গ্ৰীক কিংবদন্তি
২০১ প্ৰবন্ধ
-
গ্ৰীক শ্ৰুতিকথা
গ্ৰীক শ্ৰুতিকথাগ্ৰীক পৌৰাণিক কাহিনী (ইংৰাজী: Greek mythology) হৈছে আদিতে প্ৰাচীন গ্ৰীকসকলৰ মাজত প্ৰচলিত প্ৰাচীন গ্ৰীক লোককথাৰ এটা ধাৰা। বৰ্তমান গ্ৰীক শ্ৰুতিকথাক ৰোমান পৌৰাণিক কাহিনীৰ সমান্তৰালভাৱে ধ্ৰুপদী পৌৰাণিক কাহিনীৰ হেচাপে গ্ৰহণ কৰা হৈছে।
-
থিঅ'গনি
থিঅ'গনি (প্ৰাচীন গ্ৰীক: Θεογονία, অৰ্থাৎ "দেৱতাসকলৰ বংশাৱলী বা জন্মবৃত্তান্ত") হেচিঅ'ডৰ দ্বাৰা ৰচিত গ্ৰীক দেৱতাৰ উৎপত্তি আৰু বংশাৱলীৰ বৰ্ণনা কৰা এখন মহাকাব্য৷ এই গ্ৰন্থখন খ্ৰীষ্টপূৰ্ব ৭৩০–৭০০ চনত ৰচনা কৰা হৈছিল। ইয়াক প্ৰাচীন গ্ৰীক মহাকাব্যিক উপভাষাত লিখা হৈছে আৰু ইয়াত ১০২২ টা শাৰী আছে।
-
অ'চেনিড
অ'চেনিড বা অ'চেনাইড (/oʊˈsiːənɪdz, ˈoʊʃənɪdz/ ইংৰাজী Oceanids বা Oceanides) গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ (এটা সংস্কৰণৰ মতে "অসংখ্য" বুলি ব্যাখ্যা কৰা) সামুদ্ৰিক কন্যা।
-
একিলিছ
গ্ৰীক কিংবদন্তিমতে একিলিছ (Achilles) (Ἀχιλλεύς, Akhilleus, ) হৈছে ট্ৰ'জান যুদ্ধৰ এজন নায়ক আৰু হোমাৰৰ ইলিয়াদৰ শ্ৰেষ্ঠ যোদ্ধা। একিলিছক এজন উপদেৱতাৰূপে গণ্য কৰা হয়; তেওঁৰ মাক থেটিছ আছিল এগৰাকী পৰী আৰু দেউতাক পেলিয়াছ আছিল মাইৰমিডনৰ ৰজা।
-
নেৰেইডছ
নেৰেইডছ (/ˈnɪəriɪdz/; প্ৰাচীন গ্ৰীক: Νηρηΐδες, ইংৰাজী: Nereids বা Nereides) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা সাগৰীয় নিম্ফ৷ তেওঁলোক 'সাগৰৰ বুঢ়া মানুহ' নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ কন্যা৷ তেওঁলোকৰ সংখ্যা ৫০ গৰাকী আৰু ভাতৃৰ নাম নেৰাইটছ।
-
ড'ৰিছ (অ'চেনিড)
ড'ৰিছ (/ˈdoʊrɪs/; প্ৰাচীন গ্ৰীক: Δωρίς/Δωρίδος ইংৰাজী: Doris; আক্ষৰিক অৰ্থ: 'দান') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় দেৱী। টাইটান অ'চেনাছ আৰু টেথিছৰ কন্যা ৩,০০০ অ'চেনিডৰ ভিতৰত তেওঁ অন্যতম আছিল।
-
থেটিছ
থেটিছ (/ˈθiːtɪs/ বা /ˈθetɪs/; প্ৰাচীন গ্ৰীক: Θέτις, ইংৰাজী: Thetis) গ্ৰীক শ্ৰুতিকথাৰ বিভিন্ন পৌৰাণিক ভূমিকা থকা এক উল্লেখনীয় চৰিত্ৰ। তেওঁক মূলতঃ প্ৰাচীন সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ অন্যতম সাগৰীয় দেৱী আৰু নিম্ফ হিচাপে গণ্য কৰা হয়।
-
নিম্ফ
নিম্ফ (প্ৰাচীন গ্ৰীক: νύμφη, ইংৰাজী: Nymph) প্ৰাচীন গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত এক প্ৰকাৰৰ ক্ষুদ্ৰ প্ৰকৃতি দেৱী। অন্যান্য গ্ৰীক দেৱীৰ তুলনাত নিম্ফসকলক সাধাৰণতে প্ৰকৃতিৰ ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়; সাধাৰণতে এওঁলোক কোনো নিৰ্দিষ্ট ঠাই, ভূ-ৰূপ বা গছৰ সৈতে সাঙুৰ খাই থাকে আৰু সাধাৰণতে কুমাৰী হিচাপে…
-
প'জাইডন
প'ছেইদন বা প'জাইডন (Poseidon) হৈছে পৌৰাণিক গ্ৰীক কিংবদন্তিৰ বাৰজন অলিম্পিয়ান অৰ্থাৎ অলিম্পাচ পৰ্বত নিবাসী দেৱতাসকলৰ এজন। তেওঁ সমুদ্ৰ, ধুমুহা, ভূমিকম্প আৰু ঘোঁৰাৰ অধিপতি। প্ৰাক অলিম্পিয়ান যুগ অৰ্থাৎ গ্ৰীচৰ তাম্ৰ যুগত প'জাইডনক পাইল'ছ আৰু থেবিছ নামৰ ঠাইত এজন প্ৰধান দেৱতাৰূপে সন্মান আগবঢ়োৱা হৈছিল।
-
এপ'ল'
আপ'ল্লন (Ἀπόλλων, ), আপল্ল (Apollō, ) বা এপ'ল (Apollo) হৈছে পৌৰাণিক গ্ৰীক তথা ৰোমান কিংবদন্তিৰ বাৰজন অলিম্পিয়ান দেৱতাৰ অন্যতম। তেওঁক ধনুৰ্বিদ্যা, সংগীত আৰু কলা, সত্য আৰু ভৱিষ্যৎবাণী, ৰোগ আৰু নিৰাময়, সূৰ্য আৰু পোহৰ, কবিতা আদিৰ অধিষ্ঠাতা দেৱতা হিচাপে গণ্য কৰা হয়।
-
এথেনা
আথেনা, এথেনা, আথেনে বা পাল্লাছ (Athena) হৈছে প্ৰাচীন গ্ৰীচৰ জ্ঞান, কুটীৰ শিল্প আৰু সমৰকলাৰ অধিষ্ঠাত্ৰী দেৱী। তেওঁক পৰৱৰ্তী কালত ৰোমান দেৱী মিনাৰ্ভাৰ সমকক্ষ হিচাপে চিহ্নিত কৰা হয়।
-
আৰ্টিমিচ
আৰ্তেমিছ বা আৰ্টিমিচ (Artemis হৈছে চিকাৰ, বন-জংঘল, বন্য জীৱ-জন্তু, চন্দ্ৰ আৰু কুমাৰীত্বৰ গ্ৰীক দেৱী। তেওঁ ৰোমানসকলৰ দেৱী ডায়েনাৰ সমকক্ষ। আৰ্টিমিচ জ্যুচ আৰু লেট'ৰ জীয়ৰী তথা এপ'ল'ৰ যমজ ভগ্নী। তেওঁ বালিকাসকলৰ ৰক্ষক। আৰ্টিমিচক নাৰীসকলৰ ৰোগ আৰু ইয়াৰ নিৰাময়ৰ হোতা হিচাপে গণ্য কৰা হয়।
-
টেথিছ (শ্ৰুতিকথা)
টেথিছ (/ˈtiːθɪs, ˈtɛ-/; প্ৰাচীন গ্ৰীক: Τηθύς, ইংৰাজী: Tethys) গ্ৰীক শ্ৰুতিকথা অনুসৰি ইউৰেনাছ আৰু গেইয়াৰ এগৰাকী টাইটান কন্যা, টাইটান দেৱতা অ'চেনাছৰ ভগ্নী তথা পত্নী আৰু নদী দেৱতাসকল আৰু অ'চেনিডসকলৰ মাতৃ।
-
নাইয়াড
নাইয়াড (/ˈnaɪædz, ˈneɪædz, -ədz/; প্ৰাচীন গ্ৰীক: ναϊάδες, ইংৰাজী: Naiad; কেতিয়াবা হাইড্ৰিয়াড (hydriads) বুলিও কোৱা হয়) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এক প্ৰকাৰৰ নাৰী আত্মা বা নিম্ফ৷ তেওঁলোকক ফোয়াৰা, নাদ, জান, নৈ, জুৰি আৰু অন্যান্য মিঠা পানীৰ জলাশয়ৰ দেৱী বুলি গণ্য কৰা হয়।
-
এজিনা (শ্ৰুতিকথা)
এজিনা (/iˈdʒaɪnə/; প্ৰাচীন গ্ৰীক: αἴγινα, ইংৰাজী: Aegina) গ্ৰীক শ্ৰুতিকথা এজিনা নামৰ আট্টিকা আৰু পেল'পনেছ'ছৰ মাজৰ থকা দ্বীপৰ নিম্ফ। দ্বীপটোত থকা "অদৃশ্য দেৱী" আফেয়াৰ আৰ্কাইক মন্দিৰটো পিছলৈ এথেনাৰ পূজাৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছিল।
-
ট্ৰজান যুদ্ধ
ট্ৰজান যুদ্ধ (ইংৰাজী: Trojan War) খ্ৰীষ্টপূৰ্ব দ্বাদশ বা ত্ৰয়োদশ শতিকাৰ আশে-পাশে সংঘটিত হোৱা গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এক কিংবদন্তিমূলক সংঘাত। ট্ৰয়ৰ পেৰিছে স্পাৰ্টাৰ ৰজা স্বামী মেনেলাছৰ পৰা হেলেনক লৈ যোৱাৰ পিছত আকিয়ান (গ্ৰীক)সকলে ট্ৰয় চহৰৰ বিৰুদ্ধে যুদ্ধ চলাইছিল।
-
পেইৰেন (নিম্ফ)
পেইৰেন (প্ৰাচীন গ্ৰীক: Πειρήνη, ইংৰাজী: Pirene বা Peirene) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম। তেওঁ নামৰ অৰ্থ হৈছে “অচেয়াৰসকলৰ” (of the osiers)।
-
হেডিচ
হাইদেছ বা হেডিচ (; ᾍδης Hádēs; Ἅιδης Háidēs) হৈছে গ্ৰীক কিংবদন্তিসমূহৰ মতে মৃত্যুৰ দেৱতা আৰু পাতালপুৰীৰ অধিপতি৷ তেওঁ ক্ৰ'নচ আৰু ৰিয়াৰ জ্যেষ্ঠ সন্তান আছিল। পিতৃ ক্ৰ'নচে জ্যুচৰ বাদে সকলো সন্তানকে উদৰস্থ কৰে যদিও পিছত জ্যুচৰ হস্তক্ষেপত ক্ৰ'নচৰ উদৰৰ পৰা হেডিচ সৰ্বশেষত নিৰ্গত হয়।
-
কৰ্চাইৰা (শ্ৰুতিকথা)
কৰ্চাইৰা (/kɔːrˈsaɪərə/, প্ৰাচীন গ্ৰীক: Κόρκυρα, ইংৰাজী: Corcyra বা Korkyra) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম। তেওঁ বৰ্তমান কৰ্ফু নামেৰে পৰিচিত প্ৰাচীন গ্ৰীক চহৰ আৰু কৰ্কাইৰা দ্বীপৰ ব্যক্তিত্ব আৰু তত্ত্বাৱধায়ক দেৱী।
-
ছালেমিছ (শ্ৰুতিকথা)
ছালেমিছ (/ˈsæləmɪs/ SAL-ə-miss; প্ৰাচীন গ্ৰীক: Σαλαμίς, ইংৰাজী: Salamis) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম। তেওঁ চাইক্ৰেয়াছ দ্বীপৰ (Cychreus) ব্যক্তিত্ব আৰু তত্ত্বাৱধায়ক দেৱী।
-
হেলেন
হেলেন (প্ৰাচীন গ্ৰীক: Ἑλένη, ৰোমানীকৃত: Helénē) গ্ৰীক শ্ৰুতিকথাত বিশ্বৰ আটাইতকৈ ধুনীয়া বুলি বৰ্ণনা কৰা এগৰাকী মহিলা। হেলেনক ট্ৰয়ৰ হেলেন, বা স্পাৰ্টাৰ হেলেন, আৰু লেটিন ভাষাত হেলেনা বুলিও জনা যায়৷ তেওঁক জিউছ আৰু লেডা বা নেমেছিছৰ কন্যা আৰু ক্লাইটেমনেষ্ট্ৰা, কেষ্টাৰ আৰু পলাক্স, ফিল’ন’, ফ’বি আৰু…
-
ক্লাইটেমনেষ্ট্ৰা
ক্লাইটেমনেষ্ট্ৰা (ইংৰাজী: Clytemnestra, ) গ্ৰীক শ্ৰুতিকথা অনুসৰি মাইচেনিয়াৰ ৰজা আগামেমননৰ পত্নী আৰু স্পাৰ্টাৰ হেলেনৰ ভগ্নী আছিল। ইস্কাইলাছৰ ত্ৰিলজী অৰেষ্টেয়াত বৰ্ণনা কৰা মতে তেওঁ আগামেমনন আৰু ট্ৰয়ৰ ধ্বংশৰ পিছত আগামেমননে যুদ্ধৰ পুৰস্কাৰ হিচাপে লাভ কৰা ট্ৰ’জান ৰাজকুমাৰী কেছাণ্ড্ৰাক হত্যা কৰে৷…
-
চাৰিটেছ
চাৰিটেছ (প্ৰাচীন গ্ৰীক: Χάριτες, ইংৰাজী: Charites) গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি সৌন্দৰ্য্য আৰু অনুগ্ৰহৰ দেৱী। তেওঁলোকক গ্ৰেচ (Graces) বুলিও কোৱা হয়৷ হেচিয়ডৰ মতে চাৰিটেছ তিনি গৰাকী হৈছে এগলিয়া, ইউফ্ৰ’চাইন আৰু থেলিয়া৷ তেওঁলোকক জ্যুছ আৰু সমুদ্ৰৰ দেৱী ইউৰিনমৰ কন্যা বুলি কোৱা হয়।
-
ইঅ’ছ
ইঅ'ছ (/ˈiːɒs/; ইংৰাজী: Eos) প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনী আৰু ধৰ্ম অনুসৰি দোকমোকালিৰ দেৱী আৰু ব্যক্তিত্ব৷ এই দেৱীয়ে প্ৰতিদিনে পুৱা অ'চেনাছ নদীৰ প্ৰান্তত অৱস্থিত নিজৰ আৱাসৰ পৰা উঠি ৰাতিৰ আন্ধাৰ আঁতৰাই পোহৰ বিলাই দিয়ে বুলি বিশ্বাস কৰা হয়।
-
থেলিয়া (নেৰেইড)
থেলিয়া (/ˈθeɪliə/ বা /θəˈlaɪə/; প্ৰাচীন গ্ৰীক: Θάλεια থালেইয়া, ইংৰাজী: সৰহ; আক্ষৰিক অৰ্থ: "আনন্দময়, প্ৰচুৰতা") গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা।
-
থেস্পিয়া (শ্ৰুতিকথা)
থেস্পিয়া (প্ৰাচীন গ্ৰীক: Θέσπια, ইংৰাজী: Thespia) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম। এপ'ল'ই তেওঁক থেস্পিয়া (থিবিছৰ পশ্চিমে থকা চহৰ)লৈ অপহৰণ কৰি নিছিল আৰু চহৰখনৰ নাম হয়তো তেওঁৰ নামেৰে ৰখা হৈছিল।
-
নেচাৰেল হিষ্ট্ৰি
নেচাৰেল হিষ্ট্ৰি (লেটিন: Naturalis Historia) হৈছে প্লিনি দ্য এল্ডাৰৰ দ্বাৰা ৰচিত এখন লেটিন ভাষাৰ গ্ৰন্থ। ৰোমান সাম্ৰাজ্যৰ পৰা আধুনিক যুগলৈকে বৰ্তি থকা আটাইতকৈ ডাঙৰ একক গ্ৰন্থ৷ এই গ্ৰন্থখনত বিভিন্ন প্ৰাচীন লেখকৰ পৰা সংগ্ৰহ কৰা তথ্য সংকলন কৰা হৈছে।
-
কালচিছ (শ্ৰুতিকথা)
কালচিছ (/ˈkælsɪs/ KAL-siss; প্ৰাচীন গ্ৰীক: Χαλκίς; ইংৰাজী: Chalcis) বা খালকিছ (Khalkis) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।
-
ছেলেনে
ছেলেনে (/sɪˈliːniː/; প্ৰাচীন গ্ৰীক: Σελήνη; ইংৰাজী: Selene, অৰ্থাৎ "চন্দ্ৰ") প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনী আৰু ধৰ্ম অনুসৰি চন্দ্ৰক প্ৰতিনিধিত্ব কৰা দেৱী আৰু ব্যক্তিত্ব।
-
টানাগ্ৰা (শ্ৰুতিকথা)
টানাগ্ৰা (/ˈtanəgrə/; প্ৰাচীন গ্ৰীক: Τανάγρα বা Τάναγραν, ইংৰাজী: Tanagra) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।