কিংবদন্তিমূলক জীৱ
৮৫ প্ৰবন্ধ
-
কিংবদন্তিমূলক জীৱ
কিংবদন্তিমূলক জীৱ (লগতে পৌৰাণিক জীৱও) হৈছে এক প্ৰকাৰৰ কাল্পনিক সত্তা, সাধাৰণতে সংকৰ, যিটো প্ৰমাণিত হোৱা নাই আৰু যিটো লোককথাত (পৌৰাণিক আৰু কিংবদন্তিকে ধৰি) বৰ্ণনা কৰা হৈছে, কিন্তু আধুনিকতাৰ আগৰ ঐতিহাসিক বিৱৰণীত ইয়াক বৈশিষ্ট্যযুক্ত হ'ব পাৰে।
-
নিম্ফ
নিম্ফ (প্ৰাচীন গ্ৰীক: νύμφη, ইংৰাজী: Nymph) প্ৰাচীন গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত এক প্ৰকাৰৰ ক্ষুদ্ৰ প্ৰকৃতি দেৱী। অন্যান্য গ্ৰীক দেৱীৰ তুলনাত নিম্ফসকলক সাধাৰণতে প্ৰকৃতিৰ ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়; সাধাৰণতে এওঁলোক কোনো নিৰ্দিষ্ট ঠাই, ভূ-ৰূপ বা গছৰ সৈতে সাঙুৰ খাই থাকে আৰু সাধাৰণতে কুমাৰী হিচাপে…
-
নাইয়াড
নাইয়াড (/ˈnaɪædz, ˈneɪædz, -ədz/; প্ৰাচীন গ্ৰীক: ναϊάδες, ইংৰাজী: Naiad; কেতিয়াবা হাইড্ৰিয়াড (hydriads) বুলিও কোৱা হয়) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এক প্ৰকাৰৰ নাৰী আত্মা বা নিম্ফ৷ তেওঁলোকক ফোয়াৰা, নাদ, জান, নৈ, জুৰি আৰু অন্যান্য মিঠা পানীৰ জলাশয়ৰ দেৱী বুলি গণ্য কৰা হয়।
-
ঙি ঙাও খাম
ঙি ঙাও খাম (𑜂𑜣 𑜂𑜰 𑜫 𑜁𑜪,Ngingaokham) বা ফুৰা-লু'ঙ (𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫) চীনা ড্ৰেগনৰ এটা প্ৰজাতি যি টাই আহোমসকলৰ মাজত প্ৰচলিত এক কিংবদন্তিমূলক জীৱ তথা এক পৰম্পৰাগত প্ৰতীক।পূৰ্বতে আহোম সকলে ড্ৰেগন নৃত্য আৰু ড্ৰেগন নাও খেলো অনুষ্ঠিত কৰিছিল। এই সংস্কৃতিসমুহ চীনত আৰম্ভনি হৈছিল।
-
ঐৰাৱত
ঐৰাৱত (সংস্কৃত: ऐरावत, ৰোমানীকৃত: airāvata, আক্ষৰিক অৰ্থ: 'ইৰাৱতীৰ সৈতে সম্পৰ্কীত') হিন্দু ধৰ্মৰ কিংবন্তিত বৰ্ণনা কৰা শুভ্ৰ বৰণৰ এটা ঐশ্বৰিক হাতী৷ ইয়াৰ বৈশিষ্ট্য হৈছে ইয়াৰ চাৰিটা দাঁত আৰু সাত ডাল শুৰ থাকে। "হস্তীৰ ৰজা" বুলি খ্যাত এই হাতীটোৱে ইন্দ্ৰ দেৱতা মূল বাহন হিচাপে কাম কৰে।
-
য়েটি
য়েটি (ইংৰাজী: Yeti, /ˈjɛti/) এছিয়াৰ হিমালয় পৰ্বতমালাত বাস কৰে বুলি বিশ্বাস কৰা এবিধ বান্দৰ সদৃশ কিংবদন্তিমূলক প্ৰাণী। পশ্চিমীয়া জনপ্ৰিয় সংস্কৃতিত এই জীৱটোক সাধাৰণতে ঘৃণনীয় তুষাৰমানৱ বুলি কোৱা হয়।
-
উলামা
উলামা (ইংৰাজী: Ulama) বা ডেভিল বাৰ্ড (Devil Bird, শয়তান চৰাই) শ্ৰীলংকাৰ লোককথাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক চৰাই৷ এই জীৱটোৱে ৰাতি অৰণ্যৰ পৰা অতি ভয়ানক মানুহৰ দৰে চিঞৰ-বাখৰ কৰে বুলি কোৱা হয়। এই চৰাইটোৰ চিঞৰ-বাখৰ মৃত্যুৰ আগজাননী বুলি শংকা কৰা হয়।
-
প্ৰেত
প্ৰেত (प्रेत) হৈছে হিন্দু, বৌদ্ধ, তাও ধৰ্ম আৰু চীনা লোকধৰ্মত মানুহৰ তুলনাত অধিক দুখ-কষ্ট, বিশেষকৈ চৰম মাত্ৰাৰ ভোক আৰু পিয়াহৰ সন্মুখীন হোৱা বুলি বৰ্ণনা কৰা এক প্ৰকাৰৰ অলৌকিক সত্তাৰ সংস্কৃত নাম। ইহঁতক ভোকাতুৰ ভূত বুলিও কোৱা হয়। ভাৰতীয় ধৰ্মৰ পৰাই প্ৰেতৰ উৎপত্তি হৈছে।
-
বিগফুট
বিগফুট (/ˈbɪɡfʊt/, ইংৰাজী: Bigfoot, সাধাৰণতে ছাস্কোৱাচ (Sasquatch) বুলিও কোৱা হয়) উত্তৰ আমেৰিকাৰ বিশেষকৈ প্ৰশান্ত মহাসাগৰীয় উত্তৰ-পশ্চিম অঞ্চলৰ অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ।
-
ইউনিকৰ্ণ
ইউনিকৰ্ণ হৈছে এবিধ কিংবদন্তিমূলক জীৱ। প্ৰাচীন কালৰ পৰাই পোৱা বৰ্ণনা মতে ই হৈছে কপালৰ মাজ অংশত এটা ডাঙৰ, জোঙা, আৰু সৰ্পিল আকৃতিৰ শিং ওলাই থকা এবিধ জন্তু।
-
গব্লিন
গব্লিন (ইংৰাজী: goblin) হৈছে একাধিক ইউৰোপীয় সংস্কৃতিৰ লোককথাৰ অন্তৰ্গত একপ্ৰকাৰৰ সৰু, বিচিত্ৰ, দানৱীয় জীৱ। মধ্যযুগীয় কাহিনীসমূহত প্ৰথমে গব্লিনক দেখা পোৱা গৈছিল।
-
পাখাংবা
পাখাংবা (মেইটেই: নিৱাচ, পুৰণি মণিপুৰী: ৱিন ৱান) হৈছে এজন আদিম দেৱতা। মেইটেই পৌৰাণিক কাহিনী আৰু ধৰ্মত প্ৰায়ে ড্ৰেগনৰ ৰূপত এই দেৱতাক প্ৰতিনিধিত্ব কৰা হয়। মণিপুৰৰ হেৰাল্ডত তেওঁক চিত্ৰিত কৰা আছে। এই দেৱতাৰ উৎপত্তি পাফলত হৈছিল।
-
পৰী (ইউৰোপীয় লোককথা)
পৰী (ইংৰাজী: fairy, fay, fae, fey, fair folk, বা faerie বুলিও কোৱা হয়) হৈছে ইউৰোপীয় সংস্কৃতিৰ লোককথাত বৰ্ণিত এক প্ৰকাৰৰ পৌৰাণিক সত্তা বা কিংবদন্তিমূলক জীৱ। এই পৰীক প্ৰায়ে আধ্যাত্মিক, অতিপ্ৰাকৃতিক বা অপ্ৰাকৃতিক গুণ বিশিষ্ট নৃগোষ্ঠীয় আত্মাৰ এটা ৰূপ বুলি বৰ্ণনা কৰা হয়।
-
ফিনিক্স (কিংবদন্তি)
ফিনিক্স হ'ল মূলতঃ গ্ৰীক লোকগাথাৰ এক অমৰ বা মৃত্যুহীন পক্ষী। এই পক্ষী পুনঃপৌনিকভাৱে পুনৰুজ্জীৱিত হয়। ফিনিক্স সূৰ্যৰ সৈতে সম্পৰ্কিত আৰু ইয়াৰ পূৰ্বৱৰ্তী ফিনিক্সৰ ভষ্মৰ পৰা ই নতুন জীৱন লাভ কৰে। কিছুমান কিংবদন্তিৰ মতে যে ই জুইৰ সৃষ্টি কৰি মৃত্যুবৰণ কৰে।
-
অশ্বনৰ
অশ্বনৰ বা চেণ্টৰ (উচ্চাৰণ: /ˈ sentɔːr, ˈsentɑːr/ SEN-tor, SEN-tar) বা হিপ্প’চেণ্টৰ (hippocentaur) বা ইক্সিঅ’নিডিয়া (Ixionidae) হৈছে গ্ৰীক পৌৰাণিক কাহিনীৰ এটা কিংবদন্তিমূলক জীৱ। ইয়াৰ মূৰ তথা দেহৰ ওপৰৰ অংশ মানুহৰ দৰে আৰু শৰীৰৰ তলৰ অংশ তথা ভৰি ঘোঁৰাৰ দৰে আৰু ই থেছালিৰ পৰ্বতত বাস কৰে।
-
আলমাছ
আলমাছ (ইংৰাজী: Almas) উত্তৰ ককেছিয়ান আৰু তুৰ্কী লোককথাত বৰ্ণনা কৰা এবিধ ৰহস্যময় জীৱ৷ এই জীৱটো মধ্য এছিয়াৰ ককেছাছ, টিয়ান শ্বান আৰু পামিৰ পৰ্বতমালা আৰু পশ্চিম মংগোলিয়াৰ আলটাই পৰ্বতমালাত বাস কৰা বুলি কোৱা হয়। ইয়াক আলমা (alma) বা আলমাষ্টি (almasty) বুলিও কোৱা হয়৷
-
উচ্চৈঃশ্ৰবা
উচ্চৈঃশ্ৰবা (সংস্কৃত: उच्चैःश्रवस्, ৰোমানীকৃত: Uccaiḥśravas বা সংস্কৃত: उच्चैःश्रवा:, ৰোমানীকৃত: Uccaiḥśravāḥ), (আক্ষৰিক অৰ্থ: 'দীঘল কাণ' বা 'উচ্চস্বৰে চিঞৰা') হিন্দু ধৰ্মৰ শ্ৰুতিকথাত বৰ্ণনা কৰা এটা সাতমূৰীয়া উৰণীয়া ঘোঁৰা, যিটো সমুদ্ৰ মন্থনৰ সময়ত সৃষ্টি হৈছিল।
-
নং টানি
নং টানি (นางตานี) বা নাং টানি থাই লোককথাৰ এক নাৰী আত্মা বা উপদেৱতা (দেৱী)। লোক পৰম্পৰা অনুসৰি তেওঁক বনৰীয়া কলৰ গছত বাস কৰা এগৰাকী যুৱতীৰ ৰূপত কল্পনা কৰা হয়। এই কলগছক থাই ভাষাত ক্লুয়াই টানি বুলি জনা যায়। নাং টানি গছৰ সৈতে জড়িত এক প্ৰকাৰৰ অশৰীৰি নাৰী বা পৰী হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি।
-
নাৰিফন
নাৰিফন (থাই: นารีผล, পালি ভাষাৰ নাৰিফালা শব্দৰ পৰা) বৌদ্ধ পৌৰাণিক কাহিনীত বৰ্ণিত এক প্ৰকাৰৰ গছ৷ এই গছক মাক্কালিফন (থাই: มักกะลีผล, পালি ভাষা মাক্কালিফালা শব্দৰ পৰা) বুলিও কোৱা হয়৷ এই গছৰ ফলবোৰৰ আকৃতি দেখিবলৈ গাভৰু নাৰীৰ দৰে। গছৰ ডালৰ লগত নাৰী সদৃশ ফলবোৰৰ মূৰৰ সৈতে সংলগ্ন হৈ থাকে।
-
প্ৰেতনী
প্ৰেতনী বা চুড়ে'ল (হিন্দী: चुडे़ल, উৰ্দু: چڑیل) হৈছে নাৰীৰ সৈতে মিল থকা এক প্ৰকাৰৰ পৌৰাণিক বা কিংবদন্তিমূলক জীৱ। ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তানকে আদি কৰি দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত প্ৰেতনীৰ কাহিনী বেছ জনপ্ৰিয়। প্ৰেতনীক সাধাৰণতে "অপবিত্ৰ জীৱৰ ভূত" বুলি গণ্য কৰা হয়।
-
ব্যাঙ্গমা
ব্যাঙ্গমা (ইংৰাজী: Byangoma, স্ত্ৰীলিঙ্গ: ব্যাঙ্গমী) বাংলা লোককথাৰ কিংবদন্তি মানৱমুখী চৰাই৷ এই জীৱটো বিশেষকৈ ঠাকুৰমাৰ ঝুলিৰ সাধুকথাত দেখা যায়৷ এই কাহিনী মতে এই জীৱবোৰ ইহঁতক প্ৰাপ্যক সহায় কৰা জ্ঞানী, ভাগ্যবান চৰাই হিচাপে চিত্ৰিত কৰা হৈছে।
-
মুণ্ডহীন মানৱ
বিভিন্ন দেশৰ শ্ৰুতিকথাসমূহত বিভিন্ন প্ৰজাতিৰ কিংবদন্তিমূলক মূৰবিহীন পুৰুষৰ উল্লেখ পোৱা যায়। এই জীৱবোৰ পৃথিৱীৰ দুৰ্গম অঞ্চলত বাস কৰে। ইহঁতক বিভিন্ন নামেৰে জনা যায়। যেনে প্ৰাচীন গ্ৰীক শ্ৰুতিকথাত আকাফালই (akephaloi) বা ব্লেমি (Blemmyes) বুলি জনাজাত মূৰৰ নথকা জীৱবোৰৰ বুকুত মুখৰ বৈশিষ্ট্য থাকে।
-
স্ফিংক্স
স্ফিংক্স হৈছে এবিধ কিংবদন্তিমূলক জীৱ। ইয়াৰ মূৰটো মানুহৰ দৰে, শৰীৰটো সিংহৰ দৰে আৰু ঈগলৰ দৰে ডেউকা থাকে। গ্ৰীক পৰম্পৰা মতে স্ফিংক্স হৈছে নাৰীৰ মূৰ, সিংহৰ ঠেং আৰু চৰাইৰ ডেউকা থকা এবিধ বিশ্বাসঘাতক আৰু নিৰ্দয়ী জীৱ।
-
অন্তাবোগা
অন্তাবোগা, বা কথিত ভাষাত জাভান ড্ৰেগন সৰ্প দেৱতা হৈছে জাভান আৰু সুন্দন ধৰ্মত (পিছলৈ বালি হিন্দু ধৰ্মতো গ্ৰহণ কৰা হয়) এজন সৰ্প দেৱতা।
-
ইয়াৰা (শ্ৰুতিকথা)
ইয়াৰা (ইংৰাজী: Iara, Uiara, Yara বা Hiara; পৰ্তুগীজ উচ্চাৰণ: ), হৈছে প্ৰাচীন টুপি আৰু গুয়াৰানি লোককথাৰ ওপৰত ভিত্তি কৰি ব্ৰাজিলৰ শ্ৰুতিকথাত বৰ্ণিত এটা কিংবদন্তিমূলক জীৱ। শব্দটোৰ উৎপত্তি হৈছে পুৰণি টুপি ভাষাৰ yîara = y (“পানী”) + îara (“প্ৰভু; নাৰী”) = “হ্ৰদৰ নাৰী” (পানীৰ ৰাণী) শব্দটোৰ পৰা।
-
এষ্টেৰ'প
এষ্টেৰ'প (/æˈstεrəpiː/ প্ৰাচীন গ্ৰীক: Ἀστεροπή বা Στεροπή, "বিজুলী", ইংৰাজী: Asterope) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এগৰাকী হেস্পেৰিড।
-
ওৰাং মাৱাছ
ওৰাং মাৱাছ (ইংৰাজী: Orang Mawas) বা মাৱাছ (Mawas) মালয়েছিয়াৰ লোককথাত বৰ্ণনা কৰা এবিধ কিংবদন্তিমূলক জীৱ৷ ইয়াক ওৰাং ডালাম (Orang Dalam) বুলিও জনা যায়৷ এই জীৱবোৰ মালয়েছিয়াৰ জোহৰৰ জংঘলত বাস কৰা বুলি কোৱা হয়।
-
কুমান থং
কুমান থং (থাই: กุมารทอง) থাই লোকধৰ্মৰ এজন ঘৰুৱা দেৱতা। সঠিকভাৱে শ্ৰদ্ধা কৰিলে এই দেৱতাই গৃহস্থৰ বাবে ভাগ্য আৰু সৌভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।
-
কুৰুপিৰা
কুৰুপিৰা (ইংৰাজী: Curupira; পৰ্তুগীজ উচ্চাৰণ: [kuɾuˈpiɾɐ]) হৈছে ব্ৰাজিলৰ আমাজন বৰ্ষাৰণ্যৰ টুপি-গুয়াৰানি শ্ৰুতিকথাত বৰ্ণিত এক প্ৰকাৰৰ পৌৰাণিক কিংবদন্তিমূলক জীৱ। কুৰুপিৰা শব্দটো টুপি ভাষাৰ “কুৰু'পিৰ” (kuru'pir) শব্দৰ পৰা আহিছে, শব্দটোৰ অৰ্থ হৈছে "ফোঁহাৰে আবৃত"।
-
কেকাছ
কেকাছ (ইংৰাজী: Cacus, প্ৰাচীন গ্ৰীক: Κάκος, κακός শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে বেয়া) গ্ৰীক আৰু ৰোমান শ্ৰুতিকথাত বৰ্ণিত এজন উশাহত জুই নিৰ্গত কৰিব পৰা দানৱ৷ কাহিনী মতে কেকাছ ভলকানৰ পুত্ৰ (প্লুটাৰ্কে তেওঁক হেফেইষ্টাচৰ পুত্ৰ বুলি কৈছে)।