ছূৰা আল ইখলাছ (আৰবী:الإخلاص) মুছলমান সকলৰ ধৰ্ম গ্ৰন্থ কোৰআনৰ ১১২ নম্বৰ ছূৰা, ইয়াৰ আয়াতৰ সংখ্যা ৪ টা আৰু ইয়াৰ ৰূকুৰ সংখ্যা এটা। আল ইখলাছ ছূৰাটো মক্কাত অৱতীৰ্ণ হৈছে। এই ছূৰাটোক ইছলামৰ শেষ পয়গম্বৰ মুহম্মদ(ছাঃ)ৰ দ্বাৰা বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ব্যাখ্যা কৰা হৈছিল। কাৰণ এই আয়াতত আল্লাহৰ অস্তিত্ব আৰু সত্বাৰ সবাতোকৈ সুন্দৰ ব্যাখ্যা দিয়া হৈছে। ইছলামৰ আৰম্ভণিতে এই ছূৰাসমূহ বিভিন্ন নামেৰে জনাজাত হৈছিল, কেতিয়াবা অঞ্চলভেদেও নামৰ ভিন্নতা আছিল।১
অসমীয়াত অনুবাদ
ছূৰাত থকা আয়াত সমূহৰ অসমীয়া অৰ্থ তলত দিয়া হ'লঃ
- "কওক, তেওঁ আল্লাহ, এক, একক
- আল্লাহ অমুখাপেক্ষী,
- তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই
- আৰু তেওঁৰ সমতুল্য একোৱেই নাই। ২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল-ইখলাছ” প্ৰবন্ধৰ সংশোধন ৪৩৩০৪২ (২৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।