হিন্দু ধৰ্ম
১৩৪ প্ৰবন্ধ
-
একশৰণ নাম ধৰ্ম
একশৰণ নাম ধৰ্ম অসমত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন-প্ৰচাৰ কৰা নৱ-বৈষ্ণৱ ধৰ্মধাৰা। ইয়াৰ কেন্দ্ৰীয় ধাৰণা ‘এক দেৱ, এক সেৱ’ আৰু নাম-ভক্তিক উপায় হিচাপে ধৰি সমাজত সমমৰ্যাদা-ভিত্তিক ধৰ্মীয় অনুশীলন বিস্তাৰ কৰাৰ চেষ্টা দেখা যায়।
-
হিন্দু ধৰ্ম
হিন্দু ধৰ্ম (সনাতন ধৰ্ম) হৈছে ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক মতবাদ। ই ভাৰতৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত এটা পুৰণি ধৰ্ম। হিন্দু ধৰ্মাৱলম্বীসকলে নিজা ধৰ্মমতকে সনাতন ধৰ্ম (सनातन धर्म) নামেৰেও অভিহিত কৰে।
-
হিন্দু
হিন্দু ভাৰতীয় দাৰ্শনিক, হিন্দু ধৰ্মাৱলম্বীসকলৰ আৰু ভাৰতৰ সাস্কৃতিক এক পৰিচয় অথৱা পদ্ধতি যিবোৰ ভাৰতীয় উপমহাদেশৰ বৃহত্তম আৰু দেশীয় ধৰ্মবিশ্বাস। ভাৰতীয় সংবিধান অনুসৰি "হিন্দু" শব্দটোৱে যিকোনা ভাৰতীয় ধৰ্ম যেনে, হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম বা শিখ ধৰ্মাম্বলৱী লোকসকলকে সূচায়।
-
দেৱতা (হিন্দু ধৰ্ম)
হিন্দু ধৰ্মত দেৱতা বা দেৱ (Deva; देव) হৈছে দিব্য শৰীৰধাৰী একপ্ৰকাৰৰ উন্নতলোকৰ জীৱ। দেৱতা পুংলিংগবাচক শব্দ। ইয়াৰ স্ত্ৰীলিংগ ৰূপ হৈছে দেৱী। প্ৰাচীনতম বৈদিক সাহিত্যত সকলো আতিভৌতিক জীৱকে দেৱতা আৰু অসুৰ আখ্যা দিয়া হৈছিল।
-
অগস্ত্য
অগস্ত্য (अगस्त्य) হৈছে প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি। ভাৰতীয় সংস্কৃতিৰ মতে তেওঁ এজন প্ৰখ্যাত আৰু প্ৰভাৱশালী বহু ভাষাৰ জ্ঞান থকা বিদগ্ধ পণ্ডিত। অগস্ত্য আৰু তেওঁৰ সহধৰ্মিণী লোপামুদ্ৰাই সংস্কৃত ভাষাত ঋকবেদৰ শ্লোক ১.১৬৫ ৰ পৰা ১.১৯১ আৰু অন্যান্য বৈদিক সাহিত্যৰ ৰচনা কৰিছিল।
-
বেদান্ত
বেদান্ত দৰ্শন: বেদান্ত শব্দৰ অৰ্থ হৈছে বেদৰ অন্ত। উপনিষদ হৈছে বেদৰ শেষ ভাগ গতিকে উপনিষদক বেদান্ত বোলা হয়। বেদান্ত ৰ আন এটা নাম হৈছে "উত্তৰ মীমাংসা"।বেদান্তৰ দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে বদৰায়ণ। বদৰায়ণৰ দ্বাৰা ৰচিত ব্ৰহ্ম সূত্ৰই হৈছে এই দৰ্শনৰ মূল গ্ৰন্থ।
-
বিক্ৰম সংবৎ
বিক্ৰম সংবৎ বা বিক্ৰমী ভাৰতীয় উপমহাদেশত প্ৰচলিত হিন্দু দিনপঞ্জী। ই নেপালৰ চৰকাৰী দিনপঞ্জী। ভাৰতৰ কেইবাখনো ৰাজ্যত বিক্ৰম সংবৎক সাংস্কৃতিক আৰু আধিকাৰীক দিনপঞ্জীৰ মৰ্যাদা দিয়া হয়। ইযাৰ বৰ্ষগণনা সৌৰ নাক্ষত্ৰ বৰ্ষৰ ভিত্তিত কৰা হয়। খ্ৰীষ্টপূৰ্ব ৫৭ ৰ পৰা বিক্ৰম সংবৎ আৰম্ভ হৈছিল।
-
সেন্দূৰ
সেন্দূৰ একপ্ৰকাৰ ৰঞ্জক পদাৰ্থ। হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ মতে সেন্দূৰক পৱিত্ৰ বুলি গণ্য কৰা হয়। হিন্দুধৰ্মত সেন্দূৰ বিবাহিতা নাৰীৰ প্ৰতীক। অবিবাহিত নাৰীয়ে শিৰত সেন্দূৰ দিব নোৱাৰে, কপালত সেন্দূৰৰ ফোঁট লব পাৰে। বিধৱাসকলৰ সেন্দূৰ ব্যৱহাৰ শাস্ত্ৰমতে নিষিদ্ধ।
-
দেৱদাসী
দক্ষিণ আৰু পূব ভাৰতৰ কিছু অংশত দেৱদাসী বা যোগিনীসকল হ’ল কিছুমান যুৱতী যিসকলে হিন্দু দেৱতা বা কোনোবা মন্দিৰত উপাসনাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। এগৰাকী দেৱদাসী হ’বলৈ ন্যূনতম বয়স সাত বছৰ পৰ্যন্ত হ’ব পাৰে।
-
যজ্ঞ
যজ্ঞ (यज्ञ, আক্ষৰিক অৰ্থ: 'বলিদান, ভক্তি, পূজা, প্ৰসাদ') শব্দই হিন্দু ধৰ্মত পবিত্ৰ অগ্নিৰ সন্মুখত সচৰাচৰ মন্ত্ৰৰ সৈতে কৰা যিকোনো আচাৰ-অনুষ্ঠানক বুজায়। যজ্ঞ বৈদিক পৰম্পৰা হিচাপে প্ৰচলিত হৈ আহিছে। বৈদিক সাহিত্যৰ ব্ৰাহ্মণসমূহৰ লগতে যজুৰ্বেদতো বৈদিক পৰম্পৰা হিচাপে ইয়াৰ বৰ্ণনা কৰা হৈছে।
-
যোগাসন
যোগাসন বা যোগ বা যোগবিদ্যা বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি। হিন্দু, বৌদ্ধ) আৰু জৈন ধৰ্মৰ মাজত বিভিন্ন তৰহৰ যোগবিদ্যাৰ অনেক ঠাল-ঠেঙুলি, ৰীতি-নীতি তথা উদ্দেশ্য প্ৰচলিত আছে।
-
তাণ্ডৱ
তাণ্ডৱ বা তাণ্ডৱম বা তাণ্ডৱ নাট্যম (Tandava) হিন্দু দেৱতাসকলে কৰা এক মহাজাগতিক ঐশ্বৰিক নৃত্য। হিন্দু শাস্ত্ৰসমূহত উল্লিখিত অনুসৰি দেৱতাসকলে বিভিন্ন অনুষ্ঠানত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল। ভাগৱত পুৰণত ভগৱান শ্ৰীকৃষ্ণয়ে সৰ্পৰাজ কালিয়াৰ মূৰৰ ওপৰত তাণ্ডৱ নৃত্য কৰিছিল।
-
যোগ দৰ্শন
যোগ দৰ্শন ৬ মুখ্য আস্তিক হিন্দু দৰ্শনৰ অন্যতম। প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক সাহিত্যত ই প্ৰায় কেৱল 'যোগ' শব্দৰে অভিহিত। যোগ দৰ্শন সাংখ্য দৰ্শনৰ সৈতে সম্বন্ধিত। যোগ দৰ্শনৰ নিজক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে উন্নতিৰ দিশে নিয়াৰ অধ্যয়নে আন সকলো ভাৰতীয় দৰ্শনকো প্ৰভাৱিত কৰিছে।
-
অত্ৰি
অত্ৰি বা অত্ৰী এজন বৈদিক ঋষি, যি হিন্দু ধৰ্মৰ অগ্নি, ইন্দ্ৰ আৰু অন্যান্য বৈদিক দেৱতাৰ অসংখ্য শ্লোক ৰচনা কৰাৰ কৃতিত্ব লাভ কৰে। হিন্দু পৰম্পৰাৰ সপ্তৰ্ষি (সাতজন মহান বৈদিক ঋষি)ৰ ভিতৰত অত্ৰী অন্যতম, আৰু ঋগবেদত আটাইতকৈ বেছি উল্লেখ কৰা এজন।
-
ব্ৰাহ্ম সমাজ
ব্ৰাহ্ম সমাজ (Brahmo Samaj, ) বা ব্ৰাহ্ম সভা ঊনবিংশ শতিকাত বংগত স্থাপিত এক সামাজিক আৰু ধৰ্মীয় আন্দোলন। ইয়াক বংগৰ নৱজাগৰণৰ আৰম্ভণি বুলি কোৱা হয়। ১৮২৮ চনৰ ২০ আগষ্টত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায় (১৭৭২-১৮৩৩) আৰু তেওঁৰ বন্ধুসকলে কলকাতাত এক সৰ্বজনীন উপাসনাৰে ব্ৰাহ্ম সমাজ আৰম্ভ কৰে।
-
সাংখ্য দৰ্শন
সাংখ্য দৰ্শন হিন্দু দৰ্শনৰ ৬ আস্তিক ধাৰাৰ অন্যতম। ই যোগ ধাৰাৰ নিকটৱৰ্তী আৰু আন আন হিন্দু দাৰ্শনিক ধাৰাতো প্ৰভাৱ বিস্তাৰ কৰিছে। সাংখ্য দৰ্শনত জ্ঞানতত্ত্বগতভাৱে ৬ প্ৰমাণক মান্যতা প্ৰদান কৰা হয়। এই ৬ প্ৰমাণ অবিহনে কোনো বাক্যকে সত্য গণ্য কৰা নহয়। এই ৬ প্ৰমাণৰ অন্যতম প্ৰত্যক্ষ, অনুমান আৰু শব্দ।
-
নন্দী
নন্দী (नन्दि), নন্দিকেশ্বৰ বা নন্দীদেৱ হৈছে হিন্দু দেৱতা শিৱৰ ষাঁড় বাহন। তেওঁ শিৱৰ বাসস্থান কৈলাসৰ অভিভাৱক দেৱতা। শিৱ মন্দিৰ সমূহৰ সমুখত প্ৰায়েই বহি থকা অৱস্থাত নন্দীৰ প্ৰস্তুৰ মূৰ্তি থাকে। সাধাৰণতে এই মূৰ্তিটো মুখ্য মন্দিৰৰ মুখামুখিকৈ প্ৰতিষ্ঠা কৰা হয়।
-
সপ্তৰ্ষি
সপ্তৰ্ষিসকল প্ৰাচীন ভাৰতৰ সাতগৰাকী দ্ৰষ্টা, যিসকলক বেদ আৰু অন্যান্য হিন্দু সাহিত্য যেনে স্কন্দ পুৰাণত সশ্ৰদ্ধাৰে উল্লেখ কৰা হৈছে। বৈদিক সংহিতাত এই ঋষিসকলক কেতিয়াও নামেৰে গণনা কৰা হোৱা নাই, যদিও পিছৰ বৈদিক গ্ৰন্থ যেনে ব্ৰাহ্মণ আৰু উপনিষদসমূহে কৰে, গতিকে এই নক্ষত্ৰমণ্ডল সহজে চিনাক্ত কৰিব পৰা যায়।
-
আৰ্য সমাজ
আৰ্য সমাজ (Arya Samaj) হৈছে এটা একেশ্বৰবাদী ভাৰতীয় হিন্দু সংস্কাৰমুখী আন্দোলন। যিটো সংগঠনে বেদৰ অখণ্ডনীয় কৰ্তৃত্বৰ ওপৰত বিশ্বাস ৰাখি নিজৰ মূল্যবোধসমূহ প্ৰচাৰ কৰিছিল। সমাজখনৰ সংগঠক আছিল মহাঋষি দয়ানন্দ সৰস্বতী। তাৰিখটো আছিল ১৮৭৫ চনৰ ১০ এপ্ৰিল। আৰ্য সমাজৰ সদস্যসকলে মূৰ্তিপূজাৰ বিৰুদ্ধাচৰণ কৰিছিল।
-
ওঁ
ওঁ হৈছে হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু সৰ্বজনীন প্ৰতীক। ইয়াক ওঁ-কাৰ, ওঙ্কাৰ (সংস্কৃত: অ + উ + ম্), প্ৰণৱ, ত্ৰ্যক্ষৰ আদি নামেৰেও জনা যায়। ই হিন্দু দৰ্শনৰ সৰ্বোচ্চ ঈশ্বৰ ব্ৰহ্মৰ বাচক। এই ধৰ্মৰ প্ৰতিটো সম্প্ৰদায় আৰু উপসম্প্ৰদায়ে ইয়াক অতি পৱিত্ৰ বুলি গণ্য কৰে।
-
কপিল
কপিল (Kapila, সংস্কৃত: कपिल) বা কপিল মুনি এগৰাকী বৈদিক ঋষি। তেওঁ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক। সাংখ্য হৈছে ভাৰতীয় ষড়্দৰ্শনৰ মাজত এটি আস্তিক্যবাদী দৰ্শন। ভাগৱত পুৰাণত এই দৰ্শনৰ আস্তিক্যবাদী ধাৰাটোৰ উল্লেখ পোৱা যায়। হিন্দুসকলৰ প্ৰচলিত বিশ্বাস অনুসৰি, তেওঁ ব্ৰহ্মাৰ পৌত্ৰ মনুৰ বংশধৰ।
-
সাধু
সাধু, হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ যিকোনো পবিত্ৰ ব্যক্তি যিয়ে পাৰ্থিৱ জীৱন ত্যাগ কৰিছে। কেতিয়াবা বিকল্পভাৱে ইহঁতক যোগী, সন্ন্যাসী বা বৈৰাগী বুলিও কোৱা হয়। সাধুৰ অৰ্থ হ'ল যিজনে 'সাধনা' পালন কৰে বা আধ্যাত্মিক অনুশাসনৰ পথ তীক্ষ্ণভাৱে অনুসৰণ কৰে। যদিও সাধুৰ বিপুল সংখ্যক যোগী, সকলো যোগী সাধু নহয়।
-
ত্ৰিশূল
ত্ৰিশূল মানে তিনি শূল, এক ঐশ্বৰিক প্ৰতীক, সাধাৰণতে হিন্দু ধৰ্মৰ অন্যতম প্ৰধান প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। ই শিৱ দেৱতাৰ সৈতে বেছিকৈ জড়িত আৰু তেওঁৰ চিত্ৰত ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়।
-
কল্কি
কল্কি (कल्कि) বা কলকিন
-
দৈত্য
হিন্দু ধৰ্মত, দৈত্য (সংস্কৃত: दैत्य) হৈছে দানৱ আৰু অসুৰৰ এটা গোত্ৰ বা জাতি। দৈত্যবোৰ দিতি আৰু ঋষি কাশ্যপৰ সন্তান আছিল। দেৱতাসকল তেওঁলোকৰ ভাতৃ আছিল। দেৱতাসকলক তেওঁলোকে ঈৰ্ষা কৰিছিল আৰু ফলস্বৰূপে তেওঁলোকৰ মাজত যুদ্ধ হৈছিল।
-
মাৰ্কণ্ডেয়
মাৰ্কণ্ডেয় এগৰাকী ঋষি। তেওঁ মৃকাণ্ড ঋষি আৰু তেওঁৰ পত্নী মনস্বিনীৰ পুত্ৰ। মাৰ্কণ্ডেয় পুৰাণত মাৰ্কণ্ডেয় আৰু জৈমিনি নামৰ এজন ঋষিৰ কথোপকথন সন্নিৱিষ্ট কৰা হৈছে। ভাগৱত পুৰাণৰ কেইবাটাও অধ্যায় তেওঁৰ কথোপকথন আৰু প্ৰাৰ্থনাৰ ওপৰত নিবেদিত। মহাভাৰততো তেওঁৰ উল্লেখ আছে।
-
গায়ত্ৰী
গায়ত্ৰী (সংস্কৃত: गायत्री) হৈছে বৈদিক গ্ৰন্থৰ এটা জনপ্ৰিয় স্তুতিগীত “গায়ত্ৰী মন্ত্ৰ”ৰ এক ব্যক্তিকৃত ৰূপ। তেওঁক সাবিত্ৰী আৰু বেদমাতা (বেদৰ মাতৃ) বুলিও কোৱা হয়। গায়ত্ৰীক প্ৰায়ে বেদৰ সৌৰ দেৱতা সাবিত্ৰৰ সৈতেও সম্পৰ্কিত কৰা হয়।
-
গোৰক্ষনাথ
গোৰক্ষনাথ বা গোৰখনাথ,এগৰাকী হিন্দু যোগী, সন্ন্যাসী আছিল। তেওঁ ভাৰতত নাথ পন্থৰ প্ৰৱৰ্তন কৰিছিল। গোৰক্ষনাথক মৎস্যেন্দ্ৰনাথৰ দুগৰাকী প্ৰধান শিষ্যৰ মাজৰ এগৰাকী বুলি ধৰা হয়। তেওঁৰ অনুৰাগী সকল ভাৰতৰ মহাৰাষ্ট্ৰৰ গৰ্ভগিৰী নামৰ অঞ্চলত বসবাস কৰি আহিছে।
-
তিলক
হিন্দু ধৰ্মত তিলক (तिलक), বা কথিত ভাষাত টিকা, সাধাৰণতে কপালত, অজ্ঞা চক্ৰৰ বিন্দুত (তৃতীয় চকু বা আধ্যাত্মিক চকু) আৰু কেতিয়াবা শৰীৰৰ অন্যান্য অংশ যেনে ডিঙি, হাত, বুকু বা বাহুত পিন্ধা চিহ্ন।
-
সত্যযুগ
সত্যযুগ (দেৱনাগৰী: सत्य युग) হ'ল হিন্দু শাস্ত্ৰ অনুযায়ী, চাৰিটা যুগৰ প্ৰথম যুগ। অন্য যুগসমূহ হ'ল ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। ব’হাগ মাহৰ শুক্ল পক্ষ তৃতীয়া তিথিত দেওবাৰে সত্যযুগৰ উৎপত্তি। ইয়াৰ পৰিমাণ ১৭,২৮,০০০ বছৰ। অৱতাৰ সংখ্যা চাৰিটা।