মহাভাৰতৰ চৰিত্ৰ
১১০ প্ৰবন্ধ
-
কৃষ্ণ
কৃষ্ণ (कृष्ण; Krishna) হিন্দু ধৰ্মৰ এজন আৰাধ্য দেৱতা। কৃষ্ণৰ আক্ষৰিক অৰ্থ "আন্ধাৰ, ক'লা, ঘন নীলা"। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে।
-
অৰ্জুন
অৰ্জুন (Arjuna) হ'ল মহাভাৰতৰ এটি কেন্দ্ৰীয় চৰিত্ৰ। পঞ্চ-পাণ্ডৱৰ তৃতীয়জন অৰ্জুন। অৰ্জুনৰ পিতৃৰ নাম পাণ্ডু আৰু মাতৃৰ নাম কুন্তী। মহাভাৰতীয় সাহিত্যত অৰ্জুনক অন্যতম শ্ৰেষ্ঠ ধনুৰ্ধৰ যোদ্ধা হিচাপে দাঙি ধৰা হৈছে।
-
পাণ্ডৱ
পাণ্ডৱ (पाण्डव) হৈছে দীৰ্ঘতম হিন্দু মহাকাব্য মহাভাৰতৰ কেন্দ্ৰীয় চৰিত্ৰ, যিসকলে কুৰুক্ষেত্ৰত হস্তিনাপুৰৰ সিংহাসনৰ বাবে সিহঁতৰ ভাই কৌৰৱসকলৰ বিৰুদ্ধে মহাভাৰত যুদ্ধ কৰিছিল। যাক কুৰুক্ষেত্ৰ যুদ্ধ বুলি কোৱা হয়৷ তেওঁলোকৰ নাম- যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ।
-
দ্ৰৌপদী
দ্ৰৌপদী হʼল মহাভাৰত মহাকাব্যৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ। তেওঁ পাঞ্চালৰাজ দ্ৰুপদৰ যজ্ঞোজাত কন্যা, পঞ্চপাণ্ডৱৰ সহধৰ্মিনী। যুদ্ধৰ পাছত যুধিষ্ঠিৰ যেতিয়া হস্তিনাপুৰৰ ৰজা হৈছিল তেতিয়া দ্ৰৌপদী (পুনৰ) ইন্দ্ৰপ্ৰস্থৰ মহাৰাণী হৈছিল। পাঞ্চালৰ ৰাজকন্যা বাবে তেওঁৰ আন নাম পাঞ্চালী।
-
ভীম
ভীম (भीम) মহাভাৰতৰ এটি চৰিত্ৰ। ভীম পাণ্ডু পাঁচজন পুত্ৰৰ ভিতৰত (যাক পাণ্ডৱ বুলি জনা যায়) দ্বিতীয় পুত্ৰ। ভীম এজন বীৰ যোদ্ধা। গদাধৰ হিচাপে তেওঁৰ খ্যাতি আছে।
-
যুধিষ্ঠিৰ
হিন্দু মহাকাব্য মহাভাৰতৰ মতে যুধিষ্ঠিৰ (युधिष्ठिर) পঞ্চপাণ্ডৱৰ ভিতৰত জ্যেষ্ঠ। তেওঁ কুৰুবংশৰ ৰজা পাণ্ডু আৰু তেওঁৰ প্ৰথম পত্নী কুন্তীৰ পুত্ৰ আছিল। মৃত্যু দেৱতা যমৰ অনুগ্ৰহত তেওঁৰ জন্ম হয়। মহাকাব্যখনত যুধিষ্ঠিৰ ইন্দ্ৰপ্ৰস্থ আৰু পিছলৈ কুৰু ৰাজ্য অৰ্থাৎ হস্তিনাপুৰৰ ৰজা হয়।
-
বলোৰাম
বলোৰাম এগৰাকী হিন্দু ভগৱান বা দেৱতা তথা কৃষ্ণৰ ককায়েক। তেওঁ বিশেষভাৱে জগন্নাথ পৰম্পৰাৰে জড়িত এগৰাকী দেৱতা। তেওঁক বলোদেৱ, বলোভদ্ৰ, হলধৰ, হলযোদ্ধা আৰু সংকৰ্ষণ নামেৰেও জনা যায়।
-
ভীষ্ম
ভীষ্ম (भीष्म,, ভীষণ) কুৰু ৰজা শান্তনু আৰু গঙ্গা দেৱীৰ অষ্টম পুত্ৰ। তেওঁক পিতামহ, গঙ্গাপুত্ৰ আৰু দেৱব্ৰত নামেৰেও জনা যায়। মহামুনি বশিষ্ঠৰ পৰা বেদ-বেদান্তৰ জ্ঞান তথা শুক্ৰাচাৰ্যৰ পৰা সকলো শাস্ত্ৰ, কলা আৰু বিজ্ঞানৰ শিক্ষা লাভ কৰা মহাবীৰ ভীষ্ম আছিল এগৰাকী অদ্বিতীয় ধনুৰ্দ্ধৰ তথা ৰাষ্ট্ৰনীতিত সুপণ্ডিত।
-
কৌৰৱ
কৌৰৱ মহাভাৰতৰ চৰিত্ৰ বিশেষ। কৌৰৱ শব্দৰ উৎপত্তি কুৰু শব্দৰ পৰা আহিছে। হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰৰ এশ সন্তানক একেলগে কৌৰৱ বুলি কোৱা হয়। দুৰ্যোধন কৌৰৱৰ জেষ্ঠ ভাতৃ আৰু দুঃশলা কনিষ্ঠ ভগ্নী।
-
বেদব্যাস
বেদব্যাস বা ব্যাসদেৱ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ প্ৰণেতা আৰু এজন বিখ্যাত ঋষি। তেওঁ ৰাঘৱ কুলৰ কুলগুৰু বশিষ্ঠৰ প্ৰপৌত্ৰ, শক্তিৰ পৌত্ৰ, ঋষি পৰাশৰ পুত্ৰ আৰু শুকদেৱৰ পিতৃ।
-
কৰ্ণ (মহাভাৰত)
কৰ্ণ (कर्ण) হৈছে পুৰণি ভাৰতৰ হিন্দু মহাকাব্য মহাভাৰতত বৰ্ণিত এটা কেন্দ্ৰীয় চৰিত্ৰ। তেওঁ অংগ ৰাজ্যৰ (বৰ্তমান ভগলপুৰ আৰু মুগেৰ) অধিপতি আছিল। কৰ্ণ আছিল এজন মহান বীৰ, যাৰ বীৰত্বৰ গাঁথা বহু চৰ্চিত আছিল আৰু ভগৱান কৃষ্ণ আৰু ভীষ্ম পিতামহৰ মতে যুদ্ধক্ষেত্ৰত অৰ্জুনক পৰাস্ত কৰিবপৰা একমাত্ৰ যোদ্ধা আছিল।
-
দুৰ্যোধন
দুৰ্যোধন (दुर्योधन) মহাভাৰতৰ এটি চৰিত্ৰ। কৌৰৱৰ এশ ভাইৰ ভিতৰত জ্যেষ্ঠ। তেওঁ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ পুত্ৰ।
-
ধৃতৰাষ্ট্ৰ
মহাভাৰতত ধৃতৰাষ্ট্ৰ (धृतराष्ट्र, dhṛtarāshtra; lit. "a good king") হ'ল হস্তিনাপুৰৰ ৰজা তথা দুৰ্যোধনৰ পিতৃ। গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী হ'ল তেখেতৰ পত্নী। তেওঁ জন্মান্ধ আছিল। আৰু এশ এটা সন্তানৰ (এজনী জীয়ৰী) পিতৃ আছিল।
-
কুন্তী
মহাভাৰতৰ আখ্যানমতে কুন্তী (कुन्ती) বা পৃথ্বা মথুৰাৰৰ যাদৱবংশীয় ৰজা শূৰসেনৰ কন্যা, আৰু ৰজা কুন্তীভোজৰ তোলনীয়া কন্যা। তেওঁ বাসুদেৱৰ ভনীয়েক আছিল। হস্তিনাপুৰৰ ৰজা পাণ্ডুলৈ তেওঁৰ বিয়া হৈছিল আৰু কৰ্ণৰ লগতে প্ৰথম তিনিজন পাণ্ডৱৰ মাতৃ হৈছিল। সম্পৰ্কত তেওঁ কৃষ্ণ, বলৰাম আৰু সুভদ্ৰাৰ পেহীয়েক।
-
পাণ্ডু
পাণ্ডু (Pandu; पाण्डु) হৈছে মহাভাৰতত বৰ্ণিত হস্তিনাপুৰৰ ৰজা তথা পাণ্ডৱৰ পিতৃ। তেওঁ আছিল বিচিত্ৰবীৰ্যৰ কনিষ্ঠ সন্তান। পাণ্ডুৰ পত্নী দুগৰাকীৰ নাম আছিল ক্ৰমে কুন্তী আৰু মাদ্ৰী।
-
গংগা দেৱী
গঙ্গা বা গংগা (সংস্কৃত: गङ्गा, থাই: คงคา Khongkha) গঙ্গা নদীৰ মূৰ্তিস্বৰূপ এক হিন্দু দেৱী। হিন্দুধৰ্মত এই দেৱী বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰিণী। হিন্দুসকলে বিশ্বাস কৰে যে গঙ্গাত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয় আৰু জীৱই মুক্তিলাভ কৰে।
-
অভিমন্যু
অভিমন্যু (Abhimanyu) মহাভাৰত মহাকাব্যৰ অন্যতম উল্লেখযোগ্য বীৰ চৰিত্ৰ আৰু অৰ্জুন-সুভদ্ৰাৰ পুত্ৰ, কৃষ্ণৰ ভাগিন আৰু মৎস্য ৰাজকন্যা উত্তৰাৰ স্বামী। সাহস আৰু বীৰত্বত তেওঁ তেওঁৰ পিতৃ অৰ্জুন আৰু পিতামহ ইন্দ্ৰৰ সমতুল্য। কুৰুক্ষেত্ৰৰ যুদ্ধৰ ত্ৰয়োদশ দিনা মাত্ৰ ষোল বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে।
-
প্ৰদ্যুম্ন
প্ৰদ্যুম্ন (Pradyumna, प्रद्युम्न) অনিৰুদ্ধৰ পিতৃ আৰু ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ আছিল। তেওঁ পূৰ্বজন্মতে কামদেৱ আছিল। প্ৰাচীন আখ্যানৰ মতে কামদেৱে শিৱৰ তপস্যা ভংগ কৰাৰ কাৰণে ভগৱান শিৱৰ কোপত কামদেৱ ভস্মীভূত হৈছিল আৰু ৰতি দেৱীৰ কাতৰ প্ৰাৰ্থনাৰ ফলত পুনৰ ৰূপ পাইছিল।
-
সত্যৱতী
সত্যৱতী বা মৎস্যগন্ধা (Satyavati; सत्यवती) আছিল কুৰুৰাজ শান্তনুৰ পত্নী, ব্যাস (পৰাশৰৰ সৈতে), চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্যৰ (শান্তনুৰ সৈতে) মাতৃ।
-
দ্ৰোণাচাৰ্য
দ্ৰোণাচাৰ্য হিন্দু পৌৰাণিক কাহিনীৰ এজন বিশিষ্ট ব্যক্তি আৰু ভাৰতীয় ইতিহাসৰ এজন কিংবদন্তি গুৰু। যুদ্ধত তেওঁৰ ব্যতিক্ৰমী দক্ষতা আৰু শিষ্যসকলক মহান যোদ্ধা হ’বলৈ প্ৰশিক্ষণ দিয়াৰ ক্ষমতাৰ বাবে তেওঁ পৰিচিত। তেওঁৰ শিক্ষাই কুৰু বংশ আৰু ভাৰতীয় উপমহাদেশৰ ভৱিষ্যত গঢ় দিয়াত সহায়ক আছিল।
-
পৰীক্ষিত
পৰীক্ষিত (परिक्षित्) পাণ্ডৱ বংশৰ এজনা ৰজা। ঋষিৰ শাপত তেওঁক তক্ষক নাগে দংশি মাৰে। তেওঁ অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ তথা জনমেজয়ৰ পিতৃ আছিল। শুকে তেওঁৰ আগত মহাভাগৱত কৈছিল।
-
অশ্বত্থামা
অশ্বত্থামা (अश्वत्थामा, Ashwatthama) মহাভাৰতৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষে হৈ পাণ্ডৱৰ বিৰুদ্ধে যুঁজ দিছিল। অশ্বত্থামা আছিল গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ। পৌৰাণিক কাহিনীত ইয়াৰ ক্ষেত্ৰত দুটা নাম পোৱা যায়।
-
ভগদত্ত
ভগদত্ত (Bhagadatta) নৰকাসুৰৰ পুত্ৰ আছিল। মহাভাৰতত তেওঁ প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে। ভগদত্তৰ জীয়েক ভানুমতী আৰু ময়ুৰীক কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া দিছিল। তেওঁৰ আন এগৰাকী কন্যা ধনুমতী পাঞ্চালৰ ধৃষ্টদ্যুম্নৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।
-
সহদেৱ
মহাভাৰতৰ মতে সহদেৱ হ'ল পঞ্চম পাণ্ডৱ। নকুলৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে। সহদেৱ ত্ৰিকালদৰ্শী আৰু পৰশু অস্ত্ৰৰ নিপুণ যোদ্ধা আছিল।
-
গান্ধাৰী
গান্ধাৰী (गांधारी, অৰ্থ: গান্ধাৰৰ জীয়ৰী) হিন্দু মহাকাব্য মহাভাৰতৰ এটি বিশিষ্ট চৰিত্ৰ। তেওঁ গান্ধাৰৰ ৰাজকন্যা আছিল তথা হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী, আৰু এশ পুত্ৰ কৌৰৱৰ মা।
-
জৰাসন্ধ
জৰাসন্ধ হিন্দু পৌৰাণিক কাহিনীত উল্লেখ কৰা এজন ৰজা। তেওঁ মগধৰ শক্তিশালী ৰজা, আৰু মহাভাৰতৰ এজন সৰু বিৰোধী। তেওঁ মগধৰ বৃহদ্ৰথ বংশৰ প্ৰতিষ্থাপক ৰজা বৃহদ্ৰথৰ পুত্ৰ। জনপ্ৰিয় জ্ঞান অনুসৰি বৃহদ্ৰথৰ বংশধৰসকলে ২৬০০ বছৰ মগধত শাসন কৰিছিল আৰু তাৰ পিছত প্ৰদ্যুৎ বংশ আৰু হাৰিয়াংক বংশই মগধত শাসন কৰিছিল।
-
নকুল
হিন্দু পুৰাণ মহাভাৰতত নকুল (অৰ্থ: 'বংশৰ আটাইতকৈ সুদৰ্শন') আছিল চতুৰ্থ পাণ্ডৱ। নকুল আৰু তেওঁৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে।
-
শিশুপাল
শিশুপাল চেদী ৰাজ্যৰ ৰজা আছিল, আৰু মহাভাৰতত এজন পাণ্ডৱ বিৰোধী আছিল। তেওঁ ৰজা দমঘোষ আৰু কুন্তীৰ ভগ্নী শ্ৰুতশ্ৰৱাৰ পুত্ৰৰ লগতে নন্দৰ ভতিজাক আছিল। যুধিষ্ঠিৰৰ মহা অভিষেক অনুষ্ঠানত তেওঁৰ ভতিজা ভায়েক আৰু বিষ্ণুৰ অৱতাৰ কৃষ্ণই তেওঁক হত্যা কৰিছিল, তেওঁৰ বিৰুদ্ধে কৰা অপমানজনক নিৰ্যাতনৰ শাস্তি হিচাপে।
-
সুভদ্ৰা
সুভদ্ৰা (IAST: Subhadrā) ব্যাস ৰচিত হিন্দু মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁক দেৱী যোগমায়াৰ অৱতাৰ হিচাপে পূজা কৰা হয়। মহাভাৰতত তেওঁ কৃষ্ণৰ বৈমাত্ৰেয় ভগ্নী, বলৰামৰ আপোন ভগ্নী, অৰ্জুনৰ পত্নী, অভিমন্যুৰ ৰ মাক আৰু পৰীক্ষিতৰ আইতাক। তেওঁ বাসুদেৱ আৰু ৰোহিনীৰ জীয়ৰী।
-
ঘটোৎকচ
ঘটোৎকাচ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ এটা বিশিষ্ট চৰিত্ৰ। ঘটোৎকচ হিড়িম্বাপুৰৰ (বৰ্তমানৰ ডিমাপুৰ) ৰজা আছিল। তেওঁৰ পিতৃ আছিল ভীম আৰু মাতৃৰ নাম আছিল হিড়িম্বী। এওঁকেই অসমৰ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। তেওঁ অঞ্জনাপৰ্ৱ, বৰবৰিকা আৰু মেঘৱৰ্ণৰ পিতৃ।