ৰামায়ণৰ চৰিত্ৰ
১০৬ প্ৰবন্ধ
-
শিৱ
শিৱ (शिव; আক্ষৰিক অৰ্থ "শুভ" বা "মঙ্গল") এজন হিন্দু দেৱতা। তিনি ত্ৰিমূৰ্তিৰ (হিন্দুসকলৰ মতে তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্তা) অন্যতম। ত্ৰিমূৰ্তিৰ শিৱ হৈছে ধ্বংসৰ প্ৰতীক। হিন্দুধৰ্মৰ শৈৱ শাখা সম্প্ৰদায়ৰ মতে, শিৱই হ’ল সৰ্বোচ্চ ঈশ্বৰ।
-
ৰাম
ৰাম বা ৰামা বা ৰামচন্দ্ৰ (राम) হ'ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ। হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে। সপ্তম অৱতাৰ ৰাম আৰু অষ্টম অৱতাৰ কৃষ্ণ হ'ল বিষ্ণুৰ অৱতাৰবোৰৰ ভিতৰত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। হিন্দু ধৰ্মত তেওঁ এজন জনপ্ৰিয় দেৱতা।
-
ৰাৱণ
ৰাৱণ (Ravana) হৈছে তুলসীদাস ৰচিত ৰামচৰিত মানস, মহাকবি বাল্মিকীৰ ৰামায়ণ, ৰামায়ণৰ সমস্ত সংস্কৰণ, বিষ্ণু পুৰাণ, হিন্দু মহাকাব্যসমূহত বৰ্ণনা কৰা লংকা (বৰ্তমানৰ শ্ৰীলংকা)-ৰ ৰজা। তেওঁৰ দহটা মূৰ থকাৰ কাৰণে তেওঁক দহ মুখীয়া ৰাৱণ বা দশানন (দশ=দহ, আনন=মুখ; দশানন বি. (সং.) “দশমুখ”) বুলিও জনা যায়।
-
সীতা
সীতা (सीता) এগৰাকী হিন্দু দেৱী আৰু হিন্দু মহাকাব্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণৰ নায়িকা। তেওঁক ভূমিৰ (পৃথিৱী) কন্যা আৰু বিদেহৰ ৰজা জনক আৰু তেওঁৰ পত্নী ৰাণী সুনয়নাৰ দত্তক কন্যা বুলি বৰ্ণনা কৰা হৈছে।
-
হনুমান
হনুমান (हनुमान) হিন্দু শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলি জনা যায়।
-
লক্ষ্মণ
লক্ষ্মণ (लक्ष्मण) (আক্ষৰিক অৰ্থত যাৰ ভাগ্যশালীৰ লক্ষণ আছে) লখন হৈছে ৰামায়ণৰ মূল চৰিত্ৰ ৰামৰ ভ্ৰাতৃ। তেওঁক সৌমিত্ৰ, ৰামানুজ আৰু ভৰতানুজ নামেৰেও জনা যায়। তেওঁ শত্ৰুঘ্নৰ যঁমজ ভ্ৰাতৃ।
-
বাল্মীকি
বাল্মীকি সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়চোৱাত লিখা হৈছিল। ৰামায়ণৰ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়। তেওঁক আদিকবি বুলিও জনা যায়। বাল্মীকিৰ মূল ৰামায়ণত মুঠ ২৩০০০টা শ্লোক আৰু উত্তৰাকাণ্ডকে ধৰি ৭টা কাণ্ড আছিল।
-
দশৰথ
দশৰথ (दशरथ) হৈছে ৰামায়ণ আৰু বিষ্ণু পুৰাণত বৰ্ণিত কোশল দেশৰ ৰজা আৰু ৰামৰ পিতৃ। তেওঁৰ ৰাজধানীৰ নাম অযোধ্যা। তেওঁ আছিল ৰজা অজ আৰু ৰাণী ইন্দুমতীৰ পুত্ৰ। তেওঁৰ তিনিগৰাকী ভাৰ্যা আছিল। তেওঁলোক হৈছে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁলোকৰ গৰ্ভত দশৰথৰ ঔৰষত ৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হয়।
-
পৰশুৰাম
পৰশুৰাম (परशुराम) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁক ৰাম জমদগ্ন্য, ৰাম ভাৰ্গৱ বা বীৰৰাম নামেৰেও জনা যায়। তেওঁক কলি যুগৰ অন্তত বিষ্ণুৰ দশম অৱতাৰ অৰ্থাৎ কল্কিৰ গুৰুৰূপে আৱিৰ্ভাৱ ঘটিব লগা চিৰঞ্জীৱিসকলৰ এজন বুলি ধৰা হয়।
-
জনক
জনক (जनकः) প্ৰাচীন ভাৰতৰ মিথিলা অঞ্চলত অৱস্থিত বিদেহ ৰাজ্যৰ ৰজা আছিল। তেওঁৰ শাসনকাল আনুমানিক ভাৱে খীষ্ট্ৰপূৰ্ব অষ্টম অথবা সপ্তম শতিকাত আছিল বুলি ঠাৱৰ কৰা হৈছে। বিদেহ ৰাজ্যৰ অধিপতিসকলক জনক নামেৰে জনা গৈছিল। অৰ্থাৎ জনক বিদেহ ৰাজ্যৰ অধীশ্বৰসকলৰ কৌলিক খিতাপ।
-
অগস্ত্য
অগস্ত্য (अगस्त्य) হৈছে প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি। ভাৰতীয় সংস্কৃতিৰ মতে তেওঁ এজন প্ৰখ্যাত আৰু প্ৰভাৱশালী বহু ভাষাৰ জ্ঞান থকা বিদগ্ধ পণ্ডিত। অগস্ত্য আৰু তেওঁৰ সহধৰ্মিণী লোপামুদ্ৰাই সংস্কৃত ভাষাত ঋকবেদৰ শ্লোক ১.১৬৫ ৰ পৰা ১.১৯১ আৰু অন্যান্য বৈদিক সাহিত্যৰ ৰচনা কৰিছিল।
-
বিভীষণ
বিভীষণ হৈছে ৰামায়ণত বৰ্ণিত লংকাৰ অধিপতি ৰাৱণৰ কনিষ্ঠ ভ্ৰাতৃ। নিজে ৰাক্ষস হোৱা স্বত্বেও বিভীষণে ৰাৱণক পৰিত্যাগ কৰি ৰামৰ পক্ষ লৈছিল। ৰাৱণ বধৰ পিছত ৰামে বিভীষণক লংকাৰ ৰজা পাতে।
-
গংগা দেৱী
গঙ্গা বা গংগা (সংস্কৃত: गङ्गा, থাই: คงคา Khongkha) গঙ্গা নদীৰ মূৰ্তিস্বৰূপ এক হিন্দু দেৱী। হিন্দুধৰ্মত এই দেৱী বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰিণী। হিন্দুসকলে বিশ্বাস কৰে যে গঙ্গাত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয় আৰু জীৱই মুক্তিলাভ কৰে।
-
ইন্দ্ৰজিৎ
ইন্দ্ৰজিৎ বা মেঘনাদ হৈছে লংকাৰ ৰাজকুমাৰ আৰু ইন্দ্ৰৰ নগৰী অৰ্থাৎ ইন্দ্ৰলোকৰ বিজেতা। পৌৰাণিক হিন্দু সাহিত্যসমূহত তেওঁক মহানতম যোদ্ধাসমূহৰ এজন বুলি স্বীকৃতি দিয়া হৈছে। ৰামায়ণত ইন্দ্ৰজিতৰ উল্লেখ তথা বৰ্ণনা পোৱা যায়। ৰাম আৰু ৰাৱণৰ যুদ্ধত ইন্দ্ৰজিতে সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
কুম্ভকৰ্ণ
কুম্ভকৰ্ণ (कुम्भकर्ण) হৈছে বিখ্যাত হিন্দু মহাকাব্য ৰামায়ণৰ এজন প্ৰখ্যাত ৰাক্ষস আৰু ৰাৱণৰ এজন কনিষ্ঠ ভ্ৰাতৃ। বিশালাকায় শৰীৰ আৰু অসাধাৰণ ক্ষুধাৰ গৰাকী কুম্ভকৰ্ণক প্ৰাচীন হিন্দু পুৰাণত এজন সৎ চৰিত্ৰৰ ব্যক্তি আৰু মহান যোদ্ধা বুলি বৰ্ণনা কৰা হৈছে।
-
সুগ্ৰীৱ
সুগ্ৰীৱ (सुग्रीव, 'সুন্দৰ ডিঙি') হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসৰি তেওঁ বালিৰ সৰু ভায়েক আছিল। সুগ্ৰীৱে বালিক পৰাভূত কৰি কিষ্কিন্ধা, বানৰ ৰাজ্যৰ শাসক হিচাপে সফল হৈছিল। ৰুমা তেওঁৰ পত্নী আছিল। তেওঁ হিন্দু দেৱতা সূৰ্য্যৰ পুত্ৰ আছিল।
-
ভৰত (ৰামায়ণৰ চৰিত্ৰ)
ভৰত হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এক চৰিত্ৰ। তেওঁ ৰামৰ সতীয়া ভ্ৰাতৃ আৰু দশৰথ তথা কৈকেয়ীৰ পুত্ৰ। ৰামায়ণত ভৰতক ধৰ্ম আৰু আদৰ্শৰ প্ৰতীকৰূপে চিহ্নিত কৰা হয়। ভাৰতৰ কেৰেলাতেই ভৰতৰ সৰ্বাধিক পূজা কৰা হয়।
-
পুলস্ত্য
পৌৰাণিক হিন্দু কাহিনী অনুসৰি পুলস্ত্য (पुलस्त्य; Pulastya) আছিল ব্ৰহ্মাৰ দশ মানস পুত্ৰ তথা দশ প্ৰজাপতিৰ এজন আৰু তেওঁ আছিল এজন সপ্তৰ্ষিৰ (সাতজন মহা ঋষি) প্ৰথম মানৱতাৰ। মহাভাৰতৰ অনুসৰি, ৰাক্ষসকুল আৰু কিন্নৰকুল উভয়ে আছিল মুনি পুলস্ত্যৰ সন্তান।
-
বিশ্ৰবা
ঋষি বিশ্ৰবা (Vishrava) হ’ল ব্ৰহ্মাৰ পুত্ৰ ঋষি পুলস্ত্যৰ পুত্ৰ আৰু অগস্ত্য মুনিৰ ভাই। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত উল্লিখিত ঋষি বিশ্ৰবা আছিল মুনিসকলৰ মাজৰ অতি গুৰুত্বপূৰ্ণ ঋষি। তেওঁ তপস্যাৰ বলত বিশেষ ক্ষমতাৰ অধিকাৰী হৈছিল।
-
শত্ৰুঘ্ন
শত্ৰুঘ্ন (शत्रुघ्न) হৈছে ৰামৰ কনিষ্ঠ ভ্ৰাতৃ আৰি দশৰথ তথা সুমিত্ৰাৰ পুত্ৰ। তেওঁ লক্ষ্মণৰ যমজ ভ্ৰাতৃ। শত্ৰুঘ্নক ৰিপুদমন নামেৰেও জনা যায়। বাল্মীকি ৰামায়ণৰ মতে শত্ৰুঘ্ন বিষ্ণুৰ অৱতাৰ ৰামৰেই অংশ। মহাভাৰতৰ বিষ্ণু সহস্ৰনামত শত্ৰুঘ্নৰ স্থান ৪১২।
-
সুমালী
সুমালী (Sumali) ৰাক্ষস ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল। তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু মালী। সুমালী কেতুমতীক বিবাহ কৰাইছিল। তেওঁৰ ১০গৰাকী পুত্ৰ আছিল ক্ৰমে- (প্ৰহস্ত, অকম্পন, বিকট, কালিকামুখা, ধুমৰক্ষ, দণ্ড, সুপ্ৰস্ব, সংৰাদি, প্ৰঘাস (Praghasa) আৰু ভাস্কৰ্ণ) আৰু ৪গৰাকী কন্যা…
-
কৈকেষী
কৈকেষী বা কৈকসী (Kaikeshi বা Kaikashi) আছিল ঋষি বিশ্ৰবাৰ পত্নী আৰু ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু শূৰ্পনখাৰ মাতৃ। তেওঁ ৰাক্ষক ৰজা সুমালীৰ কন্যা আছিল।
-
শূৰ্পনখা
শূৰ্পনখা (शूर्पणखा) হৈছে ৰামায়ণত বৰ্ণিত এক ৰাক্ষসী। তেওঁৰ আন এটা নাম মীনাক্ষী। তেওঁ লংকাধিপতি ৰাৱণৰ কনিষ্ঠা ভগ্নী আৰু ঋষি বিশ্ৰবা তথা ৰাক্ষসী কৈকেষীৰ জীয়ৰী। মূল বাল্মীকি ৰামায়ণত শূৰ্পনখাৰ ভূমিকা সৰু যদিও গুৰুত্বপূৰ্ণ।
-
কৈকেয়ী
কৈকেয়ী (Kaikeyi) হিন্দু মহাকাব্য ৰামায়ণৰ ৰজা দশৰথৰ তৃতীয়গৰাকী পত্নী আৰু অযোধ্যাৰ ৰাণী আছিল৷ দশৰথৰ তিনিগৰাকী পত্নীৰ ভিতৰত কৈকেয়ীৰ ভূমিকা সকলোতকৈ বেছি৷ তেওঁ কেকেয় ৰাজ্যৰ জীয়াৰী আৰু এগৰাকী শক্তিশালী যোদ্ধা আছিল, যিয়ে যুদ্ধৰ সময়ত তেওঁৰ পতি দশৰথক সহায় কৰিছিল৷ কৈকেয়ী ভৰতৰ মাক আছিল৷ প্ৰথমতে তেওঁ…
-
মন্দোদৰী
মন্দোদৰী (मंदोदरी (আক্ষৰিক অৰ্থত সুকোমল উদৰৰ গৰাকী) হৈছে লংকাৰ অধিপতি ৰাৱণৰ সহধৰ্মিণী। ৰামায়ণৰ বৰ্ণনা অনুসৰি মন্দোদৰী আছিল অতীৱ সুন্দৰী, নিৰ্মল আৰু ধাৰ্মিক প্ৰকৃতিৰ। হিন্দু ধৰ্ম অনুসৰি তেওঁ পঞ্চকন্যাৰ অন্যতম। পঞ্চকন্যাৰ নাম ল'লে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়।
-
কৌশল্যা
কৌশল্যা হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ কোশল ৰাজ্যৰ ৰাজকুমাৰী আছিল আৰু ৰজা দশৰথৰ পত্নী, ৰামৰ মাতৃ আৰু অযোধ্যাৰ জ্যেষ্ঠ ৰাণী আছিল। তেওঁ শান্তা নামৰ এগৰাকী কন্যা সন্তানৰ মাতৃও আছিল। বাল্মীকি ৰামায়ণৰ বালকাণ্ডত শান্তাৰ উল্লেখ আছে।
-
নল
নল (नल),হিন্দু মহাকাব্য ৰামায়ণৰ এক বানৰ চৰিত্ৰ। সেই অনুসাৰে তেওঁ আছিল দেৱশিল্পী বিশ্বকৰ্মাৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ শ্বেতপদ্ম বা বগা পদুম ফুল। বিশ্বকৰ্মাৰ পুত্ৰ হিচাপে তেওঁ আছিল বানৰৰূপী।
-
মালী
মালী (Mali) ৰাক্ষস ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল৷ তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু সুমালী। মালী বসুদা বিবাহ কৰাইছিল। তেওঁৰ ৪গৰাকী পুত্ৰৰ নাম আছিল ক্ৰমে- অনল, অনিল, হৰ আৰু সম্পাতী; যি পিছলৈ বিভীষণৰ মন্ত্ৰী হৈছিল৷ মালীৰ পত্নী বসুদা আছিল গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ জীয়ৰী৷ বসুদাৰ…
-
জাম্বৱন্ত
জাম্বৱন বা জাম্বৱন্ত হৈছে মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ, সেই অনুসৰি তেওঁ ভালুকৰ ঐশ্বৰিক ৰজা, যাক ব্ৰহ্মা দেৱতাই লংকাৰ ৰজা ৰাৱণৰ বিৰুদ্ধে তেওঁৰ হোৱা সংগ্ৰামত ৰামক সহায় কৰিবলৈ সৃষ্টি কৰিছিল।
-
বালি (ৰামায়ণৰ চৰিত্ৰ)
বালি (वाली), হিন্দু মহাকাব্য ৰামায়ণত কিষ্কিন্ধাৰ ৰজা আছিল। তেওঁ সুগ্ৰীৱৰ জ্যেষ্ঠ ভাতৃ আৰু অংগদৰ পিতৃ, বৃক্ষৰাজৰ জৈৱিক পুত্ৰ তথা তাৰাৰ স্বামী আছিল। তেওঁক বিষ্ণুৰ অৱতাৰ ৰামৰ দ্বাৰা হত্যা কৰা হৈছিল। ত্ৰেতা যুগৰ সময়ত বালি অজেয় আছিল। বালিয়ে ৰাৱণৰ দৰে কেইজনমান মহান যোদ্ধাক পৰাজিত কৰিছিল।