হিন্দুধৰ্মৰ দেৱ দেৱী
৪২ প্ৰবন্ধ
-
পৰশুৰাম
পৰশুৰাম (परशुराम) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁক ৰাম জমদগ্ন্য, ৰাম ভাৰ্গৱ বা বীৰৰাম নামেৰেও জনা যায়। তেওঁক কলি যুগৰ অন্তত বিষ্ণুৰ দশম অৱতাৰ অৰ্থাৎ কল্কিৰ গুৰুৰূপে আৱিৰ্ভাৱ ঘটিব লগা চিৰঞ্জীৱিসকলৰ এজন বুলি ধৰা হয়।
-
বলোৰাম
বলোৰাম এগৰাকী হিন্দু ভগৱান বা দেৱতা তথা কৃষ্ণৰ ককায়েক। তেওঁ বিশেষভাৱে জগন্নাথ পৰম্পৰাৰে জড়িত এগৰাকী দেৱতা। তেওঁক বলোদেৱ, বলোভদ্ৰ, হলধৰ, হলযোদ্ধা আৰু সংকৰ্ষণ নামেৰেও জনা যায়।
-
গন্ধৰ্ব
গন্ধৰ্ব (Gandharva) হৈছে হিন্দুধৰ্ম, বৌদ্ধধৰ্ম আৰু জৈনধৰ্মৰ আখ্যানসমূহত উল্লিখিত এক দৈৱিক জীৱ। গন্ধৰ্ব পুৰুষসকল সংগীতবিদ্যাত পাকৈত। তেওঁলোকৰ নাৰীসকল (অপ্সৰা) নৃত্য পটিয়সী। গন্ধৰ্ব শব্দৰদ্বাৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ নিপুণ শিল্পীসকলকো বুজোৱা হয়।
-
যক্ষ
যক্ষ (Yakshas) হৈছে একপ্ৰকাৰৰ বনদেৱতা। তেওঁলোক সাধাৰণতে কোমল অন্তৰৰ হয় যদিও কোনো কোনো সময়ত শঠ প্ৰকৃতিৰ আৰু হঠাৎ মনোভাব সলনি কৰা বিধৰ হোৱাও দেখা যায়। তেওঁলোক জলধাৰা, উৰ্বৰতা, বৃক্ষ, অৰণ্য, ধন-সম্পত্তি আৰু বন্যতাৰ সৈতে জড়িত। হিন্দুধৰ্ম, জৈনধৰ্ম আৰু বৌদ্ধধৰ্মৰ ৰচনাৱলীত যক্ষসকলৰ উপস্থিতি দেখা যায়।
-
দশাৱতাৰ
দশাৱতাৰ (Dashavatara) হৈছে হিন্দু ধৰ্মৰ এজন প্ৰধান উপাস্য দেৱতা বিষ্ণুৰ দহটা প্ৰধান অৱতাৰ। বৈষ্ণৱ দৰ্শনত, কোনো বিশেষ উদ্দেশ্যে আগত ৰাখি মৰ্ত্যত অৱতীৰ্ণ পৰম সত্তাকে অৱতাৰ (अवतार) নামেৰে অভিহিত কৰা হয়। বিষ্ণুৰ (বা কোনো কোনো ক্ষেত্ৰত কৃষ্ণৰ) দহটা মুখ্য অৱতাৰৰ সমষ্টিগত নামেই দশাৱতাৰ।
-
যশোদা
যশোদা পুৰাণ সম্বন্ধিত হিন্দু বিশ্বাস অনুসৰি নন্দ ৰজাৰ পত্নী আৰু শ্ৰীকৃষ্ণৰ পালক মাতৃ। ভাগৱত পুৰাণ অনুসৰি দৈৱকীৰ পুত্ৰ কৃষ্ণক পিতৃ বসুদেৱে নন্দ ৰজা আৰু তেওঁৰ পত্নী যশোদাক দিছিল।
-
বৰাহ
বৰাহ (वराह) হৈছে হিন্দু ধৰ্মৰ ভগৱান শ্ৰীবিষ্ণুৰ তৃতীয় অৱতাৰ। ত্ৰেতা যুগত ভগৱান শ্ৰীবিষ্ণু মহাদৈত্য হিৰণ্যাক্ষক বধ কৰাৰ বাবে মৰ্ত্তলোকত বৰাহ ৰূপত অৱতীৰ্ণ হৈছিল। পুৰাণত উল্লেখ কৰা মতে হিৰণ্যাক্ষ নামৰ মহাদৈত্য পৃথিৱী অৰ্থাৎ ধৰিত্ৰীদেৱীক মহাজাগতিক নামৰ মহাসমুদ্ৰৰ তলত নিমজ্জিত কৰি ৰাখিছিল।
-
ভূদেৱী
ভূদেৱী বা ভূমি হৈছে পৃথিৱী মাতৃক (ধৰিত্ৰী) প্ৰতিনিধিত্ব কৰা এগৰাকী হিন্দু দেৱী। তেওঁ বিষ্ণুৰ বৰাহ অৱতাৰৰ পত্নী আৰু নৰকাসুৰ আৰু মংগলৰ মাতৃ আছিল। ৰামৰ পত্নী সীতাৰ জন্মও পৃথিৱীৰ পৰাই হৈছিল, এনেদৰে সীতাও ভূমিৰ আধ্যাত্মিক সন্তান আছিল।
-
সত্যভামা
সত্যভামা (Satyabhama) হৈছে হিন্দু দেৱী আৰু হিন্দু দেৱতা বিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণৰ তৃতীয় ৰাণী-সহধৰ্মী। তেওঁক সত্ৰজিতী বুলিও কোৱা হয়। সত্যভামাক পৃথিৱী-দেৱী ভূদেৱীৰ অৱতাৰ বুলিও বৰ্ণনা কৰা হয়। তেওঁ দানৱ নৰকাসুৰক পৰাস্ত কৰিবলৈ শ্ৰীকৃষ্ণক সহায় কৰিছিল।
-
সুভদ্ৰা
সুভদ্ৰা (IAST: Subhadrā) ব্যাস ৰচিত হিন্দু মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁক দেৱী যোগমায়াৰ অৱতাৰ হিচাপে পূজা কৰা হয়। মহাভাৰতত তেওঁ কৃষ্ণৰ বৈমাত্ৰেয় ভগ্নী, বলৰামৰ আপোন ভগ্নী, অৰ্জুনৰ পত্নী, অভিমন্যুৰ ৰ মাক আৰু পৰীক্ষিতৰ আইতাক। তেওঁ বাসুদেৱ আৰু ৰোহিনীৰ জীয়ৰী।
-
নৰসিংহ (হিন্দু ধৰ্ম)
নৰসিংহ (नरसिंह) হৈছে ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থতম অৱতাৰ। হিৰণ্যাক্ষৰ কনিষ্ঠ ভ্ৰাতা হিৰণ্যকশিপুক বধ কৰাৰ বাবে ভগৱান শ্ৰীবিষ্ণু ত্ৰেতা যুগত নৰসিংহ ৰূপত মৰ্ত্তলোকত অৱতীৰ্ণ হৈছিল। পুৰাণ, উপনিষদ লগতে অন্যান্য পৌৰাণিক হিন্দু ধৰ্মগ্ৰন্থত নৰসিংহ অৱতাৰ উল্লেখ পোৱা যায়।
-
শচী
শচী (शची) বা ইন্দ্ৰাণী হৈছে হিন্দুসকলৰ সৌন্দৰ্যৰ দেৱী। তেওঁ ঐন্দ্ৰিলা, মাহেন্দ্ৰী, পুলমাজা আৰু পৌলমী নামেৰেও জনাজাত। তেওঁক সকলোৱে অন্তৰংগভাৱে পাবলৈ বিচৰাৰ বাবে ইৰ্ষাভাৱৰ উৎস হিচাপেও শচীৰ নাম লোৱা হয়। তেওঁ দেৱতাৰ ৰাণী আৰু দেৱৰাজ ইন্দ্ৰৰ সহধৰ্মিণী।
-
ৰাধা কৃষ্ণ
ৰাধা-কৃষ্ণ (IAST, राधा कृष्ण) যুটীক হিন্দু ধৰ্মত ভগৱানৰ নাৰী আৰু পুৰুষৰ মিশ্ৰিত প্ৰকাশ বুলি গণ্য কৰা হয়। বহু বৈষ্ণৱীয় বিশ্বাসত ৰাধা আৰু কৃষ্ণক ভগৱানৰ আদি ৰূপ আৰু আনন্দৰ আকৰ (হ্লাদিনী শক্তি) বুলি গণ্য কৰা হয়।
-
ৰাহু
ৰাহু (Sanskrit: राहु)( ) ভাৰতীয় জ্যোতিৰ মাৰ্গৰ নৱগ্ৰহ ৰ এজন সদস্য। আন বহুতৰ দৰে, ৰাহু এবিধ ছাঁয়া অৱয়ব। যি গ্ৰহণ সৃষ্টি কৰে আৰু উল্কাৰ ৰজা ৰাহুৱে পৃথিবীৰ চাৰিওফালে তাৰ পূৰ্বৱৰ্তী কক্ষপথত চন্দ্ৰৰ আৰোহণৰ প্ৰতিনিধিত্ব কৰে।
-
মৎস্য অৱতাৰ
মৎস্য অৱতাৰ (मत्स्य) বিষ্ণুৰ দহ মুখ্য অৱতাৰৰ অন্যতম। মৎস্য অৱতাৰে মনুক আৰু সৃষ্টিক প্ৰলয়ৰপৰা ৰক্ষা কৰিছিল। মাছ-ৰূপী-ৰক্ষকৰ ৰূপত মৎস্যক চোৱা আতাইতকৈ পুৰণি দস্তাবেজত মৎস্যক বৈদিক আৰাধ্য প্ৰজাপতিৰ সম দেখা গৈছিল। বৈদিক যুগৰ পাছত মৎস্যক ব্ৰহ্মাৰ সৈতে এক গণ্য কৰা হৈছিল।
-
হিন্দু ধৰ্মত যমুনা
যমুনা (Yamuna) হৈছে হিন্দু ধৰ্মৰ এক পৱিত্ৰ নদী আৰু হিন্দু ধৰ্মৰ আটাইতকৈ পৱিত্ৰ নদী গংগা (গঙ্গা) দেৱীৰ মুখ্য উপনদী। নদীখনক যমুনা নামৰ হিন্দু দেৱী হিচাপে পূজা কৰা হয়। যমুনাক প্ৰাৰম্ভিক গ্ৰন্থসমূহত য়ামি বুলি জনা যায়, আনহাতে পৰৱৰ্তী সাহিত্যত তেওঁক কালিন্দী বুলি কোৱা হয়।
-
মৰিআম্মা
মৰি (மாரி), যাক মৰিআম্মান (மாரியம்மன்) আৰু মৰিয়াই হিচাপেও জনা যায়, যাৰ অৰ্থ হৈছে মাতৃ মৰি আৰু মৰিআম্মা (மாரியம்மா) বা সহজকৈ আম্মান বা আথা (அம்மன், "মাতৃ") বুলি কোৱা হয়, তেখেত হৈছে তামিলনাডু আৰু কাষৰীয়া অঞ্চলত হিন্দু ধৰ্মত পূজিতা বৰষুণৰ দেৱী।
-
ধ্ৰুৱ
ধ্ৰুৱ (ध्रुव, 'অদম্য, অস্থাৱৰ, বা বদ্ধমূল') ভগৱান বিষ্ণুৰ এগৰাকী উল্লেখযোগ্য এগৰাকী কৃচ্ছ্ৰ তপস্বী আছিল। তেওঁৰ বিষয়ে বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণত বৰ্ণিত হৈছে। মহাভাৰতত মেৰু তৰা বুজাবলৈ 'ধ্ৰুৱ নক্ষত্ৰ' (বা "ধ্ৰুৱ তৰা") সংস্কৃত শব্দগুচ্ছ ব্যৱহৃত হৈছিল।
-
বসু
হিন্দু ধৰ্মত বসু (वसु) হৈছে ইন্দ্ৰৰ, আৰু পিছলৈ বিষ্ণুৰ আঠজন পৰিচাৰক দেৱতা। অষ্ট বসুসকলক ৰামায়ণত কাশ্যপ আৰু অদিতিৰ সন্তান আৰু মহাভাৰতত মনু বা ব্ৰহ্মা প্ৰজাপতিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে।
-
ধন্বন্তৰি
ধন্বন্তৰি (Dhanvantari) বেদ আৰু পুৰাণত আয়ুৰ্বেদৰ দেৱতা বুলি উল্লেখ আছে। এওঁক দেৱতা সকলৰ চিকিৎসক বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ধন্বন্তৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত হাতত অমৃতৰ ঘটলৈ সাগৰৰ পৰা অৱতৰণ হৈছিল।
-
ঈশান
ঈশান (ईशान) শব্দই হিন্দু, বৌদ্ধ আদি ধৰ্মত ঈশ্বৰ বা কোনো দেৱতাক বুজায়। ঈশান এটা জনপ্ৰিয় নাম। এই নামৰ উল্লেখ শিৱ পুৰাণত আছে, আৰু ই বিষ্ণুৰ এটি নাম।
-
নিমি
নিমি হিন্দু পৌৰাণিক কাহিনীত উল্লেখ থকা সূৰ্যবংশ(সৌৰ বংশ)ৰ এজন ৰজা। তেওঁক বিদেহ ৰাজ্যৰ প্ৰথম ৰজা আৰু মিথিলাৰ জনক বংশৰ পূৰ্বপুৰুষ বুলি গণ্য কৰা হয়। নিমি মনুৰ নাতি, আৰু ইক্ষ্বাকুৰ পুত্ৰ। বায়ু পুৰাণৰ মতে ৰজা নিমিয়ে গৌতম আশ্ৰমৰ ওচৰত জয়ন্তপুৰ নামেৰে এখন নগৰ স্থাপন কৰিছিল।
-
ভুৱনেশ্বৰী
ভুৱনেশ্বৰী (भुवनेश्वरी) হিন্দু ধৰ্ম অনুসৰি দহ দশ মহাবিদ্যাৰ চতুৰ্থগৰাকী দেৱী বা বিশ্ব সৃষ্টিৰ বাবে পাৰ্থিৱ ব্ৰাহ্মাণ্ডৰ উপাদান হিচাপে দুৰ্গা। "ভুৱনেশ্বৰী" শব্দটো সংস্কৃত ভুৱন ঈশ্বৰীৰ পৰা আহিছে যাৰ অৰ্থ "বিশ্বসমূহৰ দেৱী"। বিশ্বসমূহে ত্ৰি-ভুৱনক বুজাইছে, ভুঃ (পৃথিৱী), ভুৱঃ (পৰিবেশ) আৰু শ্ব (স্বৰ্গ)।
-
যোগমায়া
যোগমায়া (योगमाया, 'মায়াশক্তি'), হৈছে এগৰাকী হিন্দু দেৱী। তেওঁক বিন্ধ্যবাশিনী, মহামায়া আৰু একাংশ নামেৰেও পূজন কৰা হয়। বৈষ্ণৱ পৰম্পৰাত তেওঁক নাৰায়ণী উপনাম দিয়া হৈছে, আৰু এই নামৰ দেৱী গৰাকীয়ে বিষ্ণুৰ মায়া শক্তিৰ মূৰ্তি হিচাপে কাম কৰে।
-
সংজ্ঞা (দেৱী)
সংজ্ঞা (संज्ञा) বা সৰন্যু (सरन्यू) হৈছে এগৰাকী হিন্দু দেৱী আৰু সূৰ্য্য দেৱতাৰ প্ৰধান পত্নী। ঋকবেদত তেওঁৰ উল্লেখ পোৱা যায়। ইয়াৰোপৰি পিছৰ অন্যান্য হিন্দু শাস্ত্ৰসমূহতো যেনে হৰিবংস আৰু পুৰাণতো তেওঁৰ উল্লেখ আছে।
-
স্বাহা
হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মত স্বাহা (स्वाहा) হৈছে মন্ত্ৰোচ্চাৰণৰ শেষত মোখনি মৰা এক শব্দ। স্বাহাৰ অৰ্থ হৈছে "সুকথন"। যজ্ঞ আদিত প্ৰতিটো মন্ত্ৰ স্বাহাৰে সামৰণি মৰা হয়। তিব্বতীয় ভাষাত স্বাহাৰ আক্ষৰিক অৰ্থ "সেয়ে হওক" আৰু ইয়াক প্ৰায়ে স্বহা হিচাপে উচ্চাৰণ কৰাৰ লগতে লিখিত ৰূপত প্ৰকাশ কৰা হয়।
-
ৰাৱণানুগ্ৰহ
ৰাৱণানুগ্ৰহ বা ৰাৱণানুগ্ৰহ-মূৰ্তি ("ৰাৱণক অনুগ্ৰহ প্ৰদান কৰা ৰূপ") হিন্দু দেৱতা শিৱৰ এক সৌম্য ৰূপ। এই ৰূপত তেওঁক কৈলাস পৰ্বতত অৰ্ধাংগিনী পাৰ্বতীৰ সৈতে বহি থকা অৱস্থাত আৰু লংকাধিপতি ৰাৱণক কৈলাস পৰ্বত উত্তোলন কৰিবলৈ চেষ্টা কৰা অৱস্থাত দেখা যায়।
-
ইলা (দেৱতা)
ইল (इल) বা ইলা (इला) হৈছে হিন্দু আখ্যানৰ এক উভয়লিংগী দেৱতা। তেওঁ নিজৰ লিংগ পৰিৱৰ্তনৰ বাবে খ্যাত। এজন পুৰুষ হিচাপে, তেওঁক ইল বা সুদুম্ন নামেৰে জনা যায় আৰু এগৰাকী নাৰী হিচাপে তেওঁক ইলা নামেৰে পৰিচিত। ইলাক ভাৰতীয় চন্দ্ৰবংশী ৰজাসকলৰ মুখ্য বংশধৰ বুলি গণ্য কৰা হয়।
-
একাদশ ৰুদ্ৰ
একাদশ ৰুদ্ৰ বুলি ক'লে ৰুদ্ৰ দেৱতাৰ এঘাৰটা ৰূপ আৰু অনুগামীসকলক বুজায়। এইসকলৰ পৰম্পৰাসমূহ শিৱৰ সৈতে জড়িত হৈ আছে। বৈদিক পন্থা অনুসৰি এই সকল তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত এঘাৰজন দেৱতা এইসকলে গঠন কৰে।
-
ভ্ৰমৰী
ভ্ৰমৰী (সংস্কৃত: भ्रामৰী) হিন্দু বিশ্বাসমতে মৌমাখিৰ দেৱী। শাক্তবাদত তেওঁ দেৱী মহাদেৱীৰ অৱতাৰ।