ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ড'ট' (শ্ৰুতিকথা)
ড'ট (প্ৰাচীন গ্ৰীক: Δωτὼ, ইংৰাজী: Doto; আক্ষৰিক অৰ্থ: 'দাতা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ডাইনেমিন
ডাইনেমিন (/dɪˈnæmɪniː, daɪ-/; প্ৰাচীন গ্ৰীক: Δυναμένη, ইংৰাজী: Dynamene; আক্ষৰিক অৰ্থ: 'কঢ়িয়াই আনোতা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ তেওঁৰ ভগ্নী ফেৰুছাৰ সৈতে মহাসাগৰ উফন্দি উঠাৰ পৰাক্ৰম আৰু শক্তিৰ সৈতে জড়িত আছিল। ডাইনেমিনৰ দ্ৰুতভাৱে আবিৰ্ভাৱ আৰু অদৃশ্য হোৱাৰ ক্ষমতা আছিল।
-
থোনবনহলা
থনবনহলা হৈছে অফিচিয়েল বাৰ্মিজ প্যান্থেয়ন অৱ নাটৰ পঞ্চম গৰাকী। তাকুনৱান নামৰ মন গাঁৱৰ বাসিন্দা আছিল তেওঁ। তেওঁ "এদিনৰ ভিতৰতে তিনিটা দিশত ধুনীয়া" আছিল।
-
ধিষণা
ধিষণা (সংস্কৃত: धिषणा) হিন্দু ধৰ্মত সমৃদ্ধিৰ দেৱী বুলি গণ্য কৰা হয়। চাৰিবেদৰ অন্যতম ঋগবেদৰ মণ্ডল সম্পৰ্কীয় প্ৰায়বোৰ গীতত ধিষণাৰ উল্লেখ পোৱা যায়। তেওঁক অগ্নি, সূৰ্য্য, চন্দ্ৰ আৰু তৰাৰ দেৱী হিচাপেও উল্লেখ কৰা হৈছে।
-
ধৰ্মভৃত
হিন্দু ধৰ্মৰ ভিতৰত ধৰ্মভৃত হৈছে সুতীক্ষ্ণৰ আশ্ৰমৰ পৰা ৰামক দণ্ডকাৰণ্যৰ মাজেৰে যাত্ৰাত সংগ দিয়া ঋষি-মুনিসকলৰ ভিতৰত অন্যতম। যাত্ৰাকালত যেতিয়া ৰামে অজ্ঞাত উৎসৰ পৰা অহা বিস্ময়কৰ সংগীতৰ উৎপত্তিৰ বিষয়ে সুধিছিল তেতিয়া তেওঁ পঞ্চপসৰৰ পাৰত মন্দকৰ্ণী ঋষিৰ কাহিনী কয়।
-
নাগলক্ষ্মী
নাগলক্ষ্মী (नागलक्ष्मी; nāgalakṣmī) এগৰাকী নাগ দেৱী আৰু হিন্দু পৌৰাণিক কাহিনীত উল্লেখ কৰা বিষ্ণুৰ দুখন পৰ্বতৰ ভিতৰত অন্যতম নাগৰাজ (সৰ্পৰ ৰজা) শেষৰ পত্নী। তেওঁক ক্ষীৰসাগৰ নামৰ দিব্য মহাসাগৰৰ অৱতাৰ বুলি গণ্য কৰা হয়।
-
নাগিনা মছজিদ
নাগিনা মছজিদ, যাক ৰত্ন মছজিদ আৰু জুৱেল মছজিদ বুলিও কোৱা হয়, ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আগ্ৰাত অৱস্থিত আৰু ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত।
-
নেমেৰ্টেছ (শ্ৰুতিকথা)
নেমেৰ্টেছ (প্ৰাচীন গ্ৰীক: Νημερτής, ইংৰাজী: Nemertes; আক্ষৰিক অৰ্থ: 'অবিচলিত′, ′সত্যবাদী' বা 'দাতা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ নিমেৰ্টিছ আন এগৰাকী নেৰেইড নিওমেৰিছ একেগৰাকীয়েই বুলি অনুমান কৰা হয়।
-
নৈতিক গঠনবাদ
নৈতিক গঠনবাদ বা নীতিগত গঠনবাদ হৈছে মেটা-নীতি (en: meta-ethics}}) আৰু নীতিগত নৈতিকতা দুয়োটাতে এনে এক দৃষ্টিভংগী যিয়ে এই ধাৰণা কৰে যে: # নৈতিক [[বাক্যই প্ৰস্তাৱনা প্ৰকাশ কৰে। এনে কিছুমান প্ৰস্তাৱ সত্য। এনে প্ৰস্তাৱৰ সত্যতা বা মিথ্যতা এটা উপযুক্ত গঠনবাদী পদ্ধতিৰ ফলাফলৰ ওপৰত অনিবাৰ্যভাৱে নিৰ্ভৰশীল।
-
পনমাগ্যি
পনমাগ্যি বা পনমাগ্যি শ্বিনমা নামেৰেও জনাজাত এক বাৰ্মিজ ধান আৰু উৰ্বৰতাৰ নাট (আত্মা) যিটো পৰম্পৰাগতভাৱে উজনি ম্যানমাৰৰ কৃষকসকলে পূজা কৰে।
-
পিঠাগুৰি দৌল
পিঠাগুৰি দৌল (Pithaguri Doul) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমতলা অঞ্চলত অৱস্থিত এটা ঐতিহাসিক ধৰ্মীয় স্থান। অসম চৰকাৰৰ ২০১৯–২০ বৰ্ষৰ বাজেট নথিত পিঠাগুৰি দৌলক শোণিতপুৰ জিলাৰ ধৰ্মীয় স্থানসমূহৰ তালিকাত Pithaguri Doul, Kusumtola, Jamuguri নামেৰে অন্তৰ্ভুক্ত কৰা হৈছে।
-
পৰমাণুত্ব
পৰমাণুত্ব বা পৰমাণুবাদ (গ্ৰীক: Atomos অৰ্থাৎ কৰ্তন-অযোগ্য) হৈছে এক প্ৰাকৃতিক দৰ্শন, যাৰ ধাৰণা কেইবাখনো প্ৰাচীন দৰ্শন বিদ্যালয়ত গঢ়ি উঠিছিল। পৰমাণুবিদসকলে বিশ্বাস কৰিছিল যে প্ৰাকৃতিক জগতখন দুটা মৌলিক অংশৰে গঠিত: অবিভাজ্য পৰমাণু আৰু মহাকাশ।
-
পৰ্ণশৱৰী
পৰ্ণশৱৰী (IAST: Parnashabarī, তিব্বতী: লোমাগ্যুমা, সংস্কৃত: पर्णशबरी), যাক পৰনসৱৰী (পৰনসবৰী) বুলিও বানান কৰা হয়, হৈছে ৰোগৰ বৌদ্ধ দেৱতা হিচাপে গ্ৰহণ কৰা হিন্দু দেৱতা, যাৰ পূজাই মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰা ফলপ্ৰসূ সুৰক্ষা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়।
-
ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰী
REDIRECT ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
-
ফুৰালুং ধৰ্মৰ উপাসনালয়
ফুৰালুং ধৰ্মত মুঠ তিনি প্ৰকাৰৰ উপাসনালয় পোৱা যায়। সেয়া হৈছে হ'-লুং, হ'-ফি আৰু ৰু'ন ছাও চেং বা ছাও চেং ৰেন।
-
ফেৰুছা
ফেৰুছা (প্ৰাচীন গ্ৰীক: Φέρουσά, ইংৰাজী: Pherusa বা Pherousa; আক্ষৰিক অৰ্থ: 'কঢ়িয়াই আনোতা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ তেওঁৰ ভগ্নী ডাইনেমিনৰ সৈতে মহাসাগৰ উফন্দি উঠাৰ পৰাক্ৰম আৰু শক্তিৰ সৈতে জড়িত আছিল। হাইজিনাছৰ মতে এগৰাকী ঋতুৰ দেৱী হোৰাইৰ নামো ফেৰুছা।
-
বদৰা তিত্থ বিহাৰ
বদৰা তিত্থ বিহাৰ (বদৰাতীথ, পদৰসিত্ত) হৈছে বৰ্তমান ভাৰতৰ আধুনিক তামিলনাডু ৰাজ্যৰ এখন ঐতিহাসিক থেৰাবাদ বৌদ্ধ বিহাৰৰ নাম।
-
বাপ্পিৰিয়ান থেয়াম
বাপ্পিৰিয়ান থেয়াম (বাপিৰিয়ান বুলিও বানান কৰা হয়) ভাৰতৰ কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত পৰিবেশন কৰা এক থেয়াম (নৃত্য)। ই এক প্ৰকাৰৰ মাপিলা থেয়াম। মুছলমান বুলি বিশ্বাস কৰা বাপিৰিয়ান আৰু হিন্দু দেৱী আৰিয়া পুনকণিৰ মিথ কেৰালাত হিন্দু-ইছলাম ধৰ্মীয় সমন্বয়ৰ নিদৰ্শন।
-
বিনায়ক-টেন
বিনায়ক-টেন(毘那夜迦天), গনপতেই, কাংগিটেন, কাংকি-টেন, শ্ব'-টেন, ডাইশ্ব'-টেন, ডাইশ্ব'-কাংগিটেন, টেনচন, কাংগি-জিজাইটেন, শ্ব'ডেন চামা, ৱিনায়কটেন বা জবিটেন জাপানী বৌদ্ধ ধৰ্মৰ শ্বিংগন আৰু টেণ্ডাই শাখাৰ এজন টেন বা দেৱ। তেওঁক হিন্দু ধৰ্মৰ দেৱতা গণেশৰ জাপানী ৰূপ বুলি অনেকে গণ্য কৰে।
-
বিৰাধ
বিৰাধ (विराध) হৈছে ৰামায়ণৰ অৰণ্য কাণ্ডৰ এক সৰু চৰিত্ৰ। তেওঁ দণ্ডকাৰণ্যত বাস কৰা এক ৰাক্ষস যিয়ে এটা খণ্ডত সীতাক অপহৰণ কৰে। তেওঁক তামিল ভাষাত বিৰাটন, থাইলেণ্ডত ফিৰাপ আৰু মালয় দেশত পূৰ্বেইটা নামেৰে জনা যায়। ৰাম আৰু লক্ষ্মণে ৰাক্ষসটোৰ সৈতে যুঁজ দিবলৈ আৰম্ভ কৰে।
-
বুলু (ফিজিৰ কিংবদন্তি)
ফিজিৰ পৌৰাণিক কাহিনীত বুলু (উচ্চাৰণ: Mbúlu) ‘আত্মাৰ জগত’ (সম্ভৱতঃ পাতাল জগত)ৰ নাম। ৱুলা-ই-ৰাটুমাইবুলু নামৰ মাহত ব্ৰেডফ্ৰুট আৰু অন্যান্য ফলমূলৰ গছবোৰ ফুলি ফল দিবলৈ বুলু নামৰ আত্মাৰ জগতখনৰ পৰা ৰাটুমাইবুলু দেৱতা আহে। ৰাটুমাইবুলু এজন অতি গুৰুত্বপূৰ্ণ দেৱতা যিয়ে কৃষিৰ পৰিচালনা কৰে।
-
বৈষ্ণো দেৱী মন্দিৰ
বৈষ্ণো দেৱী মন্দিৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ ট্ৰিকোটা পৰ্বতত অৱস্থিত হিন্দুধৰ্মীসকলৰ এক অন্যতম পবিত্ৰ তীৰ্থস্থান। ‘মাতা ৰাণী’, ‘ট্ৰিকোটা’, ‘বৈষ্ণৱী’ আদি ভিন্ন নামেৰে পৰিচিত বৈষ্ণোদেৱী মন্দিৰ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পীঠ স্থান। লাখ লাখ ভক্তই প্ৰতি বছৰে এই তীৰ্থস্থান দৰ্শন কৰিবলৈ আহে।
-
ভেকি
ভেকি (সংস্কৃত: भेकि) সংস্কৃত কিংবদন্তিত দিগন্তত উপৱিষ্ট হোৱা সূৰ্য্যৰ প্ৰতীক হিচাপে বেঙক দিয়া নাম। জাৰ্মাণিক আৰু কেলটিক সংস্কৃতিত আনুষংগিক মিথ পোৱা যায়। কিংবদন্তিটোত ভেকি আছিল প্ৰথমে এগৰাকী সুন্দৰী নাৰী।
-
মহন্ত
মহন্ত হ'ল হিন্দু ধৰ্মৰ (সনাতন) ধৰ্মীয় অতি উচ্চ বৰ্ণ, বিশেষকৈ এই শ্ৰেণীৰ লোক সকল সত্ৰৰ গৰাকী মহন্ত সকলে গোস্বামী,দেৱ গোস্বামী,অধিকাৰী আৰু নামনি অসমত তেওঁলোকে ৰায়চৌধুৰী,দত্ত বৰুৱা,দত্ত আদি উপাধি লয় কিন্তু উজনিত এই শেষৰ উপাধি কলিতা আদি লোক সকলে লিখে।
-
মহিপতি দাস
মহিপতি দাস (১৬১১–১৬৮১), জনপ্ৰিয়ভাৱে কাখাণ্ডকীৰ মহিপতি বুলি কোৱা হয়, ভাৰতৰ কৰ্ণাটকৰ পৰা অহা দ্বৈত বেদান্তৰ হৰিদাস পৰম্পৰাৰ এজন মন্ত্ৰী, পণ্ডিত আৰু বিশিষ্ট সাধু আছিল।
-
মাধৱ তীৰ্থ
মাধৱ তীৰ্থ আছিল এজন হিন্দু দাৰ্শনিক, পণ্ডিত আৰু ১৩৩৩ চনৰ পৰা ১৩৫০ চনলৈকে নৰহৰি তীৰ্থৰ পিছত মধ্বাচাৰ্য পীঠৰ তৃতীয় পুৰোহিত।
-
মালিকপুৰথাম্মা
মালিকপুৰথাম্মা (মালয়ালম: മാളികപ്പുറത്തമ്മ) হৈছে সবৰীমালা আয়াপ্পা মন্দিৰৰ এটা সৰু মন্দিৰত সন্নিৱিষ্ট এগৰাকী হিন্দু দেৱী। মূল আয়াপ্পা মন্দিৰৰ পিছত মালিকাপুৰাথম্মা মন্দিৰ দৰ্শন কৰা হয়। মন্দিৰ কমপ্লেক্সৰ মণিমন্দপামৰ সন্মুখত মালিকপুৰথাম্মা মন্দিৰ।
-
মুখাগ্নি
মুখাগ্নি হৈছে এগৰাকী হিন্দুৰ মৃতদেহ সৎকাৰ কৰা সময়ত পোন প্ৰথম অগ্নি সংযোগ কৰা এক নিয়ম। প্ৰাচীন কালৰে পৰা হিন্দু সমাজত এই ৰীতি প্ৰচলন হৈ আহিছে। যথাবিহিত নিয়মেৰে মৃতদেহ শ্মশানলৈ নিয়াৰ পিছত চিতাত তোলা হয়।
-
মুনি
মুনি কাশ্যপৰ অন্যতম পত্নী। দক্ষ আৰু তেওঁৰ পত্নী অশিক্নীৰ ষাঠিজনী কন্যাৰ ভিতৰত এগৰাকী। তেওঁ অপ্সৰা আৰু গন্ধৰ্বৰ জাতিৰ মাতৃ।
-
শাস্ত্ৰাৰ্থ
প্ৰাচীন ভাৰতবৰ্ষত প্ৰচলিত একপ্ৰকাৰৰ বৌদ্ধিক বিতৰ্ক হৈছে শাস্ত্ৰাৰ্থ। ই আছিল একপ্ৰকাৰৰ দাৰ্শনিক আৰু ধৰ্মীয় বিতৰ্ক য’ত পণ্ডিতসকলে অংশগ্ৰহণ কৰি হিন্দু শাস্ত্ৰৰ অভ্যন্তৰীণ অৰ্থ(ভেদ) উন্মোচন কৰিছিল যাক শাস্ত্ৰ বুলি জনা যায়।