হিন্দু দেৱতা
৫২ প্ৰবন্ধ
-
শিৱ
শিৱ (शिव; আক্ষৰিক অৰ্থ "শুভ" বা "মঙ্গল") এজন হিন্দু দেৱতা। তিনি ত্ৰিমূৰ্তিৰ (হিন্দুসকলৰ মতে তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্তা) অন্যতম। ত্ৰিমূৰ্তিৰ শিৱ হৈছে ধ্বংসৰ প্ৰতীক। হিন্দুধৰ্মৰ শৈৱ শাখা সম্প্ৰদায়ৰ মতে, শিৱই হ’ল সৰ্বোচ্চ ঈশ্বৰ।
-
বিষ্ণু
বিষ্ণু (विष्णु) হিন্দু বৈষ্ণব সম্প্ৰদায়ৰ সৰ্বোচ্চ দেৱতা। আদি শংকৰ প্ৰমুখ্যে বিদগদ্ধ পণ্ডিতসকলৰ মতে, বিষ্ণু ঈশ্বৰৰ এটা প্ৰধান ৰূপ। আৰু তৈত্তিৰীয় শাখা আৰু ভগবদ গীতা আদি শ্ৰুতিশাস্ত্ৰবোৰত তেওঁক সৰ্বোচ্চ ঈশ্বৰৰ মৰ্য্যদা দিয়া হৈছে। বিষ্ণু সহস্ৰনামত, বিষ্ণুক পৰমাত্মা আৰু পৰমেশ্বৰ বুলি ঘোষণা কৰা হৈছে।
-
কৃষ্ণ
কৃষ্ণ (कृष्ण; Krishna) হিন্দু ধৰ্মৰ এজন আৰাধ্য দেৱতা। কৃষ্ণৰ আক্ষৰিক অৰ্থ "আন্ধাৰ, ক'লা, ঘন নীলা"। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে।
-
ৰাম
ৰাম বা ৰামা বা ৰামচন্দ্ৰ (राम) হ'ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ। হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে। সপ্তম অৱতাৰ ৰাম আৰু অষ্টম অৱতাৰ কৃষ্ণ হ'ল বিষ্ণুৰ অৱতাৰবোৰৰ ভিতৰত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। হিন্দু ধৰ্মত তেওঁ এজন জনপ্ৰিয় দেৱতা।
-
ব্ৰহ্মা
ব্ৰহ্মা (সংস্কৃত: ब्रह्मा; Brahmā) হিন্দুধৰ্মৰ সৃষ্টিৰ দেৱতা। বিষ্ণু আৰু শিৱৰ লগত ব্ৰহ্মদেৱকো ত্ৰিমূৰ্তিৰ মাজৰ এজন বুলি স্থান দিয়া হৈছে। . তেওঁ সৃষ্টি, জ্ঞান আৰু বেদৰ সৈতে জড়িত। সৃষ্টিৰ আখ্যানত ব্ৰহ্মৰ প্ৰধানকৈ উল্লেখ আছে।
-
ইন্দ্ৰ
ইন্দ্ৰ (; সংস্কৃত: इन्द्र) এজন হিন্দু দেৱতা৷ ইন্দ্ৰক দেৱতা আৰু স্বৰ্গ ৰাজ্যৰ ৰজা বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে ইন্দ্ৰ এজন মহাপৰাক্ৰমী দেৱতা তথা ৰজা। মহাভাৰত আৰু ৰামায়ণত উল্লেখ আছে। ইন্দ্ৰ দেৱতা আকাশ, বিজুলী, বতৰ, বজ্ৰপাত, ধুমুহা, বৰষুণ, নদীৰ প্ৰবাহ আৰু যুদ্ধৰ সৈতে জড়িত।
-
গণেশ
গণেশ (সংস্কৃত: गणेश; আন্তৰ্জাতিক সংস্কৃত লিপ্যন্তৰ পদ্ধতি অনুসৰি:; ) পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত।
-
হনুমান
হনুমান (हनुमान) হিন্দু শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলি জনা যায়।
-
বৰুণ
বৰুণ (वरुण) হৈছে হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱতা আৰু তেওঁ আকাশ, জল, ন্যায় আৰু সত্যৰ সৈতে জড়িত। প্ৰাচীনতম বৈদিক সাহিত্য যেনে ঋকবেদ আদিত বৰুণৰ উল্লেখ পোৱা যায়। তেওঁক সপ্তৰ্ষিৰ অন্যতম ঋষি কাশ্যপৰ পুত্ৰ বুলি বিশ্বাস কৰা হয়। হিন্দু পুৰাণসমূহৰ মতে বৰুণ সমুদ্ৰৰ দেৱতা।
-
বলোৰাম
বলোৰাম এগৰাকী হিন্দু ভগৱান বা দেৱতা তথা কৃষ্ণৰ ককায়েক। তেওঁ বিশেষভাৱে জগন্নাথ পৰম্পৰাৰে জড়িত এগৰাকী দেৱতা। তেওঁক বলোদেৱ, বলোভদ্ৰ, হলধৰ, হলযোদ্ধা আৰু সংকৰ্ষণ নামেৰেও জনা যায়।
-
কুবেৰ
কুবেৰ (कुबेर) বা কুবেৰন হৈছে হিন্দু ধৰ্মৰ সম্পত্তিৰ দেৱতা আৰু যক্ষসকলৰ ৰজা। তেওঁক উত্তৰ দিশৰ ৰক্ষক আৰু পৃথিৱীৰ ৰক্ষক বা লোকপালৰূপে জনা যায়। বিভিন্ন বৰ্ণনাত কুবেৰক অৰ্ধদৈৱ বিভিন্ন প্ৰজাতিৰ অধিপতি আৰু পৃথিৱীৰ সকলো সম্পত্তিৰ গৰাকীৰূপে উল্লেখ কৰা হৈছে।
-
কাৰ্তিক
কাৰ্তিক হিন্দুসকলৰ যুদ্ধদেৱতা। তেওঁ শিৱ আৰু পাৰ্বতীৰ কনিষ্ঠ সন্তান। কাৰ্তিক বৈদিক দেৱতা নহয়; তেওঁ পৌৰাণিক দেৱতা। প্ৰাচীন ভাৰতত সকলোতে কাৰ্তিক পূজা প্ৰচলিত আছিল। উত্তৰ ভাৰতত এওঁ এজন প্ৰাচীন দেৱতা ৰূপে পৰিগণিত। অন্যান্য হিন্দু দেৱদেৱীৰ দৰে কাৰ্তিককো একাধিক নামেৰে অভিহিত কৰা হয়।
-
যম
যম বা যমৰাজ (यम:) হৈছে হিন্দু ধৰ্মৰ মৃত্যু আৰু ন্যায়ৰ দেৱতা। তেওঁক কাল, ধৰ্মৰাজ আৰু ধৰ্মপ্ৰভু নামেৰেও জনা যায়। পাপীসকলক তেওঁৰ নিবাসস্থান নৰক বা যমলোকত যথোচিত শাস্তি বিহি ন্যায়ৰ ব্যৱস্থা কৰাই তেওঁৰ মুখ্য কাম। তেওঁক সততে ধৰ্মৰ স্বৰূপ বা ধৰ্মদেৱৰূপে জনা যায়।
-
সূৰ্য (দেৱতা)
সূৰ্য (सूर्य) হৈছে হিন্দু ধৰ্মৰ এজন দেৱতা। সংস্কৃত ভাষাত সূৰ্যৰ অৰ্থ বেলি। পৌৰাণিক ভাৰতীয় সাহিত্যত সূৰ্যক আদিত্য, অৰ্ক, ভানু, সৱিতুৰ, পোষণ, ৰবি, মাৰ্তণ্ড, মিত্ৰ, ভাস্কৰ, প্ৰভাকৰ, কথিৰাৱন আৰু বিভাসন আদি নামেৰে সম্বোধিত কৰা হৈছে।
-
বিশ্বকৰ্মা
বিশ্বকৰ্মা (विश्वकर्मान्,; অৰ্থাৎ "সকলোৰে সৃষ্টিকৰ্তা") স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা। ঋকবেদৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে। তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়। তেওঁ দেৱতাৰ শিল্পী তথা তেওঁক দেৱশিল্পী হিচাপে অভিহিত কৰা হয়।
-
জগন্নাথ
জগন্নাথ (ଜଗନ୍ନାଥ) প্ৰধানকৈ ভাৰত আৰু বাংলাদেশত পূজিত এগৰাকী দেৱতা। তেওঁক ভাতৃ বালভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে সাধাৰণতে আৰাধনা কৰা হয়। ওড়িয়া হিন্দু ধৰ্মত তেওঁ সৰ্বোচ্চ দেৱতা: পুৰুষোত্তম বা পৰ ব্ৰহ্ম।
-
অগ্নি (দেৱতা)
অগ্নি (Agni; अग्नि) হৈছে হিন্দু ধৰ্মৰ জুইৰ অধিষ্ঠাতা দেৱতা। তেওঁ দক্ষিণ-পূব দিশৰ অধিকাৰী দেৱতা আৰু হিন্দুধৰ্মৰ মঠ-মন্দিৰসমূহত অগ্নিক দক্ষিণ-পূব কোণত স্থাপিত কৰা দেখা যায়। হিন্দু সৃষ্টিতত্ব অনুযায়ী অগ্নি হৈছে প্ৰকৃতিৰ পঞ্চভূতৰ অন্যতম।
-
বৃহস্পতি
দেৱগুৰু বৃহস্পতি (बृहस्पति) হিন্দু ধৰ্মত দেৱতাসকলৰ গুৰু হিচাপে পৰিচিত এজন গুৰুত্বপূৰ্ণ ব্ৰাহ্মণ ঋষি আৰু দেৱতা। তেওঁক জ্ঞান, বুদ্ধি, বাক্যশক্তি আৰু শিক্ষাৰ দেৱতা বুলি গণ্য কৰা হয়। ভাৰতীয় জ্যোতিৰ্বিজ্ঞানত বৃহস্পতি নামৰ গ্ৰহটোও তেওঁৰ নামতেই নামকৰণ কৰা হৈছে।
-
কামদেৱ
কামদেৱ (कामदेव, কাম বা মন্মথ বা মদন হৈছে হিন্দুসকলৰ প্ৰেম আৰু বাসনাৰ দেৱতা। তেওঁক সততে সংগীনি ৰতিৰ সৈতে চিত্ৰায়িত কৰা হয়। কামদেৱ হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ। বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ ৰূপত তেওঁ অৱতাৰ ধাৰণ কৰা বুলি বিশ্বাস কৰা হয়।
-
ত্ৰিমূৰ্তি
ত্ৰিমূৰ্তি। হিন্দু ধৰ্মৰ তিনি পৰম দেৱতাৰ সমষ্টি, য'ত সৃজন, পালন আৰু সংহাৰৰ মহাজাগতিক কাৰ্যৰ তিনি দেৱতা হিচাপে মূৰ্ত কৰি তোলা হৈছে। সাধাৰণতে ব্ৰহ্মা সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু শিৱ সংহাৰকৰ্তা বুলি মনা হয়।
-
চন্দ্ৰ (দেৱতা)
চন্দ্ৰ (चन्द्र), বা সোম হৈছে হিন্দুধৰ্মৰ চন্দ্ৰ বা জোনৰ দেৱতা। তেওঁ নিশা বা ৰাতি, বনানি আৰু শাক-পাচলিৰ সৈতে জড়িত। তেওঁ নৱগ্ৰহ আৰু দিশসমূহৰ ৰক্ষক অৰ্থাৎ দিগপালসকলৰ অন্যতম।
-
বায়ু (দেৱতা)
বায়ু (वायु) হৈছে হিন্দু ধৰ্মৰ এজন প্ৰধান দেৱতা। তেওঁ বায়ু আৰু শ্বাস-প্ৰশ্বাসৰ অধিকাৰী দেৱতা। হনুমান আৰু দ্বিতীয় পাণ্ডৱ ভীম বায়ুৰ আধ্যাত্মিক পুত্ৰ। তেওঁক অনিল, ব্যান, বাত, তনুন, পৱন, আৰু কোনো কোনো সময়ত প্ৰাণ নামেৰে জনা যায়।
-
নন্দী
নন্দী (नन्दि), নন্দিকেশ্বৰ বা নন্দীদেৱ হৈছে হিন্দু দেৱতা শিৱৰ ষাঁড় বাহন। তেওঁ শিৱৰ বাসস্থান কৈলাসৰ অভিভাৱক দেৱতা। শিৱ মন্দিৰ সমূহৰ সমুখত প্ৰায়েই বহি থকা অৱস্থাত নন্দীৰ প্ৰস্তুৰ মূৰ্তি থাকে। সাধাৰণতে এই মূৰ্তিটো মুখ্য মন্দিৰৰ মুখামুখিকৈ প্ৰতিষ্ঠা কৰা হয়।
-
কূৰ্ম
কূৰ্ম (कूर्म;, 'কচ্ছপ', 'কাছ') হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ দহটা অৱতাৰৰ দ্বিতীয় ৰূপ। এই অৱতাৰক 'কূৰ্মৰজা' (কাছৰ ৰজা) হিচাপেও জনা যায়। যজুৰবেদৰ দৰে বৈদিক গ্ৰন্থত কূৰ্মক কাশ্যপ নামৰ সপ্তৰ্ষি জনৰ সমাৰ্থক হিচাপে গণ্য কৰা হয়।
-
ভৈৰৱ
ভৈৰৱ (भैरव) বা কাল ভৈৰৱ হিন্দুসকলৰ পূজনীয় শৈৱ পন্থাৰ এক দেৱতা। শৈৱ পন্থাত তেওঁ বিনাশৰ সৈতে জড়িত শিৱৰ এক শক্তিশালী প্ৰকাশ বা অৱতাৰ। ত্ৰিকা ব্যৱস্থাত ভৈৰৱে পৰমব্ৰহ্মৰ সমাৰ্থক পৰম বাস্তৱক প্ৰতিনিধিত্ব কৰে।
-
শনি (দেৱতা)
শনি (शनि), বা শনিশ্বৰ হৈছে শনি গ্ৰহ, আএউ হিন্দু জ্যোতিষশাস্ত্ৰ অনুসৰি নৱগ্ৰহৰ এক গ্ৰহ। পুৰাণসমূহৰ মতে শনি হিন্দু ধৰ্মৰ এগৰাকী দেৱতা। তেওঁক ৰাজদণ্ড বা তৰোৱাল লৈ শগুনৰ ওপৰত উপৱিষ্ট অৱস্থাত চিত্ৰায়িত কৰা হয়।
-
কল্কি
কল্কি (कल्कि) বা কলকিন
-
আদিত্য
হিন্দু ধৰ্মত আদিত্য (সংস্কৃত: आदित्य) প্ৰধান সৌৰ দেৱতাৰ এটা সমূহক বুজায়। আদিত্যসকল অদিতি দেৱীৰ সন্তান। একবচনত আদিত্য নামটো সৌৰ দেৱতা সূৰ্য্যক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
-
বসুদেৱ
বসুদেৱ ( সংস্কৃত: वसुदेव), যাক অনকদুণ্ডুভি বুলিও কোৱা হয় (অনক আৰু দুণ্ডুভি দুয়োটাই ঢোল বুজায়, তেওঁৰ জন্মৰ সময়ত এই বাদ্য বজোৱা সংগীতজ্ঞসকলৰ নামেৰে), হিন্দু দেৱতা কৃষ্ণ (বাসুদেৱ, অৰ্থাৎ "বসুদেৱৰ পুত্ৰ"), বলোৰাম আৰু সুভদ্ৰাৰ পিতৃ। তেওঁ বৃষ্ণীসকলৰ ৰজা আছিল।
-
বীৰভদ্ৰ
বীৰভদ্ৰ (সংস্কৃত: वीरभद्र; অৰ্থ: 'শুভ নায়ক'), হিন্দু দেৱতা শিৱৰ এক উগ্ৰ ৰূপ। শিৱৰ ক্ৰোধত তেওঁৰ সৃষ্টি হয়, যেতিয়া দেৱতাই দক্ষ যজ্ঞত পত্নী সতীৰ আত্মত্যাগৰ কথা শুনি তেওঁৰ চুলিৰ জঁটা এটা মাটিত পেলাই দিয়ে।