অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন
৩১ প্ৰবন্ধ
-
ৰংঘৰ
ৰংঘৰ আহোম যুগত নিৰ্মিত আৰু এছিয়াৰ সবাতোকৈ পুৰণি মুকলি প্ৰেক্ষাগৃহ বুলি খ্যাত এক ঐতিহাসিক স্থাপত্য-কীৰ্তি। শিৱসাগৰৰ কাষৰ ৰূপহী পথাৰত ৰাজকীয় ক্ৰীড়া, উৎসৱ আৰু সাংস্কৃতিক অনুষ্ঠান উপভোগৰ বাবে ই নিৰ্মাণ কৰা হৈছিল।
-
কাৰেংঘৰ
কাৰেংঘৰ আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত পিৰামিড আকৃতিৰ ৰাজমহল, যি অসমৰ শিৱসাগৰ জিলাৰ গড়গাঁওত অৱস্থিত। ১৫৪০ চনত নিৰ্মাণ আৰম্ভ হোৱা এই ৰাজকাৰেং পৰৱৰ্তী সময়ত ইটাৰে পকী কৰণ, ক্ষয়ক্ষতি আৰু পুনৰ নিৰ্মাণৰ মাজেৰে ঐতিহাসিক ৰূপ লাভ কৰে।
-
তলাতল ঘৰ
তলাতল ঘৰ অসমৰ শিৱসাগৰ জিলাৰ ৰংপুৰত অৱস্থিত এক আহোম ৰাজমহল। ই আহোম স্থাপত্যকলাৰ উল্লেখযোগ্য নিদৰ্শন হিচাপে পৰিগণিত, আৰু ইয়াৰ বহু-মহলীয়া—মাটিৰ ওপৰত আৰু মাটিৰ তলত—গঠন বৈশিষ্ট্যপূর্ণ।
-
অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকা
এই তালিকাখন ভাৰতৰ ৰাজ্য অসমত অৱস্থিত ভাৰতৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকা যিখন ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে আনুষ্ঠানিকভাৱে দাখিল কৰা আৰু ৱেবছাইটত সন্নিবিষ্ট তথ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে। |}
-
উমানন্দ
উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰাই দ্বীপটোৰ নাম উমানন্দ হয়। ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বোলা হৈছিল।
-
বশিষ্ঠাশ্ৰম দেৱালয়
বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ-পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু বহু মাটি দান দিয়ে। কিংবদন্তী মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। 'গংগা' নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।
-
হয়গ্ৰীৱ মাধৱ মন্দিৰ
হয়গ্ৰীৱ মাধৱ মন্দিৰ (Hayagriva Madhava Temple) অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এক দেৱালয়। হাজোৰ মণিপৰ্বত নামৰ এটা টিলাৰ ওপৰত এই দেৱালয় অৱস্থিত। বিষ্ণুৰ এক অৱতাৰ "হয়গ্ৰীৱ"ক (ঘোঁৰাৰ মূৰসহ বিষ্ণু) ইয়াত পূজা-অৰ্চনা কৰা হয়। সংস্কৃত ভাষাত 'হয়' মানে 'ঘোঁৰা' আৰু 'গ্ৰীৱ'ৰ অৰ্থ 'ডিঙি'।
-
কানাই বৰশী বোৱা শিলালিপি
অসমীয়া লিপি উত্তৰ পূব ভাৰত কামৰূপ ৰাজ্যৰ এটা স্বতন্ত্ৰ্য লিপি। ইয়াৰ মূল ব্ৰাহ্মী আৰু তাৰ বিকশিত ৰূপ গুপ্ত লিপি বুলি নিৰ্দ্ধাৰণ কৰা হৈছে। অসমীয়া লিপিটো অসমৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা শিলালেখ তথা তামৰ ফলিসমূহত ব্যৱহৃত লিপিৰ বিকাশপ্ৰাপ্ত এক ৰূপ।
-
জয় দৌল
জয় দৌল ১৬৯৮ চনত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে (১৬৯৬–১৭১৪) মাতৃ জয়মতীৰ সন্মান আৰু স্মৃতিত নিৰ্মাণ কৰিছিল। এই মন্দিৰটো ইটা আৰু শিলৰ দ্বাৰা নিৰ্মিত। দৌলৰ দেৱালত স্বৰ্গীয় গন্ধৰ্ব আৰু অপ্সৰাৰ প্ৰতিচ্ছবি আৰু সেই সময়ৰ সামাজিক জীৱনক প্ৰতিনিধিত্ব কৰা ভাস্কৰ্য যেনে পূৰ্বৰ আহোম স্বৰ্গদেউসকলৰ ক্ৰীড়া…
-
শিৱসাগৰৰ শিৱদৌল
শিৱদৌল শিৱসাগৰ জিলাৰ, শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰী ভগ্নী দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মদাম্বিকা নাম দি বৰৰজা পাতিছিল।
-
অশ্বক্ৰান্ত মন্দিৰ
অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত তীৰ্থস্থান। ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে। এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত।
-
অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা
অসমৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নৰ তালিকা ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে (Archeological Survey of India) আনুষ্ঠানিকভাৱে দাখিল কৰা আৰু ৱেবছাইটত সন্নিবিষ্ট তথ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে। এই স্মৃতিচিহ্নসমূহৰ চিনাক্তকৰণৰ বাবে ভাৰতীয় পুৰাতত্ব অনুসন্ধান বিভাগে ৰাজ্যিক স্তৰত কিছুমান চক্ৰ গঠন কৰিছে।
-
উমাচল শিলালিপি
উমাচল শিলালিপি অসমত বৰ্তমানলৈ উদ্ধাৰ হোৱা দ্বিতীয়খন পুৰণি শিলালেখ, সময় পঞ্চম শতিকাৰ শেষভাগ। লিপি খন ১৯৫৫ চনত উদ্ধাৰ হৈছে। গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূৱ কোনত পোৱা গৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই লিপিখন দৃষ্টিগোচৰ হৈছিল।
-
মদন কামদেৱ দেৱালয়
মদন কামদেৱ দেৱালয় হৈছে অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ।
-
শ্ৰী সূৰ্য পাহাৰ
শ্ৰী সূৰ্য পাহাৰ (Sri Surya Pahar) গোৱালপাৰা নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিণ-পূব আৰু ইয়াৰ ওচৰতে বঙাইগাঁও জিলা। গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ উত্তৰ-পশ্চিমত, ভাৰতৰ অসমৰ এখন উল্লেখযোগ্য স্থান।
-
কাজলীচকী
কাজলীচকী(𑜀𑜠𑜊𑜡𑜎𑜣,Kajali fort) আহোম ৰাজ্য (মু'ঙ দুন চুন খাম,𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪)ৰ সুৰক্ষাৰ বাবে স্থাপন কৰা আহোম সেনাছাউনী আছিল যি বৰ্তমান প্ৰত্নতত্ব বিভাগৰ দ্বাৰা এখন সংৰক্ষিত প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ। এই সেনা চাউনী কলং নৈৰ পশ্চিম মুখত স্থাপন কৰা হৈছিল।
-
গোলাঘৰ
গোলাঘৰ বা খাৰঘৰ হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা পুৰণি কীৰ্ত্তিচিহ্নসমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰ ঘৰ। ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। স্বৰ্গদেও চক্ৰধ্বজ সিংহৰ (১৬৬৩-১৬৬৯) ৰাজত্বকালত এই ঘৰটো নিৰ্মাণ কৰা হৈছিল। এই খাৰঘৰটো বৰ্তমানেও অক্ষত অৱস্থাতেই আছে।
-
নেঘেৰিটিং শিৱদৌল
নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূৱফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলটো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে।
-
পাণবাৰী মছজিদ
পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঐতিহাসিক মছজিদ। ইয়াক অসমৰ সৰ্বপ্ৰথম মছজিদ হিচাপে গণ্য কৰা হয়। এই মছজিদ ধুবুৰী চহৰৰ পৰা ২৫ কিঃমিঃ নিলগত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাণবাৰী আৰু ৰঙামাটিৰ মাজত অৱস্থিত।
-
বাসুদেৱ দৌল
বাসুদেৱ দৌল (Vasudev Doul; বাসুদেৱ দ'ল হিচাপেও উচ্চাৰিত) অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰী অঞ্চলত অৱস্থিত এটি প্ৰাচীন দৌল (বা মন্দিৰ)। এই দৌলটো ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগৰ অধীনত অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহ (State Protected Monument in India)-ৰ ভিতৰত অন্যতম।
-
বিল্বেশ্বৰ দেৱালয়
বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা। বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে।
-
বিশ্বনাথ মন্দিৰ
বিশ্বনাথ মন্দিৰ শোণিতপুৰ জিলাৰ বিশ্বনাথ ঘাটত অৱস্থিত এটা মন্দিৰ। সম্ভৱত ৬৫০-৯৯০ খ্ৰীঃ ত শালস্তম্ভ বংশৰ ৰজাসকলে পোনপ্ৰথমে বিশ্বনাথৰ নামত শৈলমন্দিৰ স্থাপন কৰিছিল।
-
ন-পুখুৰী শিৱদৌল
ন-পুখুৰী শিৱদৌল বা ৰুদ্ৰসাগৰ শিৱদৌল ৰজা লক্ষ্মী সিংহৰ (১৭৬৯-১৭৮০) ৰাজত্বকালত নিৰ্মিত ১৮ শতিকাৰ হিন্দু মন্দিৰ। শিৱসাগৰ চহৰৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত এই মন্দিৰটো। আহোম যুগত নিৰ্মিত এইটোৱেই শেষ মন্দিৰ যিয়ে মন্দিৰ নিৰ্মাণ আৰু স্থাপত্য নিৰ্মাণৰ সামগ্ৰিক অৱনতিৰ পূৰ্বে ভৱিষ্যৎক প্ৰতিনিধিত্ব কৰে।
-
মাঘনোৱা দ’ল
মাঘনোৱা দ’ল অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ফুলবাৰী গাঁৱত অৱস্থিত এটা দ'ল। ইয়াক ফুলবাৰী দ’ল নামেৰেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত এই দ’লটো অৱস্থিত। এসময়ত ই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী কালীৰ এক মুখ্য পূজন স্থলী আছিল।
-
মৈৰামৰা দৌল
মৈৰামৰা দৌল বা মৈৰামৰা থান (Moiramora Doul) ডিব্ৰুগড় জিলাৰ মানকটা মৌজাৰ খামতি ঘাটত অৱস্থিত ঐতিহাসিক দৌল। এই দৌলটো পোণপ্ৰথমতে ১০ শতিকা মানত শিলেৰে নিৰ্মাণ কৰা হৈছিল যদিও পাছলৈ ১৩-১৪ শতিকাত চুতীয়া ৰাজ্যৰ দিনত ইটাৰে পুণৰ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান সময়ত মৈৰামৰা দৌল বা থানৰ কেৱল ভগ্নাৱশেষ পোৱা গৈছে।
-
হাতীমূৰা মন্দিৰ
হাতীমূৰা মন্দিৰ অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰ। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাৰ প্ৰতি সমৰ্পিত।
-
গড় দ’ল
গড় দ'ল বা গড় দৌল শোণিতপুৰ জিলাত অৱস্থিত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সংৰক্ষিত স্থান। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নৰ অন্যতম। ই তেজপুৰৰ পৰা প্ৰায় ৭ কিঃমিঃ নিলগত তৰাজান কুমাৰগাঁৱত অৱস্থিত। গড় দ'লৰ ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগে প্ৰদান কৰা নম্বৰ হ'ল S-AS-95।
-
দেওপাহাৰ
দেওপাহাৰ ভাৰতৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে। দেওপাহাৰ বা দেওপৰ্বত নামৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ। ই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।
-
দেৱী দৌল
দেৱী দৌল গৌৰীসাগৰ পুখুৰীৰ উত্তৰ তীৰৰ পূৱ সীমান্তত অৱস্থিত এটা দৌল বা মন্দিৰ। গৌৰীসাগৰৰ তিনিওটা মন্দিৰৰ ভিতৰত ই সকলোতকৈ ডাঙৰ। মন্দিৰটো ৰজা শিৱ সিংহৰ(১৭১৪-৪৪) ৰাণী ফুলেশ্বৰীৰ নিৰ্দেশ অনুসৰি ইটা আৰু পাথৰেৰে (শিল) নিৰ্মাণ কৰা হৈছিল।
-
বেজৰ দৌল
বেজৰ দৌল বা বেজ দৌল (Bezor Doul) ডিব্ৰুগড় জিলাৰ জিলাৰ ধেমেচী অঞ্চলৰ বেজপথাৰত অৱস্থিত ঐতিহাসিক দৌল। ই শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত অৱস্থিত। বেজৰ দৌল আচলতে এটা বিষ্ণু দৌল আৰু অষ্টভূজাকৃতি গৰ্ভগৃহ আৰু এটা ঠেক অন্তৰালৰ সৈতে নিৰ্মিত।