হুদুপৰা থান তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কেতেকীবাৰী গাঁৱৰ প্রাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ এখন আধ্যাত্মিক স্থল। প্ৰৱচন অনুসৰি, বৰ্তমান যি স্থানত নিতৌ নাম কীৰ্ত্তন কৰা হয়, সেই স্থানত এজোপা কেন্দু গছ আছিল, গছ জোপাৰ কাষত প্ৰায়েই হুদু চৰায়ে জিৰণি লৈছিল। গছ জোপাৰ তলত যথেষ্ট কেঁচুমতা হৈছিল। গৰু চৰাবলৈ যোৱা গৰখীয়া বোৰে সেই গছ জোপাৰ তলতে মাজে সময়ে ধেমালিৰ চলেৰে পূজা অর্চনা কৰিছিল। এবাৰ কোনোবা এজন ব্যক্তিয়ে কেঁচুমতাবোৰ ভাঙি পেলোৱাত মানুহজন দুৰাৰোগ্য ৰোগত ভূগিছিল। তেতিয়াৰে পৰাই ওচৰ চুবুৰীয়াই বিশেষ ঐশ্বৰিক শক্তি আছে বুলি বিশ্বাস কৰি নাম কীৰ্ত্তন কৰিব আৰম্ভ কৰে। থান খনৰ মূল উপাসনা স্থলীত এতিয়াও কোনো মণিকূট বা ওপৰত চালি নাই। এবাৰ গাঁওখনৰে এজন ব্যক্তিয়ে চালি এখন বনাওঁতে ৰাতি সপোনত সেই কাম নকৰিবলৈ পৰামৰ্শ পোৱাত পিছত চালি খন আঁতৰাই পেলোৱা হয়। কালক্ৰমত সেইয়াই আজিৰ এই হুদুপৰা থানলৈ ৰূপান্তৰিত হয়। উল্লেখিত কেন্দুগছ জোপা এতিয়া নাই যদিও গছ জোপাৰ লগত থকা লতাবোৰ এতিয়াও আছে।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুদুপৰা থান” প্ৰবন্ধৰ সংশোধন ৫৬২১৮৯ (৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।