শিখ ধৰ্ম
২৪ প্ৰবন্ধ
-
শিখ ধৰ্ম
শিখ ধৰ্ম এটা একেশ্বৰবাদী ধৰ্ম। এই ধৰ্মৰ অনুসৰণকাৰী সকলক শিখ বুলি কোৱা হয়। খৃষ্টীয় পঞ্চদশ শতাব্দীত পঞ্জাবত এই ধৰ্ম প্ৰৱৰ্তিত হয়। এই ধৰ্মৰ মূল ভিত্তি গুৰু নানক দেৱ আৰু এখেতৰ উত্তৰসূৰী ১০জন শিখ গুৰুৰ (পবিত্ৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিব এওঁলোকৰ মাজৰ দশমজন হিচাপে বিবেচিত হয়) ধৰ্মোপদেশ।
-
শিখ
শিখ ধৰ্মৰ অনুসাৰীসকলক শিখ ( or; ਸਿੱਖ, ) বোলা হয়। এই শব্দটো মূলতঃ সংস্কৃত ভাষাৰ শিষ্য শব্দৰ পৰা উৎপত্তি হৈছে। শিষ্য মানে শিক্ষাৰ্থী বা শিক্ষানুৰাগী। অথবা সংস্কৃত শব্দ শিক্ষাৰ পৰা এই শব্দৰ উৎপত্তি, যাৰ অৰ্থ হৈছে নিৰ্দেশ, উপদেশ ইত্যাদি".।
-
গুৰু নানক
গুৰু নানক (১৪৬৯ – ১৫৩৯) শিখ ধৰ্মৰ জনক তথা দহজন শিখ গুৰুৰ প্ৰথমজন। তেওঁৰ জন্মদিন গোটেই পৃথিৱীতে গুৰু নানক গুৰুপৰ্ব হিচাপে কাতি মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। গুৰু নানকক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে স্বীকৃতি দিয়া হয়। তেওঁ বহু ঠাই ভ্ৰমণ কৰি একেশ্বৰবাদৰ বাণী সমূহ জনসমাজত বিলাই দিছিল।
-
গুৰু গ্ৰন্থ চাহিব
গুৰু গ্ৰন্থ চাহিব বা সাম্মাণিক উপাধি সহ শ্ৰী গুৰু গ্ৰন্থ চাহিব জি (ਸ਼੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ ਜੀ, শ্ৰী গুৰু গ্ৰান্থ্ চাহিব্ জি ) বা আদি গ্ৰন্থ শিখ ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ। প্ৰতিষ্ঠানিকভাবে এই গ্ৰন্থখন শিখসকলৰ সৰ্বশেষ গুৰু।
-
বৈশাখী
বৈশাখী (ਵਿਸਾਖੀ) শিখ সকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ। বৈশাখ মাহৰ সংক্ৰান্তি তিথিত বৈশাখী পালন কৰা হয়। বৈশাখী সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ ১৩/১৪ এপিল তাৰিখে উদযাপিত হয়। ১৬৯৯ চনত শিখ সকলৰ দশম গৰাকী গুৰু গোবিন্দ সিঙে এইদিনা খালসা পন্থা গঠন কৰিছিল।
-
গুৰু টেগ বাহাদুৰ
টেগ বাহাদুৰ (১ এপ্ৰিল ১৬২১ - ২৪ নৱেম্বৰ ১৬৭৫) আছিল দহজন শিখ ধৰ্মগুৰুৰ নৱম জন। ১৬২১ চনত অমৃতসৰত তেওঁৰ জন্ম হয়। তেওঁ গুৰু হৰ গোবিন্দ চাহিবৰ একেবাৰে সৰুজন সন্তান আছিল। জীৱিত অৱস্থাত ১৬৬৫ ৰ পৰা ১৬৭৫ চনলৈ তেওঁক গুৰু বুলি সম্বোধন কৰা হয়। গুৰু গ্ৰন্থ চাহিবত তেওঁৰ এশ পোন্ধৰটা শ্লোক সন্নিবিষ্ট আছে।
-
গুৰুদ্বাৰ
গুৰুদ্বাৰ (পঞ্জাবী: ਗੁਰਦੁਆਰਾ; অৰ্থ: গুৰুৰ দুৱাৰ) হ’ল শিখ ধৰ্মৰ এক একত্ৰীকৰণ আৰু উপাসনাস্থলী, কিন্তু ইয়াৰ সাধাৰণ অৰ্থ হৈছে "গুৰুৰ স্থান" বা "গুৰুৰ ঘৰ"। শিখসকলে গুৰুদ্বাৰক গুৰুদ্বাৰ চাহিব বুলিও অভিহিত কৰে। গুৰুদ্বাৰত সকলো বিশ্বাস আৰু ধৰ্মৰ লোকক আদৰণি জনোৱা হয়।
-
জপ
জপ (जप) হৈছে ধ্যানৰত অৱস্থাত কৰা মন্ত্ৰ বা ঐশ্বৰিক নামৰ পুনৰাবৃত্তি। হিন্দু ধৰ্মৰ উপৰিও জৈন ধৰ্ম, শিখ ধৰ্ম, আৰু বৌদ্ধ ধৰ্মত জপক এক প্ৰথা হিচাপে গণ্য কৰা হয়। ধ্যানৰ ভঙ্গীত বহি থাকোঁতে, আন কাম-কাজ কৰোঁতে, বা বহুলোকৰ সমাৱেশত আনুষ্ঠানিক উপাসনাৰ অংশ হিচাপে জপ সম্পন্ন কৰিব পাৰি।
-
গুৰু নানক জয়ন্তী
গুৰু নানক জয়ন্তী বা গুৰু নানক দেৱ জী গুৰুপৰব বা গুৰু নানক প্ৰকাশ উৎসৱ শিখ ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰথম শিখ গুৰু গুৰু নানকৰ জন্মদিন। ই হৈছে শিখ ধৰ্মাৱলম্বী বা শিখী সকলৰ আটাইতকৈ পৱিত্ৰ উৎসৱ। শিখ সকলে ১০ গৰাকী শিখ গুৰুৰ তিথি পালন কৰে। এই গুৰুসকল শিখসকলৰ বিশ্বাস আৰু পৰম্পৰাক ৰূপ দিয়াৰ বাবে দায়বদ্ধ আছিল।
-
ধাদি
ধাদি (Dhadi) শিখ ধৰ্মৰ লগত জড়িত আৰু ভাৰতৰ পঞ্জাব ৰাজ্যত প্ৰচলিত পাৰম্পৰিক সংগীতৰ ধাৰা আৰু এই ধাৰাৰ প্ৰদৰ্শকসকলক বোলে। ধাদি সকলে পাৰম্পৰিক লোকবাদ্য ধদ আৰু সাৰংগী বজাই পঞ্জাবৰ বেলাড বা কাহিনীগীত গায়।
-
বেবে নানকী
বেবে নানকী (ਬੇਬੇ ਨਾਨਕੀ) (১৪৬৪–১৫১৮) শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম শিখগুৰু গুৰু নানকৰ জ্যেষ্ঠ ভগ্নী আছিল। বেবে নানকী শিখ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় চৰিত্ৰ। তেওঁক শিক্ষকসকলৰ প্ৰথম গুৰুশিখ বুলি জনা যায়। তেওঁ প্ৰথম বাৰৰ বাবে ভাতৃ গুৰু নানকৰ "আধ্যাত্মিক বিশিষ্টতা" হৃদয়ংগম কৰিছিল।
-
মাতা গুজৰি
মাতা গুজৰি (১৬২৪–১৭০৫) বা বানানটো মাতা গুজৰী বুলিও লিখা হয়; শিখ ধৰ্মৰ নৱম গুৰু গুৰু তেগ বাহাদুৰৰ পত্নী আৰু শিখ ধৰ্মৰ দশম গুৰু গুৰু গোবিন্দ সিংহৰ মাতৃ। শিখ ধৰ্মৰ ইতিহাসত তেওঁ কেন্দ্ৰীয় ভূমিকা পালন কৰিছিল আৰু গুৰু-মহল উপাধি প্ৰদান কৰা চাৰিগৰাকী পত্নীৰ ভিতৰত অন্যতম আছিল।
-
অসমত শিখ ধৰ্ম
অসমীয়া শিখসকল (Assamese Sikhs) হৈছে অসমত বসবাস কৰা শিখ সম্প্ৰদায়। অসমৰ শিখ সম্প্ৰদায় স্থানীয় অসমীয়া শিখ আৰু পঞ্জাবী শিখ আৰু তেওঁলোকৰ বংশধৰসকলৰদ্বাৰা গঠিত। অসমীয়া শিখসকল শাৰীৰিক গঠনৰফালৰপৰা পঞ্জাবী শিখসকলতকৈ পৃথক, বৰঞ্চ চেহেৰাৰফালৰপৰা তেওঁলোক স্থানীয় জনসাধাৰণৰ সৈতেহে মিলে।
-
কড়া
কড়া (ইংৰাজী: Kara; পঞ্জাবী: ਕੜਾ) হ’ল তীখা বা কেঁচা লোৰে নিৰ্মিত এডাল বিশেষ খাৰু, যিটো শিখসকলে আৰু কেতিয়াবাহে অন্য ধৰ্মৰ ভাৰতীয় লোকেও পৰিধান কৰে। শিখ ধৰ্মই সমতা আৰু সকলো সময়তে ভগৱানৰ প্ৰতি ভক্তি ৰখাৰ গুৰুত্বৰ কথা শিক্ষা দিয়ে, যাৰ প্ৰতীক হ’ল 'পঞ্চ ককাৰ' (Five Ks)— অৰ্থাৎ খালছা দীক্ষা গ্ৰহণ কৰা…
-
কেশ (শিখ ধৰ্ম)
শিখ ধৰ্মত কেশ (গুৰমুখী: ਕੇਸ) হৈছে ঈশ্বৰৰ সৃষ্টিৰ সিদ্ধতাৰ প্ৰতি সন্মানৰ বাবে নিজৰ চুলি স্বাভাৱিকভাৱে গজিবলৈ দিয়াৰ এক প্ৰথা। ১৬৯৯ চনত গুৰু গোবিন্দ সিঙে শিখ ধৰ্ম স্বীকাৰ কৰাৰ মাধ্যম হিচাপে নিৰ্দেশ দিয়া বাহ্যিক প্ৰতীক The Five Kakaars ৰ ভিতৰত এই প্ৰথা অন্যতম।
-
গুৰু ৰামৰায় দৰবাৰ চাহিব
গুৰু ৰাম ৰায় দৰবাৰ চাহিব ভাৰতৰ ডেৰাডুনত থকা শিখসকলৰ পূজাস্থলী, যিটো দহটা শিখ গুৰুৰ ভিতৰত সপ্তম গুৰু হৰ ৰাইৰ জ্যেষ্ঠ পুত্ৰ বাবা ৰাম ৰায়ৰ নামত উৎসৰ্গিত।
-
চান্দ কৌৰ
চান্দ কৌৰ (জন্ম: ১৮০২ – মৃত্যু: ১১ জুন ১৮৪২) শিখ সাম্ৰাজ্যৰ চতুৰ্থ শাসক আছিল; তেওঁক ১৮৪০ চনৰ ২ ডিচেম্বৰত মালিকা মুকাদ্দিছা হিচাপে ঘোষণা কৰা হৈছিল। তেওঁ কানহাইয়া মিছলৰ চৰ্দাৰ জয়মল সিঙৰ ঘৰত জন্মগ্ৰহণ কৰে।
-
তাৰা সিং নৰোত্তম
পণ্ডিত তাৰা সিং নৰোত্তম (১৮২২–১৮৯১) বা পণ্ডিত তাৰা সিং নাৰোত্তম, শিখসকলৰ নিৰ্মলা পন্থাৰ অন্তৰ্গত এজন বিখ্যাত পাঞ্জাবী পণ্ডিত আছিল।
-
প্ৰেতাক্ষী দেৱী
প্ৰেতাক্ষী হিন্দু ধৰ্মৰ শাক্ত-তান্ত্ৰিক পৰম্পৰাৰ চৌষষ্ঠিটা যোগিনীৰ ভিতৰত অন্যতম। এই নামটো প্ৰেত ("বিদায়ী আত্মা" বা "ভূত") আৰু অক্ষী ("চকু")ৰ সংযোগত সৃষ্ট,যাৰ অৰ্থ, সাধাৰণতে "যাৰ চকু আত্মাৰ ওপৰত থাকে" বা "যিগৰাকীয়ে বিদায়ীক চোৱাচিতা কৰে" বুলি ব্যাখ্যা কৰা হয়।
-
বন্দী ছোড় দিৱস
বন্দী ছোড় দিৱস (Bandi Chhor Divas) শিখ ধৰ্মাৱলম্বী সকলে উদযাপন কৰা উৎসৱ। এই দিনা শিখসকলৰ ষষ্ঠ গুৰু, গুৰু হৰগোৱিন্দক গ্বালিয়ৰ দুৰ্গৰ পৰা মুক্তি দিয়া হৈছিল। মোগল সম্ৰাট জাহাংগীৰে তেওঁক কেইবা মাহ ধৰি গ্বালিয়ৰ দুৰ্গত বন্দী কৰি ৰাখিছিল।
-
বাবা বুদ্ধ
বাবা বুদ্ধ গুৰমুখী: ਬਾਬਾ ਬੁੱਢਾ; বাবা বুঢ়া; আক্ষৰিক অৰ্থ "জ্ঞানী বুঢ়া"; (জন্ম, ৬ অক্টোবৰ ১৫০৬ –মৃত্যু, ৮ ছেপ্টেম্বৰ ১৬৩১) আদি শিখ ধৰ্মৰ এজন প্ৰধান ব্যক্তি আছিল।
-
মাতা গংগা
মাতা গংগা (মৃত্যু ১৪ মে' ১৬২১) আছিল পঞ্চম শিখ গুৰু গুৰু অৰ্জনৰ পত্নী আছিল। গুৰু-মহল উপাধি প্ৰদান কৰা চাৰিগৰাকী পত্নীৰ ভিতৰত তেওঁ অন্যতম।
-
মাতা চাহিব কৌৰ
মাতা চাহাব দেৱান ( Mata Sahib Devan) জন্ম: ১ নৱেম্বৰ ১৬৮১ চন আৰু মৃত্যু: ১৭৪৭ চন৷ তেওঁ মাতা চাহিব কৌৰ নামেৰেও জনাজাত আৰু গুৰু গোবিন্দ সিংহৰ পত্নী আছিল।
-
সুশীল কৌৰ
চৰ্দাৰনী বিবি সুশীল কৌৰক মাতা সুশীল কৌৰ বুলিও কোৱা হয়৷ জন্ম তাৰিখ অজ্ঞাত৷ তেওঁৰ মৃত্যু হয় ১৭১৬ চনত৷ তেওঁ প্ৰথম শিখ ৰাজ্য প্ৰতিষ্ঠা কৰা শিখ সেনা জেনেৰেল বান্দা সিং বাহাদুৰৰ পত্নী আৰু তেওঁ একমাত্ৰ পুত্ৰ অজয় সিঙৰ মাতৃ। সুশীল কৌৰ চাম্বাৰ মহাৰাজা উদয় সিংহৰ একমাত্ৰ কন্যা আছিল।