকৰ-উল মছজিদ (অৰ্থ "মছজিদৰ গৌৰৱ") বা চিকন্দৰ চাহাবৰ মছজিদ বুলিও কোৱা হয়, ভাৰতৰ পুৰণি দিল্লীৰ কাশ্মীৰী গেটৰ ওচৰত বাৰা বজাৰত অৱস্থিত এটা মছজিদ।
-
শ্বেৰ শ্বাহ ছুৰী মছজিদ
ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী চহৰ পাটনাৰ এটা মছজিদ শ্বেৰ শ্বাহ ছুৰী মছজিদ, যাক শ্বেৰশ্বাহী মছজিদ বুলিও কোৱা হয়। ই আফগান শৈলীৰ স্থাপত্যৰ এক উদাহৰণ। শ্বেৰ শ্বাহ ছুৰীয়ে ১৫৪০–১৫৪৫ চনত তেওঁৰ ৰাজত্বকালৰ স্মৃতিত এই মছজিদটো নিৰ্মাণ কৰিছিল। ই ধৱলপুৰাৰ ওচৰৰ পূৰব দৰৱাজাৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত।