ইছলাম ধৰ্ম
১৮১ প্ৰবন্ধ
-
ইছলাম
ইছলাম (; আৰবী ভাষাত: الإسلام আল্ ইছলাম্) এটা একেশ্বৰবাদী আব্ৰাহামিক ধৰ্ম। ইছলাম (আৰবী: الإسلام) শব্দটো আহিছে আৰবী س-ل-م (ছালাম) শব্দটোৰ পৰা যাৰ অৰ্থ দুটা; ১▪ শান্তি ২▪ আত্মসমৰ্পণ কৰা। সংক্ষেপত, ইছলাম হ'ল শান্তি (প্ৰতিষ্ঠা)'ৰ উদ্দেশ্যেৰে এক আৰু অদ্বিতীয় ঈশ্বৰ (আল্লাহ)ৰ ওচৰত আত্মসমৰ্পণ কৰা।
-
মুছলমান
মুছলিম (বা মুছলমান,আৰবী:مسلم-অৰ্থঃ আত্মসমৰ্পণ,অনুগত) হ'ল সেইজন লোক যিয়ে নিজৰ ইচ্ছাক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে। কিন্তু বৰ্তমানে মুছলিম বুলিলে সাধাৰণতে ইছলাম ধৰ্মাৱলম্বীসকলকেই বুজোৱা হয়। খ্ৰীষ্টানৰ পাছতেই বিশ্বৰ দ্বিতীয় বিহৎ জনবহুল সম্প্ৰদায়টো হৈছে মুছলমান।
-
কোৰআন
কোৰ্-আন বা কোৰান বা কোৰান শ্বৰীফ (; القرآن al-qurʾān/আল্-ক়ুৰ্-আন্) ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। মুছলিমসকলে কোৰআন স্ৰষ্টাৰ অবিকৃত, হুবহু বক্তব্য বুলি বিশ্বাস কৰে। কোৰআনক আৰবী সাহিত্যৰ অতি উত্তম সৃষ্টি বুলি জ্ঞান কৰা হয় বিশ্বৰ অন্যতম জনপ্ৰিয় গ্ৰন্থখনক লৈ বহু অন্য সাহিত্যৰো সৃষ্টি হৈছে।
-
মুহাম্মাদ
মুহাম্মাদ (২৯ আগষ্ট ৫৭০ মোহাম্মাদ আৰু মহম্মদ নামেও পৰিচিত; সম্পূৰ্ণ নাম: আবু আল-কাশ্বিম মুহাম্মাদ ইবনে আব্দুল্লাহ ইবনে আব্দল মুত্তালিব ইবনে হাশ্বিম) হ'ল ইছলাম ধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব আৰু ইছলমী বিশ্বাসমতে আল্লাহ (ইছলাম ধৰ্মত ঈশ্বৰ)ৰ দ্বাৰা প্ৰেৰিত সৰ্ৱশেষ নবী তথা "বাৰ্তাবাহক" (আৰ-ৰাছুল) যাৰ ওপৰত…
-
আল্লাহ
মুছলমানসকলে তেওঁলোকৰ সৃষ্টিকৰ্তাক 'আল্লাহ' বুলি সম্বোধন কৰে। ইছলামৰ মূল বিশ্বাস হৈছে আল্লাহৰ একত্ব বা তাওহিদ। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাৱেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বোলা হয়।
-
নবী
নবী(নাবী) (Prophet) বুলিলে সেইজন ব্যক্তিক বুজোৱা হয় যিজনে দাবি কৰে যে ঈশ্বৰ বা সৃষ্টিকৰ্তা ৰ সৈতে সিহঁতৰ প্ৰত্যক্ষ বা পৰোক্ষভাবে যোগাযোগ বা বাৰ্তা বিনিময় হৈছে। সিহঁতে নিজে যিবোৰ শিক্ষা লাভ কৰে সেয়া নিঃস্বাৰ্থভাৱে অন্যান্য লোকসকলৰ মাজত বিতৰণ কৰে।
-
ছূৰা
ছূৰা (سورة) হৈছে ইছলামী পৰিভাষাত মুছলিম সকলৰ ধৰ্মগ্ৰন্থ কোৰআনৰ একোটা অধ্যায়ৰ নাম। কিন্তু এইটো সাধাৰণ কিতাপৰ অধ্যায়ৰ নিচিনা নহয় বৰঞ্চ বিশেষভাৱে কেৱল কোৰআনৰ বৈশিষ্টৰ বাবেই ইয়াৰ উৎপত্তি। সেয়েহেই এইটো প্ৰকৃত অৰ্থত এটা কোৰআনিক পৰিভাষা; যাক কেৱল কোৰআনৰ দৃষ্টিকোণৰ পৰাই ব্যাখ্যা কৰিব পৰা যায়।
-
হাদিছ
হাদিছ (الحديث) হ'ল মূলত ইছলাম ধৰ্মৰ শেষ বাণীবাহক হজৰত মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ বাণী আৰু জীৱনাচৰণ। হাদিছৰ উপদেশ মুছলিম সকলৰ জীৱনাচৰণ আৰু ব্যৱহাৰ বিধিথ অন্যতম পথ নিৰ্দেশ। কোৰআন হ'ল মৌলিক গ্ৰন্থ আৰু হাদিছক বহুত সময়ত ইয়াৰ ব্যাখ্যা হিচাপেও অভিহিত কৰা হয়।
-
কাফিৰ
কাফিৰ (আৰবী: كافر-kāfir) এটি আৰবী শব্দ, যিটো আৰবী কুফৰ (আৰবী: كفّار-kuffār) ধাতুৰ পৰা আহিছে, যাৰ শাব্দিক অৰ্থ হ'ল ঢাকি ৰখা, লুকুৱাই ৰখা আৰু ইয়াৰ ব্যৱহাৰিক অৰ্থ হ'ল অবাধ্যতা, অস্বীকাৰ কৰা, অকৃতজ্ঞতা। ই ইছলামী তথ্যলিপিসমূহত বহুলভাৱে ব্যৱহৃত এটি শব্দ।
-
মক্কান ছূৰা
মক্কান ছূৰাবোৰ হৈছে, অনুমিত প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমি (আচবাব আল-নুজুল), কালানুক্ৰমিকভাৱে কোৰআনৰ আগৰ অধ্যায়বোৰ (ছূৱাৰ, একক ছূৰা)। ১৯২৪ চনৰ ইজিপ্তীয় মানক সংস্কৰণৰ দ্বাৰা গ্ৰহণ কৰাৰ পিছত ইবনে আব্বাছৰ দ্বাৰা আৰোপিত পৰম্পৰাগত কালানুক্ৰমিক ক্ৰমব্যাপকভাৱে স্বীকৃত হৈছিল।
-
মুছা
মুছা (Moses) ইহুদি, খ্ৰীষ্টান, আৰু ইছলাম ধৰ্মত স্বীকৃত ৰাছুল বা ঈশ্বৰৰ বাৰ্তাবাহক। তেখেত মোজেছ নামেৰেও পৰিচিত আছিল। কোৰআনত মুছা (আলাইহিছ ছালাম)-ৰ নাম অন্য নবীসকলৰ তুলনাত বেছি উল্লেখ কৰা হৈছে। ধাৰণা কৰা হয় যে মুছা (আলাইহিছ ছালাম) ১২০ বছৰ জীয়াই আছিল।
-
মুমিন
মুমিন এটা আৰবী শব্দ, যিটো মূলত আৰবী ঈমান শব্দটোৰ পৰা আহিছে। ৰ শাব্দিক অৰ্থ "বিশ্বাসী" আৰু ইয়াৰ দ্বাৰা এজন কঠোৰভাৱে অনুগত মুছলিমক বুজোৱা হয়, যিটো অত্যন্ত দৃঢ়ভাবে ইছলামক নিজৰ অভ্যন্তৰৰ আৰু বাহিৰৰ সকলো কৰ্মকান্ডক ধাৰণ কৰে আৰু আল্লাহ তাআলাৰ ইচ্ছাৰ ওচৰত নিজক পূৰ্ণভাবে সমৰ্পন কৰে।
-
ইব্ৰাহিম
ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থত হজৰত ইব্ৰাহিম (আঃ) (ابراهيم, אַבְרָהָם) তোৰাহ অনুসৰি আব্ৰাহাম (Abraham) (আনুমানিক জন্ম: ১৯০০ খৃষ্টপূৰ্বৰ পৰা ১৮৬১ খৃষ্ট পূৰ্বলৈ – মৃত্যু: ১৮১৪ খৃষ্টপূৰ্বৰ পৰা ১৭১৬ খৃষ্ট পূৰ্বলৈ), ইছলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী আৰু ৰাছুল।
-
কুৰাইশ্ব
কুৰাইশ্ব বংশ (قريش) কুৰাঈশ্ব বা কোৰায়েশ্ব (কুৰেশ্বি হিচাপেও পৰিচিত) আছিল আৰবৰ এক শক্তিশালী বণিক বংশ। এই বংশই মক্কাৰ অধিকাংশ অংশ আৰু কাবা নিয়ন্ত্ৰণ কৰিছিল। ইছলাম ধৰ্মৰ নবী মুহাম্মাদ কুৰাইশ্ব বংশৰ বনু হাছিম গোত্ৰত জন্মগ্ৰহণ কৰিছিল।
-
মছজিদ
মছজিদ ( مسجد উচ্চাৰণ:ˈmæsdʒɪd) মুছলিমসকলৰ দলবদ্ধভাবে নামাজ পঢ়াৰ বাবে নিৰ্মিত স্থাপনা। শব্দটোৰ উৎপত্তি আৰবী "السجود"ৰ পৰা, যাৰ আভিধানিক অৰ্থ শ্ৰদ্ধাৰে শিৰ নত কৰা অৰ্থাৎ ছিজদাহ কৰা।
-
ৰাছুল
ইছলাম ধৰ্মত, ৰাছুল (আৰবী ভাষাত: رسول ৰাছুল্ “বাৰ্তাবাহক”, বহুবচন ৰুছুল) হ'ল আল্লাহ প্ৰেৰিত বাৰ্তাবাহী ব্যক্তি। ৰাছুল বুলিলে সিহঁতকেই বুজোৱা হয় যিসকলে আল্লাহৰ পৰা কিতাপ বা পুস্তক প্ৰাপ্ত হৈছে। হাদিছ সহ অন্যান্য ইছলামী কিতাপত এক লাখ চৌব্বিছ হাজাৰ মতান্তৰে দুই লাখ চৌব্বিছ হাজাৰ নবীৰ কথা কোৱা হৈছে।
-
কিয়ামত
ইছলামত "প্ৰতিজ্ঞা আৰু ভাবুকি" (waʿd wa-waʿīd) বিচাৰ দিন (یوم القيامة ইয়াৱম আল-কিয়ামাহ'কিয়ামতৰ দিন ) বা (یوم الدین ইয়াম আদ-দিন'বিচাৰৰ দিন),হ'ল যেতিয়া "সকলো শৰীৰ মৃত্যুৰ পৰা পুনৰুত্থান হ'ব" আৰু "সকলো মানুহক" পৃথিৱীত জীৱনকালত তেওঁলোকৰ কৰ্ম আৰু তেওঁলোকৰ বিশ্বাসৰ বাবে "হিচাপ দিবলৈ আহ্বান" কৰা হব।
-
ছুন্নী ইছলাম
ছুন্নী ইছলাম হৈছে ইছলাম ধৰ্মৰ এটা ডাঙৰ শাখা, যি বিশ্বৰ ৮৫-৯০% মুছলমান মানুহে অনুসৰণ কৰে আৰু একে সময়তে বিশ্বৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় ধৰ্মগোষ্ঠী। ইয়াৰ নাম ছুন্নাহ শব্দৰ পৰা আহিছে, ইয়াৰ দ্বাৰা মুহাম্মাদৰ পৰম্পৰাক বুজোৱা হৈছে।
-
ফৰিষ্টা
ফৰিষ্টা বা ফৰিস্তা বা ফেৰেস্তা (আৰবীক: ملائكة, Malāʾikah; (singular) ملاك Malāk) হ'ল ইছলাম ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। 'আৰবীত ফৰিষ্টাক একবচনত মালাইক আৰু বহুবচনত মালাক বোলা হয়। ফৰিষ্টাৰ প্ৰতি বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি।
-
ছালাত
নামায, নামাজ (نَماز) বা ছালাত হ'ল ইছলাম ধৰ্মৰ প্ৰধান উপাসনা কৰ্ম। প্ৰতিদিন ৫ ওয়াক্ত (নিৰ্দিষ্ট নামাজৰ নিৰ্দিষ্ট সময়) নামাজ আদায় কৰা প্ৰত্যেক মুছলিমৰ বাবে আৱশক বা ফৰজ। নামাজ ইছলামৰ পঞ্চস্তম্ভৰ এটা। শ্বাহাদাহ্ বা বিশ্বাসৰ পাছত নামাজেই ইছলামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তম্ভ।
-
আদম
আদম ( آدم) আব্ৰাহামিক ধৰ্মত আদমক প্ৰথম মানৱ হিচাপে বিশ্বাস কৰা দেখা যায়। কোৰআনত বৰ্ণিত ইছলাম ধৰ্মৰ মতে আদম(আঃ) প্ৰথম মানুহ, প্ৰথম পয়গম্বৰ বা নবী। তেওঁৰ বুকুৰ এটা হাঁড়ৰ পৰা তেওঁৰ স্ত্ৰী হওআক "মানৱজাতিৰ মা" হিচাপে সৃষ্টি কৰা হৈছে বুলি ইছলাম ধৰ্মাৱলম্বী সকলে বিশ্বাস কৰে।
-
ইমাম
ইমাম (إمام, বহুবচনঃ أئمة; امام) ইছলাম ধৰ্মাৱলম্বী সকলে ব্যৱহাৰ কৰা এটা শব্দ, যাৰ দ্বাৰা সাধাৰণভাৱে মুছলিম সমাজৰ নেতৃস্থানীয় ব্যক্তিক বুজোৱা হয়। সৰ্বাধিক প্ৰচলিত অৰ্থে ইমাম হ'ল সেইজন ব্যক্তি যিজনে মছজিদ বা বাহিৰত জামায়াতত নামাজ পৰিচালনা কৰে।
-
হজ্জ
হজ্জ বা হজ্জ্ব (حج হ্বজ্জ্) ইছলামৰ বৰ্ণনা অনুসৰি হজ্জ এটা আৱশ্যকীয় বা ফৰজ উপাসনা বা ইবাদত। এইটো ইছলামৰ ৫ম স্তম্ভ। হজ্জ শব্দৰ আভিধানিক অৰ্থ হৈছে- "'ইচ্ছা"' বা "'সংকল্প'" কৰা।
-
ঈদ-উল-ফিটৰ
ঈদ-উল-ফিটৰ বা ঈদুল ফিতৰ (আৰৱী: عيد الفطر অৰ্থাৎ "ৰোজা ভঙাৰ দিৱস") ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা। দ্বিতীয়টো হ'ল ঈদ-উল-জুহা। ধৰ্মীয় পৰিভাষাত ইয়াক ইয়াউমুল জাএজ (অৰ্থঃ পুৰস্কাৰৰ দিৱস) হিচাপেও বৰ্ণনা কৰা হৈছে।
-
জান্নাত
জান্নাত (جنّة) হ'ল ইছলামিক পৰিভাষা অনুযায়ী, পাৰ্থিৱ জীৱনত যিসকল মুছলিমে আল্লাহৰ আদেশ, নিষেধ মানি চলিব আৰু পৰকালত হিচাপত যাৰ পাপতকৈ পুণ্যৰ ভৰ বেছি হ'ব আৰু আল্লাহৰ সন্তুষ্টি লাভ কৰিব সিহঁতৰ বাবে আল্লাহে যিবোৰ স্বৰ্গ প্ৰস্তুত কৰি ৰাখিছে। ইছলামত জান্না (আৰবী: جَنَّةٍ, ৰোমানীকৃত: janna, .
-
চুফীবাদ
চুফীবাদ হৈছে ইছলামৰ ভিতৰত পোৱা ধ্যানমূলক ধৰ্মীয় অনুশীলনপদ্ধতি, যাৰ বৈশিষ্ট্য হৈছে আত্মা পৰিষ্কাৰ, আধ্যাত্মিকতা, ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু তপস্যাত গুৰুত্ব আৰোপ কৰা। চুফীবাদৰ অনুসৰ্তাসকলক চুফী বুলি কোৱা হয়। ইসকল সাধাৰণতে তাৰীক (তুৰুক) নামেৰে জনাজাত ধৰ্মীয় সমষ্টিসমূহত অন্তৰ্ভুক্ত থাকে।
-
ইবাদত
ইবাদাত শব্দৰ আভিধানিক অৰ্থ হ'ল:- চূড়ান্ত বিনয়, আনুগত্য আৰু বশ্যতা। শ্বৰী‘আতৰ পৰিভাষাত:- প্ৰকাশ্য নাইবা গোপনীয় যিবোৰ কথা আৰু কাম আল্লাহে ভালপায় আৰু পছন্দ কৰে, সেই সকলোবোৰৰ এটা সমষ্টিৰ নামেই হ'ল ইবাদাত।
-
শ্বৰীয়ত
শ্বৰীয়ত বা শ্বৰীয়াহ (; شَريعَة ) হৈছে ইছলামিক পৰম্পৰাৰ এটা অংশ হিচাপে গঠিত ধৰ্মীয় আইনৰ এটা শৰীৰ। ইছলামৰ ধৰ্মীয় উপদেশৰ পৰা উদ্ভৱ হোৱা আৰু ইছলামৰ পবিত্ৰ শাস্ত্ৰ বিশেষকৈ কোৰআন আৰু হাদিছৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।
-
ইছলামৰ পয়গম্বৰ
ইছলামত পয়গম্বৰ (نبي) হ'ল সেইজন ব্যক্তি যিজনক স্ৰষ্টাই মানুহক দিক নিৰ্দেশনা প্ৰদানৰ বাবে মনোনীত হিচাবে বিবেচনা কৰে। ইছলামী পৰিভাষাত ইয়াক কোৱা হয় নাবী (নবী)। ইছলামী ঐতিহ্য মতে ঈশ্বৰে প্ৰত্যেক জাতিৰ ওচৰত পয়গম্বৰ প্ৰেৰণ কৰিছে।
-
খলিফা
খলিফা (خليفة ḫalīfah/khalīfah) হ'ল খিলাফত ভিত্তিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু ইছলামিক শ্বৰিয়াহৰ দ্বাৰা পৰিচালিত মুছলিম উম্মাহৰ শাসকসকলৰ পদবী। এই শব্দটো خليفة Khalīfaৰ পৰা আহিছে।