অসুৰ
৫৭ প্ৰবন্ধ
-
অসুৰ
অসুৰ (Asura) হৈছে ভাৰতীয় মূলৰ কিংবদন্তিসমূহত বৰ্ণিত একপ্ৰকাৰৰ জীৱ। হিন্দুধৰ্মৰ ৰচনাৱলীত তেওঁলোকক দেৱতাসকলৰ সৈতে সম্পৰ্কিত কিন্তু এক ক্ষমতালোভী জাতি হিচাপে বৰ্ণনা কৰা হৈছে। বৌদ্ধধৰ্মৰ সাহিত্যত অসুৰ শব্দটো টাইটানসকলক বা অৰ্ধদেৱতাসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
-
নৰকাসুৰ
ভাগৱত পুৰাণত উল্লেখ থকা মতে নৰকাসুৰ বা নৰক ভূমি (ভূদেৱী) আৰু বৰাহৰ (বিষ্ণুৰ তৃতীয় অৱতাৰ) পুত্ৰ। বিদেহৰ (উত্তৰ বিহাৰ) ৰজা জনকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। বাণাসুৰৰ প্ৰভাৱত তেওঁ অত্যাচাৰী হৈ পৰিছিল। তেওঁ শেষ দানৱ ৰজা ঘটকাসুৰক সিংহাসনচ্যুত কৰি প্ৰাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল।
-
বাণাসুৰ
বাণ (বা বাণাসুৰ) হিন্দু কিংবদন্তি মতে এজন সহস্ৰ বাহু থকা অসুৰ ৰজা আৰু বলিৰ পুত্ৰ। শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ)ক ৰাজধানী কৰি বাণাসুৰে মধ্য অসমত ৰাজত্ব কৰিছিল বুলি বিশ্বাস কৰা হয়। পুৰাণিক কাহিনী অনুসৰি বাণাসুৰ এজন কিৰাট ৰজা আছিল।
-
হিৰণ্যকশিপু
হিৰণ্যকশিপু (Hiranyakashipu, হিৰণ্যকাশ্যপ বুলিও জনা যায়) হিন্দু ধৰ্মগ্ৰন্থৰ মতে, এক মহাপ্ৰতাপী অসুৰ ৰজা। তেওঁ আছিল ঋষি কাশ্যপ আৰু দিতিৰ পুত্ৰ আৰু বিষ্ণুভক্ত প্ৰহ্লাদৰ পিতৃ৷ হিৰণ্যাক্ষ তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু হোলিকা ভনী আছিল।
-
প্ৰহ্লাদ
প্ৰহ্লাদ (प्रह्लाद) আছিল এজন ৰজা। তেওঁ হিৰণ্যকশিপু আৰু তেওঁৰ পত্নী কয়াধুৰ পুত্ৰ, আৰু বিৰোচনৰ পিতৃ আছিল। তেওঁ ঋষি কাশ্যপৰ উত্তৰসুৰী আছিল আৰু সেয়েই কাশ্যপ গোত্ৰৰ লোক। ভগৱান বিষ্ণুৰ প্ৰতি থকা আনুগত্য আৰু অচলা ভক্তিৰ কাৰণে পুৰাণসমূহত তেওঁ এগৰাকী সাধুসুলভ শুদ্ধচৰিত্ৰৰ বিষ্ণুভক্তৰূপে বৰ্ণিত হৈছে।
-
কুম্ভকৰ্ণ
কুম্ভকৰ্ণ (कुम्भकर्ण) হৈছে বিখ্যাত হিন্দু মহাকাব্য ৰামায়ণৰ এজন প্ৰখ্যাত ৰাক্ষস আৰু ৰাৱণৰ এজন কনিষ্ঠ ভ্ৰাতৃ। বিশালাকায় শৰীৰ আৰু অসাধাৰণ ক্ষুধাৰ গৰাকী কুম্ভকৰ্ণক প্ৰাচীন হিন্দু পুৰাণত এজন সৎ চৰিত্ৰৰ ব্যক্তি আৰু মহান যোদ্ধা বুলি বৰ্ণনা কৰা হৈছে।
-
মহিষাসুৰ
মহিষাসুৰ ( महिषासुर, ) হিন্দু ধৰ্মৰ এটা ম'হ অসুৰ। হিন্দু সাহিত্যত তেওঁক আকৃতি সলনি কৰি নিজৰ অশুভ পথ অনুসৰণ কৰা প্ৰতাৰক অসুৰ হিচাপে চিত্ৰিত কৰা হৈছে। মহিষাসুৰ আছিল অসুৰ ৰম্ভ আৰু মহিষী নামৰ এগৰাকী মাইকী ম'হৰ পুত্ৰ।
-
হিৰণ্যাক্ষ
হিৰণ্যাক্ষ (हिरण्याक्ष, ) আছিল এক মহাপ্ৰতাপী অসুৰ। হিন্দী ধৰ্মগ্ৰন্থৰ মতে, যিয়ে স্বৰ্গত আক্ৰমণ কৰাৰ পাছত ধৰিত্ৰীদেৱীক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল। ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ ক্ৰমে সনক, সনাতন, সদানন্দ আৰু সনতকুমাৰে বিষ্ণুক দৰ্শন কৰিবলৈ যাওঁতে বিষ্ণুৰ দ্বাৰপাল বা দুৱৰী জয়-বিজয়ে প্ৰৱেশ কৰিবলৈ নিদিয়াত…
-
কেতু
কেতু বৈদিক বা হিন্দু জ্যোতিষত অৱনমিত (অৰ্থাৎ 'দক্ষিণ') চন্দ্ৰ ন’ড বা চন্দ্ৰপাত। দেৱতা হিচাপে ব্যক্তিত্বপ্ৰাপ্ত ৰাহু (আৰোহী (অৰ্থাৎ 'উত্তৰ') চন্দ্ৰ ন’ড) আৰু কেতুক বিষ্ণু দেৱতাই মূৰ কাটি পেলোৱা অমৰ অসুৰ (দানৱ) স্বৰভানুৰ দুটা অংশ বুলি গণ্য কৰা হয়।
-
চিত্ৰলেখা
চিত্ৰলেখা (चित्रलेखा; Chitralekha) আছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী ঊষাৰ সখী। তেওঁৰ দেউতাক আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) -ৰ ৰজা বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ড। চিত্ৰলেখা এগৰাকী চিত্ৰকৰ আছিল।
-
ৰক্তবীজ
ৰক্তবীজ ( रक्तबीज, ) হিন্দু ধৰ্মৰ এটা অসুৰ। পুৰাণ অনুসৰি তেওঁ শুম্ভ আৰু নিশুম্ভৰ সৈতে দুৰ্গাৰ দুয়োটা ৰূপ কালি আৰু চণ্ডী দেৱীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ৰক্তবীজে শিৱৰ পৰা এটা বৰ লাভ কৰিছিল যিটোৰ মতে তেওঁৰ শৰীৰৰ পৰা এটোপাল তেজ যুদ্ধক্ষেত্ৰত পৰিলেই সেই তেজৰ পৰা আৰু বহুতো ৰক্তবীজৰ সৃষ্টিহৈ শত্ৰুৰ লগত…
-
হোলিকা
হোলিকা (होलिका) হৈছে হিন্দু বৈদিক ধৰ্মগ্ৰন্থৰ উল্লিখিত এগৰাকী অসুৰ (নাৰী অসুৰ) যাক দেৱতা বিষ্ণুৰ সহায়ত পুৰি হত্যা কৰা হয়। তেওঁ অসুৰ ৰজা হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ ভনী আৰু প্ৰহ্লাদৰ পেহীয়েক আছিল। কেতিয়াবা তেওঁক সিংহিকা (Simhika) নামেৰেও জনা যায়।
-
তাৰকাসুৰ
তাৰকাসুৰ হিন্দু পৌৰাণিক কাহিনীৰ এক শক্তিশালী অসুৰ। তেওঁ অসুৰ বজ্ৰাংগ আৰু তেওঁৰ পত্নী বজ্ৰংগীৰ পুত্ৰ। তাৰকাৰ তিনিজন পুত্ৰ আছিল: তৰাক্ষ, বিদ্যুন্মালি আৰু কমলাক্ষ, যিসকলক ত্ৰিপুৰাসুৰ বুলি জনা যায়। তেওঁক কাৰ্তিকে বধ কৰে।
-
ত্ৰিশিৰা
ত্ৰিশিৰা (: त्रिशिर, যাৰ তিনিটা মূৰ আছে।) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ ৰামায়ণত উল্লেখ পোৱা যায়। তেওঁ ৰাৱণৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল মেঘনাদ অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক।
-
মায়াসুৰ
মায়াসুৰ বা ময়াসুৰ (मयासुर) হিন্দু শাস্ত্ৰত বৰ্ণিত অসুৰ, দেৱতা আৰু ৰাক্ষস জাতিৰ এজন মহান প্ৰাচীন ৰজা আছিল। মায়া তেওঁৰ উজ্জ্বল স্থাপত্যৰ বাবে জনাজাত আছিল। মহাভাৰতত বৰ্ণিত মায়াসভা বা ভ্ৰমৰ কক্ষ - তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল।
-
চণ্ড আৰু মুণ্ড
হিন্দু ধৰ্মৰ গ্ৰন্থ দেৱী মাহাত্ম্যত'চণ্ড আৰু মুণ্ড শুম্ভ আৰু নিশুম্ভ অসুৰৰ সেৱা কৰা দুই অসুৰ (দানৱ)। এদিন দুয়ো পাৰ্বতীৰ সৌন্দৰ্যৰ ওপৰত চকু পৰাত দুয়ো আত্মহাৰা হৈ পৰিল। এই দেৱীৰ ৰূপৰ খবৰ তেওঁলোকে শুম্ভলৈ লৈ গৈছিল। শুম্ভই দেৱীক বিয়া কৰাবলৈ ইচ্ছা কৰিছিল।
-
নৰান্তক-দেৱান্তক
নৰান্তক ( नरान्तक, অৰ্থাৎ নৰৰ অন্তকাৰী) আৰু দেৱান্তক ( देवान्तक, বা দেৱতাৰ অন্তকাৰী) হৈছে দুজন ৰাক্ষস আৰু ৰাৱণ পুত্ৰ। বিভিন্ন হিন্দু কিংবদন্তীত এই দুই দৈত্যৰ উল্লেখ পোৱা যায়। অতিকায় সহ, এওঁলোকক ৰাৱণে পুত্ৰ হিচাপে ধন্যমালিনীৰ গৰ্ভত সৃষ্টি কৰিছিল।
-
বিৰোচন
বিৰোচন হিন্দু ধৰ্মৰ এজন অসুৰ ৰজা। অথৰ্ববেদ (VIII.10.22) অনুসৰি তেওঁ প্ৰহ্লাদ আৰু ধৃতিৰ পুত্ৰ, হিৰণ্যকশিপুৰ নাতি আৰু বালিৰ পিতৃ। দাৰ্শনিক অনুসন্ধান আৰু নেতৃত্বৰ বাবে পৰিচিত বিৰোচন হিন্দু গ্ৰন্থসমূহৰ বিশেষকৈ চান্দোগ্য উপনিষদ, পুৰাণ, মহাভাৰত আদিৰ এক উল্লেখযোগ্য ব্যক্তিত্ব।
-
সুবাহু
সুবাহু (सुबाहु, சுபாகு ) ৰামায়ণত বৰ্ণিত এটা ৰাক্ষস চৰিত্ৰ আছিল। তেওঁ আৰু তেওঁৰ মাক তাড়কাই জংঘলৰ মুনিসকলক, বিশেষকৈ বিশ্বামিত্ৰৰ যজ্ঞ স্থলীত, মাংস আৰু তেজ ছটিয়াই তেওঁলোকৰ যজ্ঞত ব্যাঘাত জন্মাই হাৰাশাস্তি কৰাত অপৰিসীম আনন্দ লাভ কৰিছিল।
-
অঘাসুৰ
অঘাসুৰ হিন্দু সাহিত্যত, বিশেষকৈ ভাগৱত পুৰাণত প্ৰদৰ্শিত এক অসুৰ। তেওঁ কংসৰ অন্যতম সেনাপতি, আৰু অসুৰী পুতনা আৰু বকাসুৰৰ জ্যেষ্ঠ ভাতৃ আছিল। অঘাক কংসৰ সৈতে মিত্ৰতা কৰা জনগোষ্ঠীসমূহৰ ভিতৰত এটা বুলি কোৱা হৈছে। কৃষ্ণই অঘাসুৰক বধ কৰাৰ বিষয়ে শুক ঋষিয়ে ভাগৱত পুৰাণত ৰজা পৰীক্ষিতক বৰ্ণনা কৰিছে।
-
অন্ধকাসুৰ
হিন্দু সাহিত্যত অন্ধক বা অন্ধকাসুৰে (সংস্কৃত: अंधক, অৰ্থ: "যি অন্ধকাৰ কৰে") এজন কু-অসুৰক বুজায়, যাৰ অহংকাৰ শিৱ আৰু পাৰ্বতীয়ে নাশ কৰিছিল। তেওঁৰ কাহিনীৰ উল্লেখ বিভিন্ন হিন্দু গ্ৰন্থত পোৱা যায়, যেনে; মৎস্য পুৰাণ, কুৰ্ম পুৰাণ, লিংগ পুৰাণ, পদ্ম পুৰাণ, শিৱ পুৰাণ আদি।
-
তাড়কা
তাড়কা (ताड़का) বা তাতকা মহাকাব্য ৰামায়ণৰ এক ৰাক্ষসী চৰিত্ৰ। তেওঁৰ সন্তান মাৰিচ আৰু সুবাহুৰ সৈতে তেওঁ অৰণ্যত যজ্ঞ কৰা ঋষিক হাৰাশাস্তি আৰু আক্ৰমণ কৰিছিল। অৱশেষত তেওঁলোকক মহৰ্ষি বিশ্বমিত্ৰৰ নিৰ্দেশত ৰাম আৰু লক্ষ্মণে হত্যা কৰিছিল।
-
ধেনুক
হিন্দু পৌৰাণিক কাহিনীত, ধেনুক, যাক ধেনুকাসুৰ বুলিও কোৱা হয়, কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰামে হত্যা কৰা এক অসুৰ (দানৱ)। হৰিবংশত উল্লেখ আছে যে, ধেনুকই নিজৰ পৰিচাৰক অসুৰৰ দলৰ সৈতে, সকলোৱে গাধৰ ৰূপত, যিদৰে গোবৰ্ধন পৰ্বতৰ উত্তৰত যমুনা নদীৰ পাৰত অৱস্থিত তালগছৰ অৰণ্যৰ ওপৰত শাসন কৰিছিল।
-
বৃত্ৰাসুৰ
বৃত্ৰাসুৰ হিন্দু ধৰ্মৰ এক দানৱ বা অসুৰ। তেওঁ খৰাঙৰ মূৰ্তি হিচাপে কাম কৰে, আৰু দেৱৰ ৰজা ইন্দ্ৰৰ বিৰোধী। দানৱ হিচাপে তেওঁ অসুৰৰ জাতিৰ অন্তৰ্গত। বৃত্ৰক বেদত অহি (সংস্কৃত: अहि, অৰ্থ: 'সাপ') বুলিও জনা যায়।
-
শুম্ভ আৰু নিশুম্ভ
শুম্ভ আৰু নিশুম্ভ হৈছে হিন্দু পৌৰাণিক কাহিনীত বৰ্ণিত দুটা অসুৰ। এই বিষয়ে দেৱী মাহাত্ম্যত উল্লেখ আছে। তেওঁলোকৰ কিংবদন্তীত, তেওঁলোকক কৌশিকী দেৱীয়ে হত্যা কৰিছিল।
-
আডি
আডি (সংস্কৃত: आडि) মৎস্য পুৰাণত উল্লেখ থকা পৌৰাণিক কাহিনীৰ এক অসুৰ। এওঁ শিৱই বধ কৰা অন্ধকাসুৰৰ পুত্ৰ।
-
কালকেয়
কালকেয় বা কালখঞ্জ হিন্দু পৌৰাণিক কাহিনীত কাশ্যপ আৰু কলাৰ সন্তান, যিসকলক এটা দানৱৰ এটা পন্থা বুজায়। ষাঠি হাজাৰ কালকেয়ৰ অস্তিত্বৰ কথা কোৱা হয় আৰু তেওঁলোকে অসুৰ তথা শাসক বৃত্ৰৰ পতাকাৰ তলত যুদ্ধ কৰা বুলি বৰ্ণনা কৰা হৈছে।[1]
-
কালনেমি
কালনেমি হিন্দু পৌৰাণিক কাহিনীৰ এক অসুৰ। তেওঁ বিৰোচনৰ পুত্ৰ, আৰু প্ৰহ্লাদৰ নাতি। তাৰকাময় যুদ্ধত বিষ্ণুৱে তেওঁক হত্যা কৰে, য'ত তেওঁক সেনাপতি বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ এটা পুনৰ্জন্মত বিভিন্ন পৰম্পৰাত তেওঁ উগ্ৰসেনৰ পুত্ৰ কংস হিচাপে জন্ম লৈ মথুৰাৰ ৰজা হয়।
-
দাৰিকাসুৰ
দাৰিকা মুদিয়েট্টুৰ এটা চৰিত্ৰ, ভাগৱতী বা ভদ্ৰকালি পূজাৰ পৰা অহা এটা আচাৰ-ব্যৱহাৰৰ নৃত্য, সাধাৰণতে কেৱল কেৰেলাৰ কালি মন্দিৰতহে নৃত্য কৰা হয়। কাহিনীটোক "দাৰিকা বধম", বা "দাৰিকাক হত্যা কৰা" বুলিও কোৱা হয়।
-
পুলোমন
পুলোমন, যাক পুলোমা নামেৰেও জনা যায়, হিন্দু পৌৰাণিক কাহিনীৰ এক ব্যক্তিত্ব। তেওঁক দানৱ জাতিৰ অন্যতম প্ৰধান হিচাপে উল্লেখ কৰা হৈছে। তেওঁৰ পূৰ্বপুৰুষ আছিল কাশ্যপ ঋষি আৰু তেওঁৰ পত্নী দনু। পুলোমন ইন্দ্ৰ দেৱতাৰ পত্নী শচীৰ পিতৃও আছিল।