ভাৰতীয় দৰ্শন
১৮ প্ৰবন্ধ
-
তমঃ
তমঃ (Sanskrit: তমস্ তামাস, আভিধানিক অৰ্থ 'আন্ধাৰ') তিনিটা গুণ (প্ৰৱণতা, গুণ, বৈশিষ্ট্য)ৰ ভিতৰত অন্যতম, যিটো হিন্দু দৰ্শনৰ সাংখ্য দৰ্শনে বিকশিত কৰা দাৰ্শনিক আৰু মানসিক ধাৰণা। বাকী দুটা গুণ হ’ল ৰজঃ (আৱেগ আৰু ক্ৰিয়া) আৰু সত্ত্ব (বিশুদ্ধতা, মঙ্গল)। তমঃ হৈছে জড়তা, নিষ্ক্ৰিয়তা, নিস্তেজতা বা অলসতাৰ গুণ।
-
নব্য ন্যায়
ভাৰতীয় যুক্তি আৰু ভাৰতীয় দৰ্শনৰ নব্য-ন্যায় বা নব্য যুক্তিবাদী দৰ্শন খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত মিথিলাৰ দাৰ্শনিক গংগেশ উপাধ্যায়ৰদ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু বংগত নবদ্বীপৰ ৰঘুনাথ শ্ৰীমণীয়ে অব্যাহত ৰাখিছিল। ই আছিল ধ্ৰুপদী ন্যায় দৰ্শনৰ বিকাশ।
-
সত্ত্ব
সত্ত্ব (Sanskrit: सत्वत्, অৰ্থাৎ মঙ্গল) তিনিটা গুণ বা “অস্তিত্বৰ ধৰণ’’ (প্ৰৱণতা, গুণ, বৈশিষ্ট্য)ৰ ভিতৰত অন্যতম, যিটো হিন্দু দৰ্শনৰ সাংখ্য দৰ্শনে অনুভৱ কৰা দাৰ্শনিক আৰু মানসিক ধাৰণা। বাকী দুটা গুণ হ’ল ৰজঃ (আৱেগ আৰু ক্ৰিয়া) আৰু তমঃ (ধ্বংস, বিশৃংখলতা)।
-
ৰজঃ
ৰজঃ (Sanskrit: रजस्) তিনিটা গুণ (প্ৰৱণতা, গুণ, বৈশিষ্ট্য)ৰ ভিতৰত অন্যতম, যিটো হিন্দু দৰ্শনৰ সাংখ্য দৰ্শনে বিকশিত কৰা দাৰ্শনিক আৰু মানসিক ধাৰণা। বাকী দুটা গুণ হ’ল সত্ত্ব (শুদ্ধ, ভৰসাম্য) আৰু তম:(অলসতা, হিংসা, বিকাৰ)। ৰজঃ হৈছে জন্মগত প্ৰৱণতা বা গুণ যিয়ে গতি, শক্তি আৰু কাৰ্যকলাপক পৰিচালিত কৰে।
-
তত্ত্বচিন্তামণি
তত্ত্বচিন্তমণি হৈছে খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ ভাৰতীয় যুক্তিবিদ আৰু দাৰ্শনিক গংগেশৰদ্বাৰা ৰচিত সংস্কৃত ভাষাৰ এখন গ্ৰন্থ। এই গ্ৰন্থখনক প্ৰমাণ-চিন্তামণি ("বৈধ জ্ঞানৰ এক চিন্তা-মণি") বুলিও কোৱা হয়। এই গ্ৰন্থখনে ভাৰতীয় যুক্তিৰ ইতিহাসত এক নতুন যুগৰ প্ৰৱৰ্তন কৰিছিল।
-
জৈন দৰ্শন
ভাৰতীয় দৰ্শনৰ ইতিহাসত জৈন দৰ্শন (ইংৰাজী- Jainism) এক অতি প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ ধাৰা। শ্ৰমণ পৰম্পৰাৰপৰা উদ্ভৱ হোৱা এই দৰ্শন বেদৰ প্ৰামাণ্যক অস্বীকাৰ কৰা নাস্তিক বা অৱৈদিক দৰ্শনসমূহৰ ভিতৰত অন্যতম।
-
অষ্টবক্ৰ গীতা
অষ্টবক্ৰ গীতা বা অষ্টবক্ৰৰ গীতা অষ্টবক্ৰ ঋষি আৰু মিথিলাৰ ৰজা জনকৰ সংলাপৰ ৰূপত এক ধ্ৰুপদী অদ্বৈত বেদান্ত গ্ৰন্থ।
-
অসুৰী
অসুৰী প্ৰাচীন ভাৰত উপমহাদেশৰ হিন্দু ধৰ্মৰ পৰম্পৰাত অসুৰী এজন বৈদিক ঋষি আছিল আৰু তেওঁ আছিল বৈদিক ঋষি কপিলৰ শিষ্য আছিল। পিছলৈ তেওঁ কপিল মুনিয়ে প্ৰতিষ্ঠা কৰা সাংখ্যা দৰ্শনৰ শিক্ষক হয়। প্ৰাচীন ভাৰতীয় দৰ্শনৰ ছয়টি ধাৰাৰ ভিতৰত অন্যতম হৈছে সাংখ্য দৰ্শন।
-
প্ৰাচীন মিথিলা বিশ্ববিদ্যালয়
গংগা সমভূমিৰ কাষেৰে বৈদিক আৰু ব্ৰাহ্মণ্য সংস্কৃতিৰ পূব দিশলৈ সম্প্ৰসাৰণৰ লগে লগে মিথিলাত আৰম্ভ হৈছিল, সংস্কৃত আৰু বৈদিক শিক্ষা, যাক বৈদিক অধ্যয়ন বুলিও কোৱা হয়।
-
উপস্কাৰ
ভাৰতীয় দৰ্শনত উপস্কাৰ ভাৰতীয় দাৰ্শনিক কণাদৰ বৈশেষিক সূত্ৰৰ এক ধাৰাবাহিক। ইয়াক সংস্কৃত ভাষাত ৰচনা কৰিছিল মিথিলাৰ ভাৰতীয় দাৰ্শনিক শংকৰ মিশ্ৰই।
-
ভক্তি যোগ
ভক্তি যোগ (সংস্কৃত: भक्ति योग), যাক ভক্তি মাৰ্গ (भक्ति मार्ग) বুলিও কোৱা হয় (আক্ষৰিক অৰ্থত ‘‘ভক্তি’’-ৰ পথ), হিন্দুধৰ্মৰ এটা আধ্যাত্মিক পথ বা আধ্যাত্মিক সাধনা, যি কোনো ব্যক্তিগত দেৱতাৰ প্ৰতি প্ৰেমমূলক ভক্তিত কেন্দ্ৰিত।
-
ভাৰতীয় নন্দনতত্ত্ব
ভাৰতীয় কলা দৰ্শকৰ মাজত বিশেষ আধ্যাত্মিক বা দাৰ্শনিক অৱস্থা জাগ্ৰত কৰাৰ ওপৰত গুৰুত্ব দি বা সেইবোৰক প্ৰতীকীভাৱে উপস্থাপন কৰি বিকশিত হৈছে।
-
যাজ্ঞবল্ক্য আশ্ৰম
যাজ্ঞবল্ক্য আশ্ৰম (সংস্কৃত: याज्ञवल्क्य आश्रम) হৈছে ভাৰতীয় দাৰ্শনিক তথা বৈদিক ঋষি যাজ্ঞবল্ক্যৰ সৈতে সম্পৰ্কিত এক প্ৰাচীন গুৰুকুল। বিশ্বাস কৰা হয় যে ঋষি যাজ্ঞবল্ক্যই এই আশ্ৰমতেই আত্মজ্ঞান তথা ব্ৰহ্মজ্ঞান লাভ কৰিছিল। প্ৰাচীন ভাৰতীয় দৰ্শনৰ বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ ইয়াতেই ৰচনা কৰা হৈছিল।
-
শাস্ত্ৰাৰ্থ
প্ৰাচীন ভাৰতবৰ্ষত প্ৰচলিত একপ্ৰকাৰৰ বৌদ্ধিক বিতৰ্ক হৈছে শাস্ত্ৰাৰ্থ। ই আছিল একপ্ৰকাৰৰ দাৰ্শনিক আৰু ধৰ্মীয় বিতৰ্ক য’ত পণ্ডিতসকলে অংশগ্ৰহণ কৰি হিন্দু শাস্ত্ৰৰ অভ্যন্তৰীণ অৰ্থ(ভেদ) উন্মোচন কৰিছিল যাক শাস্ত্ৰ বুলি জনা যায়।
-
ত্ৰিপুণ্ড্ৰ
ত্ৰিপুণ্ড্ৰ (Tripundra) শৈৱ সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰৰ কৰা তিনি ৰেখাযুক্ত তিলক। দক্ষিণ ভাৰতত উৎপত্তি হোৱা ই এক প্ৰকাৰৰ শৰীৰ কলা। ত্ৰিপুণ্ড্ৰ সাধাৰণতে কপালত তিনিটা পথালি ৰেখা অংকন অংকন কৰা হয়। সাধাৰণতে পৱিত্ৰ ছাই বা বিভূতিৰ পৰা তৈয়াৰ কৰা ৰেখা আৰু সেন্দূৰৰ বিন্দুৰ সৈতে ত্ৰিপুণ্ড্ৰ অংকন কৰা হয়।
-
নমস্কাৰ
নমস্কাৰ বা নমস্তে (, দেৱনাগৰী: नमस्ते) হ’ল এজন ব্যক্তি বা দলক সন্মান জনোৱাৰ আৰু অভিবাদন কৰাৰ এক পৰম্পৰাগত হিন্দু ৰীতি। ইয়াক দিনটোৰ যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি। হিন্দু, বৌদ্ধ আৰু জৈন পৰম্পৰাৰ লোকসকলে ইয়াৰ ব্যৱহাৰ কৰে। নমস্কাৰ কৰোঁতে সাধাৰণতে মূৰটো অলপ তললৈ কৰা হয়।
-
প্ৰাচীন ভাৰতৰ ঋষি-মুনি
ঋষি (সংস্কৃত: ऋषि, ইংৰাজী: Rishi) শব্দটো সংস্কৃত 'ঋষ্' ধাতুৰ পৰা উৎপন্ন হৈছে, যাৰ অৰ্থ হৈছে 'দেখা' বা 'জ্ঞান লাভ কৰা'। প্ৰাচীন ভাৰতীয় সভ্যতাত ঋষিসকল আছিল তপস্বী, দাৰ্শনিক, আৰু আধ্যাত্মিক গুৰু যিসকলে বেদ আৰু অন্যান্য পবিত্ৰ গ্ৰন্থসমূহৰ ৰচনা আৰু সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
বসুধৈৱ কুটুম্বকম্
বসুধৈৱ কুটুম্বকম্ হিন্দু ধৰ্মৰ পুথি মহা উপনিষদত পোৱা এটা সংস্কৃত বাক্যাংশ যাৰ অৰ্থ "পৃথিৱীখন এটা পৰিয়াল"। বৈদিক পৰম্পৰাত "বসুধৈৱ কুটুম্বকম"ৰ উল্লেখ আছে যি পৃথিৱীৰ সকলো জীৱ এক পৰিয়ালৰে বুজায়।