ইউক্ৰেইনৰ গীৰ্জাঘৰ
৩৭ প্ৰবন্ধ
-
ত্ৰিত্ব মঠ, চেৰ্নিহিভ
ত্ৰিত্ব মঠ (Trinity Monastery, Chernihiv) উত্তৰ-পূব ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এটা প্ৰাক্তন অৰ্থডক্স অৰ্থডক্স খ্ৰীষ্টান মঠ।
-
কিইভ পেচাৰ্ছক লাভ্ৰা
কিইভ পেচাৰ্ছক লাভ্ৰা বা কিয়েভো-পেচাৰ্ছকা লাভ্ৰা (Kyiv Pechersk Lavra) , যাক কিয়েভৰ গুহা-মঠ বুলিও জনা যায়, হৈছে পূবৰ খ্ৰীষ্টান ধৰ্মৰ এক ঐতিহাসিক লাভ্ৰা বা বৃহৎ মঠ। এই মঠটো কিয়েভ চহৰৰ পেচাৰ্ছকী জিলাত অৱস্থিত আৰু মঠটোৰ নামৰপৰাই জিলাখনৰ নামকৰণ কৰা হৈছে।
-
বৰিছ এণ্ড গ্লেব কেথেড্ৰেল, চেৰ্নিহিভ
বৰিছ এণ্ড গ্লেব কেথেড্ৰেল, চেৰ্নিহিভ (Boris and Gleb Cathedral; ইউক্ৰেইনীয়ান: Собор Бориса й Гліба) বা বৰিছোহ্লিবস্কি কেথেড্ৰেল (Борисоглібський собор) হ’ল ইউক্ৰেইনৰ চেৰ্নিহিভত অৱস্থিত মংগোল-পূৰ্ব যুগৰ এক ঐতিহাসিক প্ৰাক্তন গীৰ্জা তথা স্থাপত্য কীৰ্তিচিহ্ন।
-
ইলিয়া গীৰ্জা, চেৰ্নিহিভ
ইলিয়া গীৰ্জা, বা ইলিনস্কা গীৰ্জা (St. Elijah Church, Chernihiv), পূব অৰ্থডক্স গীৰ্জাৰ এখন গীৰ্জা। ই ত্ৰিত্ব মঠৰ অংশ আৰু চেৰ্নিহিভ, ইউক্ৰেইনত অৱস্থিত। গীৰ্জাখন বলডীনি হ’ৰীৰ ঢালত অৱস্থিত।
-
পিয়াটনিটস্কা গীৰ্জা, চেৰ্নিহিভ
পিয়াটনিটস্কা গীৰ্জা (Piatnytska Church), যাৰ আন এটা নাম চেইণ্ট পাৰাস্কেভা গীৰ্জা (ইউক্ৰেইনীয়ান: П'ятницька (святої Параскеви) церква), হ’ল ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এটা কাৰ্যক্ষম গীৰ্জা। গীৰ্জাটো পাৰাস্কেভা ইকোনিয়ানৰ নামত উৎসৰ্গিত।
-
ছেইণ্ট এণ্ড্ৰুজ গীৰ্জা, কিয়েভ
ছেইণ্ট এণ্ড্ৰুজ গীৰ্জা ( St Andrew's Church) ইউক্ৰেইনৰ কিয়ভত অৱস্থিত এটা ঐতিহাসিক অৰ্থডক্স গীৰ্জা। ১৭৪৭ চনৰ পৰা ১৭৫৪ চনৰ ভিতৰত ইটালীৰ স্থপতিবিদ বাৰ্টলমিঅ’ ৰাষ্ট্ৰেলিৰ ডিজাইন অনুসৰি নিৰ্মাণ কৰা হৈছিল। ইউক্ৰেইনৰ বেৰক ভাষাৰ ই এক বিৰল উদাহৰণ। ছেইণ্ট এণ্ড্ৰুজ গীৰ্জাটো ঠেক পাহাৰৰ ওপৰত অৱস্থিত।
-
ছেইণ্ট এন্থনিৰ গুহা
ছেইণ্ট এন্থনিৰ গুহা Anthony's Caves, Chernihiv ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰৰ বলডীনি হ’ৰীত অৱস্থিত এটা ঐতিহাসিক গুহা-মঠ। ইয়াৰ ভূ-গৰ্ভস্থ পথ, কোঠা, সন্ন্যাসীৰ কুঠৰী, সমাধিক্ষেত্ৰ আৰু গীৰ্জাসমূহে এটা বৃহৎ ভূ-গৰ্ভস্থ স্থাপত্য-সমষ্টি গঠন কৰিছে।
-
ছেইণ্ট জৰ্জ গীৰ্জা, ড্ৰ'হোবিচ
ছেইণ্ট জৰ্জ গীৰ্জা, ড্ৰ'হোবিচ ড্ৰ'হোবিচত অৱস্থিত আৰু ই গালিচিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্বোত্তমভাৱে সংৰক্ষিত কাঠৰ গীৰ্জাসমূহৰ ভিতৰত অন্যতম। গীৰ্জাটো ১৫শ শতিকাৰ শেষভাগৰপৰা ১৬শ শতিকাৰ আৰম্ভণিৰ গালিচিয়ান কাঠৰ স্থাপত্যৰ এক স্মাৰক আৰু প্ৰাচীন ইউক্ৰেইনীয় পৱিত্ৰ স্থাপত্যৰ সৰ্বোত্তমভাৱে সংৰক্ষিত আৰু…
-
ছেইণ্ট মাইকেলৰ সোণালী-গম্বুজযুক্ত মঠ
ছেইণ্ট মাইকেলৰ সোণালী-গম্বুজযুক্ত মঠ হৈছে ইউক্ৰেইনৰ ৰাজধানী কিয়েভত অৱস্থিত এটা সক্ৰিয় মঠ। এই মঠটো প্ৰধান ফেৰেংগা মাইকেলৰ নামত উছৰ্গা কৰা হৈছে। এই ঐতিহাসিক মঠটো দ্নিপ্ৰ নৈৰ পাৰৰ এটা ওখ পাহাৰৰ ওপৰত, ছেইণ্ট ছফিয়া কেথেড্ৰেলৰ উত্তৰ-পূব দিশত অৱস্থিত।
-
পৱিত্ৰ ঈশ্বৰমাতাৰ ধৰ্মসভাৰ গীৰ্জা, মাটকিভ
পৱিত্ৰ ঈশ্বৰমাতাৰ ধৰ্মসভাৰ গীৰ্জা (Church of the Synaxis of the Blessed Virgin Mary, Matkiv, Церква Собору Пресвятої Богородиці) ইউক্ৰেইনৰ মাটকিভত অৱস্থিত ১৮৩৮ চনত নিৰ্মিত এখন কাঠৰ গীৰ্জা। ই বয়কো স্থাপত্য আৰু কলাৰ এক উল্লেখযোগ্য স্মাৰক।
-
ভেদেনস্কি গীৰ্জা, চেৰ্নিহিভ
ভেদেনস্কি গীৰ্জা বা কুমাৰী মেৰীৰ উপস্থাপনৰ গীৰ্জা (Vvedenska Church, Chernihiv) পূব অৰ্থডক্স গীৰ্জাৰ এটা ভোজনালয়-গীৰ্জা। ই ত্ৰিত্ব মঠ, চেৰ্নিহিভৰ অন্তৰ্গত আৰু চেৰ্নিহিভ, ইউক্ৰেইনত অৱস্থিত। এই গীৰ্জা ১৬৭৭–১৬৭৯ চনত নিৰ্মাণ কৰা হৈছিল।
-
ম্হাৰ মঠ
__NOTOC__ ম্হাৰ মঠ (Mhar Monastery, Мгарський монастир; সম্পূৰ্ণ নাম: ত্ৰাণকৰ্তা-ৰূপান্তৰণ ম্হাৰ মঠ) মস্কো পেট্ৰিয়াৰ্কেটৰ ইউক্ৰেইনীয় অৰ্থডক্স গীৰ্জাৰ এটা পুৰুষৰ মঠ। ই সুলা নদীৰ পাৰত লুবনি, পল্টাভা অঞ্চল, ইউক্ৰেইনৰ ওচৰত অৱস্থিত।
-
হ’লি ট্ৰিনিটি চাৰ্ছ, জ’ভা
হ’লি ট্ৰিনিটি চাৰ্ছ, জ’ভা (Holy Trinity Church, Zhovkva) হৈছে ১৭২০ চনত ইউক্ৰেইনৰ জ’ভা অঞ্চলত পুনৰ নিৰ্মিত এটি গীৰ্জা ঘৰ। ১৭১৭ চনত জ’ভাৰ উপকণ্ঠ অঞ্চলত এটি গীৰ্জাঘৰ জ্বলি নষ্ট হৈ গৈছিল আৰু সেইঠাইতে তিনিবছৰ পিছত হ’লি ট্ৰিনিটি চাৰ্ছ নিৰ্মাণ কৰা হয়।
-
ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জা
ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জা (ইউক্ৰেনীয়ান: Православна церква України; ওচিইউ), যাক ইউক্ৰেনীয় অৰ্থডক্স গীৰ্জা বুলিও কোৱা হয়, হ’ল ইউক্ৰেইনৰ এটা আংশিকভাৱে স্বীকৃতিপ্ৰাপ্ত পূৰ্বী অৰ্থডক্স গীৰ্জা।
-
ইউক্ৰেনীয় গ্ৰীক কেথলিক গীৰ্জা
ইউক্ৰেনীয় গ্ৰীক কেথলিক গীৰ্জা (Ukrainian Greek Catholic Church বা UGCC) হৈছে ইউক্ৰেইনত অৱস্থিত এটা স্বায়ত্ত্বশাসিত পূৰ্বীয় কেথলিক গীৰ্জা। কেথলিক গীৰ্জাৰ এটা বিশেষ অংশ হিচাপে ই পৱিত্ৰ আসনৰ (Holy See) সৈতে সম্পূৰ্ণ ধৰ্মীয় যোগাযোগ ৰক্ষা কৰি চলে।
-
ইণ্টাৰচেচন কেথেড্ৰেল, খাৰ্কিভ
ইণ্টাৰচেচন কেথেড্ৰেল (Собор Покрови Пресвятої Богородиці) বা পক্ৰভস্কি কেথেড্ৰেল (Покровський собор) ইউক্ৰেইনৰ খাৰ্কিভ অঞ্চলৰ আটাইতকৈ পুৰণি কেথেড্ৰেল। ইয়াক ১৬৮৯ চনত নিৰ্মাণ কৰা হৈছিল।
-
কিইভ গীৰ্জা
কিইভ গীৰ্জা আছিল ১৪ শতিকাৰপৰা ১৬ শতিকাৰ প্ৰথমাৰ্ধৰ ভিতৰত ডনিপাৰ ইউক্ৰেইন অঞ্চলৰ আটাইতকৈ শক্তিশালী ধৰ্মীয় উপাসনাগৃহ আৰু সুৰক্ষিত প্ৰাচীৰ। এই পৱিত্ৰ স্থানটো ১৪ শতিকাত কিইভ চহৰৰ জামকোভা হোৰা (দুৰ্গ পাহাৰ)ৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।
-
চাৰ্চ অৱ দ্য আৰ্চেঞ্জেল মাইকেল, উঝোক
চাৰ্চ অৱ দ্য আৰ্চেঞ্জেল মাইকেল, উঝোক অৰ্থাৎ উঝোকৰ চেইণ্ট মাইকেল আৰ্চেঞ্জেল গীৰ্জা (St. Michael Church) ১৭৪৫ চনত ইউক্ৰেইনৰ উঝোক নামৰ এক উপকণ্ঠ অঞ্চলত নিৰ্মাণ কৰা হৈছিল। এই ঐতিহাসিক গাঁথনিটো তিনিটা কাঠৰ নেভ আৰু ইটাৰে নিৰ্মিত এটা ধৰ্মীয় কোঠাৰে গঠিত।
-
চাৰ্চ অৱ দ্য এচেনচন, ইয়াচিনিয়া
চাৰ্চ অৱ দ্য এচেনচন, ইয়াচিনিয়া অৰ্থাৎ ইয়াচিনিয়াৰ লৰ্ডছ এচেনচন গীৰ্জা (Church of the Ascension; ইউক্ৰেইনীয়ান: Вознесенська церква) হ’ল ইউক্ৰেইনৰ জাকৰপাতীয়া ওব্লাষ্টৰ ৰাখিভ ৰায়ঁৰ অন্তৰ্গত ইয়াচিনিয়াত অৱস্থিত এটা ঐতিহাসিক কাঠৰ গীৰ্জা।
-
চাৰ্চ অৱ দ্য হলি স্পিৰিট (ৰোহাটিন)
ৰোহাটিনৰ হলি স্পিৰিট গীৰ্জা (ৰোহাটিন হলি স্পিৰিট গীৰ্জা; অধিক সঠিক নাম চাৰ্চ অৱ দ্য ডেচেণ্ট অৱ দ্য হলি স্পিৰিট, যিটো গীৰ্জাৰ ইকন'ষ্টেছিছত এইদৰে উল্লেখ কৰা হৈছে) হৈছে ইউক্ৰেইনৰ ইভানো-ফ্ৰাংকিভস্ক অব্লাষ্টৰ ৰোহাটিন চহৰত অৱস্থিত এখন ঐতিহাসিক কাঠৰ গীৰ্জা।
-
চেইণ্ট নিকোলাছ গীৰ্জা
চেইণ্ট নিকোলাছ গীৰ্জা (ইউক্ৰেইনীয়ান: Церква Святого Миколая) টেৰ্নোপিল ওব্লাষ্টৰ বুচাচ চহৰত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য কীৰ্তিচিহ্ন। ই চহৰখনৰ আটাইতকৈ পুৰণি সংৰক্ষিত শিলৰ গীৰ্জা। ইয়াক এটা অৰ্থডক্স গীৰ্জা হিচাপে নিৰ্মাণ কৰা হৈছিল। বৰ্তমান ই ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাৰ এটা উপাসনাগৃহ।
-
চেইণ্ট ভ্লাদিমিৰ কেথেড্ৰেল
চেইণ্ট ভ্লাদিমিৰ কেথেড্ৰেল হ’ল কিভ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত এটা কেথেড্ৰেল আৰু চহৰখনৰ অন্যতম প্ৰধান স্থাপত্য কীৰ্তিচিহ্ন। এই ভৱনটো ইভান ফ্ৰাংক’ ষ্ট্ৰীট, তাৰাছ শেভচেংকো বুলেভাৰ্ড আৰু বোটানিকেল স্কোৱেৰৰ সংযোগস্থলত অৱস্থিত।
-
ছেইণ্ট থিয়ড’চিয়াছ গীৰ্জা
ছেইণ্ট থিয়ড’চিয়াছ গীৰ্জা (ইউক্ৰেইনীয়ান: Церква святителя Феодосія) হৈছে ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰৰ য়াটচেভো কবৰস্থানত অৱস্থিত এটা ইটাৰে নিৰ্মিত গীৰ্জা। ১৯৯১ চনৰ পিছত চেৰ্নিহিভত নিৰ্মাণ কৰা এইখন প্ৰথম গীৰ্জা।
-
জিমনে মঠ
__NOTOC__ পবিত্ৰ পৰ্বতত অৱস্থিত এচাম্পচন মঠ (Святогірський Успенський Зимненський ставропігійний монастир) হৈছে ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাৰ অন্তৰ্গত এক ষ্টেউৰোপেগিয়েল ইউক্ৰেনীয় অৰ্থডক্স গুহা মঠ। এই মঠটো জিমনে গাঁৱৰ ওচৰৰ লুহা নদীৰ ওপৰত মূৰ দাঙি থকা পবিত্ৰ পৰ্বতৰ শিখৰত অৱস্থিত।
-
ডেচেণ্ট অৱ দ্য হলি স্পিৰিট চাৰ্চ
ডেচেণ্ট অৱ দ্য হলি স্পিৰিট চাৰ্চ (ইউক্ৰেইনীয়ান: Церква Зіслання Святого Духа) হৈছে ইউক্ৰেইনৰ প'টেলিচ গাঁৱত অৱস্থিত এটা কাঠৰ গীৰ্জা। গীৰ্জাটো ১৫০২ চনত নিৰ্মাণ কৰা হৈছিল। ই লভিভ অব্লাষ্টৰ আটাইতকৈ পুৰণি কাঠৰ গীৰ্জা আৰু গালিচিয়ান স্থাপত্য তথা স্মাৰক-শিল্পৰ এক উল্লেখযোগ্য নিদৰ্শন।
-
ডৰমিচন কেথেড্ৰেল
ডৰমিচন কেথেড্ৰেল হ’ল ইউক্ৰেইনৰ ভল’ডমিৰত অৱস্থিত এটা কেথেড্ৰেল আৰু স্থাপত্য কীৰ্তিচিহ্ন। এইখন ৰাষ্ট্ৰীয় সম্পত্তি, কিন্তু ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাৰ ভল’ডমিৰ-ভলিন্স্কি ইপাৰ্চিৰ অধীনত সেৱা কাৰ্য চলাই থকা হৈছে।
-
ডৰ্মিচন কেথেড্ৰেল, খাৰ্কিভ
এছাম্পচন কেথেড্ৰেল বা ডৰ্মিচন কেথেড্ৰেল (The Assumption or Dormition Cathedral) ১৯০১ চনত এনানচিয়েচন কেথেড্ৰেল নিৰ্মাণ নোহোৱালৈকে খাৰকিভৰ প্ৰধান অৰ্থডক্স গীৰ্জা আছিল। কেথেড্ৰেলটো লোপান নদীৰ পাৰত থকা ইউনিভাৰ্চিটি হিলত অৱস্থিত আৰু সমগ্ৰ চহৰৰ কেন্দ্ৰীয় অঞ্চলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে।
-
পিধোৰা মঠ
পিধোৰা মঠ ( Pidhora Monastery) ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এক স্থাপত্য স্মাৰক। ইয়াত ধৰ্মীয়, আৱাসিক আৰু কৃষিকাৰ্যৰ বিভিন্ন ভৱনৰ সমষ্টি আছে। মহান ছেইণ্ট বাচিলৰ সংঘৰ সন্ন্যাসীসকলে ইয়াত বাস কৰিছিল। মঠটো চেৰেট নদীৰ ওখ পাৰৰ কাষত টাৰ্নোপিল অঞ্চলৰ পিধোৰা ওচৰত অৱস্থিত।
-
পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ কাঠৰ গীৰ্জাসমুহ
পোলেণ্ড আৰু ইউক্ৰেইনৰ কাৰ্পেথিয়ান অঞ্চলৰ কাঠৰ গীৰ্জাসমুহ পোলেণ্ড আৰু ইউক্ৰেইনত অৱস্থিত কাঠেৰে নিৰ্মিত পূব অৰ্থডক্স গীৰ্জা আৰু গ্ৰীক কেথলিক গীৰ্জাসমূহৰ এটা গোট। এই গীৰ্জাসমূহ ২০১৩ চনত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
পৱিত্ৰ ঈশ্বৰদূত আৰু ধৰ্মতত্ত্ববিদ যোহন সুসমাচাৰকৰ ভোজনালয় গীৰ্জা
পৱিত্ৰ ঈশ্বৰদূত আৰু ধৰ্মতত্ত্ববিদ যোহন সুসমাচাৰকৰ ভোজনালয় গীৰ্জা ( Refectory Church of the Holy Apostle and Evangelist John the Theologian) ইউক্ৰেইনৰ ৰাজধানী কিয়েভত থকা ছেইণ্ট মাইকেলৰ সোণালী-গম্বুজযুক্ত মঠৰ ভোজনালয় গীৰ্জা। গীৰ্জাটো ধৰ্মতত্ত্ববিদ যোহনৰ নামত উৎসৰ্গিত।