ৰামায়ণৰ ৰাক্ষস
২৫ প্ৰবন্ধ
-
ৰাৱণ
ৰাৱণ (Ravana) হৈছে তুলসীদাস ৰচিত ৰামচৰিত মানস, মহাকবি বাল্মিকীৰ ৰামায়ণ, ৰামায়ণৰ সমস্ত সংস্কৰণ, বিষ্ণু পুৰাণ, হিন্দু মহাকাব্যসমূহত বৰ্ণনা কৰা লংকা (বৰ্তমানৰ শ্ৰীলংকা)-ৰ ৰজা। তেওঁৰ দহটা মূৰ থকাৰ কাৰণে তেওঁক দহ মুখীয়া ৰাৱণ বা দশানন (দশ=দহ, আনন=মুখ; দশানন বি. (সং.) “দশমুখ”) বুলিও জনা যায়।
-
বিভীষণ
বিভীষণ হৈছে ৰামায়ণত বৰ্ণিত লংকাৰ অধিপতি ৰাৱণৰ কনিষ্ঠ ভ্ৰাতৃ। নিজে ৰাক্ষস হোৱা স্বত্বেও বিভীষণে ৰাৱণক পৰিত্যাগ কৰি ৰামৰ পক্ষ লৈছিল। ৰাৱণ বধৰ পিছত ৰামে বিভীষণক লংকাৰ ৰজা পাতে।
-
ইন্দ্ৰজিৎ
ইন্দ্ৰজিৎ বা মেঘনাদ হৈছে লংকাৰ ৰাজকুমাৰ আৰু ইন্দ্ৰৰ নগৰী অৰ্থাৎ ইন্দ্ৰলোকৰ বিজেতা। পৌৰাণিক হিন্দু সাহিত্যসমূহত তেওঁক মহানতম যোদ্ধাসমূহৰ এজন বুলি স্বীকৃতি দিয়া হৈছে। ৰামায়ণত ইন্দ্ৰজিতৰ উল্লেখ তথা বৰ্ণনা পোৱা যায়। ৰাম আৰু ৰাৱণৰ যুদ্ধত ইন্দ্ৰজিতে সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
কুম্ভকৰ্ণ
কুম্ভকৰ্ণ (कुम्भकर्ण) হৈছে বিখ্যাত হিন্দু মহাকাব্য ৰামায়ণৰ এজন প্ৰখ্যাত ৰাক্ষস আৰু ৰাৱণৰ এজন কনিষ্ঠ ভ্ৰাতৃ। বিশালাকায় শৰীৰ আৰু অসাধাৰণ ক্ষুধাৰ গৰাকী কুম্ভকৰ্ণক প্ৰাচীন হিন্দু পুৰাণত এজন সৎ চৰিত্ৰৰ ব্যক্তি আৰু মহান যোদ্ধা বুলি বৰ্ণনা কৰা হৈছে।
-
সুমালী
সুমালী (Sumali) ৰাক্ষস ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল। তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু মালী। সুমালী কেতুমতীক বিবাহ কৰাইছিল। তেওঁৰ ১০গৰাকী পুত্ৰ আছিল ক্ৰমে- (প্ৰহস্ত, অকম্পন, বিকট, কালিকামুখা, ধুমৰক্ষ, দণ্ড, সুপ্ৰস্ব, সংৰাদি, প্ৰঘাস (Praghasa) আৰু ভাস্কৰ্ণ) আৰু ৪গৰাকী কন্যা…
-
শূৰ্পনখা
শূৰ্পনখা (शूर्पणखा) হৈছে ৰামায়ণত বৰ্ণিত এক ৰাক্ষসী। তেওঁৰ আন এটা নাম মীনাক্ষী। তেওঁ লংকাধিপতি ৰাৱণৰ কনিষ্ঠা ভগ্নী আৰু ঋষি বিশ্ৰবা তথা ৰাক্ষসী কৈকেষীৰ জীয়ৰী। মূল বাল্মীকি ৰামায়ণত শূৰ্পনখাৰ ভূমিকা সৰু যদিও গুৰুত্বপূৰ্ণ।
-
মন্দোদৰী
মন্দোদৰী (मंदोदरी (আক্ষৰিক অৰ্থত সুকোমল উদৰৰ গৰাকী) হৈছে লংকাৰ অধিপতি ৰাৱণৰ সহধৰ্মিণী। ৰামায়ণৰ বৰ্ণনা অনুসৰি মন্দোদৰী আছিল অতীৱ সুন্দৰী, নিৰ্মল আৰু ধাৰ্মিক প্ৰকৃতিৰ। হিন্দু ধৰ্ম অনুসৰি তেওঁ পঞ্চকন্যাৰ অন্যতম। পঞ্চকন্যাৰ নাম ল'লে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়।
-
অতিকায়
অতিকায় মহাকাব্য ৰামায়ণৰ এজন দৈত্য চৰিত্ৰ। ৰামায়ণ মহাকাব্যত আতিকায় ৰাৱণ আৰু তেওঁৰ পত্নী মন্দোদৰীৰ পুত্ৰ বুলি উল্লেখ আছে। অৱশ্যে মহাকাব্যখনৰ কিছুমান সংস্কৰণত তেওঁক ৰাৱণৰ দ্বিতীয় পত্নী ধন্যমালিনীৰ পুত্ৰ বুলি উল্লেখ কৰা হৈছে। আতিকয়া মেঘানাদৰ সৰু ভায়েক আছিল আৰু অত্যন্ত শক্তিশালী আছিল।
-
মাল্যবান
মাল্যবান (Malyavan) লংকাৰ সম্ৰাট ৰাৱণৰ মুখ্য ৰাজকীয় উপদেষ্টা আছিল। মাল্যবান লংকাৰ বৌদ্ধিক আৰু ৰাজকীয় বৃত্তৰ ভিতৰত এক সন্মানীয় ব্যক্তি আছিল। তেওঁ আছিল সুকেশৰ পুত্ৰ আৰু সুমালী আৰু মালীৰ ভাই তথা ৰাৱণৰ ককা৷ শিৱৰ পৰা বৰ প্ৰাপ্ত কৰি সুকেশৰ তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালী অহংকাৰী হৈ পৰিছিল আৰু…
-
মাৰীচ
মাৰীচ (Maricha, मारीच) হিন্দু মহাকাব্য ৰামায়ণত উল্লিখিত এগৰাকী ৰাক্ষস, যাক ভগৱান বিষ্ণুৰ অৱতাৰ ৰামে হত্যা কৰিছিল। তেওঁক মহাকাব্যৰ ৰাৱণৰ সহযোগী হিচাপে উল্লেখ কৰা হয়। ৰামৰ পত্নী সীতাক অপহৰণত কৰাত তেওঁৰ বিশেষ ভূমিকা আছে। তেওঁৰ পুত্ৰ কলনেমিক হনুমানে বধ কৰে।
-
ত্ৰিশিৰা
ত্ৰিশিৰা (: त्रिशिर, যাৰ তিনিটা মূৰ আছে।) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ ৰামায়ণত উল্লেখ পোৱা যায়। তেওঁ ৰাৱণৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল মেঘনাদ অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক।
-
মায়াসুৰ
মায়াসুৰ বা ময়াসুৰ (मयासुर) হিন্দু শাস্ত্ৰত বৰ্ণিত অসুৰ, দেৱতা আৰু ৰাক্ষস জাতিৰ এজন মহান প্ৰাচীন ৰজা আছিল। মায়া তেওঁৰ উজ্জ্বল স্থাপত্যৰ বাবে জনাজাত আছিল। মহাভাৰতত বৰ্ণিত মায়াসভা বা ভ্ৰমৰ কক্ষ - তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল।
-
অক্ষয়কুমাৰ
অক্ষয়কুমাৰ বা অক্ষকুমাৰ (Akṣayakumāra, अक्षयकुमार) ৰাৱণৰ কনিষ্ঠ পুত্ৰ তথা মেঘনাদৰ ভাতৃ আছিল। তেওঁক অক্ষয় বা অক্ষ নামেৰেও জনা যায়৷ ৰামায়ণত হনুমানে সীতাৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত যেতিয়া অশোক বন ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেতিয়া ৰাৱণে অশোকবন ৰক্ষাৰ্থে অক্ষয়কুমাৰক ৰাক্ষস সেনাৰ মুৰব্বী হিচাপে তালৈ…
-
খৰ
খৰ (खर) ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণিত এজন মানুহ খোৱা ৰাক্ষস আছিল। তেওঁ লংকাৰ অধিপতি ৰাৱণৰ সম্পৰ্কীয় ভাই আৰু কৈকেষীৰ ভগ্নী ৰাকৰ পুত্ৰ আছিল।
-
নৰান্তক-দেৱান্তক
নৰান্তক ( नरान्तक, অৰ্থাৎ নৰৰ অন্তকাৰী) আৰু দেৱান্তক ( देवान्तक, বা দেৱতাৰ অন্তকাৰী) হৈছে দুজন ৰাক্ষস আৰু ৰাৱণ পুত্ৰ। বিভিন্ন হিন্দু কিংবদন্তীত এই দুই দৈত্যৰ উল্লেখ পোৱা যায়। অতিকায় সহ, এওঁলোকক ৰাৱণে পুত্ৰ হিচাপে ধন্যমালিনীৰ গৰ্ভত সৃষ্টি কৰিছিল।
-
সুবাহু
সুবাহু (सुबाहु, சுபாகு ) ৰামায়ণত বৰ্ণিত এটা ৰাক্ষস চৰিত্ৰ আছিল। তেওঁ আৰু তেওঁৰ মাক তাড়কাই জংঘলৰ মুনিসকলক, বিশেষকৈ বিশ্বামিত্ৰৰ যজ্ঞ স্থলীত, মাংস আৰু তেজ ছটিয়াই তেওঁলোকৰ যজ্ঞত ব্যাঘাত জন্মাই হাৰাশাস্তি কৰাত অপৰিসীম আনন্দ লাভ কৰিছিল।
-
তাড়কা
তাড়কা (ताड़का) বা তাতকা মহাকাব্য ৰামায়ণৰ এক ৰাক্ষসী চৰিত্ৰ। তেওঁৰ সন্তান মাৰিচ আৰু সুবাহুৰ সৈতে তেওঁ অৰণ্যত যজ্ঞ কৰা ঋষিক হাৰাশাস্তি আৰু আক্ৰমণ কৰিছিল। অৱশেষত তেওঁলোকক মহৰ্ষি বিশ্বমিত্ৰৰ নিৰ্দেশত ৰাম আৰু লক্ষ্মণে হত্যা কৰিছিল।
-
প্ৰহস্ত
হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি প্ৰহস্ত (Prahasta, प्रहस्त) আছিল লংকাৰ ৰজা ৰাৱণৰ সেনাৰ মুখ্য কমাণ্ডাৰ তথা এগৰাকী শক্তিশালী ৰাক্ষস যোদ্ধা। তেওঁ সুমালী আৰু কেতুমতীৰ পুত্ৰ আছিল।
-
অকম্পন
অকম্পন (Akampan) লংকাৰ ৰজা ৰাৱণৰ মামা আছিল। তেওঁ সুমালী আৰু কেতুমতীৰ দহগৰাকী পুত্ৰৰ মাজৰ এগৰাকী আছিল। তেওঁৰ চাৰিগৰাকী ভগ্নীও আছিল। এদিন ৰাৱণৰ ৰাক্ষসী ভনী শূৰ্পনখাই এগৰাকী সুন্দৰী যুৱতীৰ ৰূপ ধাৰণ কৰি ৰামক বিবাহৰ প্ৰস্তাৱ দিয়ে৷ ৰামে তেওঁৰ প্ৰস্তাৱ নাকচ কৰে আৰু ধেমালি কৰি লক্ষ্মণৰ ওচৰলৈ পঠিয়াই…
-
কবন্ধ
হিন্দু ধৰ্মত, কবন্ধ (कबन्ध), "মুণ্ডহীন শৰীৰ") হৈছে এজন ৰাক্ষস, যাক ৰাম (বিষ্ণুৰ অৱতাৰ) আৰু তেওঁৰ ভাতৃ লক্ষ্মণৰ দ্বাৰা হত্যা কৰা হয় আৰু অভিশাপৰ পৰা মুক্ত কৰা হয়। হিন্দু মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত কবন্ধৰ কিংবদন্তীৰ উল্লেখ আছে, লগতে পিছৰ ৰামায়ণৰ অভিযোজন সমূহতো কবন্ধৰ উপস্থিতি দেখা যায়।
-
দূষণ
দূষণ (दूषण) ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণিত এজন মানুহ খোৱা ৰাক্ষস আছিল। তেওঁ লংকাৰ অধিপতি ৰাৱণৰ সম্পৰ্কীয় ভাই আৰু কৈকেষীৰ ভগ্নী ৰাকৰ পুত্ৰ আছিল। খৰ আৰু তেওঁ যমজ ভাতৃ আছিল।
-
ধন্যমালিনী
হিন্দু শাস্ত্ৰত ধন্যমালিনী (Dhanyamalini) ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ আৰু যত্নশীল মহিলা আছিল। তেওঁৰ প্ৰকৃত পৰিচয় অজ্ঞাত যদিও কিছুমান কাহিনীয়ে তেওঁক মায়াসুৰৰ জীয়ৰী আৰু মন্দোদৰীৰ ভগ্নী বুলি উল্লেখ কৰে।
-
সুলোচনা (ৰামায়ণৰ চৰিত্ৰ)
সুলোচনা (सुलोचना; তেওঁ, যাৰ চকু ধুনীয়া) সৰ্পৰাজ শেষনাগৰ কন্যা আছিল আৰু ৰাৱণৰ জ্যেষ্ঠ পুত্ৰ মেঘানাদ (ইন্দ্ৰজিৎ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ বাল্মীকি ৰামায়ণত সুলোচনাৰ কোনো উল্লেখ পোৱা নাযায়, অৱশ্যে ইয়াৰ পৰৱৰ্তী সংস্কৰণসমূহত তেওঁৰ উল্লেখ আছে।
-
বিৰাধ
বিৰাধ (विराध) হৈছে ৰামায়ণৰ অৰণ্য কাণ্ডৰ এক সৰু চৰিত্ৰ। তেওঁ দণ্ডকাৰণ্যত বাস কৰা এক ৰাক্ষস যিয়ে এটা খণ্ডত সীতাক অপহৰণ কৰে। তেওঁক তামিল ভাষাত বিৰাটন, থাইলেণ্ডত ফিৰাপ আৰু মালয় দেশত পূৰ্বেইটা নামেৰে জনা যায়। ৰাম আৰু লক্ষ্মণে ৰাক্ষসটোৰ সৈতে যুঁজ দিবলৈ আৰম্ভ কৰে।
-
সৰমা
সৰমা (सरमा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ভাতৃ বিভীষণৰ পত্নী। তেওঁক ৰাক্ষসী বা গন্ধৰ্ব বংশৰ বুলি কোৱা হয়। ৰামায়ণৰ সকলো সংস্কৰণতে তেওঁ ৰাৱণে অপহৰণ কৰা আৰু লংকাত বন্দী হৈ থকা ৰামৰ সহধৰ্মিনী সীতাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিছিল বুলি উল্লেখ আছে।