অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ব্ৰহ্ম সংহতি

দামোদৰদেৱ, হৰিদেৱ অথবা তেওঁলোকৰ শিষ্যৰ দ্বাৰা প্ৰৱৰ্তিত সত্ৰসমূহেই ব্ৰহ্ম সংহতিৰ সত্ৰ স্বৰূপে পৰিচিত। দামোদৰদেৱ ব্ৰহ্ম সংহতিৰ প্ৰৱৰ্তক। দামোদৰী আৰু হৰিদেৱী সুকীয়া সুকীয়া মাৰ্গ নহয়। দামোদৰী মাৰ্গৰেই আন এটি উল্লেখযোগ্য শাখা হৰিদেৱী।

হালনাগাদ: ২৫ মে’ ২০২৫ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

দামোদৰদেৱ, হৰিদেৱ অথবা তেওঁলোকৰ শিষ্যৰ দ্বাৰা প্ৰৱৰ্তিত সত্ৰসমূহেই ব্ৰহ্ম সংহতিৰ সত্ৰ স্বৰূপে পৰিচিত। দামোদৰদেৱ ব্ৰহ্ম সংহতিৰ প্ৰৱৰ্তক। দামোদৰী আৰু হৰিদেৱী সুকীয়া সুকীয়া মাৰ্গ নহয়। দামোদৰী মাৰ্গৰেই আন এটি উল্লেখযোগ্য শাখা হৰিদেৱী। দামোদৰী মাৰ্গই যুক্তি আৰু আৱেগৰ ওপৰত সমানে গুৰুত্ব দিয়ে, কিন্তু হৰিদেৱীয়ে আৱেগতকৈ যুক্তিৰ ওপৰত তুলনামূলকভাৱে অধিক গুৰুত্ব দিয়ে। শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত 'ভাগৱতী বৈষ্ণৱ ধৰ্ম'ৰ সৈতে ব্ৰহ্ম সংহতিৰ মূলতঃ পাৰ্থক্য নাই। 'ভাগৱতী ধৰ্ম'ত যিদৰে শ্ৰীমদ্ভাগৱতেই ধৰ্মৰ মূলাধাৰ গ্ৰন্থ; তদ্ৰুপ ব্ৰহ্ম সংহতিতো 'শ্ৰীমদ্ভাগৱতে'ই অন্যতম প্ৰধান স্থান লাভ কৰিছে। অৱশ্যে ব্ৰহ্ম সংহতিত নিত্য-নৈমিত্তিকৰ প্ৰাধান্য স্পষ্ট। এই সংহতিৰ আচাৰ্যসকলে মনোময় পূজাৰ লগে লগে প্ৰতিমা-পূজাতো সমানে গুৰুত্ব প্ৰদান কৰে। পঞ্চদেৱতাৰ (আদিত্য, গণেশ, দেৱী, ৰুদ্ৰ, কেশৱ অথবা গণেশ, বিষ্ণু, শিৱ আৰু দুৰ্গা) পূজা আৰু বেদোক্ত কৰ্মাদিৰ স্থান ব্ৰহ্ম সংহতিত লক্ষ্য কৰা যায়। কোনো কোনো পণ্ডিতৰ মতে, ব্ৰহ্ম সংহতিত নাম বা শৰণ নিদিয়ে, দীক্ষা বা ভাগৱতোক্ত মন্ত্ৰ গ্ৰহণ পদ্ধতিৰে কৃষ্ণমন্ত্ৰ দান কৰে। ভক্ত, ভাগৱত, গুৰু আৰু মূৰ্তি এই চাৰিবস্তুৰ প্ৰাধান্য ব্ৰহ্ম সংহতিত অতিকে স্পষ্ট।১

তথ্যসূত্ৰ

  1. ↑ "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ" (দ্বিতীয় সংস্কৰণঃ নৱেম্বৰ, ২০১৭), পৃ: ৪১০, গ্ৰন্থকাৰ- ড° নবীন চন্দ্ৰ শৰ্মা।

সম্পৰ্কিত শ্ৰেণী

শংকৰদেৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰহ্ম সংহতি” প্ৰবন্ধৰ সংশোধন ৫১২৪৫৮ (২৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।