গ্ৰীক দেৱতা
৪১ প্ৰবন্ধ
-
জ্যুচ
জেউছ বা জ্যুচ (Zeus) পুৰণি গ্ৰীক ধৰ্ম আৰু কিংবদন্তি মতে "দেৱতা আৰু মানৱৰ পিতৃপুৰুষ", হিন্দু ধৰ্ম অনুসৰি ইন্দ্ৰৰ সমকক্ষ, ৰোমান বিশ্বাস বা কিংবদন্তিমতে জুপিটাৰ আৰু ইট্ৰুস্কান সমকক্ষ হৈছে টিনিয়া।
-
টাইটান
গ্ৰীক কিংবদন্তিৰ মতে তীতান, টাইটান বা টাইটানসকল (Titans) হৈছে প্ৰাক অলিম্পিয়ান দেৱতা। হেচিঅ'ডৰ থিঅ'গনিৰ আখ্যান মতে টাইটানসকল ভূদেৱী গেইয়া আৰু ইউৰেনাচৰ সন্তান। তেওঁলোকৰ মুঠ বাৰগৰাকীৰ ছগৰাকী পুৰুষ: অ'চেনাচ, ক'য়াচ, ক্ৰিয়াচ, হাইপেৰিয়ন, লেপিটাচ আৰু ক্ৰ'নচ। বাকী থকা ছগৰাকী হৈছে নাৰী।
-
প'জাইডন
প'ছেইদন বা প'জাইডন (Poseidon) হৈছে পৌৰাণিক গ্ৰীক কিংবদন্তিৰ বাৰজন অলিম্পিয়ান অৰ্থাৎ অলিম্পাচ পৰ্বত নিবাসী দেৱতাসকলৰ এজন। তেওঁ সমুদ্ৰ, ধুমুহা, ভূমিকম্প আৰু ঘোঁৰাৰ অধিপতি। প্ৰাক অলিম্পিয়ান যুগ অৰ্থাৎ গ্ৰীচৰ তাম্ৰ যুগত প'জাইডনক পাইল'ছ আৰু থেবিছ নামৰ ঠাইত এজন প্ৰধান দেৱতাৰূপে সন্মান আগবঢ়োৱা হৈছিল।
-
এপ'ল'
আপ'ল্লন (Ἀπόλλων, ), আপল্ল (Apollō, ) বা এপ'ল (Apollo) হৈছে পৌৰাণিক গ্ৰীক তথা ৰোমান কিংবদন্তিৰ বাৰজন অলিম্পিয়ান দেৱতাৰ অন্যতম। তেওঁক ধনুৰ্বিদ্যা, সংগীত আৰু কলা, সত্য আৰু ভৱিষ্যৎবাণী, ৰোগ আৰু নিৰাময়, সূৰ্য আৰু পোহৰ, কবিতা আদিৰ অধিষ্ঠাতা দেৱতা হিচাপে গণ্য কৰা হয়।
-
এফ্ৰোডাইটি
আফ্ৰ'দীতে বা এফ্ৰোডাইটি (Aphrodite) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ দেৱী তথা দ্বাদশ অলিম্পিয়ানৰ অন্যতম। ৰোমানসকলে তেওঁক ভেনাচ হিচাপে চিহ্নিত কৰে। এফ্ৰোডাইটিৰ মুখ্য চিহ্নসমূহ হৈছে মিৰটল (চিৰহৰিৎ উদ্ভিদবিশেষ), গোলাপ, কপৌ, ঘৰচিৰিকা আৰু ৰাজহাঁহ।
-
এথেনা
আথেনা, এথেনা, আথেনে বা পাল্লাছ (Athena) হৈছে প্ৰাচীন গ্ৰীচৰ জ্ঞান, কুটীৰ শিল্প আৰু সমৰকলাৰ অধিষ্ঠাত্ৰী দেৱী। তেওঁক পৰৱৰ্তী কালত ৰোমান দেৱী মিনাৰ্ভাৰ সমকক্ষ হিচাপে চিহ্নিত কৰা হয়।
-
হেৰা (গ্ৰীক দেৱী)
হেৰা (Hera) হৈছে প্ৰাচীন গ্ৰীচৰ এক দেৱী আৰু তেওঁ নাৰী, বিবাহ, পৰিয়াল আৰু সন্তান জন্মৰ অধিষ্ঠাত্ৰী। তেওঁ দ্বাদশ অলিম্পিয়ানৰ অন্যতম আৰু জ্যুচৰ ভগ্নী তথা সহধৰ্মিণী। হেৰা টাইটান ক্ৰ'নচ আৰু ৰিয়াৰ জীয়ৰী আৰু তেওঁ দেৱতাসকলৰ ৰাণী হিচাপে অলিম্পাচ পৰ্বতত শাসন চলায়।
-
আৰ্টিমিচ
আৰ্তেমিছ বা আৰ্টিমিচ (Artemis হৈছে চিকাৰ, বন-জংঘল, বন্য জীৱ-জন্তু, চন্দ্ৰ আৰু কুমাৰীত্বৰ গ্ৰীক দেৱী। তেওঁ ৰোমানসকলৰ দেৱী ডায়েনাৰ সমকক্ষ। আৰ্টিমিচ জ্যুচ আৰু লেট'ৰ জীয়ৰী তথা এপ'ল'ৰ যমজ ভগ্নী। তেওঁ বালিকাসকলৰ ৰক্ষক। আৰ্টিমিচক নাৰীসকলৰ ৰোগ আৰু ইয়াৰ নিৰাময়ৰ হোতা হিচাপে গণ্য কৰা হয়।
-
ক্ৰণচ
ক্ৰ'ন'ছ বা ক্ৰণচ (Cronus বা Kronos) (Κρόνος Kronos) আছিল গ্ৰীক কিংবদন্তিৰ পৌৰাণিক তথা সৰ্বমান্য ভাষ্যমতে টাইটানসকলৰ প্ৰথম পুৰুষৰ সৰ্বকনিষ্ঠ আৰু নেতা। টাইটান সমূহ গেইয়া (পৃথিৱী) আৰু ইউৰেনাচ অৰ্থাৎ আকাশৰ দৈৱিক বংশধৰ আছিল।
-
ডিমিটাৰ
দেমেতেৰ বা ডিমিটাৰ (Demeter) হৈছে প্ৰাচীন গ্ৰীচৰ কৃষিকাৰ্য আৰু শস্য চপোৱা কাৰ্যৰ দেৱী। তেওঁ ফচল আৰু পৃথিৱীৰ উৰ্বৰতাৰ অধিষ্ঠাত্ৰী। তেওঁক ছিট অৰ্থাৎ খাদ্য বা ফচলদাত্ৰী আৰু থেচম'ফ'ৰিয়া অৰ্থাৎ দৈৱিক আইনৰ প্ৰদানকাৰী নামেৰে জনা যায়। কেৱল মহিলাসকলে পালন কৰা থেচম'ফ'ৰিয়া নামৰ উৎসৱ ডিমিটাৰৰ প্ৰতি উৎসৰ্গিত।
-
হাৰ্মিচ
হেৰ্মেছ বা হাৰ্মিচ (Hermes) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা আৰু দ্বাদশ অলিম্পিয়ানৰ অন্যতম। হাৰ্মিচক দেৱতাসকলৰ বাৰ্তাবাহকৰূপে গণ্য কৰা হয়। তেওঁ মনৱ বাৰ্তাবাহক, ভ্ৰমণকাৰী, চোৰ, বণিক আৰু বক্তাসকলৰ ৰক্ষাকৰ্তা।
-
হেডিচ
হাইদেছ বা হেডিচ (; ᾍδης Hádēs; Ἅιδης Háidēs) হৈছে গ্ৰীক কিংবদন্তিসমূহৰ মতে মৃত্যুৰ দেৱতা আৰু পাতালপুৰীৰ অধিপতি৷ তেওঁ ক্ৰ'নচ আৰু ৰিয়াৰ জ্যেষ্ঠ সন্তান আছিল। পিতৃ ক্ৰ'নচে জ্যুচৰ বাদে সকলো সন্তানকে উদৰস্থ কৰে যদিও পিছত জ্যুচৰ হস্তক্ষেপত ক্ৰ'নচৰ উদৰৰ পৰা হেডিচ সৰ্বশেষত নিৰ্গত হয়।
-
এৰিচ
আৰেছ বা এৰিচ (Ares) হৈছে প্ৰাচীন গ্ৰীকসকলে আৰাধনা কৰা যুদ্ধ আৰু সাহসৰ দেৱতা। তেওঁ দ্বাদশ অলিম্পিয়ানৰ অন্যতম তথা জ্যুচ আৰু হীৰাৰ পুত্ৰ। পৌৰাণিক গ্ৰীক সাহিত্যত এৰিচে যুদ্ধৰ হিংসাত্মক, বিভীষিকাময় আৰু বন্য ৰূপটোক প্ৰতিনিধিত্ব কৰে।
-
পাৰ্চিফোনি
পাৰ্চিফোনি (Persephone) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱী। তেওঁ দেৱৰাজ জ্যুচ আৰু ডিমিটাৰৰ কন্যা। তেওঁক কৰি বা কৰা নামেৰেও জনা যায়। জ্যুচৰ অনুমতি সাপেক্ষে পাতালপুৰীৰ অধিপতি হেডিচে হৰণ কৰি নিয়াৰ পিছৰপৰাই পাৰ্চিফোনি সেই ঠাইৰ ৰাণীৰূপে অধিষ্ঠিত হয়।
-
ইউৰেনাচ (গ্ৰীক দেৱতা)
ঊৰান'ছ বা ইউৰেনাচ (Uranus) হৈছে প্ৰাচীন গ্ৰীচৰ আকাশৰ আদিদেৱতা। তেওঁৰ ৰোমান সমকক্ষ দেৱতা হৈছে কেইলাচ। পৌৰাণিক গ্ৰীক সাহিত্যৰ মতে ইউৰেনাচ বা পিতৃ-আকাশ হৈছে আদি ভূমিদেৱী গেইয়াৰ পুত্ৰ তথা পতি। হেচিঅ'ডৰ থিঅ'গনিৰ মতে ইউৰেনাচক গেইয়াই অকলেই ধাৰণ কৰিছিল।
-
গেইয়া
গ্ৰীক কিংবদন্তি অনুসাৰে, গেইয়া (Gaia); (ভূমি বা পৃথিৱীৰ কাব্যিক নাম) হৈছে পৃথিৱীৰ মূৰ্ত্তমান ৰূপ আৰু গ্ৰীকসকলৰ আদি দেৱ-দেৱীসকলৰ অন্যতম। গেইয়া সকলো জীৱৰে মাতৃ।
-
ৰীয়া
ৰীয়া বা ৰেইয়া (Rhea) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱী। তেওঁ ভূমিদেৱী গেইয়া আৰু আকাশৰ দেৱতা ইউৰেনাচৰ জীয়ৰী। তেওঁ ক্ৰ'নচৰ ভগ্নী তথা সহধৰ্মিণী। পৌৰাণিক কালত ৰীয়া 'দেৱতাৰ জননী' নামেৰে পৰিচিত আছিল আৰু সেয়ে দুই দেৱমাতৃ গেইয়া আৰু চিবিলৰ সৈতে তেওঁৰ নিকট সম্পৰ্ক আছিল।
-
ইৰ'চ
ইৰ'চ (Eros) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম আৰু যৌনতাৰ দেৱতা। তেওঁৰ ৰোমান সমকক্ষ হৈছে কিউপিড। প্ৰাৰম্ভিক কালত ইৰ'চক এক আদি দেৱতা হিচাপে বৰ্ণনা কৰা হৈছে। ইয়াৰ বিপৰীতে পিছৰ পৰ্যায়ৰ লিখনি আদিত তেওঁক সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটি আৰু যুদ্ধৰ দেৱতা এৰিচৰ পুত্ৰ বুলি আখ্যা দিয়া হৈছে।
-
হেফেইষ্টাচ
হেফেইস্ত'ছ বা হেফেইষ্টাচ (Hephaestus) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা। তেওঁ কমাৰ, ধাতুশিল্প, ভাস্কৰ, নিৰ্মাণ শিল্প আৰু শিল্পী, স্থাপত্যবিদ্যা, অগ্নি আৰু আগ্নেয়গিৰিৰ অধিষ্ঠাতা। ভালকান হৈছে তেওঁৰ ৰোমান সমকক্ষ দেৱতা। হেফেইষ্টাচৰ পিতৃ-মাতৃ সম্পৰ্কে দ্বিমত আছে।
-
ইৰেবাছ
গ্ৰীক আখ্যান অনুসৰি ইৰেবাছ ("গভীৰ অন্ধকাৰ, ছাঁ বা "আৱৰি থকা") বা ইৰেবোছ হৈছে আদি দেৱতাসকলৰ অন্যতম যি অন্ধকাৰক প্ৰতিনিধিত্ব কৰে। উদাহৰণ স্বৰূপে, হেচিঅ'ডৰ থিঅ'গনিয়ে তেওঁক মহাশূন্যৰ পৰা জন্মলাভ কৰা সৃষ্টিৰ আদি অৱস্থাৰ প্ৰথম পাঁচটা সত্তাৰ ভিতৰত এজন বুলি চিনাক্ত কৰে।
-
নাইক্স
নাইক্স (Nyx) হৈছে গ্ৰীকসকলৰ নিশাৰ দেৱী। এক ছায়াময় চিত্ৰ, নাইক্স সৃষ্টিৰ আৰম্ভণিতে ইৰেবাছৰ (অন্ধকাৰ) সৈতে লগ হৈ হিপ্নোছ (টোপনি) আৰু থানাটোছৰ (মৃত্যু) দৰে আন আদি-দেৱতাসকলৰ জন্ম দিছিল।
-
হেষ্টিয়া
হেস্তিয়া বা হেষ্টিয়া (Hestia, /ˈhɛstiə, ˈhɛstʃə/; গ্ৰীক: Ἑστία, “hearth” or “fireside”) আছিল ঘৰুৱা, পৰিয়াল, ঘৰ আৰু ৰাজ্যৰ সঠিক আদেশ, জুইশালৰ কুমাৰী দেৱী। গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি তেওঁ টাইটানছ তথা ক্ৰন’ছ আৰু ৰিয়াৰ প্ৰথম সন্তান আছিল।
-
ইথাৰ
গ্ৰীক আখ্যান অনুসৰি ইথাৰ বা এইথাৰ হৈছে আদি দেৱতাসকলৰ এজন। তেওঁক আকাশৰ উপৰিভাগৰ মূৰ্তমান স্বৰূপ বুলি গণ্য কৰা হয়। ইথাৰ নশ্বৰ প্ৰাণীয়ে গ্ৰহণ কৰা সাধাৰণ বায়ুৰ বিপৰীতে দেৱতাসকলে শ্বাস-প্ৰশ্বাসৰ বাবে গ্ৰহণ কৰা বিশুদ্ধ বায়ু।
-
এছ্ক্লেপিআছ
প্ৰাচীন গ্ৰীক ধৰ্ম আৰু কিংবদন্তি অনুসৰি এছ্ক্লেপিআছ (; Ἀσκληπιός, Asklēpiós; Aesculapius) এজন নায়ক আৰু চিকিৎসা বিজ্ঞানৰ দেৱতা। ৰোমান দেৱতা ভেজ'ভিছ আৰু ইজিপ্টীয় ইম্হ'টেপৰ সৈতে তেওঁক যুক্ত কৰা হয়। তেওঁ এপ'ল' আৰু জলকুঁৱৰী ক'ৰ'নিছৰ সন্তান। এপ'ল'ৰ লগতে তেওঁক Paean ("বৈদ্য")ৰ সন্মান দিয়া হয়।
-
ডাইঅ'নিছাছ
দিঅ'ন্যূছ'ছ বা ডাইঅ'নিচাছ প্ৰাচীন গ্ৰীক ধৰ্ম আৰু আখ্যানত হৈছে সুৰা-নিৰ্মাণ, ফলৰ বাগিচা আৰু ফল, গছ-গছনি, উৰ্বৰতা, উৎসৱ, উন্মাদনা, আচাৰ-ব্যৱহাৰৰ উন্মাদনা, ধৰ্মীয় আনন্দ আৰু নাট্যৰ দেৱতা।
-
দ্বাদশ অলিম্পিয়ান
গ্ৰীক ধৰ্ম আৰু আখ্যান অনুযায়ী দ্বাদশ অলিম্পিয়ান বা বাৰগৰাকী অলিম্পিয়ান দেৱ-দেৱী হৈছে মূলতঃ অলিম্পাছ পৰ্বতত বাস কৰা বাৰগৰাকী গ্ৰীক দেৱ-দেৱী। এওঁলোক হৈছে জেউছ, হেৰা, প'ছেইদন, আফ্ৰ'দীতে,হেফেইস্ত'ছ, দেমেতেৰ, আথেনা, আৰ্তেমিছ, আপ'ল্লন, আৰেছ, হেৰ্মেছ আৰু হেস্তিয়া বা দিঅ'ন্যূছ'ছ।
-
লেট'
প্ৰাচীন গ্ৰীক আখ্যান আৰু ধৰ্মত লেট এগৰাকী দেৱী। তেওঁ সংগীত তথা সূৰ্যদেৱতা এপ'ল' আৰু চিকাৰ তথা চন্দ্ৰৰ দেৱী আৰ্টিমিছৰ মাতৃ। টাইটান কিউছ আৰু ফিবিৰ কন্যা। তেওঁৰ এষ্টেৰিয়া নামৰ এগৰাকী ভগ্নী আছে৷ দেৱৰাজ জিউছ লেট'ৰ যমজ সন্তান এপ'ল' আৰু আৰ্টিমিছৰ পিতৃ।
-
হেস্পেৰিড
হেস্পেৰিড (/hɛˈspɛrɪdiːz/; প্ৰাচীন গ্ৰীক: Ἑσπερίδες, ইংৰাজী: Hesperide) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত সন্ধিয়াৰ আৰু সূৰ্যাস্তৰ সোণালী পোহৰৰ নিম্ফ (nymph; অপেশ্বৰী)৷ এওঁলোকক "সন্ধিয়াৰ কন্যা" বা "পশ্চিমৰ নিম্ফ" বুলিও কোৱা হয়।
-
এছিয়া (অ'চেনিড)
এছিয়া (ইংৰাজী: Asia, প্ৰাচীন গ্ৰীক: Ἀσία) গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ কিছুমান সংস্কৰণত তেওঁৰ মাতৃ পম্ফলিক্স আৰু ভগ্নী লিবিয়া বুলিও কোৱা হৈছিল।
-
থেমিছ
গ্ৰীক কিংবদন্তি আৰু ধৰ্ম অনুসাৰে থেমিছ (/ˈθiːmɪs/; ইংৰাজী: Themis; আক্ষৰিক অৰ্থ: 'ন্যায়, আইন, প্ৰথা') ন্যায়, ঐশ্বৰিক শৃংখলা, আইন আৰু ৰীতি-নীতিৰ দেৱী তথা ব্যক্তিত্ব। গেইয়া আৰু ইউৰেনাছৰ বাৰজন টাইটান সন্তানৰ ভিতৰত তেওঁ অন্যতম আৰু জ্যুছৰ দ্বিতীয় পত্নী।