দৰ্শন
৭৯ প্ৰবন্ধ
-
দৰ্শন
দৰ্শন (Philosophy) জ্ঞানৰ অন্যতম প্ৰাচীন এটি শাখা। ফিল’ছফী শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰিছিলে গ্ৰীক চিন্তাবিদ থেলচ্। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ সময়ত শব্দটো প্ৰথম ব্যৱহৃত হয়। থেলচ্ এ ফিল’ছফী শব্দটো ব্যৱহাৰ কৰে love of wisdom অৰ্থাত্ জ্ঞানৰ প্ৰতি অনুৰাগ হিচাপে।
-
বেদান্ত
বেদান্ত দৰ্শন: বেদান্ত শব্দৰ অৰ্থ হৈছে বেদৰ অন্ত। উপনিষদ হৈছে বেদৰ শেষ ভাগ গতিকে উপনিষদক বেদান্ত বোলা হয়। বেদান্ত ৰ আন এটা নাম হৈছে "উত্তৰ মীমাংসা"।বেদান্তৰ দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে বদৰায়ণ। বদৰায়ণৰ দ্বাৰা ৰচিত ব্ৰহ্ম সূত্ৰই হৈছে এই দৰ্শনৰ মূল গ্ৰন্থ।
-
নাস্তিকতা
নাস্তিকতা (Atheism)-ৰ বহল অৰ্থ হ'ল ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসক বৰ্জন কৰা। ইয়াৰ সংকীৰ্ণ অৰ্থ হৈছে যে সেই বিচাৰধাৰা যাৰ মতে কোনোধৰণৰ ভগৱান বা অলৌকিক শক্তিৰ অস্তিত্ব নাই। সকলোতকৈ উদাৰ অৰ্থ হ'ল ভগৱানৰ অস্তিত্ব থকা বুলি কোনো বিশ্বাসৰ অনুপস্থিতি।
-
হিন্দু দৰ্শন
হিন্দু দৰ্শন প্ৰাচীন ভাৰতত বিকশিত হিন্দু ধৰ্মৰ সৈতে সম্বন্ধ ৰখা দৰ্শন, দৃষ্টিভংগী আৰু শিক্ষা। ষদ্দৰ্শন (সাংখ্য, যোগ, ন্যায়, বৈশেষিক, মীমাংসা আৰু বেদান্ত) হিন্দু দৰ্শনৰ অন্তৰ্গত। তদুপৰি, চাৰ্বাক, বৌদ্ধ, জৈন, আজীৱিক আদি দৰ্শনো ইয়াৰ অন্তৰ্গত।
-
যোগাসন
যোগাসন বা যোগ বা যোগবিদ্যা বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি। হিন্দু, বৌদ্ধ) আৰু জৈন ধৰ্মৰ মাজত বিভিন্ন তৰহৰ যোগবিদ্যাৰ অনেক ঠাল-ঠেঙুলি, ৰীতি-নীতি তথা উদ্দেশ্য প্ৰচলিত আছে।
-
ভাৰতীয় দৰ্শন
ভাৰতীয় দৰ্শনৰ মূল বেদ। সংস্কৃতত দৰ্শনৰ নিষ্পন্ন ৰূপ হ'ল" দৃশ্" ধাতু আৰু ল্যুট্ প্ৰত্যয়। অতীজৰেপৰাই ভাৰতত বিভিন্ন দাৰ্শনিক পৰম্পৰা বিদ্যমান। [সৰ্বপল্লী ৰাধাকৃষ্ণণ]ৰ মতে, প্ৰথমৰ [উপনিষদ] কেইখনেই আছিল '...দৰ্শন সম্বন্ধে লিখিত পৃথিৱীৰ আটাইতকৈ পুৰণি পুথি।
-
যোগ দৰ্শন
যোগ দৰ্শন ৬ মুখ্য আস্তিক হিন্দু দৰ্শনৰ অন্যতম। প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক সাহিত্যত ই প্ৰায় কেৱল 'যোগ' শব্দৰে অভিহিত। যোগ দৰ্শন সাংখ্য দৰ্শনৰ সৈতে সম্বন্ধিত। যোগ দৰ্শনৰ নিজক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে উন্নতিৰ দিশে নিয়াৰ অধ্যয়নে আন সকলো ভাৰতীয় দৰ্শনকো প্ৰভাৱিত কৰিছে।
-
একেশ্বৰবাদ
একেশ্বৰবাদ এটি প্ৰচলিত ধৰ্মীয় ধাৰণা, যাৰ অৰ্থ হ'ল ঈশ্বৰৰ একত্ববাদত বিশ্বাসী অৰ্থাৎ মাত্ৰ এজন ঈশ্বৰৰ প্ৰতি বিশ্বাসী। এই ধাৰণাত বিশ্বাসীসকলে সৃষ্টিকৰ্তা, লালনকৰ্তা, পালনকৰ্তা অথবা সংহাৰকৰ্তা হিচাপে এটা মাত্ৰ সত্তাত বিশ্বাসী আৰু তেওঁৰ আৰাধনা বা উপাসনা কৰি থাকে।
-
সত্যাগ্ৰহ
সত্যাগ্ৰহ (सत्याग्रह) মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা দৰ্শন আৰু অহিংস প্ৰতিৰোধৰ অনুশীলন। মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সত্যাগ্ৰহৰ চৰ্চা কৰিছিল।
-
সাংখ্য দৰ্শন
সাংখ্য দৰ্শন হিন্দু দৰ্শনৰ ৬ আস্তিক ধাৰাৰ অন্যতম। ই যোগ ধাৰাৰ নিকটৱৰ্তী আৰু আন আন হিন্দু দাৰ্শনিক ধাৰাতো প্ৰভাৱ বিস্তাৰ কৰিছে। সাংখ্য দৰ্শনত জ্ঞানতত্ত্বগতভাৱে ৬ প্ৰমাণক মান্যতা প্ৰদান কৰা হয়। এই ৬ প্ৰমাণ অবিহনে কোনো বাক্যকে সত্য গণ্য কৰা নহয়। এই ৬ প্ৰমাণৰ অন্যতম প্ৰত্যক্ষ, অনুমান আৰু শব্দ।
-
যুক্তি
প্ৰশ্ন-প্ৰমেয়,সত্যাসত্য, ঘটনা-পৰিঘটনা-বিশ্বাস, নিয়মাচাৰৰ বিচাৰকে আদি কৰি যিকোনো কিবাৰ সজ্ঞান স্থিতিপ্ৰতিষ্ঠা, কাৰণ-বিচাৰ,সমিধান অথবা ভেদ-ভঙ্গৰ ক্ষমতা বা সেইমৰ্মে উপস্থাপিত নতুন ও অৱধাৰিত তথ্যোক্তিকে যুক্তি বোলা হয়।
-
গুৰু
গুৰু সেইজন যিয়ে জ্ঞান প্ৰদান কৰে। সংস্কৃত ভাষাৰ এই শব্দৰ অৰ্থ হৈছে শিক্ষক আৰু ওস্তাদ। এই ভিত্তিত পিতৃ-মাতৃক এজন ব্যক্তিৰ প্ৰথম গুৰু বুলি গণ্য কৰা হয়। দ্বিতীয় গুৰু হৈছে আখৰৰ জ্ঞান প্ৰদান কৰা শিক্ষক। ইয়াৰ পিছত বহু ধৰণৰ গুৰু জীৱনলৈ আহে যিয়ে বুনিয়াদী শিক্ষা দিয়ে।
-
মন
মন (Mind) হৈছে দৰ্শনশাস্ত্ৰৰ এক অন্যতম কেন্দ্ৰীয় ধাৰণা। মন বুলিলে সাধাৰণভাবে, বুদ্ধি আৰু বিবেকবোধৰ এক সমষ্টিগত ৰূপ যি চিন্তা, অনুভূতি, আবেগ, ইচ্ছা আৰু কল্পনাৰ মাধ্যমেৰে প্ৰকাশিত হয় তাকে বুজায়। মন কি আৰু ই কেনেকৈ কাম কৰে সেই সম্পৰ্কে অনেক ধৰণৰ তত্ত্ব প্ৰচলিত আছে।
-
গান্ধীবাদ
গান্ধীবাদ (Gandhism) হৈছে মোহনদাস গান্ধীৰ অনুপ্ৰেৰণা, দৃষ্টিভংগী আৰু জীৱনকৰ্মক বৰ্ণনা কৰা এক ঐক্য ধাৰণা। ই বিশেষকৈ অহিংস প্ৰতিৰোধৰ ধাৰণাৰ প্ৰতি তেওঁৰ অৱদানৰ সৈতে সম্পৰ্কিত। গান্ধীবাদৰ দুটা স্তম্ভ হৈছে সত্য আৰু অহিংসা।
-
বৌদ্ধ দৰ্শন
বৌদ্ধ দৰ্শন (ইংৰাজী: Buddhist philosophy) বৌদ্ধ ধৰ্মৰ ধাৰ্মিক-দাৰ্শনিক পৰম্পৰাৰ ভিতৰত বিকশিত হোৱা প্ৰাচীন ভাৰতীয় দাৰ্শনিক ব্যৱস্থা। ইয়াত গৌতম বুদ্ধৰ পৰিনিৰ্বাণৰ পিছত (খ্ৰীষ্টপূৰ্ব প্ৰায় ৫ম শতিকা) প্ৰাচীন ভাৰতৰ বৌদ্ধ ধৰ্মৰ বিভিন্ন বৌদ্ধিক সম্প্ৰদায়সমূহৰ মাজত বিকশিত হোৱা সকলো দাৰ্শনিক অনুসন্ধান…
-
জ্ঞান
জ্ঞান হৈছে তথ্যৰ প্ৰতি সচেতনতা, ব্যক্তি আৰু পৰিস্থিতিৰ সৈতে পৰিচিত হোৱা বা ব্যৱহাৰিক দক্ষতা। তথ্যৰ জ্ঞান, যাক প্ৰস্তাৱনামূলক জ্ঞান বুলিও কোৱা হয়, প্ৰায়ে ন্যায্যতাৰ দ্বাৰা মতামত বা অনুমানৰ পৰা পৃথক প্ৰকৃত বিশ্বাস হিচাপে বৈশিষ্ট্যযুক্ত কৰা হয়।
-
তমঃ
তমঃ (Sanskrit: তমস্ তামাস, আভিধানিক অৰ্থ 'আন্ধাৰ') তিনিটা গুণ (প্ৰৱণতা, গুণ, বৈশিষ্ট্য)ৰ ভিতৰত অন্যতম, যিটো হিন্দু দৰ্শনৰ সাংখ্য দৰ্শনে বিকশিত কৰা দাৰ্শনিক আৰু মানসিক ধাৰণা। বাকী দুটা গুণ হ’ল ৰজঃ (আৱেগ আৰু ক্ৰিয়া) আৰু সত্ত্ব (বিশুদ্ধতা, মঙ্গল)। তমঃ হৈছে জড়তা, নিষ্ক্ৰিয়তা, নিস্তেজতা বা অলসতাৰ গুণ।
-
আত্মা
বহুতো ধৰ্মীয়, দাৰ্শনিক আৰু পৌৰাণিক পৰম্পৰামতে আত্মা হৈছে জীৱৰ অন্তৰ্নিহিত এক অশৰীৰ সত্তা আত্মাই জীৱৰ মানসিক ক্ষমতা যেনে: কাৰণ, চৰিত্ৰ, অনুভূতি, চেতনা, স্মৃতি, উপলব্ধি, চিন্তাভাবনা ইত্যাদিক প্ৰতিনিধিত্ব কৰে। দাৰ্শনিক ব্যবস্থাৰ ওপৰত নিৰ্ভৰ কৰি আত্মা নশ্বৰ নাইবা অবিনশ্বৰ হ'ব পাৰে।
-
তাওবাদ
তাওবাদ বা দাওবাদ চীনৰ এক থলুৱা বৈচিত্ৰ্যময় দাৰ্শনিক আৰু ধৰ্মীয় পৰম্পৰা। তাওবাদে সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তাওবাদী চিন্তাধাৰাই তাওবাদী পৰম্পৰাৰ ভিতৰত আৰু ইয়াৰ বাহিৰৰ বিভিন্ন প্ৰথাৰ বিকাশৰ বিষয়ে অৱগত কৰিছে, য'ত ধ্যান, জ্যোতিষ, ছিগং, ফেং ছুই, আৰু অভ্যন্তৰীণ ৰসায়ন।
-
তৰ্কশাস্ত্ৰ
তৰ্কশাস্ত্ৰ (Logic) স্থানভেদে যুক্তিসূত্ৰ বা যুক্তিবিদ্যা বা যুক্তিতত্ত্ব হৈছে যুক্তিৰ মান্য প্ৰয়োগ আৰু সম্পৰ্কীয় বিদ্যা। দৰ্শন,গণিত আৰু কম্পিউটাৰ বিজ্ঞানত ইয়াৰ বহুল অধ্যয়ন হোৱা দেখা যায়। প্ৰাচীন ভাৰতীয়, চীন, পাৰস্য,ৰোমান আৰু গ্ৰীক আদি বহু সভ্যতাত এই বিষয়ৰ অধ্যয়ন হৈছিল।
-
ব্ৰহ্ম
হিন্দু ধৰ্মত, ব্ৰহ্ম (ब्रह्मन्; IAST: Brahman) হৈছে সৰ্বোচ্চ সৰ্বজনীন নীতি, বিশ্বৰ পৰম সত্য। বৈদিক উপনিষদসমূহত, ব্ৰহ্ম হৈছে অস্তিত্ব আৰু অনস্তিত্বৰ দ্বৈততা অতিক্ৰম কৰা মৌলিক সত্য। ই সময়, স্থান, আৰু প্ৰাকৃতিক নিয়মৰ উৎস হিচাপে কাম কৰে।
-
সত্ত্ব
সত্ত্ব (Sanskrit: सत्वत्, অৰ্থাৎ মঙ্গল) তিনিটা গুণ বা “অস্তিত্বৰ ধৰণ’’ (প্ৰৱণতা, গুণ, বৈশিষ্ট্য)ৰ ভিতৰত অন্যতম, যিটো হিন্দু দৰ্শনৰ সাংখ্য দৰ্শনে অনুভৱ কৰা দাৰ্শনিক আৰু মানসিক ধাৰণা। বাকী দুটা গুণ হ’ল ৰজঃ (আৱেগ আৰু ক্ৰিয়া) আৰু তমঃ (ধ্বংস, বিশৃংখলতা)।
-
সত্য
সত্য (Truth) হৈছে তথ্য বা বাস্তৱৰ লগত মিল থকা এক বৈশিষ্ট্য। ব্যৱহাৰিক ভাষাত সত্যক সাধাৰণতে বাস্তৱক প্ৰতিনিধিত্ব কৰাৰ লক্ষ্যৰে বা অন্যথা ইয়াৰ সৈতে মিল থকা বস্তু যেনে বিশ্বাস, প্ৰস্তাৱনা আৰু ঘোষণামূলক বাক্যৰ সৈতে জড়িত কৰা হয়। সত্যক সাধাৰণতে মিছাৰ বিপৰীত বুলি ধৰা হয়।
-
ৰজঃ
ৰজঃ (Sanskrit: रजस्) তিনিটা গুণ (প্ৰৱণতা, গুণ, বৈশিষ্ট্য)ৰ ভিতৰত অন্যতম, যিটো হিন্দু দৰ্শনৰ সাংখ্য দৰ্শনে বিকশিত কৰা দাৰ্শনিক আৰু মানসিক ধাৰণা। বাকী দুটা গুণ হ’ল সত্ত্ব (শুদ্ধ, ভৰসাম্য) আৰু তম:(অলসতা, হিংসা, বিকাৰ)। ৰজঃ হৈছে জন্মগত প্ৰৱণতা বা গুণ যিয়ে গতি, শক্তি আৰু কাৰ্যকলাপক পৰিচালিত কৰে।
-
অস্তিত্ববাদ
অস্তিত্ববাদ (ইংৰাজী: Existentialism) হৈছে এক দৰ্শনমূলক দৃষ্টিভংগী আৰু অনুসন্ধানৰ ধাৰা, যি অস্তিত্বৰ আপাত অযৌক্তিকতা বা দুৰ্বোধ্যতাৰ স্বত্বেও এক প্ৰামাণিক জীৱন যাপন কৰাৰ বাবে মানুহৰ ব্যক্তিগত সংগ্ৰামক অন্বেষণ কৰে।
-
চাৰ্বাক দৰ্শন
চাৰ্বাক দৰ্শন (चार्वाक) হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা। ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত। ই একমাত্ৰ ভাৰতীয় বস্তুবাদী দৰ্শন। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন। কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সাধাৰণ মানুহৰ চিন্তাধাৰা প্ৰতিফলিত হৈছিল।
-
স্বৰাজ
স্বৰাজ (Swarajस्वराज; স্ব- "নিজ", ৰাজ "শাসন") বুলিলে সাধাৰণতে স্বায়ত্ত্বশাসন বুজায় আৰু মহৰ্ষি দয়ানন্দ স্বৰস্বতীয়ে "গৃহ-শাসন"ৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিছিল যি পিছলৈ মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰিছিল কিন্তু শব্দটোৱে প্ৰকৃততে বিদেশী দমনৰ পৰা ভাৰতৰ স্বাধীন,গান্ধীৰ ধাৰণাক বুজাইছিল।
-
মৌলবাদ
মৌলবাদ (Fundamentalism) হৈছে কঠোৰ ধৰ্মীয় মতবাদসমূহক অনুসৰণ কৰাৰ চাহিদা; যি সাধাৰণতে উদাৰ ধৰ্মতত্ত্বেৰ বিৰুদ্ধে এক প্ৰতিক্ৰিয়াক বুজায়। এই শব্দটো ইংৰাজী ফাণ্ডামেণ্টালিজম শব্দেৰ অনুবাদ। মৌলবাদ শব্দটোৰ সাধাৰণ অন্য অৰ্থ হ'ল মূলজাত। ইয়াত মূল শব্দৰ দ্বাৰা ধৰ্মক বুজোৱা হৈছে।
-
য়িন আৰু য়াং
চীনা দৰ্শনত য়িন আৰু য়াং ( yīnyáng, "আন্ধাৰ-ঊজ্বল", "ঋণাত্মক-ধনাত্মক")-এ এই কথাক বুজাই যে দেখাত বিপৰীত শক্তিসমূহো আচলতে ইটো আনটোৰ পৰিপূৰক, সম্বন্ধিত আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে।
-
তৰ্ক (তৰ্কশাস্ত্ৰ)
তৰ্কশাস্ত্ৰ আৰু দৰ্শণত তৰ্কৰ প্ৰয়োগৰ দ্বাৰা কোনো প্ৰতিপক্ষক কোনো এক নিদিষ্ট সিদ্ধান্ত সত্য-সিদ্ধ-প্ৰমাণিত বুলি যুক্তি সহকাৰে গ্ৰহণ কৰোৱাই কিহবাৰ ওপৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰিব পাৰি।